৫. নগা পাহাৰ,
নাগালেণ্ড…
ডিমাপুৰৰ মাটিত ভৰি থোৱাৰ লগে লগে অসম এৰি আমি
আমাৰ চুবুৰীয়া বহিঃৰাজ্য, নগা জনজাতি অধ্যুষিত প্ৰদেশ, নাগালেণ্ডত সোমাই পৰিলোঁ৷ ডিমাপুৰ
হৈছে নগাৰাজ্যৰ প্ৰৱেশ দ্বাৰ৷ পূৰ্বনিৰ্ধাৰিত ভ্ৰমণ-সূচী অনুসৰি এই প্ৰদেশখনৰ অভ্যন্তৰত
আমাৰ যাত্ৰা চলিব ডিমাপুৰ-খনমা, খনমা-ক'হিমা-ভিশ্বেমা, ভিশ্বেমা-ঝুক' ভেলী, ঝুক' ভেলী-ঝাখামা,
ঝাখামা-ক'হিমা-ডিমাপুৰলৈ৷ একাংশ গাড়ীৰে, একাংশ খোজেৰে৷ এই ৰাজ্যৰ প্ৰায় সকলো বাট-পথেই
ওখ-চাপৰ, অকোৱা-পকোৱা, পাহাৰীয়া৷ দুঃসাহসিক অভিযানৰ বাবে উত্তৰ-পূবৰ অন্যতম প্ৰসিদ্ধ
ৰাজ্য হিচাপে নাগালেণ্ড ইতিমধ্যে আগশাৰীত আছে৷ গতিকে আমাৰ দলটোৰ বাবেও সন্মুখত ৰৈ আছে
এটা কঠিন প্ৰত্যাহ্বানমূলক কাৰ্য৷ সাধাৰণ অৱসৰ বিনোদন বা সহজসাধ্য ভ্ৰমণ-পৰ্যটন নহয়
এয়া৷ আৰু, শাৰীৰিক সক্ষমতা? সেইটোতো প্ৰথম আৰু প্ৰধান চৰ্ত৷ অন্যথা নহাই ভাল বুলি আগতেই সকলোকে ইংগিত দিয়া
আছে৷
পাৰ্বত্য, ওখোৰা-মোখোৰা, ঘন কুঁৱলী আৰু ডাঠ ডাৱৰে
ঢকা, চিৰসেউজীয়া অৰণ্যৰে আবৃত, ঝৰ্ণা-নিজৰা, জান-জুৰি, নৈ-উপনৈ প্ৰৱাহিত ভাৰতৰ পূৰ্ব
দিশৰ ভাৰত-ব্ৰহ্ম সীমান্ত পৰ্যন্ত বিস্তৃত ভূভাগেই নাগালেণ্ড বা নগাৰাজ্য৷ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ
অন্যতম ৰাজ্য নাগালেণ্ড৷ তাহানিৰ বৰ-অসমৰ জীয়াৰী নাগাভূমি৷ সহজ কথাত যাক নগা পাহাৰ
বোলা হৈছিল৷ ১৯৬৩ চনৰ ১ ডিচেম্বৰত এই ভূখণ্ডই ভাৰতীয় সংবিধান অনুসৰি ষোড়শতম প্ৰদেশ
হিচাপে পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি লাভ কৰে৷ সমগ্ৰ ভাৰতৰ বাবেই স্মৰণীয় উক্ত বিশেষ দিনটোতে
দেশৰ তদানীন্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণে নতুন প্ৰদেশখনৰ সূচনা ঘোষণা
কৰি কৈছিল… ''Let all past rancor and
misunderstanding be forgotten and let a new chapter of progress, prosperity and
goodwill be written on a page which begins today.'' নানান ঘটনাক্ৰমেৰে নগা ৰাজ্যই
তাৰো আগৰে পৰাই আজিলৈকে নিজৰ কক্ষপথত গতি কৰি আছে৷ একালৰ সেই বিশেষ ঘটনা-প্ৰৱাহৰ হৃৎপিণ্ডটিলৈকে
আমি গতি কৰি আছোঁ৷
ভৌগোলিক অৱস্থান অনুযায়ী নাগালেণ্ডৰ উত্তৰ আৰু
পশ্চিম সীমাত অসম, পূবে অৰুণাচল প্ৰদেশ আৰু ম্যানমাৰ, দক্ষিণফালে মণিপুৰ৷ মাটিকালি
১৬,৫৭৯ বৰ্গ কিল'মিটাৰ৷ পৰ্বতীয়া ৰাজ্যখনৰ উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিমলৈ বিস্তৃত
হৈ আছে পাটকাই পৰ্বতমালা আৰু নগা পাহাৰ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি নাগালেণ্ডৰ জনসংখ্যা
১৯,৮০,৬০২৷ জিলাৰ সংখ্যা ১১খন৷ পেৰেন, ডিমাপুৰ, ক'হিমা, ফেক, কিফিৰে, ঝুনহেব'ট', ৱ'খা,
মোককচুং, টুৱেনচাং, লংলেং আৰু মন৷ ৰাজধানী ক'হিমা, ৰাজ্যিক পুষ্প Rhododendron, ৰাজ্যিক
পক্ষী Blythe's Tragopan, ৰাজ্যিক প্ৰাণী মেঠোন৷ অৰুণাচল প্ৰদেশৰ দৰে ইয়াতো মেঠোনৰ
বৰ কদৰ৷
নাগালেণ্ডৰ প্ৰধান নিবাসী হৈছে ইণ্ডো-মংগোলীয় ঠালৰ
মিশ্ৰ জনজাতীয় নগাসকল৷ নাগালেণ্ড চৰকাৰৰ ২০১২ চনৰ স্বীকৃতি অনুসৰি ১৬টাকৈ মুখ্য নৃগোষ্ঠীয়
লোকৰ বাসভূমি এই ভূভাগ৷ ৰাজ্যখনৰ গাতে লাগি থকা প্ৰদেশ অৰুণাচল, অসম, মণিপুৰ আনকি ভাৰত-ম্যানমাৰ
আন্তৰ্জাতিক সীমান্তৰ সিটো পাৰেও বৃহত্তৰ নগা সম্প্ৰদায়ৰ অনেক সৰু-বৰ জাতি-উপজাতি আৰু
ঠাল-ঠেঙুলিৰ লোকে বসবাস কৰে৷ নাগালেণ্ডৰ প্ৰধান নগা ফৈদকেইটা হৈছে আও, লথা, আংগামী
আৰু চুমি (চেমা)৷ ইয়াৰ উপৰি পৌমাই, চাখেচাং, চাং, খিয়ামনিউংগান, কন্যাক, লিয়াংমেই,
পচ্ছুৰি, ৰংমেই, টাংখুল, জেমি, মাও, ৰেংমা, চোক্ৰি, খেঝা, চাংতাম, থিয়েয়ুংগাম, ফোম,
য়িমশ্বুংৰে, কুকি, ছেময়ুয়াংগান, টিখিৰ, মেমিজ, জেলিয়াং, জেলিয়াৰং, মাকুৰি, মাৰাম, মৈৰাও,
মাৰিং, চিৰ্ৰ, কাবুই, কাল্য়া, কংন্যু আদি অনেক ফৈদ-উপফৈদত বহুধাবিভক্ত নগাসকল৷ এইসকলৰ
বাদেও নগামূলৰ নোহোৱা জনগোষ্ঠী ডিমাচা কছাৰী, নেপালী, বেংগলী, অসমীয়াভাষী, উৰিয়া, বিহাৰী,
মাৰোৱাৰী, পাঞ্জাবী, তামিল, কেৰালাইট, তিব্বতী, মুম্বা আদি একাংশ লোকে নগাৰাজ্যত বসতি
কৰি আছে৷ নাগালেণ্ডৰ পুৰণি অনগা অধিবাসী হিচাপে জৈনসকল বিশেষভাৱে উল্লেখনীয়৷ ১৮৮০ চনতে
ক'হিমালৈ অহা কেইটামান এনে পৰিয়াল ১৯৪৪ চনত দ্বিতীয় মহাযুদ্ধৰ সময়ত জাপানী আগ্ৰাসনৰ
পৰিপ্ৰেক্ষিতত ডিমাপুৰত থিতাপি লৈছিলহি৷ শিক্ষানুষ্ঠান, চিকিৎসালয়, উপাসনা-গৃহ আদি
প্ৰতিষ্ঠাৰে ডিমাপুৰৰ উন্নয়নত ভগৱান মহাবীৰৰ ভক্ত উক্ত লোকসকলে অগ্ৰণী ভূমিকাত অৱতীৰ্ণ
হৈ আহিছে৷
নগা জনজাতিৰ কেতবোৰ গাইগুটীয়া ভাগ বা খেলৰ মানুহে
ৰাজ্যখনৰ বেলেগ বেলেগ এলেকাত অতীজৰে পৰাই একচেটিয়াকৈ সমাজ পাতি একত্ৰিতভাৱে বাস কৰি
অহাটো সৰ্বজনবিদিত৷ পিতৃপ্ৰধান তেওঁলোকৰ সমাজ-ব্যৱস্থা৷ অঞ্চল অনুপাতে তেওঁলোকৰ বিশেষ
বিশেষ সামাজিক শাখা-প্ৰশাখাসমূহৰ বসতিৰ ঘনত্ব দেখা যায়, যিটোক ৰাজ্যখনৰ এটা বৈশিষ্ট্য
বুলি ক'ব পাৰি৷ উদাহৰণ স্বৰূপে, মধ্যাঞ্চলৰ ক'হিমা জিলা আংগামী অধ্যুষিত৷ মোককচুং জিলা
আও, ৱ'খা জিলা লথা, মন জিলা কন্যাক, ঝুনহেব'ট' জিলা চুমি, টুৱেনচাং জিলা চাংসকলৰ ঘাই
বাসস্থান৷ সময় আৰু সভ্যতা আগ বঢ়াৰ লগে লগে এই একাধিপত্যলৈ পৰিৱৰ্তন অৱশ্যে নহাকৈ থকা
নাই৷ ডিমাপুৰ, ক'হিমা, মোককচুং, ৱ'খা, মন আদি ব্যৱসায়িকভাৱে আগ বঢ়া নগৰবিলাকত এতিয়া
মিশ্ৰ বসতি লক্ষণীয়৷ চুবুৰীয়া মণিপুৰত বাস কৰা চিৰু, খাৰাম (পুৰুম), লিয়াংমেই (তামেংলং),
মাও, মাৰাম, মাৰিং, পৌমাই, কাবুই, ৰংমেই, টাংখুল, তাৰাও, থাংগাল, আনাল, ময়ন, লামকাং,
চ্ছ'থে', জেমি, পুইমেই, কৈৰেং; অৰুণাচল প্ৰদেশত বাস কৰা টাংচা, ৱাঞ্চু, নক্তে, টুট্চা;
অসম সীমান্তত বাস কৰা জেলিয়াংৰং (লিয়াংমেই, ৰংমেই, জেমি), কৈৰেং, কাবুই; অসমত বাস কৰা
ৰেংমা; ম্যানমাৰত বাস কৰা টাংগান, খিয়ামনিউংগান (ন'ক'), কন্যাক, লাইনং, মাকুৰি, পাৰা,
টাংখুল, টাংচা, য়াইমশ্বুংৰে, ফোম ইত্যাদি নগাসকলো বৃহত্তৰ নগা জাতি আৰু সমাজৰে অংগ৷
সমূহীয়া নগা জাতীয় জীৱনৰ সৈতে প্ৰত্যেকটো গোষ্ঠী-উপগোষ্ঠীৰে অংগাংগী সম্পৰ্ক আজিও আছে৷
অৱশ্যে জনগোষ্ঠীয় জীৱন ধাৰণৰ সম্পূৰ্ণ বৈশিষ্ট্যখিনি ইয়াৰে কিছুমানৰ মাজত অটুট আছে
যদিও আধুনিকতাৰ বা লাগি কিছুমানৰ মাজত সেয়া টুটি অহা বুলি অধ্যয়নকাৰীসকলৰ মতামতত প্ৰকাশ৷
নাগালেণ্ডৰ ভূপৃষ্ঠৰ গড় উচ্চতা ৯০০-১,২০০ মিটাৰ৷
উচ্চতাভেদে অঞ্চলবিশেষে উষ্ণতাৰ তাৰতম্য ইয়াত সহজে অনুভূত হয়৷ টুৱেনচাং জিলাৰ ৩,৮৪১
মিটাৰ উচ্চতাৰ ছাৰামতি হৈছে ৰাজ্যখনৰ সৰ্বোচ্চ পৰ্বতশৃংগ৷ তাৰ পাছতে মাউণ্ট জাপ্ফু,
৩,০১৪ মিটাৰ৷ এইখিনিতে উল্লেখনীয় যে গিনিজ বুক্ অফ্ ৱৰ্ল্ড ৰেকৰ্ডছত নাগালেণ্ডৰ নামত
তিনিটাকৈ কৃতিত্ব আছে৷ তাৰে প্ৰথমটো স্বীকৃতি লভিছিল ১৯৯৩ চনত৷ সেই বৰ্ষতে ক'হিমাৰ
সমীপস্থ মাউণ্ট জাপ্ফুত পৃথিৱীৰ উচ্চতম ৰডডেন্দ্ৰন গছজোপা আৱিষ্কৃত হৈছিল, যাৰ উচ্চতা
আছিল ১০৮ ফুট৷ জাপ্ফু শৃংগৰ পাছফালেই অৱস্থিতি আমাৰ এইবাৰৰ ভ্ৰমণ-পৰ্যটনৰ দ্বিতীয়
লক্ষ্যস্থান ঝুক' ভেলীৰ৷ তাকে লৈ আজি অলপ দিনৰ আগৰে পৰা আমাৰ মনবোৰত চলি আহিছে সীমাহীন
উৎকণ্ঠা-উত্তেজনা, জল্পনা-কল্পনা৷ ঝুক’ ভেলীলৈ যোৱাটো সহজসাধ্য নহয় বুলি কোনো কোনোৱে ভয়ো
খুৱাইছে৷ তথাপি সাহস গোটাই দল বান্ধি আহি গৈছোঁ৷ যি হয় হ’ব ধৰণৰ বেপৰুৱা ভাব৷ বাৰে বাৰে আওঁৰাইছোঁ Helen
Kellerৰ এষাৰ বাক্য… Life is either a daring adventure or nothing at all.
দিখৌ, দৈয়াং, জাঁজী, ধনশিৰি, বৰাক, মিলাক, ঝুংকি,
তিজু, ঝুলু, চুৰং, লিকিমৰ', চুমক, দিখু আদিবোৰ নাগালেণ্ডৰ পৰা ওলোৱা প্ৰধান প্ৰধান
নদ-নদী৷ ৰাজ্যখনত অপৰ্যাপ্ত পৰিমাণৰ জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনা থকাটো নুই কৰিব নোৱাৰি৷
তৎসত্ত্বেও কিন্তু অপৰিসীম বিদ্যুৎ সংকটত জনসাধাৰণ আজিকোপতিও বাৰুকৈয়ে নিমজ্জিত হৈ
ৰোৱা বুলি সততে অভিযোগ শুনিবলৈ পোৱা যায়৷
বন্য সম্পদসমৃদ্ধ এই ৰাজ্যত ১৩,৩১৮ বৰ্গ কিল'মিটাৰ
আৱৰি বনাঞ্চল এলেকা আছে৷ ইয়াৰ হাবিত বিভিন্ন প্ৰজাতিৰ গছ-গছনি আৰু জীৱ-জন্তু পোৱা যায়৷
ৰাজ্যখনৰ হাবিয়ে-জংঘলে ৩৯৬ প্ৰজাতিৰ অৰ্কিড প্ৰাকৃতিকভাৱে উপলব্ধ হয় বুলি তথ্যত প্ৰকাশ৷
ওষধি গুণসম্পন্ন এই উদ্ভিদসমূহ অৰ্থনৈতিকভাৱে অনেক গুৰুত্বপূৰ্ণ৷
নাগালেণ্ডৰ মুঠ মাটিকালিৰ এক তৃতীয়াংশহে কৃষি-কৰ্মৰ
বাবে উপযোগী৷ তত্ৰাচ ইয়াৰ শতকৰা ৯০ ভাগ মানুহৰে জীৱন কৃষিনিৰ্ভৰ৷ ৰাজ্যখনৰ অৰ্থনীতিও
কৃষিভিত্তিক৷ জনসংখ্যাৰ ৬৮ শতাংশ লোকৰ জীৱনোপায় গ্ৰাম্য কৃষিকাৰ্যৰ ওপৰতে নিৰ্ভৰশীল৷
ৰাজ্যৰ কৃষিক্ষেত্ৰৰ ৮০ শতাংশ এলেকা ধান খেতিৰ বাবে ব্যৱহৃত হয়৷ ধানেই প্ৰধান কৃষিজাত
দ্ৰব্য৷ ধানৰ লগতে কণীধান, গোমধান আৰু মাহ ৰাজ্যখনৰ প্ৰধান শস্য৷ সৰিয়হ, কুঁহিয়াৰ,
সুমথিৰা, নাচপতি, আলু, কচু, আদা, হালধি, জলকীয়া, নেমুটেঙা, বিলাহী, কেৰেলা, বেঙেনা,
ৰঙালাউ, কবি, ছিৰাল, তিয়ঁহ, বিন, স্কোৱাচ, শাক, ধঁপাত আদিৰো খেতি ঠায়ে ঠায়ে কৰা হয়৷
পৰ্বতীয়া এলেকাবোৰত কম পৰিমাণত হ'লেও চাহ, কফি, ইলাচি আদিও হয়৷ জুমতলীৰ পৰা নিৰ্গত
আকাশমুখী ধোঁৱা, দূৰৰ পৰা দেখা পোৱা পৰ্বতৰ বক্ষত খাজ কাটি কৰা টেৰেচ কাল্টিভেচন নাগালেণ্ডৰ
এখন চিনাকি ছবি৷ যাত্ৰাপথত সেই দৃশ্য আমিও নিশ্চয় চাবলৈ পাম৷ আশা মনত লৈ কৌতূহলৰ জাল
ফালি ডিমাপুৰৰ পৰা লাহে লাহে গৈ আছোঁ ক'হিমা ৰ'দেৰে৷ ৰাস্তাটো ভাল নহয়৷
কয়লা, চূণশিল, লো, নিকেল, কোবাল্ট, ক্রমিয়াম, মাৰ্বল
আদি খনিজ সম্পদত নগাৰাজ্য চহকী৷ ১,০০০ মিলিয়ন টন চূণশিলৰ লগতে মাৰ্বল আৰু শিলৰ বৃহৎ
ভাণ্ডাৰ আছে এই ৰাজ্যখনত৷ লগতে পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ৷ এই ৰাজ্যৰ ৱ'খা জিলাৰ
চাংপাং আৰু ছৰি এলেকাত অ'.এন.জি.চি.য়ে চলোৱা ভূগৰ্ভজাত তেলৰ নিষ্কাষণ কাৰ্য প্ৰায় ২০
বছৰ ধৰি বন্ধ আছিল৷ পাছত ৰাজ্যৰ মুখ্য মন্ত্ৰী টি. আৰ. জেলিয়াঙৰ প্ৰচেষ্টাত ২০১৪ চনৰ
জুলাই মাহৰ পৰা মেট্ৰপলিটান অয়ল এণ্ড গেছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীৰ দ্বাৰা পুনৰ
আৰম্ভ কৰা বুলি খবৰত প্ৰকাশ৷
উদ্যোগৰ ক্ষেত্ৰত নাগালেণ্ড ৰাজ্যখন আজিও চালুকীয়া
অৱস্থাতে ৰৈছে৷ তাৰ তুলনাত কুটিৰ শিল্পৰ ক্ষেত্ৰত কিন্তু ব্যুৎপত্তি অসাধাৰণ৷ পৰম্পৰাগত
বয়ন কলাই প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি গুৰুত্বপূৰ্ণ আসন দখল কৰি আছে নগা জনজীৱনত৷ এই
ভূভাগৰ প্ৰতিটো ফৈদ, উপফৈদৰে সাজ-পাৰৰ বেলেগ বেলেগ ৰেহ-ৰূপ৷ সেইবোৰ অতিকৈ চকুত লগা৷
এজন ব্যক্তিয়ে গাত লৈ থকা নগা-শ্বলখন আৰু তাত এম্ব্ৰইডেৰী কৰা জীৱ-জন্তুৰ প্ৰতীকে
ব্যক্তিজনৰ ফৈদ-পৰিচয় জনাই দিয়ে৷ নিজস্ব সজ্জা আৰু ৰঙৰ পয়োভৰ দেখা যায় তেওঁলোকে উৎপাদন
কৰা শ্বল, কান্ধমোনা, টেবুলৰ ওপৰত পৰা কাপোৰ, ঢাল, যাঠি আৰু কাঠ-বাঁহৰ কামবোৰত৷ কুশল
কাঠিয়কে কাঠী-কামিৰে সাজি উলিওৱা বিভিন্ন ধৰণৰ হস্তশিল্পজাত সামগ্ৰী আৰু ঘৰুৱা তাঁতশালত
বোৱা কাপোৰৰ বিশেষ খ্যাতি তথা চাহিদা সদায়েই আছে৷ সেয়েহে নগা-মোনা, নগা-শ্বলৰ গুৰুত্ব
তথা কদৰ বিভিন্ন প্ৰান্তত দিনকদিনে বাঢ়ি গৈছে৷ নগা লোকৰ অনন্য কলাপ্ৰেম জাতিটোৰ সৃজনশীলতা
আৰু কৰ্মকুশলতাৰ পৰিচায়ক৷
অভ্যন্তৰীণ যোগাযোগৰ ক্ষেত্ৰত গাড়ীপথেই নাগালেণ্ডৰ
ঘাই ব্যৱস্থা৷ NH 29, NH 36, NH 61, NH 150, NH 155 আদি ৰাষ্ট্ৰীয় পথৰ উপৰি ক'হিমা-ছাখাবামা-মেলুৰি,
ছাখাবামা-ছাজুবা-ঝুনহেব'ট'-মোককচুং, মোককচুং-মৰিয়নি, মোককচুং-টুৱেনচাং, নামতোলা-মন,
টুৱেনচাং-মন-নাগিনীমৰা, টুৱেনচাং-কিফিৰে-মেলুৰি, ৱ'খা-মেৰাপানী আদি নাগালেণ্ডৰ ৰাজ্যিক
পথ৷ প্ৰতি কিল'মিটাৰত থকা জনবসতিৰ বিপৰীতে থকা পথ দূৰত্বৰ তুলনা কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ
ভিতৰত প্ৰথম ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ৷ তাৰ পাছতেই নাগালেণ্ডৰ স্থান৷ ইফালে ইতিপূৰ্বে
আহৰণ কৰা ভ্ৰমণ অভিজ্ঞতাৰ পৰা এইষাৰ ক'ব পাৰোঁ যে মাইলৰ পাছত মাইল অতিক্রম কৰাৰ পাছতো
অৰুণাচলৰ দুৰ্গম বাটত বহু দেৰিলৈকে মনুষ্যৰ শ্ৰীচেহেৰাই দেখিবলৈ পোৱা নাযায়৷ নাগালেণ্ডৰ
জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিল'মিটাৰত ১২০ জন৷ আজিৰ তাৰিখত কৰা তুলনাত অৰুণাচলতকৈ অনেক
বেছি৷ তৎসত্ত্বেও এনে লাগিছে যেন ইয়াতো কিজানি একে ৰূপেই প্ৰযোজ্য হ'ব! কাৰণটো হৈছে
ইয়াৰ ভূ-প্ৰাকৃতিক গঠন৷ বতৰৰ প্ৰতিকূলতাৰ ফলত অৰুণাচলৰ দৰেই ইয়াতো সঘনাই ভূমিস্খলন
ঘটে, যাত্ৰাপথত আচম্বিতে যি বিধি-পথালি দিয়ে আৰু যাত্ৰীক অবৰ্ণনীয় দুৰ্ভোগ ভোগায়৷ আমাৰ
ক্ষেত্ৰত আগলৈ কি হয় নাজানো, যাব ধৰিছোঁহে মাত্ৰ৷
No comments:
Post a Comment