৮. আমাৰ চুবুৰীয়া নগা, নাগাসকল…
আমি এতিয়া ‘নাগালেণ্ডৰ চে গুৱেভাৰা’ বুলি মনতে ভাবি লোৱা, ভাৰত আৰু ভাৰতীয়
অখণ্ডতাৰ বিৰুদ্ধে একাত্মভাৱে সংকল্পবদ্ধ বিপ্লৱী যোদ্ধা আংগামী জাপ্ফু ফিজোৰ নগাভূমিত৷
গৈ আছোঁ তেওঁ জন্ম লাভ কৰা, বিদ্ৰোহ সূচনা কৰা তেওঁৰ আপোন গাঁওখনলৈকে৷ উত্তেজনাত ভোক-পিয়াহ
পাহৰি গৈছোঁ৷ প্ৰকাশ কৰিব নোৱাৰা ধৰণৰ অনুভূতি এসোপামানে প্ৰতি মুহূৰ্ততে
মন-মগজুক উত্ৰাৱল কৰি ৰাখিছে৷ খনমালৈ যোৱা যিকোনো লোকৰে এনেকুৱা হয় নেকি বাৰু? সুধিলোঁ নিজক মনে মনে৷
নাগালেণ্ড (নগাৰাজ্য)ৰ নৃ-সন্তান হৈছে নাগা (নগা)সকল৷
নগা নামটোৰ দৰাচলতে কোনো সৰ্বজন গ্ৰহণযোগ্য অৰ্থ নাই বুলিয়ে কিতাপে-পত্ৰই উল্লেখ পাইছোঁ৷ অন্য জনগোষ্ঠীয়ে
দিয়া নামহে এইটো৷ অতীজতে সেই বিশেষ মানুহখিনিয়ে নিজ নিজ ফৈদ-উপফৈদ নাইবা বাসভূমিৰ নামেৰেহে
আত্মপৰিচয় দিছিল৷ কছাৰী মানুহে নগা মানুহক হেনো 'নাগ্ ৰা' বুলিছিল৷ নাগ্ ৰাৰ অৰ্থ হৈছে
যুদ্ধপ্ৰিয় জাতি৷ নাগ্ ৰা > নাগ্ৰা শব্দৰ পৰাই নগা নামটোৰ উৎপত্তি বুলি এচাম অধ্যয়নকাৰীয়ে ক'ব
খোজে৷ এচামৰ মতে নগা লোকসকলে আদিতে সৰ্প পূজা কৰিছিল৷ সেয়েহে সৰ্পলোকৰ বাসিন্দা
অৰ্থাৎ 'নাগ' শব্দৰ পৰা নগা হোৱা বুলি অনুমান কৰে৷ আকৌ, ভাৰতীয় মহাকাব্য 'মহাভাৰত'ৰ জেৰ টানি একাংশই কয় যে দ্বাপৰ যুগত বৰ্তমান নগা পৰ্বত বিশাল নাগলোক বা অথাই পানীৰ হ্ৰদ আছিল৷
ইয়াক পাতালপুৰী বুলিও কোৱা হৈছিল৷ কোনো কোনোৰ মতে নাঙঠ বুজোৱা সংস্কৃত শব্দ 'নগ্ন'
বা হিন্দীৰ 'নঙ্গা' শব্দটোৰ বিকাৰ ঘটিয়ে হেনো নগা হ'ল৷ একাংশৰ মতে নগা শব্দটোৱে
পৰ্বতত বাস কৰা মানুহকহে বুজায়৷ 'নগ' মানে পৰ্বত৷ ভিন্ন মুনি, ভিন্ন মত৷
নগাভূমিত বাস কৰা লোকসকলক সাধাৰণতে নগা জনজাতি বুলি জনা গ'লেও প্ৰকৃতপক্ষে ই বহুতো নগা গোষ্ঠী-উপগোষ্ঠীৰ সন্মিলিত বা সমূহীয়া নামহে৷ নগা শব্দ বা নামটোৰ উৎপত্তি আৰু আদি-বাসস্থান সম্পৰ্কেও বেলেগ বেলেগ ধৰণৰ মতামত বেলেগ বেলেগ কিতাপ-আলোচনীৰ পৃষ্ঠাত আমাৰ চকুত পৰে৷ কিছুমানৰ মতে নগাসকল বৰ্নিও দ্বীপৰ ড্যাক্ জাতিৰ মানুহ, কাৰণ তেওঁলোকৰ মাজত গ্ৰাম্য আৰু সামাজিক পদ্ধতি, কাৰুকাৰ্য, ঘৰুৱা বস্তু-বাহানিৰ নাম আদিৰ ক্ষেত্ৰত সামঞ্জস্য আছে৷ পৰ্বতৰ ওপৰত বাস কৰা নগাসকলে অলংকাৰ হিচাপে ব্যৱহাৰ কৰা সাগৰীয় উপাদান কড়ি আৰু শামুকলৈ চাই তেওঁলোকৰ পূৰ্বপুৰুষ কোনো সাগৰীয় দ্বীপ বা উপকূলত বসবাস কৰিছিল বুলি কোনো কোনো গৱেষকে ধাৰণা কৰে৷ প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহত বাস কৰা অনেক জনজাতিৰ আদিম সংস্কৃতিৰ মাজত নগাসকলৰ সংস্কৃতিৰ সমান্তৰাল উপাদান পোৱা গৈছে৷ ফৰমোছা দ্বীপৰ পৰা আৰম্ভ কৰি মেলানেচিয়া, পলিনেচিয়া, আনকি নিউজিলেণ্ড আৰু মাদাগাস্কাৰ দ্বীপতো এনে সংস্কৃতিৰ চানেকী প্ৰাপ্ত হৈছে৷ দক্ষিণ-পূব এচিয়াৰ ভূভাগতো অনুৰূপ জনজাতীয় সংস্কৃতিৰ উপাদান পোৱাৰ উপৰি ফিলিপাইন, ইণ্ডোনেচিয়া, বৰ্নিও, জাভা আদি দ্বীপত অধিক শক্তিশালী সাদৃশ্য দেখা পোৱা গৈছে৷ উৰিষ্যাৰ কৰাপাট জিলাৰ ওখ পৰ্বতত বাস কৰা বুন্দবিলাকৰ খেতিৰ পদ্ধতি আৰু চেহেৰা-পাতিৰ লগত কন্যাক নগাৰ অদ্ভুত সাদৃশ্য পৰিলক্ষিত হৈছে অধ্যয়নকাৰীৰ৷ নগাসকলৰ কোনটো গোট কেতিয়া কেনেকৈ কোন কোন পথেদি আহি আজিৰ অৱস্থানত ৰ'লহি সেই বিষয়ক কথাবোৰ দৰাচলতে অনুমানৰ ভিত্তিতহে প্ৰতিষ্ঠিত৷ ইফালে, নিজৰ উৎপত্তিৰ বিষয়ে নগাসকলৰ নিজৰ নিজৰ কিম্বদন্তীও নথকা নহয়৷ একেদৰে 'অসম আৱিষ্কৰ্তা কলম্বাচ' বুলি বিষ্ণু প্ৰসাদ ৰাভাই 'অসমীয়া কৃষ্টি'ত উল্লেখ কৰা, মোৰ গৃহভূমি কাৰবি আংলঙৰ কাৰবিসকলৰো আছে, কাৰবি কেপ্লাং৷

আমেৰিকান খ্ৰিষ্টান মিছনেৰী ডব্লিউ. চি. স্মিথে
তিব্বত-বৰ্মী ভাষাগোষ্ঠীৰ অন্তৰ্গত জনজাতিবিলাকৰ অধ্যয়ন কৰিছিল৷ সচৰাচৰ মংগোলীয় মানুহৰ
মাজত নোপোৱা কেইটিমান লক্ষণ তেওঁ নগাসকলৰ মাজত বিশেষভাৱে চিহ্নিত কৰিছিল৷ সেইবোৰ আছিল... মূৰ কটা
প্ৰথা, মৰং ঘৰ, চাং ঘৰ, চাঙত তুলি কৰা শৱ সৎকাৰ প্ৰথা, প্ৰাক্-বৈবাহিক যৌন মিলন, তামোল
খোৱা, গাখীৰৰ প্ৰতি বিতৃষ্ণা, গাঁত টেটু আঁকি লোৱা, ৰাজনৈতিক গাঁথনিহীনতা, কমাৰশাল,
সৰল পদ্ধতিৰ তাঁতশাল, চাৰিচুকীয়া বা ছচুকীয়া ঢাল আৰু পাহাৰীয়া ঠাইত বসতি৷ এই লক্ষণবিলাকৰ
মাজতেই নগাসকলৰ যৌগিক সাংস্কৃতিক বৈশিষ্ট্য আৰু ঐতিহ্য অন্তনিৰ্হিত হৈ আছে৷ তাকে লৈ ইচ্ছুকজনৰ বাবে আজিও গৱেষণাৰ থলী উন্মুক্ত হৈ আছে৷ পৰিস্থিতিৰ বাধাই অনেক কথা পোহৰলৈ আহিবলৈ দিয়া নাই বুলিয়ে ধাৰণা হয়৷
অসমীয়া অভিধানৰ মতে 'নগা' হৈছে উত্তৰ-পূব ভাৰতৰ
জনগোষ্ঠীবিশেষ; প্ৰধানকৈ নগাভূমিত, তদুপৰি অৰুণাচল প্ৰদেশৰ টিৰাপ অঞ্চল আৰু মণিপুৰত
বাস কৰা এটা জনজাতি; উত্তৰ-পূবৰ কেইবাটাও পাৰ্বত্য জনজাতিৰ সমূহীয়া নাম৷ নগা বুলিলেই
আমাৰ মনলৈ ঘপহকৈ অহা শব্দবোৰ হ'ল... নগা-শ্বল, নগা-দা, নগা-যাঠি, নগা-ঢাৰি, নগা-টেঙা,
নগা-আহু, নগা-পাণ, নগা-ওদাল, নগা-ঘা, নগা-চকলা, নগা-জিলি, নগা-কচু, নগা-জেনেৰু, নগা-তুলসী,
নগা-ভেহ, নগা-নন্দিনী, নগা-ভোমৰতি, নগা-মাকো, নগা-মতা, নগা-কোঁৱৰ, নগা-মজিন্দাৰ, নগা
জাহিঙ্গীয়া ধান, নগা-আলি, নগা-বাট, নগা-ধূলি, নগা-খাত, নগা-ঘূলি, নগা-দেৰা আদি৷ এইসমূহ
শব্দ আমাৰ দৈনন্দিন কথা-বতৰাত বহুলভাৱে ব্যৱহৃত হোৱাৰ ফলত ভাষা-সাহিত্যৰো এৰাব নোৱাৰা
সম্পদ হৈ পৰিল৷ এহাতেদি নগাভূমিত সংযোগী ভাষা হিচাপে নাগামীজৰ বিকাশ আৰু প্ৰসাৰ, অন্যহাতেদি
অসমীয়া ভাষাৰ খণ্ডবাক্য, প্ৰবচন, শব্দভাণ্ডাৰ আদিত নগাসকলৰ যথেষ্ট সমল সোমাই পৰিল৷
নগাসকলৰ সান্নিধ্যই এনেদৰে অসমীয়া ভাষাটোক সমৃদ্ধিশালী হোৱাত যথেষ্ট পৰিমাণে অৰিহণা
যোগাইছে৷
ব্ৰিটিছ চৰকাৰৰ দিনত নগা পাহাৰৰ প্ৰাথমিক বিদ্যালয়ত অসমীয়া ভাষাত শিক্ষা দিয়া হৈছিল৷ ফলস্বৰূপে নগা-নগা, নগা-অনগা, অনগা-অনগাৰ মাজত দ্ৰুত প্ৰসাৰণেৰে অসমীয়া ভাষাই ইয়াত এটা নতুন ৰূপত বিকাশ লাভ কৰিলে৷ অসমীয়া শব্দৰ প্ৰাধান্যৰ বাহিৰেও এই ভাষাত হিন্দী, ইংৰাজী আৰু থলুৱা শব্দ অন্তৰ্ভুক্ত হ'ল যদিও বাক্যবিন্যাস পদ্ধতি সম্পূৰ্ণৰূপে অসমীয়া আৰু থলুৱা হৈয়ে থাকিল৷ সেয়াই নাগামীজ (Naga + Assamese = Nagamese), যাৰ বিষয়ে নগাসকলে কয়... 'Never mind our bad Assamese, we speak good broken Assamese'৷ ক'হিমা অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা কেতিয়াবাতে স্বীকৃত হৈছে নাগামীজ৷ আগতে আমি ৰেডিঅ'ত ক'হিমা চেণ্টাৰ লগাই নাগামীজ বাতৰি শুনো৷ টিভিত পঢ়া নাগামীজ বাতৰি চাওঁ৷ দেশী-বিদেশী শব্দৰ লগতে থলুৱা নগা নাইবা অন্য জনগোষ্ঠীৰ শব্দেৰে পৰিপুষ্ট নাগামীজ শব্দমালাৰ অধ্যয়নো অতিশয় আমোদজনক৷ নাগামীজ অভিধান অৱশ্যে আছেনে নাই নাজানো৷ সংস্কৃত তদ্ভৱ, তৎসম শব্দ নাগামীজত বিশ্লেষণাত্মক ৰূপ লৈ এটা বাক্য শব্দত পৰিণত হোৱাটো তাৎপৰ্যপূৰ্ণ৷ ভাষা-ধেমালি বা ভাষা বিষয়ক চৰ্চা কৰি ভাল পোৱাসকলৰ বাবে এয়া নিশ্চয়কৈ উৎসাহজনক কথা হ'ব পাৰে৷

নগাৰ
সৈতে অসমীয়াৰ সম্পৰ্ক যুগ-যুগান্তৰৰ৷ পুৰণি বিহুনাম তাৰ উচিত প্ৰমাণ৷ নগাক লৈ অসমীয়াই
আজিও কতটা বিহুনাম গায়৷ কথাবোৰ ভাবি থাকোঁতেই এষাৰ চাঁতকৈ মনলৈ আহিল…
'নগাৰ চাঙতে পেঁপাটি বজালে
ডফলাই ধৰিলে টকা৷
ল'ৰা বুঢ়া জীয়ৰী ৰঙতে বলিয়া
ব'হাগৰ বিহুৱা ডেকা৷৷'
আৰু এফাকি এনেকুৱা…
'পৰ্বতে পৰ্বতে খালোঁ নগাটেঙা
খোপাত গুজি ল'লোঁ লোণ৷
হাড়ৰ মাজে মাজে সুমুৱাই আনিছোঁ
জানো মোৰ ধনৰে গুণ৷৷'
অসমীয়া ভাষাত প্ৰচলিত ফকৰা-যোজনাবোৰলৈ যদি মন কৰোঁ,
তাতো পাওঁ 'নগা' শব্দ৷ উদাহৰণ… 'নগাটো চাই হোৰাটো'৷ অৰ্থাৎ,
মানুহজনৰ আকাৰ চাইহে হোৰাটোৰ আকাৰ হোৱা উচিত৷ তেতিয়াহে তাক অনায়াসে কঢ়িয়াই নিব পাৰি৷
অৰ্থাৎ, কৰোঁতাৰ শক্তি বা ক্ষমতাৰ পৰিমাণ চাইহে কাম-কাজ দিব লাগে৷ নহ'লে বলে নোৱাৰা কামৰ হেঁচাই
মানুহক কোঙা কৰিব পাৰে৷ আকৌ আছে, 'নগাৰ চাংতলেহে বাট'৷ সোণসেৰীয়া অসমীয়া ভাষাৰ এইবোৰ অতিকৈ অৰ্থবহ প্ৰকাশ৷ ভাবি মন ভৰি যায়৷ গৈ থকা অৱস্থাত এতিয়াও অনুভৱটো অনুৰূপ ধৰণৰে হ'ল৷
নগাসকলৰ উৎপত্তি, উপাখ্যানসমূহৰ ভালেমান কথাই তেওঁলোকৰ
মাজত ঐক্য আৱিষ্কাৰ কৰিবলৈ প্ৰেৰণা যোগায়৷ কিন্তু বিভিন্ন নগা উপজাতিৰ সমাজত তুলনামূলক
বিচাৰ কৰি নৃতত্ত্ববিদসকলে যিবিলাক তথ্য আৱিষ্কাৰ কৰিছে সেইবোৰে সকলো নগাৰ উৎপত্তি
স্থল বা পূৰ্বপুৰুষ এক বুলি দেখুৱাব পৰা নাই৷ সিবিলাকৰ সমাজ, ঘৰুৱা জীৱন, ৰীতি-নীতি,
বিশ্বাস-পৰম্পৰা আৰু অনুষ্ঠানসমূহৰ বিষয়ে অধিক গৱেষণাৰ এতিয়াও প্ৰয়োজন আছে৷ নগাসকলৰ মাজত ঐক্য
আৱিষ্কাৰ কৰাটো যিমান কষ্টসাধ্য, তেওঁলোকৰ প্ৰত্যেকৰে মাজৰ দুই-এক বৈশিষ্ট্যলৈ আঙুলিয়াই
এটাক আনটোৰ পৰা নিলগাই চোৱাটোও কঠিন নহয়৷ পশ্চিমীয়া সভ্যতাৰ পৰশত ভালেমান বৈশিষ্ট্য আজি জঁয় পৰিবলৈকো বাধ্য হৈছে৷ বুজিবৰ বাবে তীক্ষ্ণধী নহ'লেও হয়, আমাৰ দৰে নিচেই সাধাৰণ খাপৰ মগজু থকা লোকৰ চকুতেই তেনেকুৱা অনেক কথাই ধৰা দি যায়৷
ইফালে এইটো দেখ দেখ কথা যে নগাৰ প্ৰসংগ উলিয়ালেই তেওঁলোকৰ মূৰ কটা কথাটোকলৈহে সৰ্বসাধাৰণৰ মাজত সৰৱ আলোচনা, বিয়োগাত্মক আলাপ বেছিকৈ
চলিব ধৰে৷ আমাৰ সঘন ভ্ৰমণথলী অৰুণাচলৰো কেইবাটাও নৃগোষ্ঠীৰ মাজত মুণ্ড ছেদন প্ৰথাৰ প্ৰচলন আছিল৷ তথাপি
কিন্তু মানুহে নগাৰ কথাহে বেছিকৈ কোৱা শুনো৷ এসময়ৰ মুণ্ড চিকাৰী টাগিন মানুহৰ পৰম্পৰাগত চাঙত যোৱা বছৰ থাকি আহিছোঁ৷ মুখামুখি হৈছোঁ, কথা পাতিছোঁ৷ সেই ৰোমন্থনে জীৱনলৈ শক্তিশালী অনুপ্ৰেৰণা দি যাব৷ পুনৰ যাবলৈ ঘনে ঘনে প্ৰেৰিত কৰি থাকিব৷ আচলতে বাট-পথহে হেঙাৰ৷ কষ্টগম্য বাধাখিনি অতিক্ৰম কৰিব পাৰিলেই যিকোনোজনেই লভিব পাৰে বাটৰ সিমূৰে ৰৈ থকা ভাবিব নোৱাৰা আতিথ্য, মৰম-চেনেহ৷ একালৰ যুদ্ধথলী খনমাতো নিশ্চয় আমি বেছ ভাল অভিজ্ঞতাই লভিম৷ নিজৰ সৈতে নিজে কথা পাতি গৈ থাকি তাকে আশা কৰিছোঁ৷
যোৱা শতিকাৰ আৰম্ভণিমানলৈকে নগাসকলে ভৈয়ামৰ অধিবাসীসকলৰ ওপৰত প্ৰায়ে আক্রমণ, লুটপাত, হত্যাকাণ্ড আদি চলোৱাৰ লগতে সঘনে ভয়ংকৰভাৱে আন্তঃফৈদ তথা আন্তঃগাঁও আক্রমণ-প্ৰত্যাক্রমণ ইত্যাদি কাৰ্যত লিপ্ত আছিল৷ তেওঁলোকৰ প্ৰিয়তম কাৰ্য আছিল নৰমুণ্ড চিকাৰ৷ নৃতত্ত্ববিদ জে. এইচ. হট্টনৰ বিশ্লেষণমতে এনে মুণ্ড চিকাৰৰ প্ৰধান কাৰণ আছিল শ্ৰেষ্ঠত্বৰ দাবী৷ নগাৰ মাজত এনে এক বিশ্বাস আছিল যে যিজনে যিমান মানুহৰ মূৰ কাটিব পাৰে তেওঁ সিমানেই শক্তিশালী আৰু পৰাক্রমী৷ গাঁৱে-ভূঞে সোমালে এই প্ৰথাৰ এতিয়াও প্ৰমাণ পোৱা যায় যদিও সভ্যতাৰ তুলাচনীত ই আজি পৌৰাণিক আখ্যা পাইছেগৈ৷ ব্ৰিটিছসকল অসমলৈ অহাৰ আগলৈকে নগা লোকৰ মাজত এই প্ৰথা চলি আছিল৷ ঘটনাক্রমে আনকি ভালেকেইজন ইংৰাজৰো মূৰ কটা গৈছিল তেতিয়া৷ খুদ খনমাতেই তেনেকুৱা কাণ্ড ঘটিছিল৷ ঠাইটুকুৰা কেতিয়া পাওঁ কেতিয়া পাওঁ লাগিছে৷ পেটৰ ভোক নহয়, মনৰ ভোক বাঢ়িছে৷ ঘটং-মটংকৈ গাড়ীখন চলি আছে৷
এতিয়া অৱশ্যে সেই ৰামো নাই, অযোধ্যাও নাই৷ নতুন ৰাজনৈতিক পৰিৱেশত ভাৰতীয় দণ্ডবিধি আইনৰ প্ৰয়োগ আৰু আধুনিক শিক্ষাৰ প্ৰগতিকল্পে মুণ্ড ছেদন প্ৰথা, ফৈদ-প্ৰতিদ্বন্দ্বিতা আদিৰ বিলুপ্তি কাহানিবাই ঘটিছে৷ একালত মূৰ কটা কাৰ্যত বিশ্বাসী সেই একেখিনি মানুহেই আজি ধৰ্মৰ পৰিশুদ্ধতাৰ মাধ্যমেৰে যশোগান গাব ধৰিছে প্ৰেম আৰু বিশ্ব-ভ্ৰাতৃত্বৰ৷ ধৰ্মই অনা অনুশাসনে সামাজিক জীৱন নিয়ন্ত্ৰিত কৰি সংযত, সহিষ্ণু, সদালাপী আৰু সদাচাৰী কৰি তুলিছে এই পৰ্বতীয়া মানুহখিনিক৷ নতুন পৃথিৱীৰ সমানে সমানে খোজ দিবলৈ লৈছে নগাসকলে৷ পট পৰিৱৰ্তন হৈছে৷ হ'লেও, কিয় নাজানো, নগা আৰু নাগালেণ্ড বুলিলেই বাহিৰৰ মানুহৰ মনত অহেতুক সংশয়দায়ক ভাবনা এটা অনৱৰতে লাগিয়েই থকা হ'ল, যিটো আজিও সমাপ্ত হোৱা নাই যেন লাগে৷ কথা-বতৰাত আমি তেনে ভাবৰ প্ৰকাশ প্ৰায়ে দেখিবলৈ পাওঁ৷ আকৌ এইটোও ঠিক যে নগৈ গড়গাঁৱৰ বাতৰি দিয়াৰ দৰে নোযোৱা মানুহেহে নঞৰ্থক কথাবোৰ বেছিকৈ প্ৰচাৰ কৰি ফুৰে৷ অহুকাণে-পহুকাণে শুনি তিলকে তালটো কৰে, ঢৌটোকে ৰৌটো কৰে৷ আৰু আমি কি কৰোঁ? সেইকাণে সোপা দি, 'যামই যা, যি হয় হ'ব' বুলি ঘৰৰ পৰা ওলাই আহোঁ, মনে মনে গুচি যাওঁ, অচিনৰ বুকুত হেৰাই যাওঁ৷ মনত উত্তেজনা, মগজুত চিন্তা, অন্তৰত অকণমান দুঃসাহস৷ গৈ দেখোঁ, চবচোন ঠিকেই আছে৷ আৰু শেষত সদায় সেই একেটা কথাই সত্য প্ৰমাণিত হয়... আপোন ভালেই জগত ভাল৷ তাৰ পাছত আকৌ অন্যফালে ওলাওঁ৷ এয়া এইবাৰ আহিছোঁ নগাৰ মাজলৈ৷ আংগামী ফিজো, চাখ্ৰেৰ খনমালৈ৷ আগলৈ কি হয় চাওঁ৷

No comments:
Post a Comment