৩০. ৰাণী গাইদিনলু…
যদিওবা সদ্যহতে খনমাত ভ্ৰমি ফুৰিছোঁ, নাগালেণ্ডৰ মানচিত্ৰখন চকুৰ আগত নাচি আছে৷ নগা পাহাৰ অঞ্চলটো স্বাধীনচিতীয়া, স্বাভিমানী বিভিন্ন নগা ফৈদৰ বাসভূমি৷ আও, আংগামী, কন্যাক, চেমা, লথা আদি কৰি দুকুৰিৰ ওচৰা-উচৰি ফৈদ-উপফৈদত বিভক্ত এই নৃগোষ্ঠীয় মানুহখিনিক সামগ্ৰিকভাৱে নগা হিচাপে জনা যায়৷ আনহাতে নগা বিদ্ৰোহৰ বিষয়ে অধ্যয়ন কৰিলে এইটো কথা প্ৰতিপন্ন হয় যে নগাসকলৰ সাম্ৰাজ্যবাদবিৰোধী এক গৌৰৱজনক ইতিহাস আছিল৷ বহু বছৰ ধৰি তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে অকলেই যুঁজ কৰিছিল৷
১৮৩৫ চনৰ পৰা ১৮৫১ চনলৈ ইংৰাজসকলে প্ৰায় ১০বাৰ নগাসকলৰ বিৰুদ্ধে অভিযান চলাইছিল৷ ১৮৬৬ চনত আংগামী নগাসকলক বশীভূত কৰি ইংৰাজে চামাগুটিঙত প্ৰশাসনিক কেন্দ্ৰ এটা স্থাপন কৰিছিল৷ ১৮৭৯ চনৰ ৪ অক্টোবৰত আংগামী নগাসকলে বিদ্ৰোহ কৰি ব্ৰিটিছ-ইণ্ডিয়াৰ প্ৰথমজন পলিটিকেল এজেণ্ট G. H. Damantক হত্যা কৰে৷ ২২ নৱেম্বৰত লগা বেটেল্ অফ্ খনমাত প্ৰাণ যায় Major C. R. Cock, Sub. Major Nurbir Sai আৰু LT. H. H. Furbesৰ, যাৰ স্মৃতিশিলা ক্ষন্তেক আগতে আমি পৰ্বতৰ শিখৰত দেখা পাই আহিছোঁ৷ এই ঘটনাবোৰ সংঘটিত হৈছিল খনমাত৷ ডামাণ্টক হত্যা আৰু চাৰিবাৰকৈ ব্ৰিটিছক আক্ৰমণ কৰাৰ পাছত তেওঁলোকে ক'হিমা অৱৰোধৰ চেষ্টাত নামে৷ কৰ্নেল জনষ্টোন নামৰ সামৰিক বিষয়াজনে ২,০০০ সৈন্যসহ অভিযানৰ গুৰি ধৰি উক্ত বিদ্ৰোহ দমন কৰিছিল৷ আংগামীৰ পাছত চৰকাৰে চেমা, লথা, আও আদি ফৈদকো বশীভূত কৰিছিল৷
১৮৩৫ চনৰ পৰা ১৮৫১ চনলৈ ইংৰাজসকলে প্ৰায় ১০বাৰ নগাসকলৰ বিৰুদ্ধে অভিযান চলাইছিল৷ ১৮৬৬ চনত আংগামী নগাসকলক বশীভূত কৰি ইংৰাজে চামাগুটিঙত প্ৰশাসনিক কেন্দ্ৰ এটা স্থাপন কৰিছিল৷ ১৮৭৯ চনৰ ৪ অক্টোবৰত আংগামী নগাসকলে বিদ্ৰোহ কৰি ব্ৰিটিছ-ইণ্ডিয়াৰ প্ৰথমজন পলিটিকেল এজেণ্ট G. H. Damantক হত্যা কৰে৷ ২২ নৱেম্বৰত লগা বেটেল্ অফ্ খনমাত প্ৰাণ যায় Major C. R. Cock, Sub. Major Nurbir Sai আৰু LT. H. H. Furbesৰ, যাৰ স্মৃতিশিলা ক্ষন্তেক আগতে আমি পৰ্বতৰ শিখৰত দেখা পাই আহিছোঁ৷ এই ঘটনাবোৰ সংঘটিত হৈছিল খনমাত৷ ডামাণ্টক হত্যা আৰু চাৰিবাৰকৈ ব্ৰিটিছক আক্ৰমণ কৰাৰ পাছত তেওঁলোকে ক'হিমা অৱৰোধৰ চেষ্টাত নামে৷ কৰ্নেল জনষ্টোন নামৰ সামৰিক বিষয়াজনে ২,০০০ সৈন্যসহ অভিযানৰ গুৰি ধৰি উক্ত বিদ্ৰোহ দমন কৰিছিল৷ আংগামীৰ পাছত চৰকাৰে চেমা, লথা, আও আদি ফৈদকো বশীভূত কৰিছিল৷
১৮৮০ত ব্ৰিটিছ আৰু খনমাবাসীৰ মাজত শান্তি-চুক্তি হোৱাৰ পাছত বিংশ শতিকাৰ প্ৰথমাৰ্ধত অন্য এফালে মূৰ দাঙি উঠিছিল জেলিয়াংৰং আন্দোলন নামে খ্যাত এক বিদ্ৰোহে৷ ইয়াৰ সংগঠক তথা নেতা আছিল দক্ষিণ-পশ্চিমৰ টামেংলং ছাব-ডিভিজনৰ পুইলুৱান গাঁৱৰ ৰংমেই ফৈদৰ নগা যুৱক হাইপউ জাদোনাং৷ নগাসকলৰ বিভিন্ন ফৈদৰ ভিতৰত দুটা বৃহৎ গোটক কাবুই নগা আৰু কাচ্চা নগা বুলি জনা যায়৷ ইয়াৰে জেমী আৰু লিয়াংমেই ফৈদ দুটা কাচ্চা নগা গোটৰ অন্তৰ্ভুক্ত৷ ৰংমেই ফৈদক কাবুই নগা ফৈদৰ অন্তৰ্গত বুলি জনা যায়৷ এই ফৈদসমূহক ঐক্যবদ্ধ কৰি যি আন্দোলনৰ সূত্ৰপাত হৈছিল তাকেই জেলিয়াংৰং আন্দোলন বুলি কোৱা হৈছিল৷
জাদোনাঙে প্ৰথমে ইংৰাজ সৈন্যবাহিনীত যোগ দি বিশ্বযুদ্ধৰ সময়ত মেছোপটেমিয়াৰ বিভিন্ন ৰণাংগনৰ অভিজ্ঞতা অৰ্জন কৰিছিল৷ স্বগৃহলৈ অহাৰ পাছত তেওঁ দৈৱশক্তিৰ অধিকাৰী পুৰুষ হিচাপে খ্যাতি অৰ্জন কৰে আৰু তেওঁৰ বহুতো অনুগামীৰ সৃষ্টি হয়৷ আন্তঃফৈদ শত্ৰুতা আৰু কুসংস্কাৰেৰে আচ্ছন্ন নগাসকলক ঐক্যবদ্ধ কৰিবলৈ তেওঁ হেৰেকা (বিশুদ্ধ) নামৰ এক ধৰ্মীয় বিশ্বাসৰ প্ৰচাৰত নামি পৰে৷ ক্রমে এই সংস্কাৰ আন্দোলন ৰাজনৈতিক আন্দোলনলৈ পৰিৱৰ্তিত হয়৷ অচিৰেই ব্ৰিটিছৰাজৰ অৱসান ঘটি এক স্বাধীন নগা ৰাজ্য প্ৰতিষ্ঠিত হ'ব বুলি প্ৰচাৰ চলাই তেওঁ ৰাইজৰ মাজত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰে৷ ১৯৩০ চনত জাদোনাঙে সকলো জেলিয়াংৰং গাঁৱতে চৰকাৰী কৰ-কাটল দিয়াৰ পৰা বিৰত থকাৰ নিৰ্দেশ জাৰি কৰে৷ পৰম্পৰাগত অস্ত্ৰ-শস্ত্ৰৰে ব্ৰিটিছৰ বিৰুদ্ধে অভ্যুত্থানৰ পৰিকল্পনা কৰি প্ৰস্তুতি চলাই থাকোঁতেই ব্ৰিটিছে তেওঁক বন্দী কৰে আৰু প্ৰাণদণ্ড বিহে৷ কাম্বিৰণ নামৰ এখন গাঁৱত চাৰিজন ব্যৱসায়ীক হত্যা কৰাৰ ভুৱা অভিযোগত ১৯৩১ চনৰ ২৯ আগষ্টত ইম্ফল কাৰাগাৰৰ পাছফালে থকা নামবুল নৈৰ পাৰত জাদোনাঙক ফাঁচীকাঠত তোলা হৈছিল৷
জাদোনাঙৰ মৃত্যুৰ পাছত তেওঁৰ ভগ্নী গাইদিনলুৱে জেলিয়াংৰং আন্দোলনক নেতৃত্ব দিবলৈ ওলাই আহে৷ ১৩-১৪ বছৰীয়া গাইদিনলুৱে নগাভূমিৰ গাঁৱে গাঁৱে ঘূৰি নগাসকলক সশস্ত্ৰ সংগ্ৰামৰ বাবে সংগঠিত কৰিব ধৰিলে৷ তেওঁক আশ্ৰয় দিয়াৰ অপৰাধত ইখনৰ পাছত সিখনকৈ নগা গাঁও ভস্মীভূত হ'বলৈ ধৰিলে চৰকাৰী বাহিনীৰ পৃষ্ঠপোষকতাত৷ গাইদিনলুৰ তৎপৰতাত নগা অঞ্চলৰ পৰা গৃহকৰ আৰু বেগাৰ (বিনামূলীয়া শ্ৰমিক) খাটিবলৈ লোক সংগ্ৰহত চৰকাৰ বেয়াকৈ ব্যৰ্থ হ'ল৷ অচিৰেই তেওঁৰ অনুগামীসকল মিলিত হৈ এক বৃহৎ নগা গেৰিলা যোদ্ধাবাহিনী গঢ়ি তুলিলে৷ গাইদিনলুক ধৰি দিয়াৰ বাবদ নগদ ধন আৰু বন্দুক পুৰস্কাৰ দিয়া হ'ব বুলিও চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হ'ল৷ কিন্তু কোনোপধ্যেই নগাসকলে তেওঁলোকৰ প্ৰিয় নেত্ৰীৰ প্ৰতি বিশ্বাসঘাতকতা নকৰিলে৷ এইগৰাকী বীৰাংগনাক লৈ বহু কিম্বদন্তীৰ সৃষ্টি হৈছিল নগা পাহাৰত৷ যৌৱনৰ শীৰ্ষকালতেই গাইদিনলুৱে নগাসকলৰ চকুত দেৱীৰ মৰ্যাদা লাভ কৰিছিল৷ তেওঁৰ জন্ম হৈছিল ১৯১৫ চনৰ ২৬ জানুৱাৰীত, ব্ৰিটিছ-ইণ্ডিয়াৰ অধীনস্থ মণিপুৰৰ নাকাও গাঁৱত৷ আনুষ্ঠানিক শিক্ষা বুলিবলৈ নাছিল৷
আত্মগোপনকাৰী অৱস্থাত গাইদিনলুৱে স্বজাতিৰ মানুহক উদ্বুদ্ধ কৰিবলৈ ১০০টামান গীত ৰচনা কৰি নিজে গাঁৱে গাঁৱে গাই ফুৰিছিল৷ জাতীয় স্বাধীনতা সংগ্ৰামৰ নেতৃবৃন্দৰ সৈতেও তেওঁ যোগাযোগ গঢ়ি তুলিছিল৷ স্বাধীনতাৰ কাৰণে ভাৰতীয় জাতীয় আন্দোলনত তাৰ আগতে নগা মানুহে অংশ গ্ৰহণ কৰা নাছিল৷ ১৯৩২ চনত এইখন খনমাতে আত্মগোপন কৰি থাকোঁতে চৰকাৰী বাহিনীৰ অতৰ্কিত আক্রমণত গাইদিনলু কৰায়ত্ত হয়৷ তেতিয়া তেওঁৰ বয়স মাত্ৰ ১৬ কি ১৭ বছৰ৷ ব্ৰিটিছ চৰকাৰে তেওঁক মণিপুৰলৈ নি নৰহত্যা আৰু ৰাজদ্ৰোহৰ অপৰাধত আজীৱন কাৰাদণ্ড বিহে৷
১৯৩৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ তদানীন্তন সভাপতি জৱাহৰলাল নেহৰু উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ আহিছিল৷ তেতিয়াই তেওঁ গাইদিনলুৰ সংগ্ৰাম আৰু বন্দীদশাৰ বিষয়ে অৱগত হয়৷ গাইদিনলুক জনাৰ উৎকণ্ঠাতে তেওঁ ছিলঙলৈ গৈ তাৰ কাৰাগাৰৰ বন্দী কুঠৰীত আবদ্ধ সংগ্ৰামীগৰাকীক সাক্ষাৎ কৰিলে৷ উক্ত আন্তৰিক, আৱেগিক সাক্ষাতত নাৰীগৰাকীৰ মুখৰ পৰা আন্দোলনৰ কাহিনী শুনি মুগ্ধ হৈ পৰিছিল নেহৰু৷ গাইদিনলুক তেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে সম্বোধন কৰিছিল নগাসকলৰ ‘ৰাণী’ বুলি৷ পাহাৰৰ এই সাহসী সন্তানগৰাকীৰ বিষয়ে ভাৰতবাসীক অৱগত কৰাবলৈ তেওঁ 'ৰিলিজ গাইদিনলু' নামৰ এখন পুস্তিকাও ৰচনা কৰিছিল৷ জনমতৰ প্ৰবল হেঁচাত পৰি ১৯৪৭ চনত ভাৰতে স্বাধীনতা লভাৰ ক্ষণতে ৰাণী গাইদিনলুক চৰকাৰে মুক্তি দিবলৈ বাধ্য হয়৷
তাৰ পাছৰে পৰা তেওঁ নগাসকলক আগ বঢ়াই নিয়াৰ কামত আত্মনিয়োগ কৰি গ'ল৷ ৰাণী গাইদিনলুৱে পূৰ্বপুৰুষ পালিত পৰম্পৰাগত ধৰ্ম বিশ্বাসক পোষকতা কৰাৰ লগতে নগাসকল খ্ৰিষ্টানলৈ পৰিৱৰ্তিত হোৱা কাৰ্যৰ ঘোৰ বিৰোধিতা কৰিছিল৷ ১৯৭২ চনত ক'হিমাত থকা সময়তে তেওঁলৈ স্বাধীনতা যুঁজাৰু হিচাপে স্বীকৃতি আৰু তাম্ৰপত্ৰ অৰ্পণ কৰাৰ উপৰি ১৯৮২ চনত ভাৰত চৰকাৰে পদ্মভূষণ সন্মানেৰে তেওঁক সন্মানিত কৰিছিল৷ ১৯৮৩ চনত বিবেকানন্দ সেৱা বঁটা দিয়া হৈছিল৷
১৯৯৩ চনৰ ১৭ ফেব্ৰুৱাৰীত ৭৮ বছৰ বয়সত মণিপুৰৰ ভিতৰুৱা নিজ গাঁও লংকাওত ৰাণী গাইদিনলুৰ পৰলোকপ্ৰাপ্তি হয়৷ এইগৰাকী নাৰীলৈ মৰণোত্তৰভাৱে বীৰছা মুণ্ডা সন্মান যচাৰ উপৰি ১৯৯৬ চনত ভাৰত চৰকাৰে তেওঁৰ নামৰ ডাকটিকট প্ৰকাশ কৰে৷ ২০১৫ত তেওঁৰ চিত্ৰ সংযোজনেৰে দেশীয় মুদ্ৰা উলিওৱা হয়৷
১৯৬০ চনমানৰ ভিতৰতে নগাসকলৰ অধিকাংশ লোক খ্ৰিষ্টানলৈ ধৰ্মান্তৰিত হৈ পৰিছিল৷ খ্ৰিষ্টানৰ বিৰোধিতা কৰি অহাৰ বাবেই নগাসকলৰ মাজত গাইদিনলুৰ কৰ্মৰাজিৰ সৰহ প্ৰচাৰ নাই বুলি কোৱা হয়৷ আন এটা কাৰণ ভাৰত চৰকাৰৰ সৈতে মিত্ৰতা৷ সেই বাবেই চাগৈ এসময়ত তেওঁ লুকাই থকা, তেওঁ ধৰা পৰা খনমাত তেওঁৰ স্মৃতি হিচাপে আমিও একোৱেই নেদেখিলোঁ৷ ২০১৫ত কেন্দ্ৰীয় চৰকাৰ আৰু টি. আৰ. জেলিয়াং মন্ত্ৰীসভাৰ ফালৰ পৰা গাইদিনলু মেম'ৰিয়েল হল এটা প্ৰতিষ্ঠাৰ কুৰুং-কাৰাং শুনা পাইছিলোঁ যদিও নাগালেণ্ডৰ বিভিন্ন সমাজৰ বিৰোধিতাত সেইটো হৈ নুঠিল৷
No comments:
Post a Comment