Tuesday, 15 August 2017

২৪. পদব্ৰজে খনমা দৰ্শন-১

নগা সমাজ গাঁওকেন্দ্ৰিক৷ প্ৰতিখন নগা গাঁৱেই একো একোটা গোট যেন৷ প্ৰতিখন গাঁৱৰে সুকীয়া সুকীয়া ব্যৱস্থা৷ খনমাৰ আংগামী সমাজ তাৰ ব্যতিক্রম নহয়৷ গাঁওকেন্দ্ৰিক নগা সমাজৰ বিধি-ব্যৱস্থা গণতন্ত্ৰীয় পৰ্যায়ৰ৷ তাৰ মাজেদিয়ে খনমাৰ গঞাসকল শৃংখলাবদ্ধতাৰে পৰিচালিত হৈ আহিছে৷ বয়সস্থসকলৰ এখন সভা (ভিলেজ কাউন্সিল)ৰ হাতত সমাজ পৰিচালনাৰ মূল ক্ষমতাবোৰ ন্যস্ত থাকে৷ গাঁৱৰ নিৰাপত্তা, স্বাৰ্থ সকলো সংৰক্ষিত হয় কাউন্সিলৰ দ্বাৰাই৷

সদলবলে ওলাইছোঁ আমি৷ ডিঙিত মোৰ উদ্যত কেমেৰা৷ মোনাৰ ভিতৰত নোটবুক আৰু কলম৷ অতিথিশালাৰ পৰা আহিয়ে সোঁহাতে পোনেই পোৱা মৰং ঘৰ এটাত Neizoৰ নিৰ্দেশত সোমাই পৰিলোঁ৷ উত্তৰ-পূব ভাৰতৰ জনজাতীয় লোক-সংস্কৃতিত মৰং ঘৰে এখন সুকীয়া আসন অধিকাৰ কৰি আছে৷ সুশৃংখলিতভাৱে প্ৰৱাহিত জনজাতীয় জীৱনৰ প্ৰাণ-প্ৰাচুৰ্যৰ উৎস হ'ল এই মৰং ঘৰ৷ ইয়াক বাদ দি নগা গ্ৰাম্য জনজীৱনে পূৰ্ণতা লভিব নোৱাৰে৷ মৰং ঘৰ অৰ্থাৎ ডেকা-চাং নগা জীৱন-চৰ্যাৰ এটি বিশিষ্ট অংগ৷ এইবোৰ মুখ্যতঃ একোটি শিক্ষাকেন্দ্ৰৰ আদৰ্শ উদাহৰণ৷ আমোদ-প্ৰমোদ, নৃত্য-গীত, উৎসৱ-অনুষ্ঠানৰো থলী৷ আংগামী সমাজ জীৱনৰ লাইখুঁটাস্বৰূপ মৰং ঘৰকো একপ্ৰকাৰ শিক্ষানুষ্ঠান হিচাপে জ্ঞান কৰা হয়৷ অতীজত অবিবাহিত কালছোৱাত সকলো ডেকাই তাতে থাকি যুঁজ-বাগৰৰ কৌশলগত শিক্ষাৰ পৰা আদি কৰি সাহ-পিত, বল-শক্তি বৃদ্ধিৰ বিভিন্ন প্ৰশিক্ষণ ল'বলগীয়া হৈছিল৷ যুদ্ধ বিদ্যাৰ লগতে কৃষি-কৰ্মৰ আদিপাঠ, সামাজিক ৰীতি-নীতি পালনৰ শিকনি দিয়া হৈছিল৷ জনজাতিৰ কৌটিকলীয়া নিয়ম পদ্ধতিৰে গাঁৱৰ ডেকাবোৰক ইয়াৰ জৰিয়তেই সমস্ত জ্ঞান আগ বঢ়োৱা হৈছিল৷ ১২ বছৰ বয়সৰ ঊৰ্ধ্বৰ ল'ৰাবিলাকে মৰং ঘৰত ৰাতি শুব লাগিছিল৷ এই ঘৰতেই সকলো ডেকাই তেওঁলোকৰ সামৰিক সাজপাৰ, চিকাৰ কৰি অনা নৰমুণ্ড আৰু আন জীৱ-জন্তুৰ হাড়-মূৰ আদি ৰখাৰ ব্যৱস্থা আছিল৷

কাঠ আৰু টিনপাতেৰে নিৰ্মিত আমি দেখা এই মৰং ঘৰটো৷ কিমান পুৰণি ধৰিব নোৱাৰি৷ পুৰণা কাঠবোৰৰ লগতে বেৰৰ টিনপাতসমূহ সলাই অলপতে নতুন কৰি পেলোৱা হৈছে৷ মজিয়াখন শিল-মাটিৰ৷ ওপৰফালে মেঠোনৰ মূৰ তিনিটা লগোৱা আছে৷ বাৰাণ্ডাত জুহাল এখন৷ জুইশালক কেন্দ্ৰ কৰি বহাৰ ব্যৱস্থা হিচাপে চাৰিওকাষে কাঠৰ তক্তা সজোৱা আছে৷ ভিতৰ কোঠাত জপা, খুন্দনা, ডলা, চালনী, বাচন-বৰ্তন, বাঁহ-বেতৰ অন্য ঘৰুৱা সামগ্ৰীকে ধৰি বেৰত ওলোমাই ৰখা পুৰণি সম্পদ কেতবোৰো দেখিলোঁ৷ খৰি, কুঠাৰ, জোতা, কাপোৰ-কানি, কাপ, মগ ইত্যাদি বৰ্তমান ব্যৱহৃত বস্তু কিছুমান দেখি মানুহ থকাৰ উমান পালোঁ৷ সন্মুখত কুকুৰা দুজনী আপোনমনে চৰি আছে৷ সিহঁতেও নিশ্চয় ভালকৈয়ে জানে, আজিৰ আংগামীয়ে যধে-মধে সিহঁতক বধ নকৰে৷ আগতে কথা বেলেগ আছিল৷ এতিয়া সময় সলনি হ'ল, ভাবধাৰালৈ পৰিৱৰ্তন আহিল৷

মৰং ঘৰটোৰ পৰা ওলাই আহিয়েই খনমা গাঁৱৰ বিখ্যাত খট্‌খটিৰ আৰম্ভণি৷ ক্ষন্তেকৰ বাবে হাউলি হেঁপাহেৰে দুহাতেৰে স্পৰ্শ কৰি চাবৰ মন গ'ল৷ মেশ্বিনত কটাৰ লেখীয়া সুন্দৰ ফিনিশ্বিং৷ কিন্তু সম্পূৰ্ণভাৱে এয়া মানুহৰ হাতৰ কাম৷ পৰ্বতীয়া আংগামীৰ কৰ্মকুশলতাৰ প্ৰতীক এই সুদীৰ্ঘ চিৰি৷ ওপৰৰ ফালে উঠি পাক এটা লৈ নেদেখা হৈ পৰিছে শৈলনিৰ্মিত ষ্টেপবোৰ৷ বাটৰ দুয়ো কাষে বিবিধ ফুলৰ সমাহাৰ৷ পৰিৱেশ শান্ত, আকাশ মেঘাচ্ছন্ন৷ চকুৱে মণিব পৰালৈকে ক'তো অকণমান লেতেৰা নাই, কেনিও জাবৰৰ দ'ম নাই৷ বৰষুণ পৰি চৌদিশ সেমেকি আছে৷ সাৱধানে আগুৱাবলৈ লৈছোঁ আমি৷ কোনেও যাতে পিছল নাখাওঁ বা অনৰ্থক কাৰো একো অঘটন নঘটে৷ কাৰণ কাইলৈ ঝুক' ভেলীলৈ যাবলগীয়া আছে৷ সেই লৈও মনত অবুজ উত্তেজনা৷ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত এড্‌ভেন্‌চাৰ ড্ৰিম এটা দিঠক হোৱাৰ সময় চাপি আহিছে৷ খনমাৰ খট্‌খটিয়ে এটা স্পৃহা দূৰ কৰিব ধৰিছেই এতিয়া৷

আজি পুৱা ওলাই আহোঁতে আমাৰ ঘৰৰ ২৬টা ষ্টেপ বগাই আহিছোঁ৷ এতিয়া ইয়াত খটখটিৰ সীমা-সংখ্যা নাইকিয়া৷ আৰম্ভণিডোখৰতে ৫টা দীঘলীয়া চিৰি বগাই ওপৰলৈ সোঁফালে দোকান এখন পালোঁ৷ ঘৰটোৰ ওপৰত টিনপাত দিয়া আছে৷ কাঠৰে সজা বেৰ৷ এই অঞ্চলত কাঠৰ অভাৱ নাই৷ যধে-মধে কাটিব নোৱাৰে পিছে৷ পাহাৰৰ ওপৰলৈ চাওঁতে আৰ.চি.চি. ঘৰো দেখা পাইছোঁ৷ সেয়া আধুনিকতাৰ পৰশ৷ বৃক্ষৰ সংৰক্ষণ, ইটা-শিল-বালি-চিমেণ্টৰ আগমন৷ নতুন আৰু পুৰণিৰ সংমিশ্ৰণ খনমা দৰ্শনৰ প্ৰাৰম্ভতে জল্‌জল্‌-পট্‌পট্‌৷ দোকানখনৰ সন্মুখত ৰৈ থকা দুজন লোকে আমালৈ চাই আছে৷ মোৰ কান্ধত থকা আংগামী মোনাটোলৈ চকু দিয়া যেন লাগিল৷ প্ৰথমবাৰ ক'হিমালৈ যাওঁতে উপহাৰস্বৰূপে পোৱা ঊলৰ মোনাটো স্বেচ্ছাই ইয়ালৈ আহোঁতে লৈ আহিছোঁ৷ নগা মোনা, খামতি মোনা আদি বৰ আপুৰুগীয়া আৰু মৰম আকলুৱা সাংস্কৃতিক সম্পদ৷

দোকানখনৰ আগত মাটিৰ টাব আৰু ক'লা প্লাষ্টিকৰ ঠোঙা কিছুমান দেখা গৈছে৷ প্ৰতিটো ঠোঙাতেই ফুলগছ একোজোপা৷ ৰং-বিৰঙী অসংখ্য ফুল ফুলি ঠাইখিনি জাতিষ্কাৰ হৈ পৰিছে৷ আমাৰ দলটোৰ সদস্যসকল চিৰি বগাই উঠি গ'লেই৷ চৌপাশ চাওঁতে, সৌন্দৰ্য উপভােগ কৰোঁতে আৰু ফটো তোলোঁতে মইহে পিছ পৰি থাকিলোঁ৷ গালৈ হুঁচ অহাত ঘপকৈ লেন্সখন বন্ধ কৰি তেওঁলোকক লগ পাবলৈ চেকুৰিবলগীয়া হ'ল৷ ভাগ্যে ইয়াত কুকুৰ নাই৷ নহলে খেদেই৷ নগাৰ ঘৰত কুকুৰ নাথাকিব বুলি আগৰে পৰা অনুমান এটা আছিল মোৰ৷ সেয়েহে উচ্চতালৈ দৌৰ মাৰি হ'লেও নিৰ্ভয়ে সংগীসকলক লগ ধৰি পেলালোঁ৷ তেনে কৰাত শৰীৰৰ উষ্ণতাও কিছু বাঢ়িল৷

পঢ়িবলৈ পাইছিলোঁ, নাগালেণ্ড চৰকাৰে লোৱা কোনো আঁচনিৰ অন্তৰ্গত নহয়, খনমা গাঁৱৰ ৰাইজে মিলি শ্ৰম কৰিহে এই বিশাল খট্‌খটিবোৰ সাজি উলিয়াইছিল৷ ইয়াৰ বিভিন্ন খণ্ডবোৰ ভিন্ন ভিন্ন বয়সৰ গঞাক ভাগ ভাগ কৰি নিৰ্মাণ কৰিবলৈ দায়িত্ব দিয়া হৈছিল৷ অক্লান্ত পৰিশ্ৰমেৰে সজা এই ষ্টেপবিলাকৰ ঠায়ে ঠায়ে বয়স অনুযায়ী গঠিত দলসমূহৰ উল্লেখ আছে৷ শান্তি, সম্প্ৰীতি, ঐক্য, শক্তি, সৌন্দৰ্য আৰু নীৰৱতাৰ গুণেৰে সম্পৃক্ত এনে ধৰণৰ ঠাই আৰু শিল্পীসুলভ কামবোৰে আমাৰ জীৱনৰ চালিকা-শক্তিপ্ৰদায়ক অদৃশ্য বেটেৰীটো থাওকতে ৰি-চাৰ্জ কৰি পেলায়৷ ইয়ালৈ আহি আমাৰো সেয়া হ'ল৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা এষাৰ চাঁতকৈ মোৰ মনলৈ আহিল ''মানুহৰ সকলো কামেই শিল্পীসুলভ হ'ব লাগে৷ কৰ্মবোৰত সৌন্দৰ্যবোধৰ উৎকৃষ্ট নিদৰ্শন থাকিব লাগে৷ সৌন্দৰ্যবোধক লৈ কৰা সকলো কামেই সাংস্কৃতিক সম্পদ হিচাপে গঢ় লোৱাৰ পাছত সমাজ তথা জাতিৰ উপকাৰ সাধন হয়৷'' খনমা গাঁৱৰ খট্‌খটি তাৰে এটা শক্তিশালী উদাহৰণ৷ এই খট্‌খটি এতিয়া খনমাই নহয়, নগা জাতি আৰু নাগালেণ্ডৰে অন্তহীন গৌৰৱৰ হেতু৷ সেয়েহে পদযাত্ৰাৰ আৰম্ভণিতে এবাৰ মই স্পৰ্শ কৰি লৈছিলোঁ৷ মনে মনে চেলুট দিছিলোঁ ইয়াৰ নিৰ্মাতাসকলক৷ আধুনিক যন্ত্ৰও এই কৰ্মকুশলতাৰ সমকক্ষ হব পাৰিবনে নোৱাৰে সন্দেহ আছে৷

গাঁৱৰ মাজেৰে বাট বুলি আছোঁ৷ ইমান নীৰৱ গাঁওখন! হৈ-হাল্লা, উচ্চ-বাচ্য ক'তো অলপো কাণত পৰা নাই৷ মানুহ-দুনুহো তেনেকৈ দৃষ্টিত ধৰা পৰা নাই৷ কাজেই প্ৰশ্ন এটা মনলৈ আহিল মানুহবোৰ গ'ল ক'লৈ? পৰিসংখ্যামতেতো ৪২৪ টা পৰিয়ালৰ বসতিস্থল এইখন৷ তাৰ মানে অনেক মানুহ৷ অথচ এঘৰৰ পৰাও মাত এষাৰ ভাহি আহিবলৈ নাইনে? নীৰৱতাৰ শান্তি উপভোগৰ উৎকৃষ্ট ঠাইবিলাকৰ মাজৰ এখন খনমা বুলি একে আষাৰে কৈ দিবৰ মন গ'ল৷ তেনেকুৱা ঠাইসমূহক সামৰি তালিকা এখন যদি কৰা যায়, ওপৰভাগতেই থাকিব খনমাৰ নামটো৷ অথচ এসময়ত এইখন খনমাই আছিল দৈনন্দিন হুলস্থূলৰ কেন্দ্ৰবিন্দু, ভয়ংকৰ যুদ্ধথলী!

খনমা গাঁৱৰ এক সংগ্ৰামী ইতিহাস আছে৷ অধ্যয়নশীল লোক মাত্ৰেই তাক জানে৷ ১৮৭৮-৭৯ চনত খনমাত কৰ তুলিবলৈ যোৱা ব্ৰিটিছ প্ৰতিনিধিক খনমাৰ আংগামীয়ে বিধ্বস্ত কৰি খেদি পঠোৱাৰ কাহিনী কোনে পাহৰিব পাৰে? বগা চাহাবক হত্যা কৰি দুসপ্তাহ ধৰি আংগামী নগাই পাতিছিল যুদ্ধ জয়ৰ বৰভোজ৷ এইখন খনমাতে৷ পৰিকল্পনা ৰচিছিল ক'হিমা দখলৰ৷ নগাদা আৰু যাঠি-জোঙেৰে সজ্জিত খনমাৰ আংগামীয়ে ক'হিমা আক্রমণ কৰিছিল ১৮৭৯ চনৰ ২২ অক্টোবৰৰ নিশা৷ উত্তপ্ত পৰিস্থিতি৷ কৰ্নেল জনষ্টনৰ নেতৃত্বত ব্ৰিটিছ সৈনিকে আক্রমণকাৰী আংগামীক যেন-তেন-প্ৰকাৰেণ ৰোধিবলৈ সক্ষম হ'ল যেনিবা৷ প্ৰত্যাক্রমণেৰে নগা বাহিনীক পিছ হোঁহকাই আনিলে খনমালৈ৷ তাৰ পাছত খনমাত চলিল আংগামী মানুহৰ ওপৰত বৰ্বৰ হত্যা, ধ্বংসলীলা আৰু ঘূণীয়াকৰণেৰে ইংৰাজ সৈন্যৰ অবৰ্ণনীয় অত্যাচাৰ৷ বিধ্বস্ত ৰূপ পালে খনমা গাঁৱে৷

সেই ঘটনাৰ অৰ্ধ শতিকাৰ পাছত এইখন খনমাতে স্বাধীন, সাৰ্বভৌম নাগালিমৰ সপোন দেখিছিল আংগামী জাপ্‌ফু ফিজোৱে৷ দ্বিতীয়বাৰ ধ্বংস হৈছিল খনমা৷ এইবাৰ ফিজোক বিচাৰি যোৱা ভাৰতীয় সেনাৰ দ্বাৰা৷ খানাতালাচ আৰু বৰ্ণনাতীত অত্যাচাৰ চলিছিল আংগামী জনগণৰ ওপৰত৷ অগ্নি সংযোগেৰে ভাৰতীয় সৈন্যই এটাৰ পাছত এটাকৈ নগা লোকৰ ঘৰবোৰ এফালৰ পৰা পুৰি ছাই কৰি পেলাইছিল৷ তচ্‌নচ্‌ কৰি পেলাইছিল তেওঁলোকৰ বস্তু-বাহানি৷

কিন্তু সেই সপোনক জানো নিঃশেষ কৰিব পাৰিছিল? ১৯৪৭ চনৰ ১৪ আগষ্টত স্বাধীন নগাৰ পতাকা উত্তোলনেৰে ফিজোৱে আৰম্ভ কৰা দীৰ্ঘদিনীয়া স্বাধীনতা সংগ্ৰাম, যি সংগ্ৰামৰ যোদ্ধাই সততে যুদ্ধ দিবলগীয়া হৈছে বিশ্বৰ চতুৰ্থ বৃহৎ সেনাবাহিনী ৰূপে চিহ্নিত ভাৰতীয় সেনাৰ লগত, আজিও যি শেষ হোৱা নাই, ক'ৰবাত হ'লেও বৰ্তি আছে৷ সেয়াই স্বাভিমানী আংগামীৰ স্বৰূপ৷ এয়াই সেই খনমা, ফিজোৰ খনমা৷

ফিজো আৰু খনমা, একেটা মুদ্ৰাৰে যেন ইপিঠি-সিপিঠি৷ খুব সম্ভৱ যোৱা বছৰৰ আগভাগত, এঠাইত এইবুলি পঢ়িবলৈ পাইছিলোঁ 'নাগালেণ্ডৰ প্ৰতিখন টুৰিষ্ট গাইড বুক্‌লেটত খনমাৰ বৰ্ণনা আৰম্ভ হয় এনেদৰে Khonoma village, the birth place of A. Z. Phizo, the father of Naga nationalist movement, lies 20 Kms to the west of Kohima.' আগতেই কৈছোঁ, ক'হিমালৈ ইয়াৰ পূৰ্বে আহিছোঁ, দুবাৰকৈ৷ কিন্তু এবাৰো ভুমুকি মাৰিব পৰা নাছিলোঁ ক'হিমা চহৰৰ ২০ কিল'মিটাৰ উত্তৰত অৱস্থিত খনমা নামৰ এই ঐতিহাসিক নগা গাঁওখনত৷ এইবাৰ কিন্তু সৌভাগ্যই লগ দিলে৷ সোৱণশিৰিপৰীয়া দুৰ্গম ট্ৰেকিং-কেম্পিং সামৰি অৰুণাচল প্ৰদেশৰ নাহৰলাগুনৰ পৰা আহি থাকোঁতে ট্ৰেইনতে উত্থাপন কৰা সুচিন্তিত প্ৰস্তাৱটোৰ বাবে জয়ন্তদাক ধন্যবাদ দিবই লাগিব৷



No comments:

Post a Comment