২২. নাগালেণ্ডৰ বিদ্ৰোহী কণ্ঠ, উত্তৰ-পূবৰ বিদ্ৰোহী কণ্ঠ ফিজো…
চিপ্ চিপ্ বৰষুণ পৰিছে৷ আপোনমনে ঘূৰি-পকি এসময়ত Dovipie Innৰ আগত উপস্থিত হ'লোঁ৷ ফুলৰ টাবেৰে প্ৰৱেশদ্বাৰ আৰু দুৱাৰডলিৰ খট্খটিৰ দুকাষ উপচাই ৰখা হৈছে৷ বিভিন্নৰঙী ফুলবোৰ যেনি-তেনি ফুলি সৌন্দৰ্য বিলোৱাৰ উপৰি আমাৰ দৰে অভ্যাগতৰ মনো ভাল লগাইছে৷ টাইলচ্ দিয়া ফ্ল'ৰ৷ এনেকুৱা অত্যাধুনিক মজিয়াত খোজ কঢ়াৰ অভিজ্ঞতা মোৰ তেনেকৈ নাই৷ সাৱধানে খোজ পেলাই সোমাই গ'লোঁ৷
সোমাওঁতেই পোনছাটেই চকুলৈ অহা, বেৰত ওলোমাই ৰখা আলোক-চিত্ৰ এখনে তৎমুহূৰ্ততে দৃষ্টি হৰণ কৰিলে৷ একেথৰে চাই ৰ'লোঁ ফটোখনলৈ৷ চুটি-চাপৰ মানুহজন৷ চিনি পাওঁতে অকণো কষ্ট নহ'ল৷ মুখখনৰ তলফালে ঈষৎ বেঁকা৷ ক'ত, কেতিয়া, কেনেকৈ তেনেকুৱা হ'ল খাটাংকৈ জনা নগৈছিল৷ ফেচিয়েল পেৰালাইছিছত ভুগি মুখমণ্ডল তেনে ধৰণৰ অস্বাভাৱিকৰূপী হৈ পৰিছিল বুলি অনেকে ধাৰণা কৰে৷ যাৰ বাবে দীঘলীয়া সময় একেৰাহে কথা ক'ব নোৱাৰিছিল হেনো তেওঁ৷ অন্যহাতে, গেৰিলা নেতাৰ কোনো লক্ষণেই নাছিল মানুহজনৰ গাত৷ অথচ সেইজনেই হ'লগৈ নগা গেৰিলা যুদ্ধৰ জনক, নগা পাহাৰৰ প্ৰবাদ পুৰুষ৷ Father of the Nation, Father of the Nagas বুলি সৰ্বত্ৰ যাক কোৱা হয়৷ নগাসকলৰ স্বাধীনতা, আত্মনিয়ন্ত্ৰণ, স্বায়ত্তশাসনৰ লক্ষ্যত যাৰ মানসিকতা আছিল অদমনীয়৷ নগা আন্দোলনৰ নেতাগৰাকীৰ আলোকচিত্ৰখনৰ সন্মুখত ৰৈ লৈ পূৰ্বতে কোনোবাই উনুকিওৱা বৰ্ণনাসমূহৰ সৈতে সমিলমিল একধ্যানে লক্ষ্য কৰি আছোঁ মই৷
সোমাওঁতেই পোনছাটেই চকুলৈ অহা, বেৰত ওলোমাই ৰখা আলোক-চিত্ৰ এখনে তৎমুহূৰ্ততে দৃষ্টি হৰণ কৰিলে৷ একেথৰে চাই ৰ'লোঁ ফটোখনলৈ৷ চুটি-চাপৰ মানুহজন৷ চিনি পাওঁতে অকণো কষ্ট নহ'ল৷ মুখখনৰ তলফালে ঈষৎ বেঁকা৷ ক'ত, কেতিয়া, কেনেকৈ তেনেকুৱা হ'ল খাটাংকৈ জনা নগৈছিল৷ ফেচিয়েল পেৰালাইছিছত ভুগি মুখমণ্ডল তেনে ধৰণৰ অস্বাভাৱিকৰূপী হৈ পৰিছিল বুলি অনেকে ধাৰণা কৰে৷ যাৰ বাবে দীঘলীয়া সময় একেৰাহে কথা ক'ব নোৱাৰিছিল হেনো তেওঁ৷ অন্যহাতে, গেৰিলা নেতাৰ কোনো লক্ষণেই নাছিল মানুহজনৰ গাত৷ অথচ সেইজনেই হ'লগৈ নগা গেৰিলা যুদ্ধৰ জনক, নগা পাহাৰৰ প্ৰবাদ পুৰুষ৷ Father of the Nation, Father of the Nagas বুলি সৰ্বত্ৰ যাক কোৱা হয়৷ নগাসকলৰ স্বাধীনতা, আত্মনিয়ন্ত্ৰণ, স্বায়ত্তশাসনৰ লক্ষ্যত যাৰ মানসিকতা আছিল অদমনীয়৷ নগা আন্দোলনৰ নেতাগৰাকীৰ আলোকচিত্ৰখনৰ সন্মুখত ৰৈ লৈ পূৰ্বতে কোনোবাই উনুকিওৱা বৰ্ণনাসমূহৰ সৈতে সমিলমিল একধ্যানে লক্ষ্য কৰি আছোঁ মই৷
নগা সমাজে ব্ৰিটিছৰ পৰাই সভ্যতাৰ অ-আ-ক-খ শিকিলে বুলি বিশ্বাস কৰা হয়৷ সেই পৰিপ্ৰেক্ষিততে অতীতত একাংশ নগা ল'ৰাক উচ্চ শিক্ষা গ্ৰহণৰ বাবে পঠোৱা হৈছিল শ্বিলঙলৈ৷ তাৰ মাজৰে স্বাভিমানী নগা ডেকা এটা এদিন জাতিৰ হকে ওলাই গৈছিল শ্বিলঙৰ চেইণ্ট এন্থনীজৰ হোষ্টেলৰ পৰা৷ তেওঁ তেতিয়া ৰাজনীতি বিজ্ঞানত অনাৰ্চ লৈ বি.এ. পঢ়ি আছিল৷ সেই ল'ৰাৰ জন্ম এইখন খনমাতে৷ জন্মতিথি ১৬ মে' ১৯০৪৷ ছাত্ৰজনৰ সম্পূৰ্ণ নাম আছিল আংগামী জাপ্ফু ফিজো৷ গল্প নহয়, চল্লিশৰ দশকৰ সত্য কাহিনী এয়া৷ আন বহুতৰে দৰে ময়ো শুনিছোঁহে৷ মোৰ তেতিয়ালৈ জন্মই হোৱা নাই৷
মেৰহিউমে খেলৰ এই সৰুফুটীয়া, ক্ষীণাংগ আংগামী ল'ৰা৷ শ্বিলঙত অধ্যয়নৰত, ছাত্ৰাৱাসৰ আৱাসীজন হঠাতে এদিন নিৰুদ্দিষ্ট হ'ল৷ খোজ কাঢ়ি ওলালগৈ শিলচৰ৷ দুৰ্গম পৰ্বত-পাহাৰ অতিক্রমি অবিশ্বাস্যভাৱে প্ৰায় ৭০০ কিল'মিটাৰ খোজ কাঢ়ি পালেগৈ লুচাই পাহাৰ, আইজল, লুংলেই৷ তাৰ পাছত চিটাগং৷ নিৰুদ্দেশ যাত্ৰা সামৰি ল'ৰাটো এদিন ঘূৰি আহিল৷ খাচিয়া-জয়ন্তীয়া পাহাৰেদি, খোজ কাঢ়িয়েই আহি পালেহি শ্বিলং৷ শ্বিলঙৰ পৰা ডিমাপুৰ৷ চকুত স্বাধীনতাৰ অযুত স্বপ্ন, বুকুত নগা জনগণৰ মুক্তিৰ পণ৷
ডিমাপুৰলৈ আহি ১৯৩৮ চনত ফিজোৱে গাড়ীৰ টিউব-টায়াৰ মেৰামতিৰ কাম আৰম্ভ কৰিলে৷ Sun Life Insurance নামৰ কানাডিয়ান বীমা কোম্পানী এটাৰ এজেন্সিও ল'লে৷ এইবোৰৰ সমানে সমানে চলিব ধৰিলে ব্ৰিটিছবিৰোধী কাৰ্যকলাপ৷ সেই সময়ত গাড়ী-মটৰৰ সংখ্যা আছিল তাকৰ৷ কাজেই ব্যৱসায়ৰ গতি মন্থৰ হৈ পৰিল৷ জীৱনলৈ অৰ্থনৈতিক মন্দাৱস্থা আহি পৰিল যদিও ব্ৰিটিছবিৰোধী কাম-কাজবোৰ ঠিকে-ঠাকে চলি থাকিল আৰু লাহে লাহে সেয়া ইংৰাজৰ চকুত ধৰা পৰিল৷
এদিন ডিমাপুৰ এৰি ফিজো গুচি গ'ল ৰেংগুনলৈ৷ তাত বন্দৰত চাকৰি কৰিব ধৰিলে৷ বাৰ্মিজ বন্ধু-বান্ধৱৰ সহযোগত Universal Credit and Commercial Company নামে নতুন ব্যৱসায়িক প্ৰতিষ্ঠান এটাও আৰম্ভ কৰিলে৷ পিছে ১৯৩৯ চনত ৰেংগুনত সংঘটিত গোষ্ঠী সংঘৰ্ষত পৰি সেই ব্যৱসায়ো মন্দা হ'ল৷ নিৰাশ নহৈ নকৈ তেওঁ আৰম্ভ কৰিলে Gwiz Scientific Laboratory নামে মেডিকেল ৰসায়নাগাৰৰ কাম৷ এইবাৰ ভালেই চলিছিল যদিও তেনে সময়তে আৰম্ভ হ'ল দক্ষিণ-পূব এছিয়া অভিমুখে জাপানী বাহিনীৰ ব্ৰহ্মদেশলৈ জয়যাত্ৰা৷ সাধাৰণ নগাই জাপানীৰ আগ্ৰাসনৰ বিৰোধিতা কৰিলে৷ ফিজোৱে কিন্তু জাপানীৰ সহায়কাৰী হ'বলৈহে সিদ্ধান্ত ল'লে৷ কিয়নো জাপান আছিল ব্ৰিটিছৰ শত্ৰু৷ এতেকে ফিজোৰ মিত্ৰ৷ জাপানক সহায় কৰি নগা পাহাৰলৈ স্বাধীনতা অনাৰ সপোনত আচ্ছন্ন হৈ পৰিল তেওঁ৷ শুনা যায় যে জাপানী সৈন্যক সহায় কৰাৰ পৰিপ্ৰেক্ষিতত ১৯৪৪ চনত ফিজোক গ্ৰেপ্তাৰ কৰা হৈছিল৷ ৰেংগুনৰ চেণ্ট্ৰেল জে'লত কাৰাৰুদ্ধও হৈছিল তেওঁ৷ আজাদ হিন্দ ফৌজৰ কাণ্ডাৰী নেতাজী সুভাষ চন্দ্ৰ বসু আৰু সেই তেতিয়াই কাৰাগাৰত লগ পোৱা বাৰ্মাৰ স্বাধীনতা সংগ্ৰামৰ নেতা অং চেনৰ দ্বাৰা প্ৰভাৱিত হৈছিল ফিজো৷
স্বাধীনতাৰ স্বপ্ন মনত লৈ ১৯৪৫ চনত ৰেংগুনৰ পৰা উভতি ক'হিমা পায়হি তেওঁ৷ ভাৰতবৰ্ষত তেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা বিচাৰি ভাৰতীয়ৰ সংগ্ৰাম চলি আছে৷ নগা পাহাৰত পিছে স্বাধীনতা সংগ্ৰামৰ কোনো বা বলা নাই৷ বিপৰীতে, নগা সমাজত উত্থাপিত হ'ব ধৰিছে স্বায়ত্তশাসনৰ দাবীহে৷ ফিজোৱে আংগামীসকলৰ মাজত প্ৰচাৰ কৰিব ধৰিলে স্বাধীনতাৰ বাণী, নগাসকলৰ অধিকাৰৰ কথা৷ 'স্বায়ত্তশাসন নহয়, পূৰ্ণ স্বাধীনতাহে নগাৰ অধিকাৰ৷ এই স্বাধীনতা নগা জাতিৰ স্বাধীনতা, নগা জাতিৰ আত্মনিয়ন্ত্ৰণ আৰু স্বশাসনৰ হকে৷ কিয়নো নগাসকল ভাৰতীয় নহয়৷ ব্ৰিটিছে শাসন কৰা বুলিয়েই নগা পাহাৰ ভাৰতৰ অংগ হ'ব নোৱাৰে৷ গতিকে স্বাধীন নাগালেণ্ডহে নগাৰ একমাত্ৰ লক্ষ্য হোৱা উচিত৷ ভাৰতে ব্ৰিটিছৰ পৰা স্বাধীনতা পালে নগাই নাপাব কিয়?' ফিজোৰ প্ৰশ্ন৷
সেইজন মহান নেতা, নগা মানুহখিনিৰ বাবে যি ১৯৪৬ৰ পৰা ১৯৯০লৈ নিজৰ সমস্ত অৰ্পণ কৰি গ'ল, সেইজন আত্মত্যাগী, কিম্বদন্তী নগা স্বাধীনতা সেনানীৰ জন্মস্থানত আমি অলপ সময়ৰ আগতে উপস্থিত হৈছোঁহি৷ ৰোমাঞ্চকৰ অনুভূতি কিছুমানে দেহৰ অভ্যন্তৰভাগ চঞ্চল কৰি পেলাইছে৷ ফটোখনৰ পৰা চকু আঁতৰাই বাঁওহাতে কাউণ্টাৰত বহি থকা ৰিচেপচনিষ্টজনীলৈ চালোঁ৷ চকুৱে চকুৱে পৰিল৷ ইমানপৰে মই ফিজোৰ আলোক-চিত্ৰখনত ধ্যান দি থাকোঁতে তাই তাৰ মানে মোক লক্ষ্য কৰি আছিল!
No comments:
Post a Comment