Tuesday, 8 August 2017

১৫. পিফেমাত এখন্তেক

১.৩০ বাজি গ'ল৷ মেড্‌জিফেমা, ফেৰেমা এৰি অথনিৰে পৰা ৩০ কিল'মিটাৰমান বাট আহিলোঁ চাগৈ৷ পিফেমা পালোঁহি৷ ডিমাপুৰ জিলাৰ মেড্‌জিফেমা ব্লকৰ অন্তৰ্গত ২১খন গাঁৱৰ ভিতৰত পিফেমাও এখন৷ চিৰহিমা, জুইখু, খাইবুং আদি ইয়াৰ দাঁতি-কাষৰীয়া নগা গাঁও৷ সংগীসকলৰ ছুম'খন অনেক পিছ পৰি ৰৈছে৷ সেয়েহে আমি কিছু সময় ৰৈ দিবলৈ বাধ্য হ'লোঁ৷ একেলগে যোৱাটো ভাল বুলি কথা ওলোৱাত পিফেমা পুলিছ আউট প'ষ্টৰ বিপৰীতে আমাৰ অল্ট'খনে পথৰ দাঁতিত অৱস্থান কৰিলে৷ ৰাষ্ট্ৰীয় ঘাইপথটোৰ সিপাৰে গৰা এটাৰ ওপৰতে পুলিচ আড্ডাটো৷ বাৰাণ্ডাত চকীত বহি কৰ্তব্যৰত আৰক্ষীয়ে এইফালে মন কৰি আছে৷

দৰজাখন ঘটংকৈ বন্ধ কৰিয়েই চালকজন অন্তৰ্ধান৷ ভালেমান পৰলৈ নোহোৱা হৈ পৰিল৷ কেনিনো গ'ল বুলি খুব চালোঁ৷ পিছে ছাঁটোকে বিচাৰি উলিয়াব নােৱাৰিলোঁ৷ বতাহৰ সৈতে যেন মিলি গ'ল! কাৰণটোও নজনাতে থাকি গ'ল৷ সুযোগকণ পাই সাথীয়ে বোধ হয় ভাত খালেগৈ৷ কিন্তু ইমান খৰধৰকৈ, কাকো একো নোকোৱাকৈ!

পিফেমাত ৰাষ্ট্ৰীয় পথটোৰ দুয়োপাৰে দোকান-পোহাৰ কিছু আছে৷ ১০ মিনিটমানৰ পাছত সিখন গাড়ী আহি পালে৷ লগে লগে আমাৰ ড্ৰাইভাৰো ভুটুংকৈ ক'ৰবাৰ পৰা ওলালহি৷ ইমানপৰে ক'ৰ পৰানো সকলোবোৰ লক্ষ্য কৰি আছিল নাজানো৷ আহিয়েই তৎক্ষণাৎ ইঞ্জিন ষ্টাৰ্ট দিলে৷ চিন্তাই লাগিল৷ কাষতে বহি থকা সুবীৰক লাহেকৈ চিকুট এটা মাৰি দিলোঁ৷ ইংগিত পাই সি মোলৈ চালে৷ দুয়ো ফুচফুচাই আলোচনা কৰিলোঁ, ই বাৰু ক'ৰবাত ৰক্সি খালেগৈ নেকি? এতিয়া খালত নেপেলালেগৈহে ৰক্ষা! মনে মনে দুয়োৰে ফালৰ পৰা গোপন অনুসন্ধান এটাও নচলাকৈ নাথাকিল৷ ডেকাটোৰ ফালে যিমান পাৰি সিমান চাপি উশাহ টানি-এৰি চালে সুবীৰে৷ ঘ্ৰাণশক্তিৰ জৰিয়তে থাউকতে কৰি চোৱা পৰীক্ষাটোৱে নিশ্চিতি দিলে যে নাই নহয়, তেনেকুৱা একো নাই৷ মিছাতে সন্দেহ জাগিছিল আমাৰ৷ ইহঁত তেনেকুৱা মানুহ নহয়৷

সেইকণ সময়তে দীপমইনায়ো সসন্মানে আগচিট্‌ এৰি দিলে আৰু মোৰ কাষলৈ আহিল৷ অৰ্থাৎ যেনে চুক্তি তেনে কাম৷ ধনশিৰিৰ দলঙতে মৌখিকভাৱে উক্ত চুক্তিখন স্বাক্ষৰিত হৈছিল৷ সময়সী্মাটো অৱশ্যে অকণমান বেছিকৈ ল'লে! সি যি কি নহওক, কোনো অভিযোগ নকৰি অৰুণদা এইবাৰ আগচিটলৈ গ'লগৈ৷ কেমেৰা সোমাই থকা কাৰবি মোনাটো কোলাত লৈ আৰামকৈ বহিল৷ কবি মানুহজন অলপ পাছতে ভাবনাত বিভোৰ হৈ পৰিবযে সেইটো খাটাং৷

ভাষাতাত্ত্বিকসকলে নাগালেণ্ডৰ সকলো ভাষাকে চীন-তিব্বতী শ্ৰেণীৰ অন্তৰ্গত কৰি থৈছে৷ ব্ৰিটিছ চাহাবসকলে তেওঁলোকৰ সন্দৰ্ভত বহুমূলীয়া কিতাপ লিখি থৈ গৈছে৷ লণ্ডন বিশ্ববিদ্যালয়ৰ এচিয়ান এন্‌থ্ৰপল'জিৰ প্ৰাধ্যাপক Furer Haimendorfএ ১৯৩৯ চনত ৰচনা কৰিছিল বিদ্যায়তনিক গ্ৰন্থ 'Naked Nagas'৷ বৰ্তমানে আধুনিকতাক আঁকোৱালি লোৱা নগা জনজাতিৰ সৈতে অতীতৰ সেই কথাবোৰ স্বাভাৱিকতে আজি বহুখিনিয়ে নিমিলে৷ পৰিৱৰ্তিত সময়ে পূৰ্বৰ আদিমতাক কোনোবা ধুবুৰীতে পিছ পেলাই থৈ আহিল৷ এতিয়া তেওঁলোক আধুনিকতাৰ অভিযাত্ৰী৷ নগাসকলৰ প্ৰব্ৰজনৰ ইতিহাস, নৃতাত্ত্বিক বিশ্লেষণৰ সৈতে আহোম-নগাৰ সম্পৰ্ক, ব্ৰিটিছৰ আধিপত্য, নাগালেণ্ডক ৰাজ্য ঘোষণা ইত্যাদি বিষয়ক কথাৰে M. Alemchilএও ১৯৭০ চনতে লিখি থৈ গৈছে 'A Brief Historical Account of Nagaland'৷ এই সকলোবোৰ এতিয়া ইতিহাস মাত্ৰ৷ আধুনিকতাৰ পৰশত নাগালেণ্ড আজি পৰিৱৰ্তনৰ দিশে আগুৱান৷


আনফালে নগা জনজাতীয় জীৱনভিত্তিক অসমীয়া উপন্যাসৰ তালিকালৈ যদি চাওঁ তেন্তে আমি পাওঁ যে টাংখুল নগা সমাজক লৈ ডক্টৰ বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যই কোন কেতিয়াবাতে 'ইয়াৰুইংগম' (অক্টোবৰ, ১৯৬০) উপন্যাস ৰচি থৈ গৈছে, যিখন গ্ৰন্থই সাহিত্য অকাডেমীৰ দ্বাৰা উৎকৃষ্টতাৰ স্বীকৃতি লভিবলৈ সক্ষম হৈছিল ১৯৬১ চনত৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নগা পাহাৰৰ পটভূমিত ৰচিত সেই উপন্যাসখনে ধৰি ৰাখিছে আধুনিক নাগালেণ্ড নিৰ্মাণৰ সময়খিনিৰ এছোৱা সামাজিক আৰু ৰাজনৈতিক ইতিহাস৷ নগা পাহাৰৰ প্ৰাকৃতিক পৰিৱেশ, নগাসকলৰ আচাৰ-ব্যৱহাৰ, কলা-সংস্কৃতিৰ বৰ্ণনাৰে সমৃদ্ধ সেই উপন্যাস৷ একেদৰে, নগা সমাজক বিষয়-বস্তু হিচাপে লৈ কৈলাশ শৰ্মাই লিখিছিল 'বিদ্ৰোহী নগাৰ হাতত' (১৯৫৮), 'অনামী নাগিনী' (১৯৬৩), 'ডালিমীৰ সপোন' (১৯৭২)৷ কমলানন্দ ভট্টাচাৰ্যই 'নগা কোঁৱৰ' (১৯৫৩) নামে এখন ঐতিহাসিক নাটক লিখিছিল৷ সবাৰো আগত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল 'ডালিমী'৷ বৰ্তমানৰ সাহিত্যসেৱী আৰু চৰ্চাকাৰীসকলৰো নগাসকলৰ প্ৰতি আগ্ৰহসূচক অনুসন্ধানৰ দৃষ্টান্ত বিৰল নহয়৷ এনেকুৱা আদান-প্ৰদান আৰু কৃষ্টি-সংস্কৃতিৰ সুস্থ তথা যুগমীয়া প্ৰভাৱ আমাৰ মাজত নিশ্চয়কৈ চিৰদিনেই উজলি থাকিব৷

পিফেমাৰ মাটিত ভৰি দি অসমীয়া সাহিত্য ক্ষেত্ৰৰ আনন্দদায়ী কিছুমান ৰোমন্থনেৰে মনটো ভৰি উঠিল৷ অকাই-পকাই পিফেমাৰ পাছৰ যাত্ৰাটো চলি থাকিল৷ আমি ইতিমধ্যে প্ৰত্যেকে প্ৰত্যেকক সাথী বুলিবলৈ লৈছোঁ৷ ভাষাও হৈ পৰিছে নাগামীজ৷ চালক সাথীয়ে যাতে তেওঁ আজি ডিমাপুৰ ৰে'লৱে য়াৰ্ডৰ পৰা কঢ়িয়াই অনা মানুহকেইটাৰ লগত সহজ আৰু ঘৰুৱা অনুভৱ কৰে, সেইটোৱে মূল কথা৷



No comments:

Post a Comment