Tuesday, 15 August 2017

২৩. অন্তহীন কথা খনমাৰ

খনমা হৈছে ক'হিমা জিলাৰ অন্তৰ্গত আংগামী নগা বসতিপ্ৰধান, প্ৰায় ৭০০ বছৰ পুৰণি গাঁও৷ কোনো কোনোৱে কয় Sechüra, Kigwera, Meriera আদি গাঁওকেইখন আৰু পুৰণি৷ খনমাৰ লোকসকল Kigweraৰ পৰা প্ৰব্ৰজিত বুলিও গৱেষকে কয়৷ গতিকে খনমা ৭০০ নহয়, ৫০০ বছৰহে পুৰণি৷ সি যি কি নহওক, আংগামী নগাৰ বৰভেটিস্বৰূপ এই স্থানতে একালত ব্ৰিটিছৰ বিৰুদ্ধে ভূমিপুত্ৰৰ মৰণপণ প্ৰতিশোধৰ পৰিকল্পনা চলিছিল৷ এই গাঁৱতে সপোন ৰচা হৈছিল স্বাধীন নাগালেণ্ডৰ৷ গৰ্বিত আংগামী আৰু নগা বিদ্ৰোহৰ কেন্দ্ৰবিন্দু বুলি যাক কোৱা হয়, সেয়াই খনমা৷ এক কথাত নাগালেণ্ডৰ হৃৎপিণ্ড৷ উত্তৰ-পূবৰ উগ্ৰপৰ্বৰ সূচনা হৈছিল এই স্থলতে, যাৰ ফিৰিঙতি আজিও নিৰ্বাপিত হোৱা নাই৷ অৱশ্যে পৰিস্থিতি বৰ্তমান আগতকৈ ভালেখিনি শান্ত আৰু স্থিৰ হৈ থকাটো আমি প্ৰত্যক্ষ কৰিছোঁ৷ আৰু তাৰ পৰিপ্ৰেক্ষিততে মৰসাহস গোটাইছোঁ খনমাত সোঁশৰীৰে প্ৰৱেশ কৰিবলৈ, সত্যসন্ধানী পৰ্যটকৰ ৰূপত৷ অনুভৱ কৰোঁ, লোকচক্ষুত সততে অমনোযোগী হৈ ৰৈছে এই ঠাইখনৰ অন্তৰ্হিত সত্যতা আৰু সুন্দৰতা৷ অল্পজ্ঞাত বা অজ্ঞাত মানুহ কিছুমানৰ কথা-বতৰা শুনিলে এনেকুৱা লাগে, একো ভাল কথা যেন নায়েই নাগালেণ্ডৰ অভ্যন্তৰৰ! তেতিয়াই ইচ্ছাটো বিস্ফোৰক হৈ উঠে আৰু সত্যনো কি তাক উদ্ঘাটন কৰাৰ অদমনীয় তাগিদা জন্মে মানুহে নোযোৱা বা সহজে যাব নোৱাৰা ঠাইবোৰলৈ গৈ৷

ব্ৰিটিছৰ প্ৰভুত্ব মানিব নোখোজা স্বাভিমানী আংগামী নগাই বগা বঙালৰ বিৰুদ্ধে মুকলি প্ৰত্যাহ্বান জনাইছিল এইখন খনমা গাঁৱতে৷ সমস্যাটো আছিল ইংৰাজে আৰোপ কৰা কৰ সংগ্ৰহক লৈ৷ ব্ৰিটিছ চাহাবে কৰ বিচাৰি মানুহ পঠিয়ালে খনমা গাঁৱলৈ৷ তেতিয়াই প্ৰতিশোধৰ পৰিকল্পনা চলিল আংগামী নগাৰে পৰিপূৰ্ণ গাঁওখনত৷ বিগত ১৮৭৮-৭৯ চনৰ কথা সেয়া৷ এফালে ব্ৰিটিছৰ খজা বন্দুক-বাৰুদ৷ আনফালে নগাদা-যাঠিৰে যুদ্ধংদেহী আংগামী৷ সেয়াই ইতিহাস-প্ৰখ্যাত বেটেল্‌ অফ্‌ খনমা৷ সেই প্ৰত্যাহ্বানে নগা জাতিক পিছলৈকো জনাজাত কৰিলে৷ বহুতে আজিও অহেতুক ভয় খায় নগা বুলিলেই৷

খনমাৰ অতীত বুৰঞ্জী শুনিবলৈ, বুজিবলৈ আৰু বৰ্তমানক চাবলৈ খনমালৈ অন্ততঃ এবাৰলৈ হ'লেও অহাৰ প্ৰয়োজন আছে৷ সেয়েহে খনমাত আমি এনিশা থাকিম বুলি গম পায়ে আন সংগীসকলৰ কথা নাজানো, ই-মেইলযোগে জয়ন্তদাৰ পৰা মোৰ হাতলৈ অহা দীপমইনাৰ আইটিনাৰেৰী কম্পিউটাৰৰ স্ক্ৰীণত পঢ়িয়েই মই কিন্তু বেচ উৰুলিকৃত হৈ পৰিছিলোঁ, যদিওবা আৰম্ভণিতে প্ৰশ্নবোধক এটাও আছিল৷ উৎসাহেৰে অৰুণদাক এদিন বাটতে লগ পাই কৈছিলোঁ ''আমি ফিজোৰ গাঁৱলৈ গৈ আছোঁ দাদা৷ গতিকে এই যাত্ৰা কোনো কাৰণতে মিছ্‌ নকৰিব৷'' আমাৰ এই এড্‌ভেন্‌চাৰ ট্ৰিপটোক লৈ অৰুণদাৰ সুপ্ত উত্তেজনায়ো আচলতে তেতিয়াই জাগ্ৰত ৰূপ পাইছিল হেনো৷ তাৰ আগলৈকে তেওঁৰ মনটো আছিল উগুল-থুগুল৷ যাম-নাযাম, যোৱা হ'ব-নহ'ব ভাব৷ তাতে চাকৰি সংক্ৰান্তীয় অস্থিৰতা এটাও তেনে সময়তে তুংগত আছিল৷ মোৰ চিন্তা, অৰুণদাৰ নামটো দিলোঁ মই৷ গতিকে নাযাব লাগিলে জবাবদিহিও হ'ম ময়েই৷ আৰু এয়া, সকলো সমস্যা কাটি কৰি আহি আহি আমি পালোঁহি এ. জেদ. ফিজোৰ খনমা, টি. চাখ্ৰেৰ খনমা, আংগামীৰ বৰভেটি৷ একোৱে দমাব নোৱাৰা মনৰ অৱস্থাচোন অৰুণদাৰ এতিয়া৷ টেনচন কেতিয়ানো উৰিল নিজেও গম নাপালে৷

মোৰ বাঁওহাতে ৰিচেপ্‌শ্বন কাউণ্টাৰটো৷ লাহীকৈ ছোৱালী এজনী বহি আছে৷ নাগালেণ্ডৰ উত্তৰ অংশত অৱস্থিত মন জিলাৰ চ্চুই বস্তিৰ কন্যাক নগা ছোৱালী৷ নামটো মান্যা৷ ''মোৰ ঘৰ ডিফুত৷ ডিমাপুৰৰ পৰা বেছি দূৰ নহয়৷ মোৰ পৰিবাৰো মন টাউন আৰু টিজিটত পঢ়া৷ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী ফুমছিং নামৰ ভিতৰুৱা ঠাইটুকুৰাত জন্ম৷ ভাই-বোৱাৰীজনীও নাগালেণ্ডতে ডাঙৰ-দীঘল হোৱা৷'' চিনা-পৰিচয় আৰু সামান্য কথাৰ আদান-প্ৰদানৰ পাছতেই মোৰ লগত মান্যাৰ দোস্তি হৈ গ'ল৷ দেৱাল ঘড়ী, কিতাপৰ আলমাৰী, চোফা চেট্‌, টে'বুল, ফুলৰ টাব, ট্ৰেডিচনেল আইটেমৰ শ্ব' কেচ্‌, ফটো-ফ্ৰেম আদিৰে পৰিপাটিকৈ সজ্জিত ৰিচেপ্‌শ্বন ৰূমটো৷ কিতাপবোৰৰ ফালে লোভনীয় দৃষ্টি এপলক নিগৰালোঁ৷ নিজকে কোনো ৰকম সম্বৰণ কৰি ভাবি থ'লোঁ যে এতিয়াই নহয়, অনুমতিসাপেক্ষে পিছত খুঁচৰিব লাগিব আলমাৰীটো৷ 

সদ্যহতে তাই মোক লিফলেট্‌ এখন দিলে৷ চকু ফুৰাই চালোঁ৷ অতিথিশালাটো নতুন৷ ২০১৫ চনত আৰম্ভ হৈছে৷ থকা-খোৱাৰ উপৰি কৰ্তৃপক্ষই ল'কেল টুৰ, ট্ৰেকিং, যাতায়াত, চৰাই আৰু পখিলা চোৱা, গাঁও পৰিদৰ্শন ইত্যাদিৰ সেৱাও অাগ বঢ়ায়৷ Dovipie Innত থাকিবৰ বাবে মুঠতে ৬টা কোঠা আছে৷ সংগীসকলে সেইবোৰৰ অনুসন্ধান ইতিপূৰ্বে সমাপ্ত কৰিলে৷ কোন কাৰ সৈতে কোনটো ৰূমত থাকিব তাৰো সিদ্ধান্ত হৈয়েই গ'ল৷ তাৰ মানে কোঠা অধিগ্ৰহণ আগতেই শেষ! বাহিৰত ঘূৰি-ফুৰি থাকোঁতে মইহে পিছ পৰিলোঁ৷ ক'ত কাৰ লগত থাকিম নাজানো৷

''এতিয়া কোনফালে যাব লাগিব?'' মান্যাৰ পৰা জানি লৈ কোঠা এটাৰ পিনে আগুৱালোঁ৷ কোঠাটোৰ নাম Kipho৷ দুৱাৰত লগাই থোৱা এটুকুৰা কাঠত ধুনীয়াকৈ খোদাই কৰি নামটো জনাই থৈছে৷ অন্যান্য হোটেলসমূহৰ দৰে কোঠাৰ নম্বৰ ইয়াত নাই৷ ৰূম উলিয়াওঁতে অসুবিধা নহ'ল৷ আমাক দিয়া দুজনীয়া আহল-বহল ৰূমটোত অৰুণদা, সুবীৰ আৰু মই; আমি তিনিজন থাকিব লাগিব৷ সংগী নিৰ্বাচনেৰে বাকীসকলৰ ইতিমধ্যে দুজনীয়া কোঠাত প্ৰৱেশ ঘটিলেই৷ একেখন গাড়ীৰে অহা আমি তিনিওকে একেলগে দিছে৷ আপত্তি কৰিবলৈ নাই৷ এতিয়া সোনকালে ভাত খাই গাঁও ফুৰিবলৈহে ওলাই যাব লাগে৷ কৰ্তৃপক্ষৰ হৈ মান্যা আৰু আন ল'ৰা দুজনে অতিৰিক্ত বিছনা এখন দাঙি আনি মাজত সুমুৱাই যথাযথ ব্যৱস্থা লগে লগেই কৰি দিলেহি৷ এইবোৰ কামত ইহঁত পাকৈত৷ সিহঁতৰ পৰাই গম পালোঁ যে Kipho মানে white apple৷ আংগামী শব্দ৷ তিনি মহলীয়া অতিথিশালাটোৰ প্ৰতিটো কোঠাৰে নাম বেলেগ বেলেগ একো একোটা থলুৱা ফলৰ নামেৰে ৰখা হৈছে৷

ভাগৰ নাই লগা মোৰ৷ সুন্দৰ, পৰিষ্কাৰ কোঠাটোৱে ডিমাপুৰৰ পৰা খনমালৈ কৰা যাত্ৰা-সমাপ্তিত অধিক আনন্দৰহে সঞ্চাৰ কৰিলে৷ একে সময়তে এইটো ভাবে পুনৰবাৰ অৱশ্যে খোঁচ নমৰাকৈ নাথাকিল যে আংগামীৰ পৰম্পৰাগত ঘৰ এটা হ'মষ্টে' হিচাপে পোৱা হ'লে! ইয়াত হ'মষ্টে' আছেনে বাৰু? বুজ ল'ব লাগিব৷ সেইটো কাম পাছলৈ থ'লোঁ৷

প্ৰৱেশ-দুৱাৰৰ বাওঁকাষে বাথৰূম৷ সদ্যহতে গাটোকে ধুই লওঁ বুলি টেপটো পকালোঁ৷ আৰে, পানী নাইচোন! অৰুণদা আৰু সুবীৰো হতভম্ব৷ কি হ'ব এতিয়া? আকৌ মান্যাৰ ওচৰলৈ দৌৰিলোঁ৷ ''চিষ্টাৰ, ৱান কমপ্লেইন৷ ন' ৱাটাৰ ইন আৱাৰ ৰূম৷'' ঘপকৈ বুজক বুলি আঙুলিৰে ইংগিতো কৰিলোঁ ৰূমৰ ফালে৷ তাই চিন্তিত হৈ পৰিল৷ ''আস্‌... অ'ভাৰহে'ড টেংকতে পানী খতম হৈছে হবলা...!'' কিঞ্চিৎ ইতস্ততঃ বোধ৷ ''শিবু, ৰভি ...'' ততালিকে কাঢ়া নিৰ্দেশ গ'ল৷ পাম্প চলিল৷ পানী উঠিব ধৰিলে৷ ভাবিলোঁ, চিনটেক্সত পৰ্যাপ্ত পৰিমাণে পানী জমা হয় মানে অলপ সময় অপেক্ষাই কৰা যাওক৷ কোঠাটোত তিনিখনকৈ আহল-বহল খিৰিকী৷ তাৰে দুখন মেলি দিয়া হ'ল৷ আমি তিনিও খিৰিকীৰ ওচৰ চাপি গ'লোঁ৷ আদিগন্তব্যাপী দেখিবলৈ পোৱা নগা পাহাৰৰ বিয়লিৰ অপূৰ্ব সেউজ শোভা পান কৰি থাকি বিমোহিত নহৈ নোৱাৰিলোঁ৷ খনমাৰ শীতলতাৰ স্পৰ্শটোও উপভোগ কৰিলোঁ৷ গা-পা ধুই দিনৰ ভাতসাজ খাওঁ মানে বিয়লি ৪.৩০ বাজিল৷ পাহাৰীয়া চাউলৰ ভাতকেইটাৰ কিযে মিঠা সোৱাদ! বৰ ভাল লাগিল৷ সকলোৱে গুণ গালে৷ আগতে কেতিয়াও খাই নোপোৱা ৰঙা চাউলবিধেৰে আৰম্ভণিতেই খনমাই বেচ সুনাম আৰ্জিলে৷ নগা ষ্টাইলত ৰন্ধা গাহৰিৰ মাংস, সিদ্ধ কৰি দিয়া নাম নজনা এবিধ শাকেও সকলোকে পৰিতৃপ্ত কৰিলে৷ ফুল মাৰ্কছ টু খনমা৷

জিৰণি লবলৈ নাই৷ আগতীয়া সূচী অনুযায়ী এতিয়া আছে আংগামী গাঁও পৰিদৰ্শন৷ তাৰ বাবে যথেষ্ট উত্তেজনা পুঞ্জীভূত হৈ পৰিছেই৷ পাহাৰত সোনকালে অন্ধকাৰ নামে৷ এইটো চিৰাচৰিত কথা৷ গতিকে কালবিলম্ব নকৰি ওলাই যাবলৈ খদমদম লগাই দিলোঁ৷ খীণাংগ যুৱক এজনৰ সৈতে পৰিচয় কৰোৱাই দীপমইনা দুৱৰাই আমালৈ চাই ক'লে ''এওঁ Neizo Zhotso, এই হোটেলৰ মেনেজাৰ৷ আপোনালোকৰ গাইড হিচাপে লগত যাব৷ মই কাইলৈৰ বাবে যাৱতীয় বস্তু-বাহানিৰ যা-যোগাৰত লাগো৷ বেয়া নাপাব৷''

বেয়া পোৱাৰ কি কথা আছে? 'ন' প্ৰবলেম' বুলি কৈ দীপমইনাক এৰি দিয়া হ'ল তেওঁৰ কাম কৰিবলৈ৷ সেয়া দৰাচলতে আমাৰ বাবেই৷ Neizoৰ সৈতে প্ৰত্যেকে সামৰিক কায়দাত হেণ্ডশ্বেক্‌ মাৰিলোঁ৷ নাগামীজ, ইংৰাজী, হিন্দীত অভ্যস্ত তেওঁ৷ আংগামী ডেকাজনক প্ৰথম দৰ্শনতে কিবা এটা ভাল লাগিল৷ আমালৈ চাই তেওঁ প্ৰথমে ইংৰাজীতেই সুধিলে ''আপোনালোকে কোনটো চাবলৈ আগ্ৰহী, খনমা গাঁওখন নে ইয়াৰ চৌপাশৰ প্ৰাকৃতিক সৌন্দৰ্য?'' নাগালেণ্ডৰ বাহিৰত শিক্ষা গ্ৰহণ কৰি অহা লৰা তেওঁ৷ কথা-বতৰা মাৰ্জিত ধৰণৰ৷ পৈত্ৰিক ঘৰ ডিমাপুৰত৷

খনমাৰ আংগামীসকলৰ জীৱন-ধাৰা আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, উভয়েই সমানেই আকৰ্ষণীয়৷ তথাপিও সহমত প্ৰকাশেৰে আমি ক'লোঁ ''সদ্যহতে খনমা গাঁওখন এফালৰ পৰা ঘূৰি-পকি চাব বিচাৰোঁ৷'' আহোঁতে চৌদিশৰ সৌন্দৰ্যময় প্ৰকৃতি ইতিমধ্যে চকুৱে ধৰি পেলাইছেই৷ গতিকে গাঁও ফুৰাৰ চখটোত ব্যক্তিগতভাৱেও জোৰ অকণমান দিয়া হ'ল৷ ইফালে প্ৰবীণ আৰু মাধৱদাৰ মুখত সলসলীয়া নাগামীজ শুনি Neizo স্তম্ভিত৷ ইংৰাজী, হিন্দী বাদ দি তেৱোঁ নাগামীজ চলাবলৈ ল'লে৷ অলপ আগলৈকে অচিনাকি আৰু মাত্ৰ কেইটামান চেকেণ্ডৰ আগতে চিনাকি হোৱা মানুহবোৰ হঠাতে আপোন হৈ পৰিল৷ উমৈহতীয়া লিংগুৱা-ফ্ৰাংকা এটাই মুহূৰ্ততে সঞ্চাৰ কৰিলে আপোন আপোন ভাব৷

আমাৰ প্ৰস্তাৱটোৰ উত্তৰত 'আচ্ছা, হ'ব' বুলি কৈ আমাৰ সংগী হবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰিলে Neizoএ৷ মেনেজাৰ নথকা সময়খিনি চোৱা-চিতা কৰিবৰ বাবে হোটেলৰ কৰ্মকৰ্তা দুই-একক প্ৰয়োজনীয় কিবাকিবি দিহা দিলে৷ তাৰ পাছতে দীঘল ছাতি এটা হাতত লৈ ওলাই আহিল৷ বাহিৰত বৰষুণ দুই-এটোপ পৰি আছে৷ বতৰটো ডাৱৰীয়া৷ তৎসত্ত্বেও উৎসাহেৰে সৈতে তেওঁক অনুসৰণ কৰি আমি দলবদ্ধভাৱে খনমা দৰ্শনলৈ ওলালোঁ৷ এটা শিক্ষাপ্ৰদ আৰু আজীৱন স্মৰণীয় অভিজ্ঞতাৰ দিশে আটায়ে আগ বাঢ়িছোঁ যেন লাগিল, পদযাত্ৰাটোৰ আৰম্ভণিতেই৷



No comments:

Post a Comment