দিন এক ৷৷ ১৫.৭.২০১৬
১. উজনিমুখী জনশতাব্দী ৰে’লেৰে
যাত্ৰাৰ আৰম্ভণি…
চাওঁতে চাওঁতে এই নিৰ্দিষ্ট তাৰিখটো আহি পালে৷
পিঠিত ৰাক্চেক্ আৰু হাতত শ্লীপিং বে’গটো লৈ ২৬টা চিৰি বগাই ঘৰৰ পৰা
ওলাই আহি পকা ৰাস্তাত থিয় দিলোঁ৷ বেছি সময় ৰ’বলগীয়া নহ’ল
অৱশ্যে৷ সোনকালেই অট’ৰিক্সা এখন পোৱা গ’ল৷ তাতে উঠি ডিফু ৰে’লৱে
স্টেশ্বনত সাউতকৈ উপস্থিত হ’লোঁগৈ৷ লক্ষ্যস্থান নাতিদূৰৰ
ডিমাপুৰ৷
১২০৬৭ নং উজনিমুৱা গুৱাহাটী-যোৰহাট টাউন জনশতাব্দী
এক্সপ্ৰেছযোগে জয়ন্তদা, ৰাজীৱ আৰু প্ৰবীণ গুৱাহাটীৰ পৰা আহি আছে৷ পৰিকল্পনা অনুসৰি
বাকী আমি ৬জন ডিফুত উঠিম৷ ডিমাপুৰৰ ৰে’লৱে প্লে’টফৰ্মত
আটায়ে দেখাদেখি হ’ম৷ আগ বঢ়াই নিবলৈ আমাৰ গাইড হিচাপে দায়িত্ব লোৱা দীপমইনা
দুৱৰাই তাত অপেক্ষা কৰি থাকিব৷ অগ্ৰৱৰ্তী যাত্ৰাটোৰ বাবে বাহিৰত সাজু হৈ থাকিব গাড়ী৷
কি গাড়ী নাজানো৷ ইমানেই জানো যে সেই গাড়ীৰেই গৈ থাকিম নগা পাহাৰলৈ৷
স্টেশ্বনত ভৰি দিয়েই গম পালোঁ, নিৰ্ধাৰিত সময়তকৈ
আজি প্ৰায় আধাঘণ্টা পলমকৈ আহিব জনশতাব্দীখন৷ সংগীসকল গোট খাইছেই ইতিমধ্যে৷ তদুপৰি
আমাক বিদায় সম্ভাষণ জনাবলৈ দহোবন কাটি কৰি প্লে’টফৰ্মত জমা হৈছেহি পুতুলদা (পুতুল
বৰা, ‘জাৰ্মানী-পাগল’), প্ৰদীপদা (প্ৰদীপ সিংহ, মধ্য
অৰুণাচল যাত্ৰাৰ সংগী), অমৰ (অমৰ ইংহি, মধ্য অৰুণাচল যাত্ৰাটোৰ আন এজন সংগী), অনিলদা
(অনিল সূত্ৰধৰ, পূব অৰুণাচল যাত্ৰাটোৰ সংগী), সুধাংশুদা (সুধাংশু ৰঞ্জন দে’),
নিৰ্মল ছেত্ৰী, অসীম কলিতা, তনু মজুমদাৰ, দিগন্ত ডেকাবৰুৱা, অধিৰাজ, জোনাক আৰু টম্টম্৷
সকলোৰে উপস্থিতি আৰু হাস্যমধুৰ কথোপকথনত এটা বেলেগ ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে৷ অন্য
যাত্ৰীবোৰে একোবাৰ আমালৈ আৰু পিছ মুহূৰ্ততে আমাৰ টালি-টোপোলাবোৰৰ ফালে ঘূৰি ঘূৰি চাইছে৷
দৃষ্টিত অযুত কৌতূহল৷ ভাবিছে কিজানি, হৈ-হাল্লা, স্ফূৰ্তি-তামাচা কৰি থকা এই ডেকাদলটো
যায়বা কোন ধুবুৰীলৈ?
১০.৩৫ত ১ নং প্লে’টফৰ্মত
হাজিৰ হ’লহি যোৰহাটমুখী জনশতাব্দী এক্সপ্ৰেছ৷ আনদিনা ২ নম্বৰত
ৰয় যদিও অজানিত কাৰণত আজি ঘপকৈ প্লে’টফৰ্ম সলাই দিয়াত খৰখেদা কৰি
আমিও ইতিমধ্যে অ’ভাৰব্ৰীজ বগাই যথাস্থানত উপৱিত
হৈছোঁহি৷ গাড়ীখন স্থিৰ হ’লত বয়-বস্তুৰে সৈতে মুখৰ আগৰ ডবাটোতে গোটেইসোপা হুৰমূৰকৈ
উঠি গ’লোঁ৷ টিকট্-চিকট্ নাই৷ ব্যৱস্থাপনাৰ দায়িত্ব অৰ্পণ কৰা
হৈছিল অৰূপদাৰ ওপৰত৷ কি কৰিলে নাজানো৷ ‘আৰে হৈ যাব ব’লানা’
বুলি চবকে টানি-আঁজুৰি তুলি দিলে তেওঁ৷ তাৰ লগে লগে প্লে’টফৰ্মত ৰৈ থকা বন্ধুবৰ্গৰ মাজৰ
পৰা নিৰ্মলৰ উচ্চস্বৰত ওলোৱা সমৰ্থনসূচক উৎসাহ-বাক্য, ‘আৰে
ডিমাপুৰহে, গৈ থাকনা৷ কি ইমান চিন্তা কৰিব লাগে?’ ইফালে মনৰ হেঁপাহক দমাব নোৱাৰি
পাছফালৰ ডবা এটাৰ পৰা নামি আহি প্ৰবীণো আমাৰে একলগ হ’ল৷
ৰাক্চেক, কেমেৰা আদি য’তে আছিল ত’তেই এৰিলে৷ হৈ-হাল্লা, কিৰিলী-সুহুৰি
আদিৰে পাতনিতে যাত্ৰাটো জমি উঠিল৷ খবৰ পালোঁ, কেইটামান ডবা পাৰ হৈ আগলৈ আছে জয়ন্তদাহঁত৷
সুধাংশুদাই হ’বলা, 'চাওঁগৈচোন' বুলি গ’ল৷ এইফালে আমি খালী চিট্ বিচাৰি বহিলোঁ
কি নবহিলোঁ, ট্ৰে’নখন চলিব লাগিল৷ প্লে’টফৰ্মৰ পৰা উৰি অহা শুভেচ্ছাৰ জাউৰি আকৌ কাণত পৰিলহি৷ এনেকৈয়ে সকলোটি
সদস্য চামিল হৈ গ’লোঁ নাগালেণ্ড-মণিপুৰ সীমান্ত অভিমুখী দুৰ্গম যাত্ৰাৰ
প্ৰথমটো খেপত৷
ডিফুৰ পৰৱৰ্তী স্তপেজটোৱেই হৈছে ডিমাপুৰ৷ বেছি দূৰৰ বাট নহয়৷ অধিক সময়ৰো বেপাৰ নহয়৷ ডিফুৰ পৰা ৰে’লেৰে ৩৮ কিল’মিটাৰ, পথেৰে ৪৮ কিল’মিটাৰ মাত্ৰ৷ ডিমাপুৰ স্টেশ্বন সোমোৱাৰ আগতেই জনশতাব্দীৰ গতি ধীৰ হৈ আহিল৷ ১১ বাজি ১০ মিনিট গ’ল কি নগ’ল, নামিবৰেই হ’ল আমাৰ৷ সিফালে অৰূপদাই টি.টি.ই.ৰ লগত কি মেনেজ কৰিলে নাজানো৷ ডিমাপুৰ হ’লে পাই গ’লোঁ৷
ডিফুৰ পৰৱৰ্তী স্তপেজটোৱেই হৈছে ডিমাপুৰ৷ বেছি দূৰৰ বাট নহয়৷ অধিক সময়ৰো বেপাৰ নহয়৷ ডিফুৰ পৰা ৰে’লেৰে ৩৮ কিল’মিটাৰ, পথেৰে ৪৮ কিল’মিটাৰ মাত্ৰ৷ ডিমাপুৰ স্টেশ্বন সোমোৱাৰ আগতেই জনশতাব্দীৰ গতি ধীৰ হৈ আহিল৷ ১১ বাজি ১০ মিনিট গ’ল কি নগ’ল, নামিবৰেই হ’ল আমাৰ৷ সিফালে অৰূপদাই টি.টি.ই.ৰ লগত কি মেনেজ কৰিলে নাজানো৷ ডিমাপুৰ হ’লে পাই গ’লোঁ৷
No comments:
Post a Comment