Friday, 4 August 2017

২. ডিমাপুৰত নামিলোঁ, গাইডকো দেখিলোঁ

ৰে'লযাত্ৰীৰ উখল-মাখলেৰে হঠাতে অধিক ব্যস্ত হৈ পৰা স্টেশ্বনটোৰ ১ নং প্লে'টফৰ্মত নামি প্ৰস্থান দ্বাৰ অভিমুখে খোজ আগুৱাই আছোঁ৷ তেনেকুৱাতে জয়ন্তদা আৰু ৰাজীৱক ইঞ্জিনৰ ফালৰ পৰা বে'গ চোঁচোৰাই আহি থকা দেখা পালোঁ৷ শীঘ্ৰে তেওঁলোক দুয়ো আমাৰ লগ লাগিলহি৷ টালি-টোপোলাসহিত স্টেশ্বনৰ বাজ হ'ব ধৰিছোঁ, তেনেতে আগৰে পৰাই তাত ৰৈ থকা ডেকা এজনে জয়ন্তদাক দেখি দূৰৰ পৰাই হাঁহিমুখীয়া হাত-বাউল দিব ধৰিলে৷ চেহেৰা দেখিয়ে ধৰিব পাৰিলোঁ যে সেইজনেই দীপমইনা দুৱৰা৷ পুৱা ৫ বজাতে মই কম্পিউটাৰটো খুলি তেওঁৰ ব্লগত পুনৰায় চকু ফুৰাইছিলোঁ৷ গতিকে মুখখন আৰু মানুহজন চিনাত সামান্যও কষ্ট নহ'ল মোৰ৷ ততালিকে গম পাই গ'লোঁ আমাৰ ৰাস্তা কেনি হ'ব৷ ইফালে প্ৰকৃতিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ ইচ্ছা কৰা ৰাজীৱৰ অনুৰোধত দুৱাৰমুখতে মই কেইমিনিটমান থমকি ৰ'বলগীয়া হ'ল৷ কামফেৰা সমাধা কৰাৰ পাছতে ব্যস্ততাভৰা স্টেশ্বন চৌহদৰ যান্ত্ৰিক কোলাহলৰ মাজে মাজে তেতিয়াও শাৰী পাতি অগ্ৰসৰ হৈ থকা অন্যসকলক অনুসৰণ কৰি যথাস্থানত হাজিৰ হ'লোঁহি৷ মূৰৰ ওপৰত মুকলি আকাশ৷ মনৰ অভ্যন্তৰত নগা পাহাৰ বগোৱাৰ সপোনে দিঠক অভিমুখে বাট বুলিব ধৰিছে৷ দীঘলীয়াকৈ হৰ্ন বজাই অলপ সময়ৰ ব্যৱধানতে জনশতাব্দীখন গুচি গ'ল৷ ভ্ৰমণৰ প্ৰথমটো খেপ কুশলে-মংগলে সমাপ্ত হ'ল আমাৰ৷

ষ্টেণ্ডত ৰৈ থকা টাটা ছুম' (এন.এল.০১টি.৬০৭৫) এখনত লাগেজবোৰ ল'ড কৰি থকা হৈছে৷ বুজিলোঁ, তাৰ মানে সেইখন আমাৰ বাবে সাজু কৰি ৰখা গাড়ী৷ চালকজন গাড়ীৰ ওপৰৰ কেৰিয়াৰত বহি আছে৷ সাথী, আপনি লাগা সামানটু দিবিনা৷ ওপাৰতে হালিব৷ মোৰ ৰাক্‌চেক্‌টো খুজিছে৷ ওপৰলৈ দাঙি ধৰিলোঁ৷ ডিফুত প্লে'টফৰ্মত ৰৈ থাকোঁতে বিদায় দিবলৈ অহাসকলে চলোৱা পৰীক্ষাত মোৰ বেক্‌পেক্‌টোৱেই সকলোতকৈ ভাৰী বুলি প্ৰমাণ-পত্ৰ যাত্ৰাৰম্ভতে পাই গৈছোঁ৷ পদযাত্ৰাত পিঠিৰ বোজা যিমানে কমে সিমানেই নিজলৈ মংগল যদিও একান্ত প্ৰয়োজনীয় সম্ভাৰখিনিৰেই বে'গটো গধুৰ হৈ পৰিল৷ উপায় নাই৷ দৰকাৰী বস্তু এটাওযে এৰিব নোৱাৰি৷ এৰিলেই সময়ত লাগিব লেঠা৷ অভিজ্ঞতাৰ পৰা এইটো শিক্ষা হৈছে৷ আনফালে, বোজা কঢ়িওৱাৰ অভ্যসনটো ভালেমান দিন ধৰি ডিফুৰ পাহাৰীয়া ৰাস্তাতেই কৰি অহা হৈছে৷ গতিকে ট্ৰেকিঙত কঢ়িয়াব নোৱাৰাৰ কথাও নাই, পাৰিম৷ কন্‌ফিডেন্স পূৰা আছে৷

প্ৰথমে ভবা হৈছিল, এখন ছুম'ৰেই হৈ যাব৷ পিছে প্ৰশ্ন উঠিল যে ১০জন যাত্ৰীক লৈ হেঁচা-টেপা নহ'বনে? পাহাৰীয়া পথেৰে কৰিবলগীয়া দূৰণিবটীয়া যাত্ৰাটোত হ'ব পৰা অসুবিধাৰ কথা বিবেচনা কৰিয়েই অলপ পাছতে গাইডৰ মধ্যস্থতাত মাৰুতি অল্ট' (এন.এল.০৭টি.০৩৪৪) কাৰ এখনো বন্দবস্ত কৰি পেলোৱা হ'ল৷ হালধীয়াৰঙী ছুম' আৰু অল্ট'বোৰ ইয়াৰ জ'নেল টেক্সি৷ ডিমাপুৰৰ পৰা বিভিন্ন দিশলৈ এইবোৰেই ঘৰুৱা আৰু পৰ্যটকক পৰিৱহণ কৰাৰ উপৰি বয়-বস্তুও সৰৱৰাহ কৰে৷ স্টেশ্বনৰ পাছফালে ৰেল অহাৰ বহু আগৰে পৰাই খাপ পাতি থকা গাড়ীবোৰ যাত্ৰী, বে'গ, টোপোলা ইত্যাদি তুলি দিহাদিহি গুচি গৈছে৷ আমি ইফাল-সিফাল কৰি থাকোঁতেই ষ্টেণ্ডত গাড়ীৰ সংখ্যা কমি যোৱাটো লক্ষণীয়ভাৱে মন কৰিলোঁ৷

সোঁশৰীৰে প্ৰথমবাৰৰ বাবে দেখা পোৱা দীপমইনা দুৱৰাৰ সৈতে মুহূৰ্তৰ চিনা-পৰিচয় আৰু কিছু সময় ধৰি চলা দলীয় আলোচনা সমাপ্ত কৰাৰ পাছত আমাৰো ডিমাপুৰ টাউন এৰিবৰ হ'ল৷ গাইডৰ আগ্ৰহমতেই অৰুণদা, সুবীৰ আৰু মই অল্ট'খনত আসন ল'লোঁ৷ বাকীসকল ছুম'খনত বহিল৷ ডেকা গাইডজনৰ সৈতে ভালদৰে চা-চিনাকি হোৱাৰ উপৰি কথা পাতি যোৱাৰ ইচ্ছা এটা আগৰে পৰাই মনৰ ভিতৰত উন্মাদ হৈ আছিল৷ জয়ন্তদায়ো কিবা ভাবি একেটা কথাই আগতীয়াকৈ উনুকিয়াই দিছিল মোক৷ বিশেষ চিন্তা বা টনা-আঁজোৰা নকৰাকৈয়ে সুন্দৰ সুযোগটো এতিয়া হাতৰ মুঠিতে পাই গ'লোঁ৷ তেওঁ নিজেই আমাৰ গাড়ীত থকাৰ ইচ্ছা ব্যক্ত কৰিলে৷ মনে মনে মই ভালেই পালোঁ৷ বাটে বাটে অন্ততঃ দুই-চাৰিটা লাগতিয়াল কথা সুধি-পুচি শিকি-বুজি গৈ থাকিব পাৰিম, অভিজ্ঞ ডেকাজনৰ পৰা৷ আনৰ অভিজ্ঞতাৰ পৰা শিক্ষা লোৱাটো বুদ্ধিমানৰ কাম বুলি জ্ঞানীজনে কেতিয়াবাতে কৈ গৈছে৷





No comments:

Post a Comment