৬. ক'হিমা ৰ'দেৰে…
''আকাশত সূৰ্যটো অনুপস্থিত যদিও ডিমাপুৰত বতৰটো
আজি ভালেই পাইছোঁ৷'' কথাষাৰ উল্লেখ কৰি শেষ নহ’লেই মোৰ৷ সুবীৰে উনুকিয়ালে… ''ক'হিমাৰ ফালে বৰষুণ থাকিব৷''
সুবীৰে ঘৰতে ইণ্টাৰনে'ট যোগে শেহতীয়া একু-ৱেদাৰ ৰিপ'ৰ্ট নিৰীক্ষণ কৰি আহিছে৷ এইটো বৰষুণৰ
ছিজন আৰু আমিও জানি-বুজিয়ে একেলগে ওলাইছোঁ পাহাৰীয়া বৰষুণৰ সোৱাদ তথা বিৰল এক সৌন্দৰ্য
বিচাৰি৷ বে'গত লৈ আহিছোঁ ৰেইন-কোট৷ কাৰোবাৰ হাতত আছে দীঘল ছাতি, সময়ত যি ৱাকিং ষ্টিকৰো
কাম কৰিব৷ ৰেইন-কোট, ছাতি, প্লাষ্টিকৰ টুকুৰা কোনে কি আনিছে নাজানো, ৰাজীৱে হ'লে দেউতাকৰ দীঘল
লাখুটিডাল এইবাৰো লৈ আহিছে৷ বেতৰ সেই লাখুটিডাল তেওঁ সোৱণশিৰিপৰীয়া ট্ৰেকিংটোতো নিছিল৷ তেতিয়াই কৈছিল, সেইডাল দেউতাকৰ বুলি৷
মাৰুতিখন ধীৰ গতিৰে আগুৱাইছে৷ আমাৰ পথপ্ৰদৰ্শক
দীপমইনাই হাতত লৈ থকা তেওঁৰ হালধীয়াৰঙী ম’বাইল হেণ্ডচেটটোত কিবা চালে৷ খুব সম্ভৱ সময় চালে৷ আনখন হাতত লৈ থকা সৰু টাৱেলখনেৰে
মাজে মাজে মুখৰ ঘামবোৰ মচিছে৷ সূৰ্যই দেখা নিদিলেও ডিমাপুৰত গৰম অনুভৱ হৈছে৷ দিনৰ ঠিক ১১.৩০ বাজি পাৰ হৈছে এতিয়া৷
''ভাত ক'ত খাম আমি?'' প্ৰশ্ন কৰিলোঁ মই৷ ''আপোনালোকৰ বাবে খনমাত আমি য'ত থাকিম তাতে লাঞ্চৰ
ব্যৱস্থা কৰিবলৈ কৈ অহা হৈছে৷'' হিচাপ এটা কৰি চালোঁ৷ মোটামুটি আঢ়ৈ ঘণ্টামান লাগিব তালৈ৷
ইফালে গাইডৰ ঘোষণা শুনাৰ পাছত ডিমাপুৰত খোৱা-বোৱাৰ প্ৰসংগত কোনেও একো নুলিয়ালে৷ দূৰত্ব
আৰু যাত্ৰাকালৰ পূৰ্বানুমান নাথাকিলেও নীৰৱে সকলোটি সহমত হ'ল যে সোনকালে খনমা পাবগৈ
লাগে৷ আনৰ কথা নাজানো, মই ঘৰত ভাতকেইটামান নাকে-কাণে গুজি আহিছিলোঁ৷ ইতিমধ্যে ডিমাপুৰ
পালোঁহি৷ ইয়াৰ পৰা আগলৈ পাহাৰীয়া ৰাস্তাত হালি-জালি যাওঁতে ভোকযে অলপ পাছতে লাগিব,
তাত কিন্তু বিন্দুমাত্ৰও সন্দেহ নাই৷ গতিকে প্ৰশ্নটো ঘপকৈ মনলৈ আহিল মোৰ৷ আৰু সুধিও পেলালোঁ৷
আমাৰ দৰেই এই ৰাজ্যৰ অধিবাসীমাত্ৰৰে চাউলেই মূল
খাদ্য৷ খৰিচা, জলকীয়া আৰু মাংস নগাসকলৰ খাদ্য-তালিকাৰ অতি প্ৰিয় উপাদান৷ তদুপৰি ব্যক্তিগত
আৰু সামাজিক জীৱনত তেওঁলোকৰ এটা এৰাব নোৱাৰা অংগ হৈছে গাহৰি৷ খাদ্য হিচাপে গাহৰিৰ ব্যৱহাৰ
আৰু চাহিদা নাগালেণ্ডত প্ৰচুৰ৷ ৰে’লগাড়ীৰেযে গাহৰিভৰ্তি ৱাগন আহে, নিজ চকুৰে নেদেখিলে বিশ্বাস
কৰিবলৈকে টান৷ অথচ কথাষাৰ সঁচা৷ গাহৰিৰ উপৰি গৰু, ছাগলী, কুকুৰা, কুকুৰ আদি জন্তু
তেওঁলোকে ঘৰুৱাভাৱে পোহে আৰু ভক্ষণ কৰে৷ এবাৰ কুকুৰৰ মাংস খোৱাক লৈ কি অৱস্থা হৈছিল তাৰ চিত্তাকৰ্ষক বৰ্ণন বৰগোহাঞি চাৰৰ লেখাত পঢ়িছিলোঁ৷ '১২ নম্বৰ' অৰ্থাৎ গো মাংসৰ প্ৰতি নগা লোকৰ বিশেষ অনুৰাগ থকা দেখা যায়৷ বিভিন্ন ধৰণৰ শামুক, ৰং-বিৰঙী ভেকুলী ইত্যাদি বিশেষ খাদ্য
তেওঁলোকৰ৷ ডিমাপুৰৰ বজাৰত নিতৌ বিক্ৰী হয়৷ এনে বজাৰবোৰ চাবলগীয়া৷
লোক-গীত আৰু লোক-নৃত্য হৈছে নগা পৰম্পৰাগত জীৱনৰ
দুটা প্ৰধান অংগ৷ মুখ বাগৰি চলি অহা তেওঁলোকৰ লোক-কাহিনী আৰু গীতবোৰ মূলতঃ প্ৰণয়মূলক
আৰু বুৰঞ্জীমূলক৷ এইবোৰৰ মাধ্যমেৰে তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষ আৰু অতীতৰ ঘটনা-পৰিঘটনাৰ
তাৎক্ষণিক ব্যাখ্যা আগ বঢ়ায়৷ ইয়াৰোপৰি তেওঁলোকৰ সমাজত আছে বতৰৰ গীত, যিবোৰৰ জৰিয়তে
ঋতু অনুপাতে কৃষিৰ সৈতে বিজড়িত কৰ্মসমূহৰ বিৱৰণ দাঙি ধৰা হয়৷ নগাসকলৰ মাজত বিভিন্ন
ধৰণৰ নৃত্যৰ প্ৰচলন আছে যাৰ মাজেদি তেওঁলোকৰ মাজত জন্মগতভাৱে নিহিত বাক্-সংযমৰ উমান
পোৱা যায়৷ চুমি (চেমা) নগাৰ নৃত্য সবাতোকৈ আকৰ্ষণীয় বুলি কোৱা হয়৷ বিশেষ বিশেষ কেতবোৰ ফৈদৰ
যুদ্ধ-নৃত্য নাগালেণ্ডৰ বিশিষ্ট আৰু সন্মানীয় কলাত্মক দিশ৷ হৰ্নবিল ফেষ্টিভেলত সেয়া আমি দেখিছোঁ৷ বিপৰীতে, শেহতীয়াকৈ বিপুলভাৱে
বৰ্ধিত আধুনিকতাৰ ধামখুমীয়াত পৰি পশ্চিমীয়া গীত-বাদ্য, পোছাক-পৰিচ্ছদ, চাল-চলন আদিৰ
প্ৰতি তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মসমূহ অধিক পৰিমাণে আকৰ্ষিত হোৱাটো বৰ্তমান সময়ত সহজেই
দৃষ্টিগোচৰ হয়৷ এইটো অস্বীকাৰ কৰা নাযায় যে ব্ৰিটিছ শাসন আৰু ধৰ্মীয় মিছনেৰীৰ আগ্ৰাসনে
তেওঁলোকৰ ভালেমান সামাজিক পৰম্পৰা, ৰীতি-নীতিৰ অৱসান ঘটালে৷
নগাভূমি পাৰস্পৰিক বোধগম্যহীন বহুদোৱানৰ ৰাজ্য৷
ইয়াৰ কাৰণ, নাগালেণ্ডৰ জনজাতিৰ সংখ্যাবহুলতা৷ ৰাজ্যখনৰ অঞ্চলে অঞ্চলে এশ-এবুৰি জাতি-উপজাতি,
খেল-গোষ্ঠী৷ ভিন্ন খেল-গোষ্ঠীৰ মুখে মুখে ভিন্ন ভিন্ন দোৱান৷ প্ৰতিটো ভাষা-সম্প্ৰদায়ে
নিজৰ মাজত ভাবৰ আদান-প্ৰদানৰ বাবে নিজা নিজা কথিত শব্দ-বাক্যকেই ব্যৱহাৰ কৰে৷ প্ৰতিটোৱেই আকৌ নিজস্ব কথন-শৈলীৰে সমৃদ্ধ৷ কাৰো সৈতে কাৰো সম্পূৰ্ণ মিল নাই৷ এটা ভাষা-সম্প্ৰদায়ৰ দোৱান অন্য এটা ভাষা-সম্প্ৰদায়ৰ বাবে অবোধ্য৷ ইফালে, নগা বসতিৰ পৰিসৰো অকল নাগালেণ্ডৰ চাৰিবেৰতে
আবদ্ধ হৈ থকা নাই৷ ৰাজ্যিক সীমাৰ সিপাৰে অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ আনকি ম্যানমাৰতো অনুৰূপ
কৃষ্টি-সংস্কৃতি তথা জীৱন-পদ্ধতি অনুসৰণ কৰা নগা মানুহ আছে৷ বাসস্থানৰ বিভিন্নতা অনুসৰি তেওঁলোকৰ নিজা নিজা দোৱানে সুকীয়া সুকীয়া
ৰূপত গঢ় লৈছে, ইটো-সিটোৰ মাজত যি বোধগম্য নহয়৷ তেহেলৈ বহুধাবিভক্ত খেল-ফৈদ-গোষ্ঠীৰে ভৰা
অৰুণাচল প্ৰদেশৰ দৰে নাগালেণ্ডতো ভাষা আৰু লিপিৰ একীকৰণৰ ক্ষেত্ৰত আজিও বৃহৎ সমস্যা বিৰাজমান৷
নগাসকলৰ মাজত গোষ্ঠী-প্ৰীতি ইমানেই বেছি যে যিমানেই
সৰু নহওক কিয়, এটা খেল-গোষ্ঠীয়ে আন কোনো ভাষা-সম্প্ৰদায়ৰে দোৱান গ্ৰহণ নকৰে৷ সংখ্যালঘু
হ'লেও নিজা পৰম্পৰা আৰু দোৱান-প্ৰেমত অকণো কৃপণালি নাই৷ সেয়ে কোনো এটা দোৱানকে সৰ্বজনগ্ৰাহ্য
হিচাপে মান্যতা অৰ্পণ কৰাটো আজিৰ তাৰিখতো নাগালেণ্ডত সম্ভৱপৰ হৈ উঠা নাই৷ জাতীয় প্ৰতিৰক্ষাৰ
স্বাৰ্থত ইয়াৰ গাঁওবোৰৰ মাজত এসময়ত যুদ্ধ প্ৰচলিত আছিল৷ এফালে প্ৰাকৃতিক বাধা, আনহাতে
পাৰস্পৰিক আক্রমণ তথা মুণ্ড চিকাৰৰ ভয়৷ মূলতঃ এনেবোৰ কাৰণতে নগাসকলৰ বিভিন্ন নৃগোষ্ঠীয়
গোটবোৰ পাৰস্পৰিক সান্নিধ্যলৈ যাব-আহিব পৰা নাছিল৷ তদুপৰি ইমানবোৰ শাখা উপ-শাখাৰ মাজত
আত্মীয়তা বিচাৰি উলিওৱাটোও সহজ কথা নহয়৷ ফলস্বৰূপে নিজৰ মাজতেই সীমাবদ্ধ হৈ থকা তেওঁলোকৰ
দোৱানবোৰ পৰস্পৰৰ বাবে একোখনহঁত বিৰাট প্ৰাচীৰৰ দৰে থিয় হৈ ৰ'ল৷ অতীজৰ কথা বাদেই, একোটা
ঠালৰ দোৱান অন্য এটা ঠালৰ মানুহে বৰ্তমান সময়তো সমূলি নুবুজে আৰু নকয়৷ সেয়েহে নাগালেণ্ডত
ভাষাৰ অধ্যায়টো আজিও অতি আমোদজনক ৰূপত আছে৷
ভাষা হৈছে যিকোনো ব্যক্তিৰে প্ৰথম পৰিচয়৷ নগা দোৱানে
সংবিধানমতে এতিয়াও ভাষাৰ স্থান পোৱাগৈ নাই৷ লিংগুইষ্টিক চাৰ্ভে অফ্ ইণ্ডিয়াৰ বিশিষ্ট ভাষাবিদ ছাৰ জৰ্জ অাব্ৰাহাম গ্ৰীয়েৰছনৰ মতে নাগালেণ্ডৰ ভাষাবোৰ তিবেত'-বৰ্মন
গোষ্ঠীসম্ভূত৷ আন এজন ব্ৰিটিছ ভাষাবিদ ৰিচাৰ্ড হাডচনৰ মতে হিমালয়ৰ নামনিৰ জনজাতিবোৰৰ মাজত ভাষাগত সাদৃশ্য বৰ্তমান৷
কিন্তু তাৰ মাজতো নগা দোৱানবোৰত যিবোৰ ভাষাগত বৈচিত্ৰ্য দেখা গৈছে সেইবোৰৰ পৰা নগা
জনজাতিবোৰৰ মাজত ঐক্য আৱিষ্কাৰ কৰিবলৈ আজিও বাকী৷ নাগালেণ্ডৰ বহুভাষিক আৰু যৌগিক সাংস্কৃতিক
পৰিচয় আগুৱাই নিয়াৰ সন্দৰ্ভত শেহতীয়াকৈ প্ৰকাশিত এক খবৰ অনুসৰি নগা দোৱানসমূহৰ সংৰক্ষণ
আৰু বিশ্বজুৰি প্ৰচাৰ-প্ৰসাৰৰ অৰ্থে নাগালেণ্ডৰ ৰাজ্যপাল পদ্মনাভ বি. আচাৰ্য তৎপৰ হৈ
উঠিছে৷ কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ অধীনস্থ, মহীশূৰস্থিত ভাৰতীয়
ভাষা সংস্থানৰ ভাৰতবাণী প্ৰজেক্টৰ অন্তৰ্গত ইয়াৰ বাবে কৰ্ম পৰিকল্পনা হাতত লোৱা হৈছে৷
এই প্ৰকল্পৰ জৰিয়তে অভিধান প্ৰণয়ন কৰাৰ উপৰি যাৱতীয় শিকন সামগ্ৰী গঢ়ি তোলা হ'ব৷ নাগালেণ্ড
বিশ্ববিদ্যালয়ৰ ক'হিমা চৌহদৰ সহযোগিতাত পোনতে তেন্যিদি (আংগামী) দোৱানৰ অনলাইন প্ৰশিক্ষণ
কাৰ্যসূচী আৰম্ভ কৰা হ'ব৷ ইয়াৰ বাদে প্ৰথম খেপত সামৰি লোৱা হ'ব আও, চাত্ৰু (চক্রি),
চাং, ডিমাচা, কাবুই (ৰংমেই), খেঝা, চাংতাম, পচ্ছুৰি, খিয়ামনিউংগান, কন্যাক, লথা, নক্তে,
ফোম, ৰেংমা, চুমি, য়াইমশ্বুংৰে, জেমি, লিয়াংমেই আদি দোৱান৷ ২০০১ চনৰ হিচাপ অনুসৰি ৰাজ্যখনত
প্ৰচলিত সকলোবোৰ দোৱানৰ মাজত আও দোৱান কোৱা মানুহৰ সংখ্যাই এতিয়ালৈ সৰহ (২,৫৭,৫০০)৷
দ্বিতীয় স্থানত আছে কন্যাক (২,৪৮,০০২)৷ তাৰ পাছত লথা (১,৬৮,৩৫৬)৷
চৰকাৰী ভাষা হিচাপে ইংৰাজী ভাষাই ১৯৬৭
চনতে নাগালেণ্ড বিধানসভাত স্বীকৃতি লভিছিল৷ ৰাজ্যখনৰ শিক্ষাৰ মাধ্যমো ইংৰাজী৷ সেয়েহে ইয়াত
বসবাস কৰা সচৰাচৰ মানুহমাত্ৰেই যেনেভাৱে হ’লেও ইংৰাজী পঢ়িব, লিখিব আৰু ক'ব পাৰে৷ 'নাগালেণ্ড প'ষ্ট',
'মৰুং এক্সপ্ৰেছ', 'নাগালেণ্ড পে'জ', 'ইষ্টাৰ্ণ মিৰ'ৰ', 'জাইকাই' আদি নাগালেণ্ডত প্ৰকাশিত
আৰু প্ৰচাৰিত বাতৰি কাকত৷ এইবোৰৰো ভাষা ইংৰাজী৷ আনহাতে ৰোমান আখৰেৰে লিখি তেওঁলোকে নিজৰ
নিজৰ লিপিহীন দোৱানসমূহকো জীয়াই ৰাখিবলৈ যৎপৰোনাস্তি যত্ন কৰি আহিছে৷ তাৰ বিপৰীতে আমি সঘনাই
বিচৰণ কৰা অৰুণাচলত কিন্তু কোনো খেল-গোষ্ঠীৰেই দোৱানসমূহ জীয়াই ৰখাৰ এনেকুৱা সুষম প্ৰচেষ্টা
নচলিল বুলিয়ে ভাব এটা মোৰ মনত বদ্ধমূল হৈ আছে৷ নেফামীজ নামে উদ্ভূত সমূহীয়া কথনশৈলী এটা একালত তাত মূৰ দাঙি
উঠিছিল ঠিকেই৷ পিছে হিন্দীৰ আগ্ৰাসনত কালক্রমত লোপ পালে৷ এতিয়া কেউদিশে, আনকি সাধাৰণ গঞাৰ মাজতো হিন্দীৰেই ৰাজত্ব৷ ভাষা বা দোৱান জীয়াই নাথাকিলে কৃষ্টি-সংস্কৃতি
বিজতৰীয়া হোৱাৰ আশংকাই সৰহ৷ সেয়া লাগিলে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, অসম য'তেই নহওক
কিয়৷
No comments:
Post a Comment