Tuesday, 22 August 2017

২৯. Dovipie Innত সন্ধিয়াৰ আড্ডা

ইতিহাসৰ ভালেমান ঘটনা-পৰিঘটনাৰ জীৱন্ত সাক্ষী এইখন খনমা৷ আমি খনমা ভ্ৰমি আহি অতিথিশালা সোমাওঁতে ৭.০০ বাজি পাৰ হ'ল৷ আন্ধাৰো ভালকৈয়ে হ'ল৷ ইতিমধ্যে দীপমইনাই কৰি ৰখা আগতীয়া বন্দৱস্ত অনুসৰি স্থানীয় লোক এজন আহি আমাৰ বাবে অপেক্ষা কৰি আছিল৷ খবৰটো পাই ঠিৰাং হ'ল যে বাহিৰৰ বহা ঘৰটোতে আটায়ে মুখামুখি হ'ম৷ প্ৰকাণ্ড প্ৰকাণ্ড গা-গছৰ পৰা কাটি উলিওৱা কাঠৰ চোফা আৰু টেবুলেৰে সজ্জিত ঘৰটোৰ অন্তৰ্ভাগ৷ বাৰ্ণিচ মৰাত ৰঙচুৱা, চক্‌চকীয়া হৈ উঠিছে৷ কি গছ ধৰিব নোৱাৰিলোঁ৷ প্ৰায় ২০ বৰ্গফুট জোখৰ মজিয়াখন শিলৰ৷ বেৰবিলাকৰ নিম্নাংশ বাঁহৰ৷ ওপৰভাগত পাটী, সুন্দৰকৈ ফ্ৰেমিং কৰা৷ অপৰ্যাপ্ত বায়ু চলাচলৰ বাবে ৰখা হৈছে কেইবাখনো মুক্ত আৰু আহল-বহল খিৰিকী৷ তাৰে দিগ্‌বলয় আৰু পৰ্বতৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি৷ ধুনীয়া ঘৰটোৰ সন্মুখত ফুলৰ টাব কিছুমানো সজাইছে৷ সন্মুখৰ বেৰখন কাঠৰ৷ আগফালৰ পৰা ঘৰটো দেখাত পৰম্পৰাগত আংগামী গৃহৰ দৰেই৷ শুৱনি আৰু আকৰ্ষণীয়৷

''অ' সাথীখান, আমাখান আংগামী ট্ৰাইব পৰা আছে দেই৷ ঘৰ ভি এইটু খনমাতে আছে৷ আমাখান ইংলিচ ভি নাজানে, হিন্দী ভি নাজানে, কেনেকা কৰিব? খালি নাগামীজহে জানিয়া থাকিছে৷'' মান্য ভাষা নজনাৰ বাবে অলপ যেন দুখবোধ আগন্তুকৰ৷

''নাগামীজ পৰাহে কথা কৰাটো বেচ্চি সুন্দৰ হবলে আছে অ' সাথী৷ নাগামীজ পৰা কবিনা৷ আচ্‌চ, আমাখান বেচ্চি খুশী হবতো৷'' প্ৰবীণে লগে লগে মানুহজনক চিন্তামুক্ত কৰি দিলে৷

''হোই!'' তেওঁ আমালৈ চাই সুখৰ হাঁহি এটি মাৰিলে৷ চাগৈ ভাবিলে, বাচি গ'লোঁ৷ ইহঁতে নাগামীজ বুজে৷ পৰৱৰ্তী বাক্যটোত সেয়া প্ৰকট হ'ল৷ ''আচ্‌চ, ঠিক আছে ঠিক আছে, বেচ্চি থেংকচ দেই৷'' আমিও হাঁহিলোঁ, তেওঁৰ সমানে সমানে৷

প্ৰথমে দীপমইনা দুৱৰাই আষাৰচেৰেক ক'লে৷ তাৰ পাছত Neizo Zhotsoই মানুহজনৰ সম্বন্ধে পৰিচয়জ্ঞাপক দুআষাৰ দাঙি ধৰিলে৷ তাৰ মুখৰ পৰা জানিলোঁ যে আগন্তুকৰ নাম Krusalie Sophi৷ খনমাৰ বাসিন্দা৷

একেলগে বহি থাকোঁতেই 'The Naga Saga'ৰ কথা ওলাল৷ কিতাপখন Dovipie Innৰ আলমাৰীত আছে৷ লেখক Kaka D. Iralu৷ ইৰালু শব্দটো আলোচনালৈ লগে লগে মোৰ মনলৈ উৰি আহিল একে উপাধিৰ অন্য এজন ইৰালুৰ নাম আৰু কাহিনী৷ তেওঁ নিকেতু ইৰালু, আংগামীৰ গৌৰৱ৷ 'কিতাপ, মানুহ আৰু প্ৰকৃতিৰ সংগত' নামৰ গ্ৰন্থত 'নিকেতু ইৰালুৰ কাৰণে এটা ঘৰ' শীৰ্ষক ৰচনা এখনত হোমেন বৰগোহাঞি চাৰে উল্লেখ কৰিছিল অসাধাৰণ মানুহজনৰ কথা৷ শিক্ষিত নগাসকল কিমান বিশ্বমনস্ক, সমাজ সেৱাৰ কামত তেওঁলোকৰ আত্মোৎসৰ্গ কিমান, তাৰে অনন্য উদাহৰণ সেইজন ইৰালু৷ পাঁচখন মহাদেশক নিজৰ কৰ্মক্ষেত্ৰ হিচাপে বাছি লৈ কাম কৰি অহাৰ পাছত হিংসা আৰু সংঘাতে ৰক্তাক্ত কৰি ৰখা নাগালেণ্ডক শেষ জীৱনৰ প্ৰধান কৰ্মক্ষেত্ৰ হিচাপে বাছি লৈ ৰাজ্যখনত শান্তি স্থাপনৰ কামত কেইবাবছৰো ধৰি সক্রিয়ভাৱে জড়িত হৈ আছে তেওঁ৷ ইফালে ইৰালুৰ আছিল এটা ডাঙৰ সমস্যা৷ সেইটো হ'ল, থকা ঘৰৰ সমস্যা৷ মানে, তেওঁৰ ঘৰ নাই৷ পিছে উক্ত সমস্যা সমাধান কৰিবলৈ স্বতঃপ্ৰণোদিতভাৱে আগ বাঢ়ি আহিল নাগালেণ্ডৰ আংগামী ৰাইজ৷ আচৰিত লাগে শুনিলে৷

মন কৰোঁ যে হত্যা, হিংসা, সন্ত্ৰাস আৰু দুৰ্নীতিৰ খবৰে অগ্ৰাধিকাৰ পোৱা আমাৰ ছপা কিম্বা বৈদ্যুতিন প্ৰচাৰ মাধ্যমসমূহে নাগালেণ্ড বুলিলে পোনেই এনে ধাৰণাৰ উদ্ৰেক কৰায় যে ড্ৰাগছ আৰু এইড্‌ছতকৈ অধিক নাটকীয় খবৰ এই ভূখণ্ডত যেন আন একোৱেই নাই৷ কিন্তু নগাভূমিৰ শান্ত-সুন্দৰ প্ৰকৃতিৰ কোলাত যিবোৰ ভাল কাম-কাজ চলি আছে, মনুষ্যত্বৰ যি নীৰৱ সাধনা চলি আছে তাৰ খবৰ আমাৰ কাষ আহিয়েই নাপায়৷ বেয়া খবৰে ভাল বাৰ্তা, উচ্চ সাধনাবোৰক সদায়ে ঢাকি ৰাখে৷ মন-মগজু-মানসিকতা নষ্ট কৰি পেলায়৷

নিকেতু ইৰালুৰ কাহিনী এটা উদাহৰণ৷ মনুষ্যত্বৰ সেই নীৰৱ সাধনাৰ অনন্য নিদৰ্শন ৰাখি নাগালেণ্ডৰ মানুহে ইৰালুৰ প্ৰতি কৃতজ্ঞতা আৰু প্ৰশংসাৰ চিনস্বৰূপে তেওঁক দিব খুজিলে এটা উপহাৰ৷ উপহাৰটি হ'ল, প্ৰায় ২৫ লাখ টকা ব্যয়সাপেক্ষ এটা ঘৰ৷ নিৰ্মাণস্থল ডিমাপুৰ-ক'হিমা পথৰ চেকু নামৰ সৰু ঠাইটুকুৰা৷

নিকেতু ইৰালুৱে পিছে ৰাজনৈতিক বা সামৰিক ক্ষমতাৰ বলেৰে স্বজাতি, স্বগোষ্ঠীৰ কাৰণে লেখত ল'বলগীয়া কোনো কাম কৰা নাছিল৷ সাহিত্য, বিজ্ঞান, সংগীত, ক্রীড়া, চিকিৎসা, ধৰ্ম প্ৰচাৰ প্ৰভৃতি ক্ষেত্ৰত বিপুল খ্যাতি অৰ্জন কৰি নাগালেণ্ডলৈ তেওঁ কোনো গৌৰৱো কঢ়িয়াই অনা নাছিল৷ তেওঁ পৃথিৱীৰ অনেকবোৰ সংঘৰ্ষপীড়িত ঠাইলৈ গৈ তাৰ মানুহৰ মাজত প্ৰেম, মৈত্ৰী, শান্তি আৰু অহিংসাৰ বাণী প্ৰচাৰ কৰিছে৷ জাতি, বৰ্ণ, ভাষা, ধৰ্ম, ৰাষ্ট্ৰ আৰু ভূগোলৰ সীমা অতিক্রম কৰি সকলো মানুহৰ আগত তেওঁ দাঙি ধৰিছে মানৱতাৰ মহান আদৰ্শ৷ সৰ্বোপৰি নগাসকলৰ চৰম ৰাজনৈতিক আৰু নৈতিক সংকটৰ সময়ত তেওঁ নগাসকলক দেখুৱাইছে নৈতিক উত্তৰণৰ পথ৷ নগাসকলক তেওঁ শুনাইছে আশা আৰু বিশ্বাসৰ বাণী৷ একে আষাৰে ক'বলৈ গ'লে এই গান্ধীবাদী আংগামীজনে নগাসকলক দিছে নৈতিক নেতৃত্ব৷

তাকে চাই ধাৰণা কৰিব পাৰি, আংগামীসকল কিমান আগ বঢ়া৷ বহুকেইজন বিখ্যাত লোক ওলাইছে আংগামী নগা সমাজৰ পৰা৷ এ. জেড. ফিজো, এ. কেভিশ্বে, থেফুলা নাখ্ৰ' আংগামী, ভিজল আংগামী, চেমুৱেল এম. চেখ'চে', ডক্টৰ কে. কিৰে, মেথানেলি চ'ল', টি চাখ্ৰে, নেইফিঅ' ৰিঅ', এল. চুখ্ৰি', জন বস্ক' জাচুকি, ডক্টৰ এছ. লাইঝিয়েতচু, ৰেভাৰেণ্ড ডক্টৰ এন. উচ', ৰেইভিলি আংগামী, চানু আংগামী তাৰে কেতবােৰ দৃষ্টান্ত৷ বৰ্তমান ৮১ বছৰ বয়সীয়া নিকেতু ইৰালুৰো এইখন খনমাৰ সৈতে সম্পৰ্ক নথকা নহয়৷ আংগামী ফিজো তেওঁৰ আপোন মোমায়েক৷

এইফালে আমাৰ চ'ফি বোলাজনৰ আনুষ্ঠানিক কাহিনী-কথন আৰম্ভ হওঁ হওঁ৷ তেনেকুৱাতে ইমানপৰে কোঠাত জিৰণি লৈ থকা ৰাজীৱ ভট্টাচাৰ্য আহিল৷ মানুহজনৰ কাষতে বহি ল'লে৷ কথা আৰম্ভ হ'ল৷ তাৰ ফাঁকতে মই উঠি গৈ ৰাজীৱৰ কাণত ফুচফুচাই ক'লোঁ… ''এখেতৰ কথাবিলাক গুৰুত্বপূৰ্ণ৷ আপোনাৰ ম'বাইল ফোনেৰে ৰেকৰ্ড কৰি লওকনা৷ পাছত আপোনাৰ কামত আহিব৷'' ''ঠিক কৈছে৷'' ৰাজীৱে মূৰ দুপিয়ালে৷ তৎমুহূৰ্ততে ভইচ্‌ ৰেকৰ্ডিঙো চালু কৰি দিলে৷ নাগালেণ্ডৰ বিদ্ৰোহ সম্বন্ধে ৰাজীৱৰ বিস্তৰ অধ্যয়ন আছে৷ আলফাৰ গুৰু এন.এচ.চি.এন.ৰ মুৰব্বী ব্যক্তিক লগ পাইছে, ইণ্টাৰভিউ লৈছে৷ কথাৰ মাজে মাজে চ'ফিক তেওঁ কেতবোৰ প্ৰয়োজনীয় প্ৰশ্ন সুধি গ'ল৷ মানুহজনে কেতিয়াবা নাগামীজ, কেতিয়াবা আংগামীতে উত্তৰ দিলে৷ Neizoই ইংৰাজীলৈ তৰ্জমা কৰি থাকিল৷ নাগা-ব্ৰিটিছৰ বেটেল্‌ অফ্‌ খনমাৰ পৰা আৰম্ভ কৰি ফিজো, চাখ্ৰে', লালডেংগা, আন আন ৰাজ্যৰ বিদ্ৰোহী নেতাসকলৰ কথাও ওলাল৷ বাধ্য ছাত্ৰৰ দৰে একান্তমনে শুনি গ'লোঁ আমি৷ কল্পনা কৰি চালোঁ এই ভূভাগৰ অতীতৰ চিত্ৰ৷ যিকোনো জাতিৰ জীৱনতে এনে একোটা সময় আহে যেতিয়া ক্ষন্তেক থমকি ৰৈ ইতিমধ্যে হৈ যোৱা ঘটনাৱলীৰ মূল্যায়ন, বিশ্লেষণ আৰু পৰীক্ষা কৰাৰ প্ৰয়োজন হয়৷ অৱশেষত নগাসকলৰ কাৰণেও তেনে এটা সময় আহিল৷ তাৰ প্ৰতিফলন খনমাত আমি আজিৰ তাৰিখত দেখা পাইছোঁ৷

নগা জাতীয়তাবাদৰ উত্থান ভাৰতৰ সামাজিক-ৰাজনৈতিক ইতিহাসত এক অতি গুৰুত্বপূৰ্ণ ঘটনা বুলি ইতিমধ্যে পৰিগণিত হৈছে৷ বিংশ শতিকাত খ্ৰিষ্টান ধৰ্ম গ্ৰহণ, ব্ৰিটিছৰ অধীনত প্ৰশাসনিক একতা আৰু স্বৰাজোত্তৰ কালত ভাৰত চৰকাৰৰ বিৰুদ্ধে স্বাধীন নাগালেণ্ডৰ বাবে চলা বিদ্ৰোহৰ ফলতে আধুনিক নগা জাতীয়তাবাদ গঢ় লৈ উঠিছিল৷ ১৯১৮ চনত কহিমাত জন্ম হৈছিল নাগা ক্লাবৰ৷ উপায়ুক্ত হিচাপে নগা পাহাৰত কাৰ্যনিৰ্বাহ কৰা চাৰ চাৰ্লছ পছি নামৰ ব্ৰিটিছ আই.চি.এছ. অফিচাৰজন আছিল ইয়াৰ ঘাই হোতা৷ নগা প্ৰভাৱশালী ব্যক্তিসকলৰ সামাজিক আৰু ৰাজনৈতিক সমাৱেশৰ প্ৰধান কেন্দ্ৰস্থল আছিল নগা ক্লাব৷ পিছলৈ ইয়েই নগা উপজাতিসমূহৰ এক উমৈহতীয়া ৰাজনৈতিক মঞ্চ হৈ উঠে৷ উক্ত মঞ্চতে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আধুনিক নগা জাতিৰ ভ্ৰূণ অংকুৰিত হোৱা বুলি ধৰা হয়৷ নাগা ক্লাবৰ বিকল্প হিচাপে ১৯৪৫ চনৰ এপ্ৰিল মাহত জন্ম হয় নাগা হিল্‌ছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ৷ পৰৱৰ্তী সময়ত ই পুনৰ্গঠিত হয় নাগা নেছনেল কাউন্সিল (এন.এন.চি.) নামে৷ পছিৰ দ্বাৰা অনুপ্ৰাণিত হৈ এন.এন.চি.য়ে হঠাতেই অসম, মণিপুৰ, বাৰ্মা আৰু নেফাত বাস কৰা নগাসকলক ঐক্যবদ্ধ কৰি এখন ফেডাৰেল ৰাজ্যৰ কাৰণে এক নৰম দাবী উত্থাপন কৰিছিল৷ তদানীন্তন অসমৰ ভিতৰতে থাকি স্থানীয় স্বায়ত্তশাসনৰ ভিত্তিত জাতীয় স্বাৰ্থ তথা স্বকীয়তা সুৰক্ষিত কৰাই আছিল এন.এন.চি.ৰ আৰম্ভণিৰ লক্ষ্য৷ অবিস্মৰণীয় কালৰে পৰাই নগাসকলৰ মাজত চলি অহা গ্ৰাম স্বৰাজৰ ধৰণেৰে আৰম্ভ কৰি নাগালেণ্ডক ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ পৰা মুক্ত কৰি ৰখা অৰ্থাৎ পাৰ্টীবিহীন গণতন্ত্ৰৰ পোষকতা কৰা হৈছিল৷ পিছলৈ ইয়াৰ মুখ্য দাবী হৈ পৰে স্বাধীন নাগালেণ্ড৷ কাৰ্যপন্থায়ো ৰূপ সলায়৷

আলোচনাই গহীন গতি লৈ থাকোঁতেই ''সাথীখান, টে'ষ্ট কৰি কিনা চাবিতো'' বুলি গৰম গৰম পকৰি আৰু চাহপানী পৰিৱেশনেৰে আতিথ্য চলিল, Dovipie Innৰ কীচ্চেনৰ পৰা৷ অসমীয়াৰ দৰেই নগা লোক বৰ অতিথিপৰায়ণ৷ স্বভাৱতে স্ফূৰ্তিবাজ৷ খাই আৰু খুৱাই ভাল পায়৷ যাক ভাল পায় তাক বহুত ভাল পায়৷ কিন্তু এবাৰ যদি কেনেবাকৈ বেয়া পালে... নোকোৱাই ভাল৷

১৯৪৭ চনত ভাৰতৰ স্বাধীনতা অৱশ্যম্ভাৱী হৈ উঠাৰ পৰিপ্ৰেক্ষিতত নগা নেতৃত্ব নাগালেণ্ডৰ ৰাজনৈতিক ভৱিষ্যৎ সম্পৰ্কে সন্দিহান হৈ উঠে৷ ভৈয়ামৰ সংখ্যাগৰিষ্ঠ ভাৰতীয়ৰ সম্ভাব্য আগ্ৰাসনৰ পৰা স্বকীয় সংস্কৃতি অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত ভাৰতৰ পৰা সম্পূৰ্ণ বিচ্ছিন্নভাৱে থাকিবলৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে৷ ১৯৫০ চনত এন.এন.চি.ৰ নেতৃত্বলৈ আহে আংগামী জাপ্‌ফু ফিজো৷ তেতিয়াৰ পৰাই স্বাধীন নাগালেণ্ডৰ দাবীয়ে ক্রমাৎ তীব্ৰতৰ আৰু হিংসাত্মক ৰূপ পৰিগ্ৰহ কৰে৷ ফিজোৰ তত্ত্বাৱধানত ১৯৫১ চনত গণভোট অনুষ্ঠিত হয়৷ ১৯৫২ চনত নাগালেণ্ডৰ প্ৰথম সাধাৰণ নিৰ্বাচন বৰ্জন কৰা হৈছিল৷ ১৯৫৪ চনত হংকিন গৱৰ্নমেণ্ট আৰু পিছলৈ নাগা ফেডাৰেল গৱৰ্নমেণ্ট নামে সমান্তৰাল চৰকাৰ গঠন হয়৷ ১৯৫৬ চনত নাগা হ'ম গাৰ্ডছ আৰু পিছলৈ নাগা আৰ্মী নামে সশস্ত্ৰ বিদ্ৰোহী সংগঠনে জন্ম লয়৷ সশস্ত্ৰ পন্থা কলিতে নিধন কৰিবলৈ ১৯৫৬ চনত ভাৰত চৰকাৰে বিদ্ৰোহী নগাৰ বিৰুদ্ধে সশস্ত্ৰ সেনাবাহিনী নিয়োগ কৰে৷ কালক্রমত নগাসকলৰ আন্দোলনে মাৰাত্মক ৰূপ লয়৷ ১৯৮০ চনত গঠন হয় নেছনেল ছ'চিয়েলিষ্ট কাউন্সিল অফ্‌ নাগালেণ্ড (এন.এছ.চি.এন.)৷ এন.এন.চি. (আদিন'), এন.এন.চি. (খুদাও) আদি বহুতো আত্মগোপনকাৰী, উগ্ৰবাদী সংগঠনৰ জন্ম হয়৷ চীন, পাকিস্তান, বাংলাদেশৰ সাহায্যপুষ্ট হৈ এই সংগঠনবোৰে ভাৰতীয় সৈন্যৰ সৈতে অবিৰাম সংঘৰ্ষ, কূটাঘাত আৰু ভ্ৰাতৃঘাতী কাৰ্যকলাপত লিপ্ত হৈ পৰে৷ নাগালেণ্ড পৰিচিত হয় ভাৰতবৰ্ষৰ সবাতোকৈ অশান্ত অঞ্চল বুলি৷

বিদ্ৰোহৰ সমান্তৰালভাৱে নগা সমস্যাৰ শান্তিপূৰ্ণ ৰাজনৈতিক সমাধানৰ চেষ্টা বহু আগৰে পৰাই চলি আহিছে৷ ১৯৪৭ চনৰ ন-দফীয়া, দহ-দফীয়া হাইদৰী চুক্তি, ১৯৫৭-১৯৫৮-১৯৫৯ চনৰ নাগা পিপল্‌ছ কনভেনশ্যন, নাগালেণ্ড পীচ মিছন গঠনৰ ফলস্বৰূপে ১৯৬৪-৬৭ চনৰ অস্ত্ৰবিৰতি আৰু শান্তি আলোচনা, ১৯৭৫ চনৰ শ্বিলং চুক্তি, ১৯৭৭ চনত লণ্ডনত অনুষ্ঠিত মোৰাৰজী দেশাই আৰু এ. জেদ. ফিজোৰ আলোচনা আদি পন্থা আৰু প্ৰচেষ্টা চলালেও সকলোবোৰ বিফল হয়৷ সন্ত্ৰাসবাদী বিচ্ছিন্নতাবাদ আজিও নাগালেণ্ডৰ জ্বলন্ত সমস্যা হৈয়ে আছে৷ এন.এছ.চি.এন. আজিও নগাৰাজ্যৰ প্ৰধান বিদ্ৰোহী সংগঠন৷ তৎসত্ত্বেও আদিমতা আৰু একাকীত্বৰ পৰিধি অতিক্রমি তথাকথিত আধুনিকতাৰ দিশে সম্প্ৰতি ধাৱমান হৈছে নতুন প্ৰজন্মৰ নগাসকল৷ ইউৰোপীয় জীৱন প্ৰণালী আৰু সাজসজ্জাৰ প্ৰতি অনুৰক্ত নতুনচাম নগা৷ অস্ত্ৰ-শস্ত্ৰ আৰু ৰক্তপাতৰ প্ৰতি তেনেই উদাসীন৷ ইফালে এন.এছ.চি.এন. আজি ৯টা ভাগত বিভক্ত৷ ১৯৯৭ চনৰ পৰা চলি অহা নিঃচৰ্ত অস্ত্ৰবিৰতি; চৰকাৰ আৰু বিদ্ৰোহীৰ মাজত বেংকক, নতুন দিল্লীত অনুষ্ঠিত আলোচনা আদিৰ পাছত তেওঁলোকে বিচাৰে নগা সমস্যাটোৰ শান্তিপূৰ্ণ সমাধান হওক৷ নিবনুৱা সমস্যা, অৰ্থনৈতিক বিকাশ তথা বৈষম্যৰ সমস্যা, পৰম্পৰাগত সামাজিক বন্ধনৰ শিথিলতা, অৱলুপ্তিৰ গৰাহৰ পৰা থলুৱা কৃষ্টি-সংস্কৃতি উদ্ধাৰ আদিৰ বিপৰীতে গ্ৰহণ কৰা যথোচিত পদক্ষেপে নাগালেণ্ডক আগুৱাই নিব বুলি তেওঁলোকে ভাবে৷ খনমালৈ আহি, আংগামী গাঁও পৰিভ্ৰমণ কৰি আমিও আজি শান্তি আৰু কৰ্মোদ্যম দেখা পালোঁ৷


No comments:

Post a Comment