Monday, 7 August 2017

৭. আৰু কথা নাগালেণ্ডৰ

কেন্দ্ৰীয় বিশ্ববিদ্যালয় পৰ্যায়ৰ নাগালেণ্ড ইউনিভাৰ্ছিটি, নেছনেল্‌ ইন্‌ষ্টিটিউট অফ্‌ টেক্‌নল'জী, চৰকাৰী-বেচৰকাৰী মহাবিদ্যালয়, বিদ্যালয় আদি অসংখ্য শিক্ষা প্ৰতিষ্ঠান স্থাপনেৰে আনৰ তুলনাত পলমকৈ হলেও আধুনিক উচ্চ শিক্ষাৰ দিশে নগাৰাজ্য আজি আগ বাঢ়ি গৈছে৷ শেহতীয়া হিচাপমতে ৰাজ্যখনৰ শিক্ষিতৰ হাৰ ৮০.১১ শতাংশ৷ এইটো ঠিক যে তাহানিতে নেফাৰ অন্য অঞ্চলতকৈ নগা পাহাৰত খ্ৰিষ্টান মিছনেৰীৰ প্ৰভাৱ আছিল অতি বেছি৷ সুদূৰ ইউৰোপ-আমেৰিকাৰ পৰা পাদুৰীসকলে কঢ়িয়াই অনা খ্ৰিষ্টীয় আদৰ্শই খোপনি পোতাৰ উক্ত ক্ষণতে শিক্ষাৰ বিকাশৰ অৰ্থে বিদ্যালয় প্ৰতিষ্ঠা হৈছিল৷ স্থানীয় মানুহখিনি কম-বেছি পৰিমাণে শিক্ষা-সচেতনো আছিল৷ মিছনেৰীৰ কৃপাতে শিক্ষক হ'ব পৰা ভালেসংখ্যক শিক্ষিত, বিশেষকৈ আও আৰু আংগামী নগা ডেকা সেই সময়তে ওলাইছিল৷ অসমৰ পৰা গৈও বহুজনে শিক্ষাদানত ব্ৰতী হৈছিল দুৰ্গম নগা পাহাৰৰ চুকে-কোণে৷ অৱসৰপ্ৰাপ্ত শিক্ষক, মোৰ শহুৰ-দেউতা তৌৰিত্‌ হুছেইনো তেনেকুৱাসকলৰ মাজৰে এজন৷ তেওঁৰ নেগুৰত ধৰিয়েই ২০০৫ চনৰ জানুৱাৰী মাহত প্ৰথমবাৰ নাগালেণ্ডৰ ৰাজধানী চহৰ ক'হিমা ওলাইছিলোঁগৈ মই, আমি এতিয়া গতি কৰি থকা এইটো বাটেৰেই৷ ডিমাপুৰস্থ পাৱাৰ গ্ৰীড কৰ্পৰেছনত তেতিয়া কৰ্মৰত, একালৰ নেৰিষ্ট হোষ্টেলৰ মোৰ ৰূমমেত বাবুল ৰয়ে নিজৰ গাড়ীৰে চেক্‌ গে'ট্‌ পাৰ কৰি থৈ আহিছিল সিদিনা৷ কথাটো মনত পৰি এই মুহূৰ্তত মনত বিৰাট পুলক জাগিছে৷ তাকে সহযাত্ৰীসকলক নজনায়ো নোৱাৰিলোঁ৷ ঠিক কোনখিনিত আমাক এৰিছিল ধৰিব পাৰিমনে নাই নাজানো, কিন্তু সেই ঠাই আৱিষ্কাৰ কৰিবলৈ উদগ্ৰীব হৈ ৰলোঁ৷

এইটো বাটেৰে আচলতে ক'হিমালৈ মই দুবাৰকৈ গৈছোঁ৷ গতিকে সন্মুখৰ ৰাস্তাছোৱা বা পাকবোৰ মোৰ বাবে তেনেই নতুন নহয়৷ সেয়েহে বৰ্তমান মোৰ বাবে উৎকণ্ঠাৰ কেন্দ্ৰবিন্দু খনমালৈ যোৱা বাটটো, ক'হিমা পাৰ হৈ কিছামাৰ আগৰ ঝাখামা, ভিশ্বেমা পৰ্যন্ত অংশটো আৰু নগা অধ্যুষিত গাঁওবোৰ৷ সিবোৰৰ বুৰঞ্জীমূলক কথা আৰু কাহিনী ইতিমধ্যে বিভিন্ন স্থানত খণ্ডিত ৰূপত অলপ-অচৰপ হ'লেও পঢ়িবলৈও পাইছোঁ৷ তাৰ জৰিয়তে জানি থৈছোঁ যে ইয়াৰ মানুহবোৰ অত্যন্ত সহজ-সৰল প্ৰকৃতিৰ৷ স্বভাৱসুলভ সৰলতা তেওঁলোকৰ চাৰিত্ৰিক বৈশিষ্ট্য৷ আমিও তেওঁলোকৰ লগত খোলাখুলি আৰু সৰলমতীয়াভাৱেই চলিব লাগিব৷ যিকোনো নগা লোকৰ সৈতে বন্ধুত্ব গঢ়াৰ এইটোৱেই প্ৰথম আৰু শেষ কথা৷

নগাৰাজ্যৰ ভূমিপুত্ৰসকল প্ৰকৃতিৰ সন্তান৷ প্ৰকৃতিয়ে তেওঁলোকৰ জীৱনৰ প্ৰাণস্পন্দন৷ অতীজত দেও আৰু প্ৰকৃতিপূজক আছিল নাগালেণ্ডৰ লোকসমষ্টি৷ বেপ্টিষ্ট মিছনেৰীৰ প্ৰচেষ্টাত লাহেকৈ ধৰ্মান্তৰিত হ'ল৷ এতিয়া ৰাজ্যখনৰ জনসংখ্যাৰ দুই-তৃতীয়াংশতকৈও অধিক (৮৭.৯৩ শতাংশ) অৰ্থাৎ সিংহভাগ লোকেই খ্ৰিষ্টান৷ ভাৰতবৰ্ষৰ তিনিখন খ্ৰিষ্টান ধৰ্মাৱলম্বীপ্ৰধান প্ৰদেশৰ ভিতৰত নাগালেণ্ড অন্যতম৷ খ্ৰিষ্ট ধৰ্ম গ্ৰহণ কৰা নগা জনগণৰ বাবে খ্ৰিষ্টমাছ বা বৰদিন সবাতোকৈ ডাঙৰ বাৰ্ষিক পৰ্ব৷ তাকে কেন্দ্ৰ কৰি গোটেই ডিচেম্বৰ মাহটো জুৰি এই ৰাজ্যখন ভাবিব নোৱাৰা ধৰণে উৎসৱমুখৰ আৰু উৰুলিকৃত হৈ থাকে৷ এনেকুৱাকৈ প্ৰচলিত কথা এষাৰেই আছে যে খ্ৰিষ্টমাছৰ সময়ত অন্য সকামত, যেনে অফিচিয়েল কাম আদিত ইয়ালৈ নহাই ভাল৷ মানুহ লগ পোৱাটো অসম্ভৱ৷ গতিকে এনেকুৱা চঞ্চল সময়চক্ৰ পৰাপক্ষত এৰাই চলা উচিত৷

সমগ্ৰ ভাৰতৰ ভিতৰতে নাগালেণ্ড 'উৎসৱৰ ৰাজ্য' হিচাপে বিভূষিত৷ বহুধাবিভক্ত আৰু বৈচিত্ৰ্যময় নগা জাতিৰ প্ৰতিটো ফৈদ-উপফৈদ, শাখা-প্ৰশাখা কিম্বা ঠাল-ঠেঙুলিয়েই একক আৰু অনন্য সাংস্কৃতিক ঐতিহ্যৰে গৰিমামণ্ডিত৷ খ্ৰিষ্টান ধৰ্মীয় উৎসৱসমূহৰ সময়ানুক্রমিক পালনৰ বাদেও স্বকীয় পৰম্পৰাগত কৃষিমূলীয় উৎসৱসমূহৰো যথাবিধি তেওঁলোকৰ মাজত প্ৰচলন আছে৷ জানুৱাৰী মাহত চাখেচাংসকলৰ Sekrenyi, ডিমাচা কছাৰীৰ Bushu Jiba, কুকিৰ Mim Kut, ৰংমেইৰ Gaan-ngai, য়িমশ্বুংৰেৰ Tsungkamniu; ফেব্ৰুৱাৰীত আংগামীৰ Sekrenyi, জেলিয়াঙৰ Hega; মাৰ্চত জেলিয়াঙৰ Mileinyi; এপ্ৰিলত চাখেচাঙৰ Tsukhenyie, ডিমাচা কছাৰীৰ Bushu Dima, চাঙৰ Kundanglem, কন্যাকৰ Aoleang Monyu, ফোমৰ Monyu; মে'ত আওৰ Moatsu, খিয়ামনিউংগানৰ Miu, ফোমৰ Moha; জুলাইত চাঙৰ Nuknyu Lem, চুমিৰ Tuluni; আগষ্টত আওৰ Tsungremong, য়িমশ্বুংৰেৰ Metumniu; ছেপ্টেম্বৰত ৰেংমাৰ Ngada, চাংতামৰ Amongmong; অক্টোবৰত খিয়ামনিউংগানৰ Tsokum, ফোমৰ Bongvum, পচ্ছুৰিৰ Yemshe, জেলিয়াঙৰ Langsimyi/Chaga Gadi; নৱেম্বৰত কুকিৰ Chavang Kut, লথাৰ Tokhu Emong, চুমিৰ Ahuna; ডিচেম্বৰত খ্ৰিষ্টমাছ ভৰপূৰ উলহ-মালহেৰে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ উদ্‌যাপিত হয়৷ উৎসৱসমূহৰ তালিকাখনলৈ মন কৰিলেই এইটো কথা সহজেই অনুমেয় হৈ পৰে যে প্ৰায় সমস্ত বৰ্ষটোৱেই ৰাজ্যখন কিবা নহয় কিবা সমূহীয়া উৎসৱ-পাৰ্বণেৰে মুখৰ হৈ ৰয়৷

জান-জুৰি, শিল-পৰ্বত, গছ-গছনি আদিৰে নাগালেণ্ডৰ প্ৰাকৃতিক সৌন্দৰ্য মনোৰম৷ স্বাস্থ্যকৰ ইয়াৰ জলবায়ু৷ ঘাইকৈ এই দুই কাৰণতে নগাৰাজ্যৰ প্ৰতি পৰ্যটক নিতৌ আকৰ্ষিত হৈ আহিছে৷ সমগ্ৰ বৰ্ষজুৰি মৃদু আৰু দেহোপযোগী জলবায়ুৰ লগতে নৈসৰ্গিক শোভাই এই প্ৰদেশখনক বিশেষভাৱে মনোৰঞ্জক ঠাইৰ শাৰীত ৰাখিছে৷ শেহতীয়াভাৱে ইয়াৰ সৈতে সংযোজিত হৈছে বন আৰু বন্যপ্ৰাণী সংৰক্ষণ, যিটো এটা সময়ত আছিল ভাবিব নোৱাৰা কথা৷ হস্তশিল্প, উদ্যান শস্য আদিতো নাগালেণ্ড আগ বাঢ়িছে৷ মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্বন্ধৰ গাঢ়তা কিমান, নগা গাঁৱলৈ গ'লে সহজেই তাৰ উমান পোৱা যায় বুলি কোৱা হয়৷ সদ্যহতে আমিও গৈ আছোঁ আংগামী নগা বসতিপ্ৰধান বিখ্যাত গাঁও খনমালৈ৷

প্ৰকৃতি আৰু মানৱ সম্পদেৰে চহকী প্ৰদেশ নাগালেণ্ড৷ পৰ্যটন উদ্যোগৰো প্ৰচুৰ সম্ভাৱনাময় এইখন ৰাজ্য৷ কিন্তু দীৰ্ঘকাল অৱধি ইয়াত চলি থকা উগ্ৰপন্থী সংগঠনসমূহৰ সন্ত্ৰাসবাদী আৰু হিংসাত্মক কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনে এই দিশত গা কৰি উঠাত যথেষ্ট পলম হৈছে৷ বহুধাবিভক্ত জনগোষ্ঠীৰ দ্বাৰা অধ্যুষিত ৰাজ্যখন বছৰটোৰ বেছিভাগ সময়তেই এইটো কাৰণতে অস্থিৰ হৈ থাকে৷ ভু ৰখা মানুহমাত্ৰেই তাক জানে৷ পৰ্যটনকাৰীৰ মুক্ত বিচৰণৰ ক্ষেত্ৰত সংশয় আৰু উদ্বেগৰ কাৰণো সেয়াই৷ সন্ত্ৰাসজৰ্জৰ অৱস্থাটোলৈ চাই নাগালেণ্ডক 'ভাৰতৰ ভিয়েটনাম' বুলিও কোনো কোনোৱে অভিহিত কৰিব বিচাৰে৷ ভিয়েটনাম বুলিলে পোনেই মনলৈ আহে কেতিয়াবাই পঢ়া 'অজেয় ভিয়েটনাম'ৰ কথা৷ অসমৰ ভ্ৰাম্যমানৰ জনক অচ্যুৎ লহকৰ প্ৰযোজিত নটৰাজ থিয়েটাৰতো বিদেশৰ পটভূমিত ৰচিত একে নামৰ নাটক এখন তাহানিতে মঞ্চস্থ কৰা হৈছিল৷

ভিয়েটনামী হো চি মিনৰ লগে লগে মোৰ মনলৈ আহিল সৌ-সিদিনাখন মৃত্যুক আঁকোৱালি লোৱা কিউবান বিপ্লৱী বীৰ ফিডেল কেষ্ট্ৰো আৰু তেওঁৰ সতীৰ্থ গেৰিলা যোদ্ধা চে গুৱেভাৰাৰ নামটো৷ উত্তৰ-পূৰ্বাঞ্চলৰ সংঘাতক কোনো কোনোৱে তুলনা কৰে ভিয়েটনাম যুদ্ধৰ ৰক্তাক্ত ইতিহাসৰ সৈতে, কিউবাৰ সৈতে৷ দুৰ্গম, পাহাৰীয়া নাগালেণ্ডৰ ক্ষেত্ৰত বাৰু চে গুৱেভাৰা চৰিত্ৰটোৰ দাবীদাৰ হ'ব কোন? ক'ত ভিয়েটনাম, ক'ত কিউবা, ক'ত নাগালেণ্ড৷ কিন্তু হঠাতে মনলৈ আহিল এই প্ৰশ্ন৷ উত্তৰ-পূব ভাৰতত নগাসকলেই আছিল জাতীয় মুক্তি সংগ্ৰামৰ অগ্ৰগামী বাহিনী৷ নেতৃত্বকাৰী আছিল ফিজো৷ গতিকে মতাদৰ্শগত বা কূটনৈতিক দিশত প্ৰভেদ যিয়েই নহওক, ৰণনীতি বা কৌশলগত সাদৃশ্য যি থাকক-নাথাকক, সশস্ত্ৰ সংগ্ৰামী কৰ্ম-কাণ্ডলৈ চাই ফিজো অৰ্থাৎ, আংগামী জাপ্‌ফু ফিজোৱে হ'ব চাগৈ, যাৰ নাম নুশুনা মানুহ উত্তৰ-পূৰ্বাঞ্চলত হয়তো কমেইহে ওলাব৷ আমি গৈ থকা খনমাখন তেওঁৰ জন্মস্থান আছিল৷ পৰৱৰ্তী সময়ত তেওঁ হৈ উঠিছিল নাগালেণ্ড আৰু উত্তৰ-পূব সম্পৰ্কত ব্ৰিটিছ সাম্ৰাজ্যবাদী ভাবধাৰা আৰু তত্ত্ববিলাকৰ প্ৰধান প্ৰবক্তা৷ দেহৰ শেষ বিন্দু ৰক্তলৈকে যুদ্ধ কৰা আৰু ভাৰতীয়ৰ দখলৰ পৰা মাতৃভূমিক মুক্ত কৰা, এয়া আছিল তেওঁৰ আৱেদন৷ তীক্ষ্ণ মেধা, প্ৰচুৰ স্মৃতিশক্তি, কৰ্তব্যনিষ্ঠ আৰু শৃংখলাত অদ্বিতীয়, মেজৰ আৰ্নেষ্টো চে গুৱেভাৰায়ো কৈছিল... 'মৃত্যুলৈ ভয় কৰিলে মুক্তি সংগ্ৰাম নচলে৷' আমি বিপ্লৱৰ গৱেষণাত্মক পৰ্যালোচক কিম্বা বিশ্লেষক নহওঁ৷ তথাপিতো কিয় নাজানো, চে আৰু ফিজোৰ নাম দুটাই একে সময়তে মনত ৰেখাপাত কৰিলে৷

বিগত পাঁচটা দশক ধৰি বিদ্ৰোহ-আক্ৰান্ত প্ৰদেশখনে ধীৰে ধীৰে কিন্তু পৰিৱৰ্তনৰ দিশে গতি লৈছে৷ ভ্ৰমণকাৰীৰ বিৱৰণ অধ্যয়ন কৰিলে সেয়া পুংখানুপুংখভাৱে জানিব পাৰি৷ নাগালেণ্ডক Switzerland of the East বোলা হৈছে৷ ইয়াত আছে নিৰিবিলি, সুবিধাজনক, আৰামদায়ক প্ৰাকৃতিক পৰিৱেশ যি মানুহক বিশ্ৰামৰ লগতে সুস্বাস্থ্যও দান কৰে৷ পৰ্যটনৰ বিকাশত জৈৱ বৈচিত্ৰ্য আৰু বনাঞ্চলসমূহৰ ভূমিকা অতি তাৎপৰ্যপূৰ্ণ৷ ভাৰতৰ উত্তৰ-পূব কোণৰ প্ৰকৃতিপ্ৰদত্ত অপৰূপ সৌন্দৰ্য, জীৱ-জন্তু আৰু উদ্ভিদ জগতৰ প্ৰাচুৰ্য তথা বৈচিত্ৰ্যতাই এই অঞ্চলটোৱে পৰ্যটন উদ্যোগৰ কেন্দ্ৰস্থল হিচাপে গঢ় লৈ উঠাৰ যথেষ্ট সম্ভাৱনা ৰাখিছে৷ পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাৰ কাৰণে বনজ সম্পদসমূহক সুৰক্ষা দিবলৈ চৰকাৰে সময়ে সময়ে দেশত বিভিন্ন আইন প্ৰণয়ন কৰাৰ উপৰি কেতবোৰ কাৰ্য-ব্যৱস্থা গ্ৰহণ কৰি আহিছে৷ সেই ব্যৱস্থাসমূহৰ ভিতৰতে অৰণ্যাঞ্চলসমূহৰ কিছুমানক সংৰক্ষিত বনাঞ্চল, কিছুমানক অভয়াৰণ্য, পক্ষী উদ্যান, ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰি অহা হৈছে৷ নাগালেণ্ডতো তদনুৰূপ পদক্ষেপ পৰিলক্ষিত হৈছে৷

নগা পাহাৰৰ ৰাজনীতিক এখন বেলেগ পৃথিৱী বুলি কোৱা হয়৷ কেপ্টেইন জন বাট্‌লাৰ আছিল নগাৰাজ্যৰ সৰ্বপ্ৰথম ব্ৰিটিছ ৰাজনৈতিক প্ৰতিনিধি৷ লেফ্‌টেনেণ্ট জন গ্ৰেগৰী নাগা হিল্‌ছৰ প্ৰথম ব্ৰিটিছ ডেপুটি কমিছনাৰ৷ স্বৰাজোত্তৰ কালত ইয়াৰ প্ৰথম ভাৰতীয় ডেপুটি কমিছনাৰ হৈছিল ইমাদ আলি৷ এই ৰাজ্যৰ প্ৰথম মুখ্য মন্ত্ৰী পি. শ্বিলু আও৷ প্ৰথম ৰাজ্যপাল বিষ্ণু সহায়৷ চেমাচালেপ্‌জুং আও প্ৰথমজন নগা পাস্তৰ৷ বৰ্তমানে নাগালেণ্ড বিধানসভাৰ সদস্য-সংখ্যা ৬০জন৷ ৰাজ্যখনে ৰাজ্যসভা আৰু লোকসভালৈ একোজনকৈ প্ৰাৰ্থী নিৰ্বাচন কৰি পঠিয়াব পাৰে৷


No comments:

Post a Comment