Tuesday, 8 August 2017

১৭. পালোঁহি চাচু ঝুব্‌ঝা

ইতিমধ্যে পাই অহা ঠাইবোৰ আৰু আমি নাম জনা ঠাই কিছুমানৰ নামৰ শেষত থকা 'মা'-ৰ প্ৰাদুৰ্ভাৱক লৈ গাড়ীৰ ভিতৰতে ৰসাল আলোচনা চলিব লাগিছে৷ চুমুকিডিমা, মেড্‌জিফেমা, ফেৰেমা, পিফেমা, খনমা, ক'হিমা, ঝাখামা, ভিশ্বেমা৷ আৰু কি কি পাওঁ এটাও নেৰাকৈ মোৰ নোটবুকত টুকি যাবলৈ কঠোৰভাৱেই নিৰ্দেশ দিলে সোঁকাষে বহা সুবীৰে৷

ৰাস্তাটো এইডোখৰত ভাল৷ দেখা গৈছে, উপৰিভাগ তিতি আছে৷ তাৰ মানে বৰষুণ পৰিছিল এইফালে৷ মসৃণ হাইৱে'ৰে আৰু কিছু আগুৱালত পালোঁহি এডোখৰ ঠাই৷ 'ৰক্ষা, এইটো নামত মা-টো যেনিবা নাই৷ ... চা-চু-ঝুব্‌-ঝা'৷ চাইনব'ৰ্ড এখন পঢ়ি জিভা বেকেটা খুৱাই উচ্চাৰণ কৰাৰ মানসেৰে নতুন নামটোক কেন্দ্ৰ কৰি সুবীৰে সেই ফাললৈকে চাই চাই কিছু সময়লৈ ভাল কৌতুক কৰিলে৷ 'মা'ৰ অস্তিত্ব শূন্য যদিও নামটোৰ উচ্চাৰণ কিন্তু খুবেই টান৷ অৰ্থ জনাৰো কোনো উপায় নাই৷

ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ফুল-ফল, শাক-পাচলিৰে ভৰি থকা দোকান এখনৰ সন্মুখত দুয়োখন গাড়ী থামিল৷ অভিযাত্ৰীসকল নামিল৷ দৰকাৰী কিবাকিবি কিনা হ'ল৷ সকলো একগোট হৈ পৰাত অকণমান ৰং-তামাচাও কৰা হ'ল৷ ক'হিমা ওচৰ চাপি আহিছে৷ আমি পিছে এতিয়া ক'হিমালৈ নাযাওঁ৷ অলপ আগলৈ গৈ হাইৱে'ৰ পৰা সোঁহাতে ফাটি জৎচমা আৰু তাৰ পৰা সোঁহাতে ফাটি খনমালৈ৷ সেইফালেহে সোমাই যাম৷ আংগামী গাঁৱত ৰাতিটো থাকিম৷ হাস্যমধুৰ কথা-বতৰাৰ মাজতে দীপমইনা দুৱৰাই তেওঁৰ প্লেনিংটো দাঙি ধৰিলে ''ভাত খাই উঠাৰ পাছত আটায়ে ক্ষন্তেক জিৰণি ল'ব৷ তাৰ পাছত আপোনালোকে খোজ কাঢ়ি খনমা ভিলেজখন ফুৰিব৷ মই নিজে লগত যাব হয়তো নোৱাৰিবও পাৰোঁ৷ ল'কেল গাইড এজন দিম৷ সন্ধিয়ালৈ অন্য এটা প্ৰগ্ৰেম ৰাখিছোঁ৷ স্থানীয় লোক এজন আহিব৷ তেওঁ আপোনালোকৰ আগত খনমাৰ ঐতিহাসিক কাহিনীসমূহ ব্যক্ত কৰিব৷ আশা কৰোঁ ভাল পাব আপোনালোকে৷''

ভাতৰ কথা শুনিয়ে অথনিৰে পৰা মনে মনে থকা ভোকটো সাৰ পাই উঠিল৷ ভোকাতুৰ অৱস্থাত থাকিও কিন্তু দীপমইনাই খনমাত কৰি ৰখা আয়োজনটোৰ সম্পৰ্কে জানি হ'লে বৰ সুখী হ'লোঁ৷ কল্পনা কৰিয়েই পেট ভৰি যোৱা যেন লাগিল মোৰ৷ স্বাভিমানী নগাৰ স্বাধীনতা আন্দোলন সূচনা হোৱা গাঁওখনেই হৈছে খনমা৷ এ. জেদ্‌. ফিজো, টি. চাখ্ৰেৰ গাঁও৷ সেইখন খনমা গাঁৱতে আজি আমাৰো বৰসভা বহিব তেনেহ'লে! অনামী উত্তেজনা এটাই মনটো গভীৰভাৱে কোবাই গ'ল৷ কেতিয়া পাওঁগৈ, কেতিয়া পাওঁগৈ লাগিল৷ অথচ এইটোও জানো যে পৰ্বতত অকণমান দূৰেই বহুত দূৰ৷ ধৈৰ্য ধৰি গৈ থাকিম, পাই যাম খনমা৷

দৰাচলতে নগাসকলৰ সৈতে ভাৰত চৰকাৰৰ বিবাদ বহু পুৰণি৷ ব্ৰিটিছ চৰকাৰৰ দিনতেই আৰম্ভ হোৱা সংঘাত প্ৰকট ৰূপত দেখা দিছিল ১৯৪৭ চনৰ স্বাধীনতা দিৱসৰ প্ৰাক্‌মুহূৰ্তত৷ ১৪ আগষ্টৰ দিনাই তেওঁলোকে কালৈকো নাচাই নিজকে স্বাধীন বুলি ঘোষণা কৰি দিছিল৷ নগা অধ্যুষিত এলেকাক অন্তৰ্ভুক্ত কৰি স্বতন্ত্ৰ নাগালিম অৰ্থাৎ বৃহত্তৰ নাগালেণ্ড সৃষ্টিৰ দাবীও দীৰ্ঘদিনীয়া৷ সেই দাবীমতে নাগালেণ্ডৰ লগতে অসম, মণিপুৰ, অৰুণাচল প্ৰদেশৰো কিছু কিছু অংশ নাগালিমৰ মেপত সন্নিৱিষ্ট কৰা হৈছে৷ ম্যানমাৰৰ একাংশও বিচাৰিছে৷ এটা অত্যন্ত জটিল সমস্যা৷

ব্ৰিটিছৰ শাসনৰ সময়ৰে পৰাই স্বতন্ত্ৰতা বিচাৰি থকা নগাৰ দাবী স্বৰাজোত্তৰ ভাৰতত প্ৰথম প্ৰধান মন্ত্ৰীজনে সজোৰে প্ৰত্যাখ্যান কৰিছিল৷ ভাৰতক অধিক বিভাজনৰ পৰা ৰক্ষা কৰাৰ পক্ষে অংগীকাৰবদ্ধ হৈ নেহৰুৱে এইবুলি ঘোষণা কৰিছিল ''যদি নদীৰ পানী তেজৰ ৰঙেৰে ৰঙাও হৈ যায় তথাপি মই নগাক স্বাধীনতা নিদিওঁ৷'' নগা বিদ্ৰোহীও কম নহয়৷ তেওঁলোকেও একেদিনাই শপত লৈছিল ''সূৰ্য নিশ্চিহ্ন হৈ নোযোৱা পৰ্যন্ত নাগালেণ্ডৰ মুক্তিৰ বাবে সংগ্ৰাম অব্যাহত ৰখা হ'ব৷'' ৬০ৰ দশকত সূচনা হোৱা সেই সশস্ত্ৰ স্বাধীনতা সংগ্ৰামৰ ফলাফল এদিন পাবই, 'ইণ্ডিপিটি' আহিবই বুলি আত্মবিশ্বাসী আছিল পৰৱৰ্তী নগা সংগ্ৰামী প্ৰজন্ম৷ এতিয়া সকলোৱে জানে যে সেই সংগ্ৰাম কালক্ৰমত স্তিমিত হৈ পৰিল৷ কিন্তু আজিৰ তাৰিখতো চুকে-কোণে ক'ৰবাত অব্যাহত আছে৷ স্বাধীনতাৰ আশা শেষ নোহোৱা আশা৷ নাগালেণ্ডক আগ বঢ়াই নিয়াৰ লক্ষ্যৰে ভাৰত চৰকাৰেও পূৰ্বৰ তুলনাত অধিক মনোনিৱেশ কৰিব ধৰিছে, গুৰুত্ব দিব ধৰিছে উন্নয়নৰ লক্ষ্যৰে৷

সশস্ত্ৰ সংগ্ৰাম নহয়, নাগালেণ্ডৰ ক'হিমা জিলাৰ এই ঝুব্‌ঝা নামৰ ঠাইটুকুৰাৰ গুৰুত্ব কিন্তু সম্প্ৰতি বেলেগ এটা কাৰণতহে বৃদ্ধি পাবলৈ লৈছে৷ কাৰণটো হ'ল, ভাৰতবৰ্ষৰ ৰে'ল মানচিত্ৰত এই সৰু ঠাইখনে নব্য পৰিচিতি লভিবলৈ সমৰ্থ হৈছে৷ ভাৰতীয় ৰে'ল এচিয়াৰ ভিতৰতে একক পৰিচালনাধীন সৰ্ববৃহৎ আৰু বিশ্বৰ ভিতৰত দ্বিতীয় বৃহত্তম ৰে'ল ব্যৱস্থা৷ দেশৰ জনজীৱনৰ ই এক অবিচ্ছেদ্য অংগ যাৰ নিজস্ব এটা সুদীৰ্ঘ বৰ্ণময় ইতিহাস আছে৷ ব্ৰডগজ, মিটাৰগজ, নেৰ'গজ মিলাই এই বিশাল পৰিৱহণ ব্যৱস্থাৰ অধীনত কেইবাহাজাৰ কিল'মিটাৰজোৰা ৰে'লপথ আছে৷ নগাৰাজ্যৰ ক্ষেত্ৰত কিন্তু সাম্প্ৰতিক কাল পৰ্যন্ত এইটোৱেই প্ৰথম ৰে'লৱে প্ৰজেক্ট৷ বিগত ১৮৫৮ চনৰ ১৫ জানুৱাৰীতে গুৱাহাটীৰ মালিগাঁৱত সদৰ কাৰ্যালয় স্থাপনেৰে উত্তৰ-পূব সীমান্ত ৰে'লৱে গঠন হ'ল, ১৯৬২ চনত বিশাল ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাট দলং নিৰ্মাণেৰে সংযোগহীনতাৰ অন্ত পৰিল৷ তত্ৰাচ ডেৰশৰো অধিক বছৰ অতিক্রম কৰাৰ পাছতো আজিৰ তাৰিখলৈকে ডিমাপুৰেই নাগালেণ্ড নামৰ ৰাজ্যখনৰ একমাত্ৰ ৰে'ল স্টেশ্বন বুলি গণ্য হৈ অহাটো, অন্য কোনো ঠাই সংযোগী ৰে'লপথ নিৰ্মাণ নোহোৱাটো মন কৰিবলগীয়া কথাই৷ সদ্যহতে জানি ভাল লাগিছে যে সীমান্তৱৰ্তী অসমৰ আমি বাস কৰা কাৰবি আংলং জিলাৰ ধনশিৰিৰ পৰা ঝুব্‌ঝালৈ কেইবছৰমানৰ পাছতে ব্ৰডগজ ৰে'লপথেৰে ট্ৰে'ন চলিব৷ ইঞ্জিন আহিব, ৱাগন অৰ্থাৎ মালবাহী ডবা আহিব, ক'চ্‌ অৰ্থাৎ যাত্ৰীবাহী ডবা আহিব, ৰাজহুৱা সংযোগৰ মাধ্যম হিচাপে সৰু-বৰ স্টেশ্বন স্থাপন হ'ব, যাতায়াত খৰতকীয়া হ'ব, বয়বস্তু আৰু যাত্ৰী সৰৱৰাহৰ উপৰি আমাৰ চুবুৰীয়া ৰাজ্যখনৰ অৰ্থনীতিলৈ বিকাশ আৰু সমাজ ব্যৱস্থালৈ বিৱৰ্তন আহিব৷

ভাবনাত বিভোৰ হৈ ঝুব্‌ঝা এৰিবলৈ উদ্যত হ'লোঁ৷ জানিব পৰামতে ধনশিৰি নদীৰ ওপৰেৰে পাৰ হৈ নাগালেণ্ডৰ শ্ব'ছুভি হৈ ঝুব্‌ঝালৈ নিৰ্মাণ হ'বলগীয়া এই ৰে'ললাইনছোৱাৰ দৈৰ্ঘ হ'ব ৯০.৫ কিল'মিটাৰ৷ চলিত বৰ্ষৰে আগষ্ট মাহত আধাৰশিলা স্থাপনৰ পাছত উচ্চ প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে নিখুঁতভাৱে ২০১৯ চনত প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ কথা৷ এই নতুন ৰে'লপথছোৱাৰ জৰিয়তে পাৰ্বত্য ৰাজ্যখনৰ সৈতে দেশৰ ৰাজধানী নতুন দিল্লীৰ প্ৰত্যক্ষ সংযোগ সাধন সম্ভৱ হ'ব৷ মন কৰিবলগীয়া যে দিল্লীৰ পৰা ক'হিমা পাবলৈ আজিৰ তাৰিখত যিমানখিনি সময়ৰ প্ৰয়োজন হয়, সিমান সময়ত আমেৰিকা পাবগৈ পাৰি৷ বিশেষকৈ নাগালেণ্ডৰ মানুহৰ মুখত এনেকুৱা কৌতুক আৰু তাৰ পৃষ্ঠপটত ক্ষোভ মিশ্ৰিত বাক্য আমি সততে শুনা পাই আহিছোঁ৷ সি যি কি নহওক, এই প্ৰকল্পটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ প্ৰতিবন্ধকতা দূৰ কৰি উন্নয়নৰ দিশত সহায়ক হ'ব, বাণিজ্য আৰু পৰ্যটনৰ প্ৰসাৰতো প্ৰভূত বৰঙণি যোগাব বুলি ভবাটো নিশ্চয় অমূলক নহ'ব৷ ঝুব্‌ঝাৰ পৰা ক'হিমালৈ বৰ বেছি নহয়, ২০-২২ কিল'মিটাৰ মাত্ৰ৷ নতুন ৰে'লপথে দিল্লী-ডিমাপুৰ-ক'হিমাৰ মাজৰ যাত্ৰাৰ কষ্ট আৰু অৱসাদ নিঃসন্দেহে লাঘৱ কৰিব৷ প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদ উভয়তে চহকী নগাৰাজ্যৰ বাবে এইটো এটা খুব ভাল খবৰ৷ ভাল খবৰটো পাই আমিও স্থানীয় নগা-অনগাসকলৰ সমানেই আনন্দিত৷







No comments:

Post a Comment