দিন তিনি ৷৷ খণ্ড ৮
এখন সৰু প্ৰশাসনিক চহৰ মেন্-চু-খা৷ পশ্চিম চিয়াং
জিলাৰ উত্তৰ অংশত ভাৰত-তিব্বত সীমান্তৰ ওচৰত অৱস্থান ইয়াৰ৷ পঢ়িবলৈ পোৱা মতে মেন্-চু-খাৰ
পূৰ্বৰ নাম আছিল বাজাচিৰি৷ কালক্ৰমত মানুহৰ মুখত হৈ পৰিল বজশ্ৰী৷ বাজাচিৰিৰ অৰ্থ য়াৰগ্যাপচু৷
চু মানে নৈ বা পানী৷ বাজাচিৰি পূৰ্বতে তিব্বতৰ অংশ আছিল৷ ইয়াৰ নিবাসীসকলৰ প্ৰধান জীৱিকা
আছিল পশুপালন৷ ধৰ্ম বিশ্বাসত মেন্-চু-খাৰ মানুহবোৰ এতিয়াও তিব্বতৰ মহাযান অৰ্থাৎ বজ্ৰযান
পন্থী৷ ১৯৬২ৰ চীনা যুদ্ধৰ সময়ত মেন্-চু-খাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল৷
ঠেক ৰাস্তাটোৰে গাড়ীখন আগুৱাইছে৷ খুব মনোযোগেৰে
ইফালে-সিফালে দৃষ্টিপাত কৰি গ’লোঁ৷ অৰুণাচলৰ অন্যান্য ঠাইত দেখাৰ দৰে বাঁহ আৰু টকৌপাতৰ ঘৰ ইয়াত দেখা
নাইচোন৷ টিনপাত লগোৱা পাইন কাঠৰ তক্তা-বাটামেৰেহে সজ্জিত ঘৰবোৰ৷ তাকো অ’ত-ত’ত সিঁচৰতি হৈ আছে৷ পৰিৱেশটোৱে
আগতে ফটোত দেখা ইউৰোপৰ কোনোবা পাৰ্বত্য পৃষ্ঠপটৰ দৃশ্যৰ সৈতে কিবা এক সামঞ্জস্য আনি দিলে৷
গাড়ীখন আৰু আগ বঢ়াৰ লগে লগে ইফালে-সিফালে সিঁচৰতি হৈ থকা বাসগৃহবোৰ ক্রমাৎ থূপ খাই
আহিল৷ টিলাসদৃশ উপৰিভাগৰ হাঁফলু আকৃতিৰ গঠনটোৱেও দৃষ্টি টানি নিলে৷ বেলেগ এখন জগতত
সোমাই পৰিলোঁ আমি৷
মেন্-চু-খা ৱে’ষ্ট চিয়াং জিলাৰ এটা মহকুমা৷ আমি আহোঁতে পোৱা পেনে
নামৰ ঠাইটুকুৰাৰ পৰাই মহকুমাটোৰ আৰম্ভণি হৈছে৷ মহকুমাটো চাৰিটা ৰাজহ-চক্রত বিভক্ত৷
মেন্-চু-খা, তাত’, পিডি আৰু মণিগং৷ মেন্-চু-খা
চাৰ্কোলটো গঠন কৰা হৈছিল বিগত ১৯৫১ চনত৷ ইয়াৰ অন্তৰ্গত ১৮খন গাঁও আছে৷ সেইবোৰ হ’ল কাদাচিল’, ছেকৰ, তেছিং পাংগা, দেৰ্জিলিং,
বাৰাংগা, বুম্জি পাংগা, ফাৰ্গে, মেন্-চু-খা, ইউৰনি, ছিংবিৰ, গালিং, ডিজিংথাং, থাৰ্গেলিং,
ছেগাং, হ্লালুং, মনগাং, মণিগং, পিডি৷ বৃহত্তৰ আদি জনগোষ্ঠীৰ অন্তৰ্গত ব’ৰি, ব’কাৰ, পাইলেবো বা লেবো, ৰামোৰ
উপৰি মেম্বাসকলে এই জিলাত বাস কৰি আহিছে৷ ভিতৰুৱা অনেকবোৰ ঠাইলৈ এতিয়াও পকী পথ যোগাযোগ
সম্ভৱ হৈ উঠাই নাই৷ গতিকে যাতায়াত আৰু জীৱন-যাত্ৰা উভয়েই কষ্টকৰ৷
মেন্-চু-খা মহকুমাৰ তিনিটা সংমণ্ডল৷ মেন্-চু-খা,
তাত’ আৰু মণিগং৷ মেন্-চু-খা সংমণ্ডলত
মেম্বা জনজাতিয়ে বাস কৰে৷ মহকুমা সদৰ মেন্-চু-খাৰ পৰা ১০ কিল’মিটাৰৰ ভিতৰত তেওঁলোকৰ গাঁওবোৰ
অৱস্থিত৷ পৰ্বতৰ অধিক উচ্চতাত অৰ্থাৎ আমাৰ লক্ষ্যস্থান মেন্-চু-খা প্ৰধানকৈ মেম্বাসকলৰ
বসতিপ্ৰধান ঠাই৷ গাপ’, পাউক, পাদুচা, লিপুচি, হিৰি,
পুৰয়িং, ৰাপুম, চাৰুং, থাৰ্টি ফাইভ, ৰিগ’, কাৰ্টে আদি মেন্-চু-খাৰ আশে-পাশে
থকা সৰু-বৰ জনপদ৷ ২০১৪ চনৰ পৰিসংখ্যানুযায়ী মেন্-চু-খাৰ জনসংখ্যা আছিল প্ৰায় ৫,০০০৷
মেন্-চু-খাৰ পৰা ২৩-৫০ কিল’মিটাৰ আঁতৰত পূব দিশত য়মগ নৈৰ
সোঁপাৰে দুৰ্ধৰ্ষ আৰু যুদ্ধপ্ৰিয় ৰামো জনজাতিৰ বসতি৷ মেন্-চু-খাৰ পৰা ৩-৬ দিনৰ পদপথত
অৱস্থিত তাত’ সংমণ্ডলত পাইলেবোসকলে বাস কৰে৷
তাত’ৰ পৰা উত্তৰ-পশ্চিমে ৬ দিনৰ পদপথত
মণিগং৷ দুৰ্দান্ত যুঁজাৰু ব’কাৰ জনজাতিয়ে মণিগং সংমণ্ডলত বসতি কৰে৷ কিছুসংখ্যক তাগিন লোকো ইয়াত
আছে৷ সকলোৱে সমন্বয় আৰু সমিলমিলেৰে বসবাস কৰি আহিছে৷ মেম্বাৰ ল’চাৰ (নৱবৰ্ষ); ব’কাৰ, ৰামো, পাইলেবোৰ পদি বাৰ্বি
আৰু তাগিনৰ ছি-দঞি লেখত ল’বলগীয়া উৎসৱ৷
চহৰ সোমাই গেবু চোনাৰ হ’মষ্টে’টো কেনি তাৰে অনুসন্ধান আৰম্ভ
হ’ল৷ অচিন কোনোবা পথিকে দেখুৱাই
দিয়ামতে ভাৰতীয় ষ্টেট্ বেংকৰ বিশালাকাৰ বিল্ডিঙৰ তলত থকা গেবুজ শ্বপৰ সন্মুখত অগা-পিছাকৈ
গাড়ী দুখন ৰৈ গ’ল৷ দোকানখন এক কথাত গেবুৰ টুৰিষ্ট
ইন্ফৰ্মেচন্ চেণ্টাৰ৷ পে’ট্ৰল, ডিজেল, হাৰ্ডৱেৰ, ৰেস্তোৰাঁ,
হ’মষ্টে’ আৰু টুৰিষ্ট গাইডৰ বাবে যোগাযোগথলী৷
তাৰ পৰা দিয়া পথ নিৰ্দেশনা অনুসৰণ কৰি জেনেৰেল গ্ৰাউণ্ডৰ সমীপত অৱস্থিত গেবুজ ট্ৰেডিচনেল্
লজ্ ওলালোঁগৈ৷ তাতে প্ৰথমবাৰৰ বাবে দেখা পালোঁ হ’মষ্টে’টোৰ মালিক তথা স্থানীয় ব্যৱসায়ী গেবু চোনাক৷
গেবুৰ সৈতে চিনাকি হৈ আমি
প্ৰত্যেকেই কৰমৰ্দন কৰিলোঁ৷ চুটি-চাপৰ, সৰৱৰহী, ডেকা মানুহজনে হাঁহিমুখে আমাক সম্ভাষণ
জনালে৷ অন্ধকাৰ নামি আহিছে৷ ঠাণ্ডাও বাঢ়ি আহিছে৷ ইয়াত তাপমান জাৰকালি সৰ্বোচ্চ ১৬ ডিগ্ৰী
আৰু সৰ্বনিম্ন -৮ ডিগ্ৰী পৰ্যন্ত হয়৷ জহকালি দিনৰ ভাগত উষ্ণতা সৰ্বোচ্চ ৩০ ডিগ্ৰী আৰু
নিশালৈ সৰ্বনিম্ন ৮ ডিগ্ৰী চেণ্টিগ্ৰেড হয়৷ আলহীৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখিয়ে ল’ৰা এটাই বাহিৰত জুই ধৰাৰ যো-জা চলাইছে৷ শুকান খৰিৰ
জুইৰে জাৰ পুউৱা আৰু ভাত-পানী ৰন্ধা, দুয়োটা কামেই চলে৷ গেবুৰ নিৰ্দেশত ছোৱালী এজনীয়ে
আমাৰ বাবে চাহ কৰিলে৷ কম সময়ৰ ভিতৰতে থিয়ৈ থিয়ৈ তাই গৰম চাহ যাচিলেহি৷ দুহাতৰ মাজত
কাপটোৰ উমাল পৰশ পাওঁতেহে ভাল লাগিল৷ জুইকুৰা ইতিমধ্যে জ্বলি উঠিছে৷ চৌপাশে বহিবৰ বাবে
এফুটীয়া গা-গছৰ ঘূৰণীয়া আসন কিছুমান পৰি আছে৷ সেইবোৰতে সকলোটি বহিলোঁ৷ গেবুৰ সৈতে কথা-বতৰাও
চলি থাকিল৷ ছোৱালীজনীয়ে ব্যস্ততাৰে আমাতকৈ আগতে অহা দল এটাৰ বাবে কোঠাৰ ব্যৱস্থা কৰি
থকা দেখা গ’ল৷ দলটোৰ সদস্যসকলে নিজৰ
গাড়ীৰ পৰা বস্তু-বাহানিবোৰ আনি কোঠাত সুমুৱাইছে৷ ‘আমাৰ কি হ’ব দাদা?’ …জয়ন্তদাক সুধিলোঁ৷ একে প্ৰশ্নকে জয়ন্তদাই কৰিলে গেবুক৷
গেবুৱে ক’লে, ‘ৰূপাক ক’লোঁ নহয়৷ তাই সকলো কৰি দিব৷’ কোঠাৰ ব্যৱস্থাপনা শীঘ্ৰে কৰি দিয়াৰ কথালৈ ছোৱালীজনীক
উদ্দেশ্যি নিজেও লগে লগে চিঞৰিলে এবাৰ৷ সিফালৰ পৰাও সঁহাৰিসূচক মাত এষাৰ ভাহি আহিল৷
দুটা কথাত নিশ্চিত হ’লোঁ৷ এক. ৰূপা তাইৰ নাম৷ দুই. তায়ে হ’মষ্টে’টোৰ হৰ্তা-কৰ্তা-বিধাতা৷
No comments:
Post a Comment