দিন তিনি ৷৷ খণ্ড ৯
ভাগ্যক্রমে আমাৰ বাবে কোঠা চাৰিটা পোৱা গ’ল যেনিবা৷ মই আৰু দীপকদা; অৰূপদা
আৰু প্ৰদীপদা; জয়ন্তদা, ৰাজীৱ আৰু শিৱদেব; চালকদ্বয় বসুদেব আৰু পুলিন একোটা ৰূমত সংগীৰ ৰূপত থকাটো ঠিক হ’ল৷ অলপ পাছতে ৰূপাই আমাক চমজাই দিয়ামতে
চাবি হাতত লৈ কোঠালৈ আগ বাঢ়িলোঁ৷ প্ৰত্যেকটো কোঠাৰে দৰজাত নম্বৰ লিখা আছে৷ আমাৰ ৰূম নম্বৰ ১০২৷ সোমায়ে সোঁহাতে, মুখতে৷
ৱিণ্ড চিটাৰটো খুলি ঠাণ্ডা পানীৰেই চিধাই হাত-মুখ
ভালকৈ ধুলোঁ৷ অনেক দূৰ ভ্ৰমি অহা হৈছে৷ মেন্-চু-খাত থকা-খোৱাৰ ব্যৱস্থা হৈ উঠাত সুখী
ভাবনাৰে গামোচাখনেৰে মুখখন মচি আছোঁ৷ তেনেকুৱাতে জোতাৰ গিৰিপ-গাৰাপ ধ্বনি তুলি বাহিৰত
মহিলা এগৰাকীৰ আবিৰ্ভাৱ! খৰ খোজেৰে তেওঁ আমি থকা ঘৰটোৰ বাৰাণ্ডাৰ এমূৰে ৰখা ৱাশ্বিং
মেশ্বিনটোত কিবা চাবলৈ আহিছিল৷ দেখা পাই কিবা ভাবি ময়ো ওলাই আহিলোঁ৷ ‘আপ নানীজী হ্যায় না?’ বুলি পোনছাটেই প্ৰশ্ন কৰি পেলালোঁ
তেওঁক৷ মেশ্বিনটোৰ ঢাকোনখন জপাই মোলৈ চাই মানুহজনীয়ে হাঁহিলে৷ মূৰ দুপিয়ালে৷ লগতে নিজৰ
নামটো শুধৰাই দিলে… ‘নানা’৷ বুজিলোঁ, নানী নহয় নানা৷ কওঁতে মোৰ ভুল হ’ল৷ ‘আচ্ছা নানাজী, সিদিনা গেবুজীকযে
ফোন কৰিছিলোঁ, সেইজন মানুহ ময়েই৷ আপুনি ৰিচিভ্ কৰিছিল আৰু কথা পাতিছিল৷ কৈছিল, গেবুজী বস্তিলৈ যোৱা বুলি৷’ এইবুলি তেওঁৰ লগত হিন্দী ভাষাতে
চমু বাৰ্তা বিনিময় চলিল৷ আমি ক’ৰ পৰা আহিছোঁ, কেইজন আহিছোঁ ইত্যাদি জানিব বিচাৰিলে তেওঁ৷ ‘বাৰু চাৰ, আপোনালোকে এতিয়া ৰে’ষ্ট লওক, দূৰ বাট অতিক্রমি আহিছে৷
ময়ো খানাৰ যা-যোগাৰত লাগোঁগৈ৷’ বুলি পুনৰ একে গতিৰেই নানাজী আমাৰ বাঁওহাতে থকা অন্য এটা ঘৰত উঠিলগৈ৷
সেইটোতে গেবুৰ পৰিয়ালটো থাকে৷ পাকঘৰো তাতেই৷ বাকী দুটা ঘৰ আলহীৰ বাবে৷ ৰঙা টিনপাত দিয়া
আমি থকা দেখনিয়াৰ ঘৰটো নতুনকৈ সজা৷ বেৰবোৰ পাইন কাঠৰ, মজিয়া পকী, দুমহলীয়া৷ ধুনীয়া লাগিছে সোমাই৷
আচলতে নানা এইমাত্ৰ দোকানৰ পৰা আহি পাইছে৷ আমি
অলপ আগতে পাই অহা গেবুজ শ্বপ্খন তেৱেঁই চলায়৷ খোজ-কাটল দেখিয়ে গম পাইছোঁ, কিমান কৰ্মচঞ্চলা
হ’ব এই মহিলাগৰাকী৷ চাহ দিয়া ছোৱালীজনী,
ৰূপাৰো একেই স্পীড্৷ ইহঁতে সলসলীয়াকৈ ৰাষ্ট্ৰভাষা ক’ব পাৰে৷ মেন্-চু-খাৰ মানুহ নিজৰ
দোৱানৰ উপৰি হিন্দী আৰু কাম চলাব পৰাকৈ ইংৰাজী কোৱাত অভ্যস্ত৷ গতিকে ভাষাৰ সমস্যা নাই৷
এওঁলোক তিব্বেত’-মংগলয়ড্ নৃগোষ্ঠীয় মূলৰ মেম্বা লোক৷ মেম্বাসকল
বৌদ্ধ ধৰ্মাৱলম্বী৷ মেন্-চু-খাত বৌদ্ধ মানুহৰে সংখ্যাটো সৰহ৷ দঞি-পল’ পন্থী আৰু খ্ৰিষ্টানৰ সংখ্যা তাকৰ৷
বৌদ্ধধৰ্মীয় পৰিৱেশ এটাযে ইয়াত সবলভাৱে বিৰাজমান সেয়া অথনি চহৰৰ মাজেদি প্ৰথমবাৰ পাৰ
হৈ আহি থাকোঁতেই ধাৰণা কৰি পেলাইছোঁ৷ ভগৱান বুদ্ধক হিন্দুসকলৰ পালনকৰ্তা আৰু পৰমপূজ্য দেৱতা বিষ্ণুৰ নৱম অৱতাৰ বুলি কোৱা হয়৷ দোকানৰ প্ৰায় সন্মুখতে তিনিআলিৰ একোণত মঠ এটা দেখিবলৈ পালোঁ৷ মঠটো দেখি মোৰ ব'মডিলা আৰু ইটানগৰলৈ মনত পৰিল৷ মেম্বা
জনজাতিৰ সৈতে তিব্বতৰ কম্বু, ইউবু, থম্বু দোৱানৰ মিল পোৱা যায় বুলি আগতে এঠাইত পঢ়িছিলোঁ৷
মেম্বা জনগোষ্ঠীটো কম্বু দোৱান ব্যৱহাৰ কৰা তিব্বতীয় লোকৰ এটা উপশাখা৷ মেম্বাসকলে
Nyingmapa School of Tibetan Buddhism অনুসৰণ কৰে৷ তিব্বেতান লিপিৰ পৰা উদ্ভূত হিকৰ
নামে তেওঁলোকৰ নিজা লিপি আছে৷ আনহাতে কেৱল দোৱানৰ বাহিৰে অন্য দিশত ৱে’ষ্ট কামেং আৰু টাৱাঙৰ মন্পাসকলৰ
সৈতে মেম্বাসকলৰ সামঞ্জস্য থকা বুলি কোৱা হয়৷ এই জন-সমষ্টিৰ প্ৰব্ৰজন একালত টাৱাঙৰ
ফালৰ পৰা হৈছিল বুলিও জনা যায়৷ খাদ্যাভ্যাস, কলা-কৌশল আদি উভয়ৰে একেই৷
পশুপালন মেম্বাসকলৰ পুৰণি বৃত্তি৷ তেওঁলোকে ধান, গোমধান, জোৱাৰ, কণীধান, আলু, মাহ আদিৰ খেতি কৰে৷ গাখীৰৰ পৰা মাখন, ঘি তৈয়াৰ কৰে৷ গাখীৰ উতলাই তাত তিব্বতীয় চাহপাত আৰু সামান্য নিমখ দি এটা কঁড়ীয়াত মথি চাহ তৈয়াৰ কৰি প্ৰচুৰ পৰিমাণে খায়৷ ৱালঙত সঞ্জু আৰু মই মৰ্নিং ৱাক কৰিবলৈ যাওঁতে জীৱনত প্ৰথমবাৰৰ বাবে পাইছিলোঁ জাখ্ৰিং অৰ্থাৎ মেয়ৰ জনগোষ্ঠীৰ পৰম্পৰাগত নমক চ্যায় 'মেয়ৰ টি'ৰ পাহৰিব নোৱাৰা স্বাদ৷ তাৰ আগতে লে'ক অফ্ ন' ৰিটাৰ্ণলৈ যাওঁতে নামপঙৰ নংকি বস্তিত টাংচা চাঙত পাইছিলোঁ তেওঁলোকে ঘৰুৱাভাৱে প্ৰস্তুত কৰা তিতা চাহ 'ফালাপ'ৰ সোৱাদ৷ এইবাৰ ইয়াত মেম্বা চাহৰ জুতি ল'বই লাগিব বুলি ভাবি থৈছোঁ৷
পশুপালন মেম্বাসকলৰ পুৰণি বৃত্তি৷ তেওঁলোকে ধান, গোমধান, জোৱাৰ, কণীধান, আলু, মাহ আদিৰ খেতি কৰে৷ গাখীৰৰ পৰা মাখন, ঘি তৈয়াৰ কৰে৷ গাখীৰ উতলাই তাত তিব্বতীয় চাহপাত আৰু সামান্য নিমখ দি এটা কঁড়ীয়াত মথি চাহ তৈয়াৰ কৰি প্ৰচুৰ পৰিমাণে খায়৷ ৱালঙত সঞ্জু আৰু মই মৰ্নিং ৱাক কৰিবলৈ যাওঁতে জীৱনত প্ৰথমবাৰৰ বাবে পাইছিলোঁ জাখ্ৰিং অৰ্থাৎ মেয়ৰ জনগোষ্ঠীৰ পৰম্পৰাগত নমক চ্যায় 'মেয়ৰ টি'ৰ পাহৰিব নোৱাৰা স্বাদ৷ তাৰ আগতে লে'ক অফ্ ন' ৰিটাৰ্ণলৈ যাওঁতে নামপঙৰ নংকি বস্তিত টাংচা চাঙত পাইছিলোঁ তেওঁলোকে ঘৰুৱাভাৱে প্ৰস্তুত কৰা তিতা চাহ 'ফালাপ'ৰ সোৱাদ৷ এইবাৰ ইয়াত মেম্বা চাহৰ জুতি ল'বই লাগিব বুলি ভাবি থৈছোঁ৷
অৰুণাচলৰ ফেষ্টিভেল কেলেণ্ডাৰ লক্ষ্য কৰি মই অভিভূত হওঁ৷ সৌ মূৰৰ টাৱাং ফেষ্টিভেলৰ পৰা আৰম্ভ কৰি সৌ মূৰৰ পাংচাও পাচ ৱিণ্টাৰ ফেষ্টিভেললৈকে, চৰকাৰী পৃষ্ঠপোষকতাত আয়োজিত অনুষ্ঠানসমূহৰ উপৰি জনগোষ্ঠীমাত্ৰেই বছৰটোৰ বিভিন্ন সময়ত উদ্যাপন কৰি অহা উৎসৱ-পাৰ্বণসমূহ ৰাজ্যখনৰ সাংস্কৃতিক পৰ্যটনৰ আকৰ্ষণীয় আৰু শক্তিশালী সমল হৈ পৰিছে৷ মেন্-চু-খাৰ মেম্বাসকলৰ প্ৰধান উৎসৱ ল’চাৰ৷ ফেব্ৰুৱাৰী মাহত পাঁচদিনীয়াকৈ
এই উৎসৱ পালনৰ মাধ্যমেৰে নতুন বছৰ উদ্যাপন কৰা হয়৷ তেওঁলোকে নৃত্য-গীত ভাল পায়৷ কোনো
বাদ্যযন্ত্ৰ নোহোৱাকৈ কৰা ইশ্বে তেওঁলোকৰ এটা জনপ্ৰিয় নৃত্য৷ তেওঁলোকে হাতে বোৱা আৰু
ৰং কৰা বৌদ্ধধৰ্মী বস্ত্ৰ পিন্ধে৷ মেম্বা পুৰুষ আৰু মহিলাই ব্যৱহাৰ কৰা পৰম্পৰাগত সাজক
ক্রমে Chub আৰু Phumey বোলে৷ তেওঁলোকে আ-অলংকাৰো পৰিধান কৰে৷ গেবু, নানা, ৰূপাহঁতৰ
শৰীৰত আমি এতিয়া অৱশ্যে পৰম্পৰাগত সাজপাৰ, অলংকাৰৰ পৰিৱৰ্তে জিন্চ-জেকেট আৰু কলাফুল পৰ্যন্ত
ঢকা জোতাহে দেখা পাইছোঁ৷
ইতিমধ্যে চৌদিশ অন্ধকাৰ
হৈ পৰিল৷ অ’ত-ত’ত দেখা গৈছে নিয়ন লাইটৰ তিৰ্বিৰণি৷ হ’মষ্টে’ৰ চৌহদত জেনেৰেটৰ চেট্ চলিছে৷ ইলেক্ট্ৰিক্ কাৰেণ্ট
নাই৷ খুঁটা আছে, বিদ্যুৎ পৰিবাহী তাঁৰবোৰো ওলমি থকা দেখিছোঁ৷ বহুদিনৰ আগতেই জনৈক ট্ৰেভেলাৰৰ ব্লগ্ পঢ়ি জানি থৈছিলোঁ যে মেন্-চু-খাত বিদ্যুতৰ
সমস্যা আছে৷ জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনাই তোলপাৰ লগাই থকা এখন ৰাজ্যৰ অতিপাত ধুনীয়া ঠাই এখনত এতিয়াও এনে অৱস্থা! সন্ধিয়া ৬.০০ বজাৰ পৰা নিশা ১১.০০ বজা পৰ্যন্ত জেনেৰেটৰ চলাই পোহৰৰ ব্যৱস্থা
কৰা হয়৷ অন্যথা অন্ধকাৰ৷ মানুহৰ হাতে হাতে টৰ্চ লাইট৷ ইয়ালৈ আহি এতিয়া নিজেই প্ৰমাণ পালোঁ৷ চৌহদটোত প্ৰৱেশ কৰোঁতেই দেখা গৈছিল, সোঁহাতে মস্ত
ইলেক্ট্ৰিক্ জেনেৰেটৰ এটা আছে৷ ৰাক্চেকৰ পৰা টৰ্চ উলিয়াই ময়ো পিন্ধি থকা ডাঠ জেকেটটোৰ পকেটত ভৰাই লৈছোঁ৷
No comments:
Post a Comment