Friday, 13 October 2017

দিন এক ৷৷ খণ্ড ৩

মহানগৰীৰ বুকুত অতপৰে ঠিকেই চলিছে আমি উঠি যোৱা বগা ডিজায়াৰখন৷ ড্ৰাইভাৰ বৰ্মনে বেছ পটুতাৰে ভিৰ নথকা বাটেৰে আমাক আনি আছে৷ পিছে মালিগাঁও চাৰিআলিৰ পৰা কামাখ্যা ষ্টেচনলৈ সোমোৱা ঠেক গলিটোতহে আপদখনে লম্ভিলে৷ বহুত সময় ধৰি বিৰাট ট্ৰেফিক্‌ জাম্‌৷ নিয়ম নমনাৰ ফলত পথছোৱাত খেলিমেলি আৰু ঠেলা-হেঁচা হৈছে৷ লগতে হৈ-চৈও৷ গাড়ী আগ নাবাঢ়েই৷ এঠাইত ৰৈ যাবলৈ বাধ্য হ'ল৷ যানবাহন নিয়ন্ত্ৰণকাৰী পুলিছমেন এজনো দেখিবলৈ নাই৷ ইফালে সময় চমু চাপি আহি আছে৷ অৰূপদাই খঙতে ভোৰ্‌ভোৰাই নামি দিলে চিটৰ পৰা৷ ভিৰ ফালি গৈ থাকিল আগলৈ৷ আমি নেদেখা হ'লোঁ৷ কিছু সময়ৰ পাছতে প্ৰদীপদালৈ জয়ন্তদাৰ ফোনকল৷ তেওঁলোকৰো দশা তথৈবচ৷ গাড়ীখন অথনিৰে পৰা আগত ফচি আছে৷ আইনাৰ মাজেৰে চকামকাকৈ দেখা পাইছে অৰূপদাযেন লগা লোক এজনক৷ সোনকালেই নিশ্চিত কৰিলে যে হয়, সেইজন অৰূপ কলিতাই হয়৷ সেয়ে প্ৰদীপদাৰ ফোনটো বাজি উঠিছে৷ 'প্ৰদীপ সিং... অৰূপে ইয়াত চিঞৰি-বাখৰি কি কৰি আছে?' জয়ন্তদাৰ প্ৰশ্ন৷ তাৰ মানে অৰূপদা আগত থকা তিনিআলিটো পাই গ'লগৈ! ট্ৰেফিক আৰক্ষীৰ ৰূপত অৱতীৰ্ণ হৈ বাহনবোৰক তেওঁ চিজিল লগাইছে৷ খুব ধীৰে ধীৰে হলেও একোবত আমাৰ গাড়ীখনো তেওঁৰ ওচৰ পালেহি আৰু সোঁহাতে উলিয়াই নিব পৰা গল৷ চকাকেইটা ঘূৰিলত দুশ্চিন্তামুক্ত হলোঁ আটায়ে৷ অৰূপদাই এনেকৈ আগ-ভাগ নোলোৱা হলে অৱস্থা বিষমেই হলহেঁতেন কিজানি৷

ভ্ৰমণত ভ্ৰমণ-সংগীৰ গুৰুত্ব অপৰিসীম৷ আদৰ্শ, সাহসী, নিৰ্ভেজাল আৰু মনে মিলা ভ্ৰমণ-সংগীয়ে চফৰৰ সময়ছোৱা মধুময় আৰু সফলকাম কৰি তোলে৷ যিকোনো ভ্ৰমণকাৰীৰ বাবে এইটো মনত ৰাখিবলগীয়া৷ অন্যথা বেমেজালি, জঞ্জাল, হাৰ-মাল৷ অৰূপদাৰ দৰে ডেম কেয়াৰ, প্ৰদীপদাৰ দৰে হাস্যৰসিক, জয়ন্তদাৰ দৰে চিন্তাশীল চিনিয়'ৰ সদস্য দলত থাকিলে সাহস আৰু স্ফূৰ্তিৰ মাত্ৰাটো আপোনা-আপুনি বাঢ়ি যায়৷ দৰাচলতে অৰূপদাৰ কাৰণেহে মোৰ নামটো দলত বাৰে বাৰে অন্তৰ্ভুক্ত হৈ আহিছে৷ এবাৰ লৈ গ'ল, ঘূৰি আহিয়ে এক ভলিউম লেখি দি দিলোঁ৷ ঘৰত পঢ়িলেগৈ৷ আকৌ নিলে৷ আকৌ লেখি উলিয়ালোঁ এক ভলিউম৷ তাৰ যহতেই এয়া, এইবাৰ গুপ্ত স্বৰ্গ, Hidden Heaven খ্যাত মেন্‌-চু-খালৈ বুলি ওলাই আহি কামাখ্যা ষ্টেচন পাইছোঁহি৷

ৰে'ল ষ্টেচনৰ সন্মুখত গাড়ীখনৰ পৰা বয়বস্তুসহ নমাৰ পাছত স্বৰ্ণাভ আৰু বৰ্মনক বিদায় দিয়া হ'ল৷ ভিতৰ সোমায়ে মুখামুখি যাত্ৰাটোৰ অন্য দুজন সংগীৰ সৈতে৷ গুৱাহাটীৰ জয়ন্ত শৰ্মা৷ কাষতে ৰৈ আছে সুদূৰ ডুবাইৰ পৰা পুৱাতে উৰি আহি দলত চামিল হোৱা শিৱদেৱ সিং কাটাউচ৷ এইবাৰ প্ৰথম লগ পোৱা হৃষ্ট-পুষ্ট-মস্ত মানুহজনৰ সৈতে প্লেটফৰ্মতে চিনাকি হৈ কৰমৰ্দন কৰিলোঁ৷ সৌজন্যমূলক কথা-বাৰ্তাও দুই-এষাৰ হলোঁ৷ সম্বন্ধত তেওঁ জয়ন্তদাৰ ভনী জোঁৱায়েক৷ ভাবি ভাল লাগিল আৰু একে সময়তে আচৰিতো নহৈ নোৱাৰিলোঁ যে অজ্ঞাত-দুৰ্গম অৰুণাচলত সত্য-শিৱ-সুন্দৰৰ লগতে জীৱনৰ সঞ্জীৱনী সুধাৰ সন্ধানত আৰৱ সাগৰ পাৰ হৈ মানুহজন আমাৰ লগলৈ আহিছে! তেওঁৰ ইচ্ছাশক্তিক শ্ৰদ্ধা জনালোঁ গোপনে৷ সংগোপনে মনৰ ভিতৰত প্ৰশ্ন এটাও উদ্ৰেক নোহোৱাকৈ নাথাকিল অৱশ্যে৷ বিশাল বপুৰ এই শৰীৰটো অৰুণাচলৰ সুউচ্চ পৰ্বতত তুলিব পাৰিবগৈনে মানুহজনে? আমি বাৰু টেঁটেৰা মানুহ, চিন্তা কৰিবলগীয়া সিমান নাই৷ উঠি যাম৷

মনৰ ভিতৰত অলেখ প্ৰশ্ন, অনেক কল্পনা, অযুত শিহৰণ লৈ একাষে ৰৈ আলেখলেখ চাই আছোঁ৷ প্লে'টফৰ্মত অগণন মানুহ৷ কিছুমানে আমাৰ দৰে থিয়দঙা দি আছে, কিছুমান বহি আছে৷ যেনি-তেনি, বিভিন্ন ৰূপত৷ মুখবোৰত উৎকণ্ঠা৷ তাৰ মাজতে কোনো কোনোৱে আকৌ ব্যস্ততাৰে ইফালে গৈছে, সিফালে গৈছে৷ নিৰ্ধাৰিত সময় ইতিমধ্যে অতিবাহিত হৈ গ'ল৷ ৰেলখনৰ সাৰি-সিকতিয়ে নাই! কি হল আজি? এটা ঘোষণাওচোন নাই অতপৰে! জয়ন্তদাৰ চিন্তা লাগিছে৷ অন্তত খবৰ আহিল যে গাড়ীখন ৪ নং প্লেটফৰ্মত অলপতেই অৱস্থান কৰিব৷ শুনা পায়ে ঠেক অভাৰ ব্ৰীজখনেৰে যাত্ৰীসকল হুৰমূৰকৈ সেইফালে ধাৱিত হল৷ ভিৰৰ সৈতে খোজ মিলাই আমিও অগ্ৰসৰ হলোঁ৷ অন্‌লাইনযোগে অনা জিৰ' গ্ৰেভিটিৰ নতুন ৰাক্‌চেক্‌টো পিঠিত তুলি লোৱাত নিজকে কিবা বিশিষ্ট আৰু অভিজ্ঞতাপুষ্ট পৰ্বতাৰোহী পৰ্যটক যেনেই লাগি গল!

গুৱাহাটীৰ ৰাজীৱ ভট্টাচাৰ্য আৰু দীপক কুমাৰ দাস আমাৰ বাবে সিটো প্ৰান্তত কেতিয়াবাৰে পৰাই ৰৈ আছিল৷ তেওঁলোক আগৰে চিনাকি৷ তাক্‌চিং যাত্ৰাত উভয়েই গৈছিল৷ জুলাইত খনমা-ঝুক ভেলীলৈ অৱশ্যে ৰাজীৱহে গ'ল৷ কঁকালৰ বিষৰ কাৰণে দীপকদাই বাতিল কৰিলে৷ এতিয়া আকৌ ওলাইছে এইটো সমদলৰ অংশীদাৰ হৈ৷ ধুৰুপ কথা যে অফ-বিট ট্ৰেকিং-হাইকিং-কেম্পিংবোৰ এবাৰ কৰিলেই লতা লাগি যায়৷ সংগী আৰু অভিযান, এৰি থাকিব নোৱাৰি৷ চকুত চকু পৰা মাত্ৰক আগ বাঢ়ি গৈ উষ্ণ আলিংগনেৰে দুয়োকে সম্ভাষণ জনালোঁ৷ অভিযাত্ৰীৰ দলটোও সম্পূৰ্ণ হৈ গ'ল৷ একত্ৰিকৰণৰ মধুৰ ক্ষণত আটায়ে প্ৰৱলভাৱে হৰ্ষিত হলোঁ৷ তেনেকুৱাতে মনত পৰিল Tom Robinsৰ অৰ্থৱহ ভাষ্য এষাৰ৷ Our similarities bring us to a common ground. Our differences allow us to be fascinated by each other.



No comments:

Post a Comment