দিন দুই ৷৷ খণ্ড ১০
ইতিমধ্যে আন্ধাৰ হওঁ হওঁ হৈ আহিছে৷ চাৰ্কিট হাউচৰ ইটো চুক, সিটো চুকৰ পৰা দেখি থকা আল’খনৰ বিস্তীৰ্ণ বৰ্ণিল সৌন্দৰ্য যিমান পাৰোঁ উপভোগ কৰিছোঁ৷ তেনেকুৱাতে ফোনটো বাজিল৷ অৰূপদাৰ কণ্ঠস্বৰ৷ 'হোটেল আল’ত খালী ৰূম পোৱা গৈছে৷ আহি যোৱা৷' ততালিকে আমি লয়ি মাৰ্কেটৰ চিপু কল’নীত থকা চাৰিমহলীয়া হোটেলখন ওলালোঁগৈ৷ পিছফালেৰে গাড়ী দুখন গহীনাই ভিতৰ সোমাই গ’ল৷ আশ্ৰয়থলী পাই সকলোৱে আশ্বস্ত হ’লোঁ৷ থকা-খোৱাৰ উপৰি ইয়াত নিশা গাড়ী থোৱাৰ বাবেও নিৰাপদ স্থান আছে৷ ধুবলৈও ব্যৱস্থা আছে৷ গতিকে পূৰ্বৰ সিদ্ধান্ত অনুযায়ী চালকদ্বয় আৱৰ্ত ভৱনত থাকিলেও বাহনৰ বাবে চিন্তা কৰিবলগীয়া অকণোৱেই নাই৷ ব্যৱস্থাপনা দেখি নিজৰ নিজৰ গাড়ী এৰিবলৈ তেওঁলোক দুজনো তুৰন্তে সৈমান হ’ল৷
আল’খন এখন পুৰণি চহৰ৷ আল’ প্ৰশাসনিক কেন্দ্ৰটো পশ্চিম চিয়াং জিলাখনৰ ভিতৰত সবাতোকৈ অতীজৰ৷ ভাৰতবৰ্ষই স্বৰাজ লাভ কৰাৰ ঠিক পাছতে, ১৯৪৮ চনতেই গঠন কৰা হৈছিল৷ পুৰণি আৰ্হিৰ ঘৰ-দুৱাৰ কিছুমানে সেই ঐতিহ্য ধৰি ৰাখিছে৷ আনহাতে আল’ মহকুমাটো দুটা ৰাজহ-চক্রত বিভক্ত৷ আল’ আৰু বাগ্ৰা৷ আল’ চাৰ্কোলত থকা গাঁৱৰ সংখ্যা ৪৪খন৷
আধুনিকতাৰ পৰশ নোপোৱা নহয় যদিও অতীতৰ পৰম্পৰাগত চাংঘৰবোৰ টাউন এলেকাতে আজিও বিদ্যমান৷ চহৰৰ মাজৰ ৰাস্তাটোৰ নিৰ্মাণ, আমি য'লৈকে দেখিলোঁ, আজিৰ তাৰিখ পৰ্যন্ত সমাপ্ত হৈ উঠা নাই৷ বহলোৱাৰ কাম চলাইহে থকা হৈছে৷ সময়ত ধুনীয়া হৈ পৰিব৷ আনহাতে দেশে স্বাধীনতা পোৱাৰ অত বছৰৰ পাছতো, কাৰিকৰীভাৱে জ্ঞানী লোকৰ অভাৱ নোহােৱা সত্ত্বেও সুচল হৈ নুঠা ৰাস্তাৰ দুৰ্দশাৰ বাবেই চিলাপথাৰৰ পৰা আহোঁতে আহোঁতে ৭-৮ ঘণ্টা লাগি যায়৷ পূৰ্বৰ তিক্ত অভিজ্ঞতাৰ দোহাই দি জয়ন্তদাই কিছুদিনৰ আগৰে পৰা বাৰে বাৰে উনুকিয়াই আছিল... 'চিলাপথাৰ-আল' ৰ'ডৰ অৱস্থা অতি বেয়া৷ সেয়ে গুৱাহাটীৰ পৰা একেবাৰে মুৰ্কংচেলেকত নামি পাচিঘাট হৈ যোৱাৰ পৰিকল্পনা কৰাই ভাল৷' মইহে আকোঁৰগোজালি দেখুৱালোঁ৷ পাচিঘাট-আল' ৰাস্তাৰ ধাৰণা মোৰ নাই৷ দূৰত্ব আৰু সময়ৰ অংকৰে যুক্তি দৰ্শালোঁ৷ ক'লোঁ যে নহয়, লিকাবালি আই.এল.পি. চে'ক গে'টেৰেই সোমাব লাগিব দাদা৷ নহ'লে কমেও ৬০ কিল'মিটাৰ অতিৰিক্ত ভ্ৰমিব লাগিব, ৩ ঘণ্টামান সময় এনেয়ে যাব৷ জোনাইত গাড়ী পামনে নাপাম তাৰ ভূ নোলোৱাও নহওঁ অৱশ্যে৷ সাংবাদিক বন্ধু ৰয়েল পেগুক ফোন কৰোঁতে চিলাপথাৰত বন্দৱস্ত কৰাই উচিত হ'ব বুলিলে৷ দৃঢ় হ'লোঁ যে সোমাওঁতে লিকাবালিৰে সোমাম, ওলাওঁতে ৰুক্চিনেৰে ওলাম৷ অন্তৰালত মনৰ গোপন উদ্দেশ্য এটাও লুকাই নথকা নহয় পিছে!
লিকাবালি গে’ট হৈ মই আগতে ভ্ৰমণ কৰি পোৱা নাই৷ মেন্-চু-খাৰ আপাহতে এইবাৰ যেন-তেন-প্ৰকাৰেণ সেইটো হেঁপাহ পূৰাবৰ একান্ত মতলব৷ আনহাতে ঘূৰি যাওঁতে আল’ৰ পৰা পাচিঘাট হৈ যোৱাত হ'লে কোনো আপত্তি নাই৷ ৰাস্তা যেনেকুৱাই নহওক লাগিলে৷ সেই বাটে ওভতাত বৰঞ্চ উৎসাহহে দেখুৱাইছোঁ৷ কাৰণ আল’-পাচিঘাট পথছোৱাৰেও মই আগতে যাত্ৰা কৰি পোৱা নাই৷ অসমৰ এটা মূৰত অৱস্থিত জোনাইৰ পৰা ইনাৰ লাইন পাৰ্মিট অবিহনেই ৰুক্চিন্ চে'ক গে'টেৰে কৰ্তব্যৰত আৰক্ষীৰ কৃপা আৰু চেনেহত অৰুণাচলত সোমাই পাচিঘাট, ৰাণাঘাটৰ দলং পৰ্যন্ত এবাৰ গৈছিলোঁ, চিয়াংখন চাবলৈ৷ কাৰণ চিয়াংখনেই আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ৷ সিফালে চীন সীমান্ত পৰ্যন্ত চিয়াঙৰ আগলি ৰূপটো দৰ্শন নকৰাকৈ মৰিব নোৱাৰি বুলিও পণ এটা আছে৷ সদ্যহতে বিৰাট সুখী হৈছোঁ যে কষ্ট আৰু থেকেচনি সহ্য কৰি হ'লেও এতিয়ালৈ প্ৰথমটো হেঁপাহ বাৰু পূৰালোঁ৷ বাকী কি হ’বগৈ সময়ে ক’ব৷ ভাবিছোঁ, ৰাস্তাৰ যিটোহে দুৰ্গতি দেখি আহিলোঁ, ঘূৰি যাওঁতে কোনেও সেইটো বাটে যােৱাৰ নামেই নল'ব চাগৈ৷ নল'লেই ভাল৷ তেহেলৈ মোৰ মনৰ দুই নম্বৰ ইচ্ছাটিও সহজেই পূৰ হৈ যাব৷ বিশ্লেষণ আৰু সংগীসৱৰ মনস্তত্ব অধ্যয়ন কৰি এতিয়াতো তেনেকুৱাই লাগিছে৷ পিছত ৰাইজৰ মনোভাব কি হয় নাজানো৷ ইফালে চিয়াঙৰ আগলি চাবলৈ টুটিং, গেলিঙলৈ বেলেগে সময় বান্ধিব লাগিব৷ এইবাৰত নহয়৷ এইবাৰ মেন্-চু-খা৷ Ladakh with greenary বুলি যাক কোৱা হয়৷ কথাষাৰ ভবাৰ লগে লগে অনামী উত্তেজনা এটাৰ দেহে-মনে পুনৰজাগৰণ ঘটি গ'ল৷

আল’ত ভাৰতীয় সেনাবাহিনীৰ এটা বিমানঘাটি আছে৷ দোকান-বজাৰ ডাঙৰেই৷ থাকিবলৈ কেইবাখনো হোটেল আছে৷ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলা আছে৷ চিপু আৰু য়মগ নৈৰ মিলনান্ত জলৰাশি চিয়মে চিত্ৰবৎ সৌন্দৰ্যৰে আল’ উপত্যকাটোক সমৃদ্ধ কৰিছে৷ কাষৰীয়া গাঁও দাৰ্কা, কম্ব, কাবো আদিত পৰম্পৰাগত জীৱনশৈলী বিদ্যমান৷ আশে-পাশে সুমথিৰাৰ বাগানবোৰ৷ লমালমে ওলমি থকা হালধীয়া সুমথিৰাই আল’ক যেন বিশেষ মাত্ৰাহে প্ৰদান কৰিছে! চিয়মৰ পাৰে পাৰে, জনজাতীয় চাংঘৰবোৰৰ মাজে মাজে, ইফালে-সিফালে হালধীয়াকৈ ওলমি থকা সুমথিৰা টেঙাৰ থোকবোৰলৈ চাই চাই মসৃণ ৰাস্তাডোখৰেৰে আহি থাকি খুব ভাল লাগিছিল৷ থলুৱা লোকে নৈৰ ওপৰত কাঠেৰে সজা ধেনুভিৰীয়া ওলোমা দলংসমূহো পৰ্যটকৰ বাবে অতিকৈ আকৰ্ষণীয়৷ এনে কিছু অপূৰ্ব সম্ভাৰেৰে সমৃদ্ধ আল’লৈ মোৰ এয়া প্ৰথম আগমন৷ নিৰজুলিত পঢ়ি থকা দিনৰে পৰাই আহিম আহিম বুলি ভাবি থকা এখন ঠাই৷ নেৰিষ্টৰ সন্মুখেৰে ইটানগৰ, নাহৰলাগুনৰ পৰা জিৰ', ডাপ'ৰিজ', আল', পাচিঘাট, ব'মডিলা, চাগালি আদিলৈ ওলাই যোৱা অৰুণাচল প্ৰদেশ ষ্টেট ট্ৰেন্সপ'ৰ্ট চাৰ্ভিচ (এ.পি.এছ.টি.এছ.)ৰ ডাঠ-পাতল নীলাৰঙী বাছবোৰলৈ চাই চাই আগতে প্ৰায়ে ভাবো, ক'ত আছে এই ঠাইবোৰ? মেপত অৱস্থান বিচাৰি চলাথ কৰোঁ৷ একোবত পাই যাওঁ৷ উৰি যাবৰ মন যায়৷ এবাৰ ৫জন সহপাঠী মিলি উঠি দিলোঁ ব'মডিলালৈ৷ তাৰ পাছত টাৱাং৷ আকৌ সময় আহিল৷ এখন এখ্নকৈ আৱিষ্কাৰ কৰি গ'লোঁ পৰ্বতৰ অভ্যন্তৰত অৱস্থিত ধুনীয়া ধুনীয়া জেগাবোৰ৷ আজি এয়া আল'৷ আল' পাই পুৰণি আশা পূৰ্ণ হৈছে, আনন্দ লাগিছে, অতিপাত ৰোমাঞ্চিত হৈ উঠিছোঁ৷ মেন্-চু-খালৈ পিঠি দি আহি থকাত অথনি বেজাৰ পাইছিলোঁ যদিও এতিয়া সেই ভাব একেবাৰে নাই৷ চব ঠিক থাকিলে কাইলৈকে পাই যাম মেন্-চু-খা৷ এইটো আশা তুলনামূলকভাৱে নতুন৷ গুঁইজানৰ বনশ্ৰী ৰিজ'ৰ্টত মেন্-চু-খা পৰ্যটনৰ জুইকুৰা জ্বলাই দিছিল বেনুদা, জয়নাল আবেদিনে৷ ওচৰ চাপি আহিছোঁ৷ এই ভাবি উৎসাহ দুগুণে বাঢ়িছে৷ বাকী একো কথাই এতিয়া মনত নাই৷
অৰূপদাহঁতে ব্যৱস্থা কৰা হোটেল আল’তে আমি ৰাতিটোৰ বাবে আশ্ৰয় ল’লোঁ৷ তিনিজনীয়া ৰূম নং ৩০১ত মই, প্ৰদীপদা আৰু অৰূপদা৷ হোটেলখনৰ ব্যৱস্থাপনা ভাল৷ ইয়াত ঠাণ্ডাও সিমান অনুভৱ হোৱা নাই৷ ডিফুৰ সমানেই যেন লাগিছে৷ কোঠাত সোমোৱাৰ পাছত সন্ধিয়া বেলিকা শ্বাৱাৰৰ পানীৰেই গাটো ধুলোঁ৷ মনটো খুব ভাল লাগি গ'ল৷ অৰুণাচলৰ শান্ত-সৌম্য, প্ৰদূষণহীন অভ্যন্তৰৰ এয়াই বিশেষত্ব৷ মানসিক প্ৰশান্তি আনি দিয়ে, ক'ব নোৱাৰাকৈয়ে, নিবিচৰাকৈয়ে৷ মেনেজাৰ মোহন ছেত্ৰীৰ নিৰ্দেশনাত নিশাৰ আহাৰো বেচ জুতি লগায়ে খোৱা হ’ল৷ তাৰ পাছত পৰৱৰ্তী দিনৰ যাত্ৰা সম্পৰ্কে আলাপ-আলোচনা চলিল৷ শেষত বিছনা৷ এজনীয়া বিছনাত মই অকলে৷ প্ৰদীপদা আৰু অৰূপদা দুজনীয়া বিছনাত একেলগে৷ দুয়োৰে নাসিকাগৰ্জনে কোঠালিৰ পৰিৱেশ সোনকালেই হুলস্থূলীয়া কৰি পেলালে৷ প্ৰতিযোগিতাতহে নামিছে যেন দুয়ো! অশান্তিত ভুগি যেনে আছোঁ তেনেই পৰি থাকিলোঁ কিছুপৰ৷ উপায় নাই, ক'ত যাম? কাইলৈ ইয়াৰ সমুচিত শিক্ষা দিব লাগিব, মেন্-চু-খালৈ গৈ থাকোঁতে৷ পাৰ্বত্য পথ-যাত্ৰাৰ ভাগৰে কাবু কৰি পেলোৱাত এসময়ত ময়ো ক’ব নোৱাৰা হৈ গ’লোঁ৷
No comments:
Post a Comment