দিন তিনি ৷৷ খণ্ড ৬
১.৩০ বজাত আগলৈ যাত্ৰা আৰম্ভ হ’ল৷ অকাই-পকাই ৰাস্তাটোৱে একেৰাহে আৰু ওপৰলৈ উঠাই নি আছে৷ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি থাকি আমি তাদ’ গীত’ পালোঁ৷ ১৯৬২ চনত এইখিনি পৰ্যন্ত আহিছিল আগ্ৰাসী চীনা সৈনিক৷ তাত’ দখল কৰি তাদ’ গীত’লৈ আহি থাকোঁতে ভাৰতীয় বিমান
বাহিনীৰ লোকে স্বদেশীয় সৈন্য বুলি ভাবি আকাশমাৰ্গৰ পৰা গৰম ৰুটী-ভাজিৰ টোপোলা পেলাইছিল৷ চীনা
জোৱানে পৰম তৃপ্তিৰে সেইবোৰ খাইছিল৷ এই কথাটো কিতাপৰ পৃষ্ঠাত এদিন পঢ়িবলৈ পাইছিলোঁ৷
মেন্-চু-খা খণ্ডৰ ভিতৰুৱা গ্ৰামীণ এলেকাত খেতি-বাতিয়ে মানুহৰ জীৱন ধাৰণৰ মূল চালিকা শক্তি৷ অন্যান্য বিষয়সমূহ যেনে শিক্ষা, বিদ্যুৎ যোগান, ৰাস্তা, পানী যোগান, স্বাস্থ্য আদিত পিছ পৰা৷ আল'ৰ পৰা ১১৫ কিল'মিটাৰ দূৰত্বৰ এই অঞ্চলতে চিয়ম অৰ্থাৎ য়মগৰ উপনৈ তাগুৰশ্বিটত বান্ধ সাজি ৬০ মেগাৱাট বিদ্যুৎশক্তি উৎপাদনৰ লক্ষ্যৰে তাগুৰশ্বিট হাইড্ৰ' ইলেকট্ৰিক প্ৰজেক্ট নিৰ্মাণৰ অৰ্থে L&T Power Development Limitedএ চৰকাৰৰ পৰা সেউজ সংকেট পোৱা বুলি জানিছিলোঁ৷ বিগত ২৩ ডিচেম্বৰ ২০০৮তে চিয়াং অৱবাহিকাৰ উক্ত প্ৰকল্পটোৰ Memorandum of Understanding সম্পূৰ্ণ হৈছিল৷ প্ৰকল্পথলী কোনফালে আছে ৰাস্তাৰ পৰা একো উৱাদিহ নাপালোঁ৷ গাড়ী চলি গৈ থাকিল৷ জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনীয়তা ৰাজ্যখনৰ অন্য দিশৰ দৰে এইফালেও অনেক আছে৷ সিবোৰৰ পুংখানুুপুংখ অধ্যয়ন, কোন নদীৰ ক্ষমতা কিমান তাৰ হিচাপ কাহানিবাই স্থিৰ হৈ গৈছে৷
অতিশয় camera-friendly এইফালৰ দৃশ্যপটবোৰ৷ লেণ্ডস্কেপৰ বিবিধতাই
ফটোগ্ৰাফাৰ, ফটোৰসিকক সহজেই পাগল কৰি দিব৷ কেমেৰা এটা আনিছোঁ যদিও কলাত্মক দিশটোত মুঠেই চহকী নহওঁ৷ উচাহৰ কোবতে মন গ'লেই, চকুৱে ভাল দেখিলেই যেনি-তেনি টোঁৱাই-ভিৰাই ক্লিক্ কৰি আছোঁ৷ পাছত চালে অন্ততঃ ঠাইখিনি, সময়টো গম পাম৷ তেনেকৈয়ে আমি কুয়িং পালোঁহি৷ ইয়াৰ পাছত তাত’৷ তাত’লৈ ৫ কিল’মিটাৰ বাকী থাকোঁতে তাত’-তালিহা ৰ’ড জংছন৷ বাঁওহাতে তালিহালৈ৷ পকী স্তম্ভত দূৰত্ব স্পষ্টকৈ উল্লেখ কৰি থোৱা আছে৷ দিশ নিৰ্দেশনাও দিয়া হৈছে৷ এইবোৰে পৰ্যটকক খুব সহায় কৰে৷ দূৰত্বৰ অংকবোৰ পঢ়ি বুজা গ'ল যে তিনিআলিটোৰ পৰা আমাৰ লক্ষ্যস্থান
মেন্-চু-খালৈ ৫৫ কিল’মিটাৰ আৰু যাব লাগিব৷ পুৱা এৰি থৈ অহা আল’ চহৰৰ পৰা ১২৬ কিল’মিটাৰ আহিলোঁ৷ আনহাতে তালিহালৈ দূৰত্ব ১৩৩ কিল’মিটাৰ৷ তাকচিঙলৈ যাত্ৰা কৰি থাকোঁতে তালিহা পাবলৈ ২-৩ কিল'মিটাৰ থাকোঁতে ৰাস্তা এটা সোঁহাতে পৰ্বতৰ বক্ষৰে তললৈ নামি যোৱা মন কৰিছিলোঁ৷ মোৰ ধাৰণাত সেইটোৱেই আহি আহি ইয়াত সংযোজিত হৈছে৷
গগৈয়ে গাড়ীখন সোঁহাতে লৈ গ’ল৷ ১০ মিনিটমান চলোৱাৰ অন্তত চলন্ত গাড়ীৰ পৰাই তেওঁ সোঁহাতে আঙুলিয়াই দেখুৱালে, নামনিৰ ফালে নৈৰ পাৰে পাৰে তাত'ৰ পৰা মণিগঙলৈ যোৱা সংকীৰ্ণ বাটটো৷ প্ৰায় লগালগিকৈয়ে সিখন গাড়ীও ৰ'লহি৷ ষ্টাৰ্ট বন্ধ নকৰাকৈয়ে এখন্তেক ৰৈ চালোঁ আটায়ে৷ ভয়ংকৰ পথ৷ খৰস্ৰোতা শিলাময় নৈ, থিয় পৰ্বতৰ এঢলীয়াত ছাঁ-পোহৰৰ খেল আৰু কেঁকুৰিযুক্ত ঠেক পথৰ সন্মিলনত দৃশ্যটো আমি ৰৈ থকা স্থানৰ পৰা নিঃসন্দেহে মনোমোহা লাগিছে৷ পিছে সেই সৌন্দৰ্যৰ অভ্যন্তৰত অনাকাংক্ষিত সত্য এটাও লুকাই নথকা নহয় যে চালকজন অকণমান অন্যমনষ্ক বা কিবা কাৰণত ষ্টিয়াৰিং অলপমান ঊনৈশ-বিশ হ'লেই গাড়ীয়ে-মানুহে, বয়-বস্তুৱে সমূলঞ্চে সৰি পৰিবগৈ নৈৰ বুকুত৷ সুশৰীৰে ঘূৰিযে আহিব, আশা নাই৷ কথাটো কল্পনা কৰিয়ে চাগৈ ৰাজীৱৰ কপালৰ বলিৰেখাবোৰ সংকুচিত হোৱাৰ উপক্ৰম ঘটিল৷ বাৰে বাৰে উচ্চাৰণ কৰি থাকিল এটা শব্দকে... deadly... deadly৷
কোন শিখৰতযে উঠিলোঁহি আহি আহি! আৰু ১০ মিনিটমানৰ পাছতে তাত’ত উপস্থিত হ’লোঁ৷ এই ঠাইৰ উচ্চতা ৪,৫৯২ ফুট৷ বি.আৰ.অ’.ৰ সেউজীয়া চাইনব’ৰ্ডত লিখি থোৱা আছে… You are at an altitude of 4,592 feet বুলি৷ তাত’ পোৱালৈকে প্ৰায় এঘণ্টা সময় আমি একেৰাহে উঠিয়েই থাকিবলগীয়া হ’ল পকাই পকাই৷ যাত্ৰাটো বেচ উপভোগ্য হৈছে৷ ওপৰৰ পৰা চাই তলত এৰি থৈ অহা পথটো, নীলা জলৰাশি আদিকে ধৰি আৰণ্যক দৃশ্যৰাজি মুকলিভাৱে দেখা পাইছোঁ৷ আকাশলংঘী পাহাৰৰ মাজত সোমাই থাকি বেলেগ ধৰণৰ মজা লাগিছে৷ প্ৰকাশ কৰিব নোৱাৰা অনুভূতি কিছুমানো জাগিছে৷ চুবলৈ মন গৈছে জোঙা জোঙা চূড়াবোৰ৷ আকাশলৈও যেন সৰহ দূৰ নাই! পৰ্বতৰ দ গৰাবোৰ দেখিলে বহু লোকৰে গাঁঠিত জীউটো বান্ধিবলগীয়া অৱস্থা হয়৷ বহুজন যাত্ৰীৰে মূৰ ঘূৰায়, বমি হয়৷ ভ্ৰমণ উপভোগ্য হওক ছাৰি হৈ পৰে দুৰ্ভোগ৷ আমাৰ যেনিবা কাৰো তেনে সমস্যা সমূলি নাই৷ ঠিকে-ঠাকে আৰু সানন্দে আহি আছোঁ আটাইকেইজন পৰ্বতপ্ৰেমী, দৃশ্য চাই চাই, হাঁহি-স্ফূৰ্তি কৰি৷ মাজে মাজে বিস্কুট চোবাইছোঁ, পানী পি লৈছোঁ, বাটত কিনি লোৱা কমলাৰ বাকলি গুচাইছোঁ৷

তাত’ হৈছে মেন্-চু-খা আৰু মণিগং পথৰ সংগমস্থল৷ ঠেক ৰাস্তাটো
তাত’ত দুভাগ হ’ল৷ ব’ৰ্ড এখনত লিখা আছে যে বাঁৱে মেন্-চু-খা,
সোঁৱে মণিগং৷ য়মগৰ পাৰেৰে মণিগঙৰ দিশে আগুৱাইছে তললৈ নামি যোৱা গড়কাপ্তানী পথটো৷ য়মগ বা চিয়মৰ উৎপত্তিস্থল মণিগং চাৰ্কোলৰ বৰফাবৃত্ত পৰ্বতমালা৷ ঠাইখনলৈ ইয়াৰ পৰা দূৰত্ব ৬৭ কিল’মিটাৰ মাত্ৰ৷ হ’লেও যাবলৈ ৭-৮ ঘণ্টা লাগে৷ বিভিন্ন
কথা-বতৰাৰ মাজতে আমাৰ চালকজনে নিজৰ অভিজ্ঞতাৰ পেড়াটো আকৌ এবাৰ খুলি দিলে৷ আৰ্মী অফিছাৰৰ
লগত মণিগঙলৈ তেওঁ এবাৰ গাড়ী চলাই গৈছিল৷ অতিশয় বিপদসংকুল পথ৷ বৰষুণ পৰিলে বিপদ অনিবাৰ্য৷
ছুম’ ঠিক যদিও বাৰিষা ট্ৰেক্টৰহে
সবাতোকৈ উপযুক্ত৷ আনহাতে মই পঢ়িবলৈ পাইছিলোঁ, ১৯৬২ চনত চীনা জোৱানৰ ৫০০জনীয়া এটা দল
মণিগঙৰ পৰা কিপুনাংগ্ গিৰিপথেদি আহি য়মগ অতিক্রম কৰি য়াপুইক্ ওলাইছিলহি৷ তেওঁলোকে
মেন্-চু-খাৰ পৰা ভাগি অহা ভাৰতীয় সৈন্যক বাট ভেটি ধৰিছিল৷ আজিৰ তুলনাত সেই সময়ত ঠাইবিলাক কেনেকুৱা দুৰ্গম আছিল, ৰাস্তাবোৰ কি ধৰণৰ আছিল সেয়া কল্পনাও কৰিব নোৱাৰোঁ৷ দুৰ্লংঘ্য পৰ্বতৰ ফাঁকে ফাঁকে কিছু সময়ৰ পূৰ্বে ২০১৬ৰ নমুনা অকণমান দেখি আহিছোঁ৷ তাৰ অৰ্থ, সেইফালে এতিয়াও একো হোৱাগৈ নাই৷ ভূ-প্ৰাকৃতিক অৱস্থানজনিত প্ৰত্যাহ্বান নেওচি পথ উন্নয়ন সাধিত হ'লেহে সীমান্ত নিকপকপীয়া হ'ব৷
No comments:
Post a Comment