Tuesday, 17 October 2017

দিন দুই (২৬.১১.২০১৬, শনিবাৰ) ৷৷ খণ্ড ১

শীতোষ্ণ নিয়ন্ত্ৰিত ডবাত ডাঠ কম্বলৰ উম পাই টোপনি গভীৰ হৈছিল৷ মাজতে খক্‌মক্‌কৈ এবাৰ সাৰ পালোঁ৷ ৰেলখনচোন ৰৈ আছে! কি পালোঁনো? বাৰ্থৰ পৰা নামি দৰজাখন মেলি চাওঁ যে উত্তৰ লখিমপুৰ৷ তাৰ মানে বালিপাৰা, বিশ্বনাথ চাৰিআলি, হেলেম, গহপুৰ, তাঁতীবাহৰ, হাৰমতী ইত্যাদি এৰি থৈ আহিলোঁ! চাইনব'ৰ্ডত ষ্টেচনৰ নামটো পঢ়িয়ে আমাৰ ঘৰত ভাৰাতীয়া হিচাপে কিছুদিন থকা লখিমপুৰীয়া ভাইটি উৎপল ভট্টাচাৰ্যলৈ মনত পৰিল৷ তেওঁৰ ঘৰ ইয়াতে৷ ইয়াৰ পশ্চিম দিশলৈ অৰুণাচল প্ৰদেশৰ নিৰ্‌জুলিত অৱস্থিত নৰ্থ ইষ্টাৰ্ণ ৰিজিঅনেল ইন্‌ষ্টিটিউট অফ্‌ চায়েন্স এণ্ড টেক্‌নলজী (নেৰিষ্ট)ত পঢ়ি থকা দিনবোৰত ঘনাই আহিছিলোঁ লখিমপুৰ চহৰখনলৈ৷ তেতিয়া এইফালে আজিৰ দৰে সুবিধাজনক ৰেল সেৱা প্ৰৱৰ্তন হোৱাই নাছিল৷ অথচ জীৱনৰ উক্ত অধ্যায়ৰ কিমানযে ৰোমাঞ্চকৰ খণ্ড-চিত্ৰ থূপ খাই আছে! মানসপটত দোলা দি যোৱা পুৰণি দিনৰ স্মৃতি কিছুমান ৰোমন্থন কৰি কৰি আকৌ বাৰ্থত বাগৰি পৰিলোঁগৈ৷

যাত্ৰা কিছু পলমকৈ আৰম্ভ কৰিলেও ট্ৰেনখন কাঁটাই কাঁটাই চিলাপথাৰ সোমালহি৷ গোগামুখ, ধেমাজি পাৰ হৈ লক্ষ্যস্থান সুকলমেই আহি পাইছোঁ৷ অগ্নিবৰষা আখৰেৰে ষ্টেচনৰ গোলাকাৰ ডিজিটেল ঘড়ীটোৱে কৈ আছে, সময় ৪.৪০৷ ৰেল যাত্ৰা সমাপ্ত৷ টালি-টোপোলাসহ আটায়ে প্লেটফৰ্মত ভৰি থলোঁ৷ বহুত যাত্ৰী নামিল ইয়াত৷ চিলাপথাৰ উত্তৰ পাৰৰ এটা ব্যস্ত ৰেলৱে আস্থান৷ মিটাৰ গজ সক্ৰিয় হৈ থকা দিনতে এবাৰ ইয়াৰ পৰা গোগামুখলৈ গৈছিলোঁ, বন্ধু পৱিত্ৰ সন্দিকৈৰ লগত৷ বিহুনামেৰে ডবাটোত তাল-ফাল লগাই গৈছিল, মিচিং ডেকা-গাভৰুহঁতে৷ সেয়া ২০০৪ চনৰ কথা৷ তেতিয়া আৰু এতিয়াৰ পৰিপাৰ্শ্বৰ মাজত আকাশ-পাতাল তফাৎ৷ হলেও মুহূৰ্তবোৰ পাহৰা নাযায়৷ চিলাপথাৰৰ পৰা আগলৈ ক্রমে তিলাম আৰু চিমেন চাপৰি৷ তাৰ পাছতেই অন্তিম গন্তব্য মুৰ্কংচেলেক৷ দক্ষিণ পাৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ শেষ মূৰটো আছিল লেখাপানী৷ এতিয়াহে লিডু৷ উত্তৰ পাৰে মুৰ্কংচেলেক৷ সৰুতে ডিফু ষ্টেচনত উজনিমুৱা ৰেলত উঠিবলৈ আহিলে ডাঙৰ প্ৰশ্ন এটা সদায় জাগে, এই ৰে'ললাইনকেইডালৰ বাৰু শেষবিন্দুটো ক'ত? এতিয়া ভাবি ভাল লাগে যে ব্ৰহ্মপুত্ৰৰ দুয়োটা পাৰৰে লাষ্ট টাৰ্মিনেল দুটা গৰকাৰ সৌভাগ্যকণ ইতিমধ্যে মোৰ হৈছে

আগে আগে গৈ থকা যাত্ৰীসকলক অনুসৰণ কৰি প্ৰস্থান বাটেদি আমিও শাৰী পাতি বাহিৰলৈ ওলাই আহিলোঁ৷ চৌপাশ অন্ধকাৰ হৈয়ে আছে৷ ভাড়াৰ বাবে অপেক্ষমান বিভিন্নখন বাহনৰ ড্ৰাইভাৰ, কনডাক্টৰ, মালিকসকলে মুকলি পৰিৱেশটো হুলস্থূলীয়া কৰি তুলিছে৷ য়াৰ্ডৰ একেবাৰে সোঁহাতলৈ আমাৰ বাবে গাড়ী দুখন ৰৈ আছে৷ এখন মহেন্দ্ৰ বলেৰ, বগা ৰঙৰ, নম্বৰ AS01BJ3235৷ আনখন মহেন্দ্ৰ KUV100KL৷ তেজৰঙা বৰণৰ কে.ইউ.ভি.খন 'কালি কিনা' যেন লাগিছে৷ নম্বৰ প্লেট লগোৱাই নাই৷ মই পিছে বলেৰখনলৈহে পোনালোঁ৷ এইখন মোৰ প্ৰিয় গাড়ী৷ উঠিলে কিবা আপোন ঘৰ যেন লাগে৷ গুণাগঁথা সিমান নহ'লেই, দীপকদা, প্ৰদীপদা আৰু অৰূপদাও বলেৰখনতে বহিলহি৷ ষ্টাৰ্ট দিওঁতেই কথা পাতি চালকৰ নামটো জানি ল'লোঁ৷ পুলিন গগৈ৷ ৰঙাখন গৰাকীয়ে নিজেই চলাইছে৷ জয়ন্তদা, কাটাউচ আৰু ৰাজীৱ তাত উঠিছে৷ ৰোহিত নামৰ কোনোবা মাৰোৱাৰী বন্ধু এজনৰ সহযোগক্রমে দীপকদাই গাড়ী দুখনৰ ব্যৱস্থা কৰিছিল৷ ট্ৰে'নত উঠাৰ পাছতে ফোন কৰি যাত্ৰাৰম্ভৰ ইংগিত দিয়া শুনিবলৈ পাইছিলোঁ, যাতে সময় বুজি সিমূৰে আগতীয়াকৈ মজুত থাকিব পাৰে৷

গাড়ী দুখনে আমাক উঠাই লৈ আহিল মেইন ৰডলৈ৷ ষ্টেট্‌ বেংক অফ্‌ ইণ্ডিয়াৰ চিলাপথাৰ শাখা কাৰ্যালয়ৰ সমীপস্থ হোটেল সীমা প্লাজাৰ সন্মুখত ৰলহি৷ কাণি-মুনি হৈয়ে আছে৷ নিস্তব্ধতা ভংগ কৰি হোটেলৰ গেটখনত খট্‌খটাব ধৰিলোঁ আমি৷ ভিতৰৰ পৰা বন্ধ ৰাখিছে৷ অলপ পাছত খোল খালে যেনিবা৷ ইয়াত কোঠা এটা আগতীয়াকৈ বুক্‌ কৰি থোৱা হৈছিল৷ ৫০০ টকাৰ বিনিময়ত ৰূমটোৰ চাবি চমজি লোৱা হল মেনেজাৰ ৰমেশ বসুমতাৰীৰ পৰা৷ হাত-মুখ ধোৱা, প্ৰাতঃকৰ্ম সম্পাদন, স্নানকাৰ্য ইত্যাদি এজন এজনকৈ হৈ উঠিল৷ প্ৰথমে প্ৰদীপদা সোমাল৷ তাৰ পাছত কাটাউচ৷ তিনি নম্বৰত সুযোগ মই ললোঁ৷ ধান্দাটো হল, ফটাফট কামখিনি কৰি বাকীসকলৰ হয়মানে ৰাস্তাত তহল দিবগৈ লাগে৷ মানুহ বিচৰা, ঘৰ উলিওৱাৰ জৰুৰী কাম এটা আছে৷

গা-পা ধুই অঁতায়েই তুৰন্তে তললৈ নামি আহিলোঁ৷ চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্রীড়া আৰু সাংস্কৃতিক চৌহদত এইবাৰ সদৌ অসম মাষ্টাৰ্ছ এথ্‌লেটিক্‌চ চেম্পিয়নশ্বিপৰ ৰূপালী জয়ন্তী অনুষ্ঠিত হব ডিচেম্বৰৰ শেষত, ২৬-২৯লৈ৷ বহল ৰাস্তাটোৰ ইপাৰৰ পৰা সিপাৰ জোৰাকৈ দীঘলীয়া বেনাৰ ওলমিছে৷ যোৱা বছৰ প্ৰতিযোগিতাখন আমাৰ ডিফুত হৈছিল৷ প্ৰদীপদা আৰু কাটাউচ বেনাৰখনৰ ওচৰতে পথৰ দাঁতিত বহা অস্থায়ী চাহ দোকানৰ আগত ৰৈ আছে৷ কাটাউচে মোক দেখি হাত বাউলি দিলে৷ তেওঁ আগ বঢ়াই দিয়া লালচাহ একাপ খাই সতেজ হৈ ললোঁ৷ তাৰ মাজতে চন্দ্ৰ মিলিক সংযোগ পাওঁ নেকি চাইছোঁ৷ কালি সন্ধিয়া ৰেলত উঠাৰ পাছতো চেষ্টা কৰিছিলোঁ৷ কিয় জানো, ৰিচিভ নকৰিলে৷ জনাব খুজিছিলোঁ যে আমাৰ কামাখ্যা-চিলাপথাৰ ৰেল-যাত্ৰা শুভাৰম্ভ হৈ গল, কাউৰী পুৱাতে তোমালোকৰ ঠাইত নামিম৷ কি হ'ল জানো, ফোনো নধৰিলে, ৰিটাৰ্ণ কল এটাও নকৰিলে! বিষয়টো ৰহস্যৰ আৱৰ্তত থাকি গল৷ ৰক্ষা, এতিয়া যেনিবা ধৰিছে৷ গম্ভীৰ সুৰেৰে জনালোঁ, মই এতিয়া চিলাপথাৰত৷ প্ৰশ্নোত্তৰ এগালমান হৈ উঠাৰ পাছত চন্দ্ৰই বুজালে যে তেওঁলোকৰ ঘৰটো এই ৰাস্তাতে, ধেমাজিৰ দিশে, অলপমান আগলৈ, বাঁওহাতে৷ তাৰ পাছতে জোৰদাৰ আমন্ত্ৰণ৷ আহি যাওক এতিয়াই৷ আহ্বান নেওচা টান হৈ পৰিল মোৰ পক্ষে৷

প্ৰদীপদা আৰু কাটাউচক লগত লৈ চিলাপথাৰৰ ৰাজমাৰ্গত খোজ আৰম্ভ কৰি দিলোঁ৷ যেনিবা ডিফুত সদায় কৰি থকাৰ দৰে প্ৰাতঃভ্ৰমণহে চলিছে! অলপ পাছতে চকামকাকৈ দেখা গ'ল, বিপৰীত দিশৰ পৰা চন্দ্ৰ আগুৱাই আহি আছে৷ পিছে পিছেচোন সৌজনী অমিলতাও! অকণমান আহি তাই কাষৰীয়াকৈ ৰৈ দিলে৷ উৎসুকতাৰে চাই থাকিল আমাৰ ফালে৷ ওচৰ পালত সম্ভাষণ বিনিময়ৰ লগতে সংগী দুজনৰ সৈতে পতি-পত্নীহালক পৰিচয় কৰোৱালোঁ৷ লগে লগে ঘৰলৈ আদৰি নিলে৷ ড্ৰয়িং ৰূমত বহুৱালে৷ চাহ-জলপানৰ প্ৰস্তাৱো নহাকৈ নাথাকিল৷ তেওঁলোকৰ কন্যা-সন্তান আতেৰিয়ে গুৱাহাটীত হায়াৰ ছেকেণ্ডাৰী পাঠ্যক্রম পঢ়ে৷ পুত্ৰ সম্ৰাট তেনেই সৰু৷ স্কুললৈ যোৱা আৰম্ভ কৰিছেহে মাত্ৰ৷ ধেমাজিত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্ততিতম অধিৱেশনৰ সময়তেই পৰিয়ালটোৰ সৈতে মোৰ শেষ সাক্ষাৎ৷ ইমান দিনৰ মূৰত এতিয়া এনেকৈ ভাবিব নোৱাৰা ধৰণে পুনৰবাৰ দেখাদেখি! তাকে লৈ আচৰিত আৰু সুখী হৈ পৰিছে দুয়ো৷

চন্দ্ৰ মিলি খেলা-ধূলাৰ সৈতে জড়িত, ব্যৱসায়ী মানুহ৷ অমিলতা টায়ে শিক্ষয়িত্ৰী৷ ঘৰৰ ওচৰতে হাইস্কুলখন৷ বৰ আগ্ৰহেৰে অমিয়ে তাইৰ নতুন ঘৰটোৰ আগফাল-পাছফাল তন্নতন্নকৈ মোক দেখুৱালে৷ প্ৰায় লগালগিকৈ সাজি ৰখা পৰম্পৰাগত মিচিং চাংঘৰটোতো সোমালোঁ৷ মনত আছে, ১৬ বছৰ ধৰি হেৰাই থকাৰ মূৰকত ২০০৯ চনৰ আলি-আয়ে-লৃগাঙৰ দিনাখন আচম্বিতে দেউতাকৰ গাঁৱৰ ঘৰখন বিচাৰি উলিওৱাৰ পাছত ইহঁতকো আৱিষ্কাৰ কৰিছিলোঁ৷ চিলাপথাৰৰ মাটিত তোমাৰ এই চিনাকিটো কেনে ধৰণৰ? প্ৰদীপদাই চাব মাৰি সোধা প্ৰশ্নৰ উত্তৰত খৰতকীয়াভাৱে বৰ্ণনা কৰিবলগীয়া হল একালৰ সহপাঠী উৎপল মজুমদাৰক লগত লৈ চলোৱা কুলাজান পাম অভিযানটোৰ সবিশেষ৷ চাহপৰ্বৰ সমানে সমানে খেলা-ধূলা, ভ্ৰমণ, শিক্ষা, ঘৰ, পৰিয়াল, চাকৰি, ব্যৱসায়, ৰোমন্থন ইত্যাদি সামৰি চলা আমাৰ আলোচনাই উপভোগ্য ৰূপ ললে৷ আমি কি পাতি আছোঁ নুবুজাৰ ফলত কাটাউচ যাতে বিৰক্ত নহয়, মাজে-মধ্যে হিন্দী-ইংৰাজীত তেওঁৰ সৈতেও সংযোগ ৰক্ষা কৰি গ'লোঁ৷ আনন্দ লাগিল যে দীঘলীয়া এড্‌ভেন্‌চাৰ যাত্ৰা এটাৰ ফাঁকতে সুযোগ বুজি প্ৰদীপদা আৰু ডুবাই নিবাসী শকত-মস্ত ভ্ৰমণ-সংগীজনক সুদূৰ চিলাপথাৰত মিচিং এঘৰ ফুৰাব পাৰিছোঁ৷



No comments:

Post a Comment