দিন দুই ৷৷ খণ্ড ৩
পৰম উৎকণ্ঠাৰ মূৰকত পুৱা ৮.২০ বজাত আলং (এতিয়া আল’) অভিমুখী যাত্ৰাটোৰ সূচনা হ’ল৷ লিকাবালিৰ মালিনী থান পৰ্যন্ত মোৰ আগতে এবাৰ, ২০০৯ বৰ্ষত যোৱাৰ সৌভাগ্য হৈছিল৷ সেইখন চে’ক্ গে’টেৰে অৰুণাচল প্ৰদেশত পদাৰ্পণ কৰাৰ সুযোগহে হাতলৈ অহা নাছিল৷ আজি পাই গৈছোঁ৷ সেয়েহে এতিয়া প্ৰতিটো মুহূৰ্ততে বিৰাট অনুসন্ধিৎসাই মন-প্ৰাণ-মগজু উথপথপ লগাই আছে৷
পৰম উৎকণ্ঠাৰ মূৰকত পুৱা ৮.২০ বজাত আলং (এতিয়া আল’) অভিমুখী যাত্ৰাটোৰ সূচনা হ’ল৷ লিকাবালিৰ মালিনী থান পৰ্যন্ত মোৰ আগতে এবাৰ, ২০০৯ বৰ্ষত যোৱাৰ সৌভাগ্য হৈছিল৷ সেইখন চে’ক্ গে’টেৰে অৰুণাচল প্ৰদেশত পদাৰ্পণ কৰাৰ সুযোগহে হাতলৈ অহা নাছিল৷ আজি পাই গৈছোঁ৷ সেয়েহে এতিয়া প্ৰতিটো মুহূৰ্ততে বিৰাট অনুসন্ধিৎসাই মন-প্ৰাণ-মগজু উথপথপ লগাই আছে৷
পুলিন গগৈয়ে আমাৰ বলেৰ’খনৰ ইঞ্জিন ষ্টাৰ্ট দিলে৷ পিছে
১ কিল’মিটাৰমান গ’ল কি নগ’ল, ব্ৰে’ক মাৰিলেই! বজাৰৰ মাজত সিখন গাড়ীৰ ঠিক পাছতে ৰৈ যাবলগীয়া হ’ল৷ বুজিলোঁ, নিশ্চিতভাৱে এয়া পুৱাৰ আহাৰৰ সন্ধানেই
চলিছে, চালক তথা স্থানীয় মানুহ বসুদেব সাহাৰ তৎপৰতাত৷ সীমা প্লাজাত আমি একো খাই অহা নাই৷ আইচ্ছ বেকাৰীৰ
ওচৰৰ সম্ৰাট হোটেলতে আটায়ে পৰঠা, ভুজিয়া, অম্লেট্, ৰসগোল্লা, গাখীৰ, চাহ ইত্যাদি
খাই পুনৰায় চিটত বহিলোঁহি৷ ‘বাটৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি চিলাপথাৰতে দুয়োখন গাড়ীত খোৱাপানীৰ
বটল এক কাৰ্টনকৈ উঠাই ল’লে কেনে হয়?’ গুৰুত্ব উপলব্ধি কৰি মোৰ প্ৰস্তাৱটো
তৎক্ষণাৎ সৰ্বসন্মতিক্রমে গৃহীত হৈ হ’ল৷ পানীৰ ঠাইলৈকে গৈ আছোঁ৷ মেন্-চু-খাৰ অৰ্থই হৈছে ঔষধীয় পানীৰ নিজৰা৷ অথচ বটল নিকিনিলেই নহয়! মনে মনে ভোৰভোৰালোঁ অলপমান৷ যিকোনো সময়তে ভ্ৰমণকাৰীৰ পকেট কাটে এই মিনাৰেল ৱাটাৰৰ বটলে!
সন্মুখৰ আসনত দীপকদা৷ দীৰ্ঘকায় মানুহজনে দৰজাখন বন্ধ কৰিয়ে হিচাপ শুনালে, ‘ব্ৰেক্ফাষ্ট আৰু পানী মিলাই
৮৭০ টকা দিয়া হ’ল দেই৷’ দীপকদা ধন-ভঁৰালী৷ মোৰ কাম টুকি যোৱা৷ নোটবুক-কলমযোৰ উলিয়াওঁমানে গগৈয়েও এক্সেলাৰেটৰত হেঁচা প্ৰয়োগ কৰিলেই৷ এইছোৱা ৰাস্তা ভাল৷ দুপাৰে বিভিন্ন
ধৰণৰ দোকান-পোহাৰ আছে৷ চুবুৰীয়া অৰুণাচল প্ৰদেশৰ ৰাইজ চিলাপথাৰৰ এই বজাৰখনৰ ওপৰতে ঘাইকৈ
নিৰ্ভৰশীল৷ আলু-নিমখ, মাছ-পাচলিকে ধৰি দৈনন্দিনৰ প্ৰয়োজনীয় সকলোখিনিয়ে ইয়াত উপলব্ধ৷ চাহ খাই উঠি আলেঙে আলেঙে লক্ষ্য কৰিছিলোঁ৷ গে’টৰ সিপাৰৰ পৰা ৰাস্তাটো বেয়া
বুলি শুনি আহিছোঁ৷ সঁচা-মিছা গৈ থাকিলেই গম পাই যাম৷ ভিতৰি লাগি থকা আনন্দটোৱে কিন্তু
মনটোক যিকোনো বাধা অতিক্রম কৰাৰে পক্ষপাতী কৰি ৰাখিছে৷
চিলাপথাৰৰ পৰা উত্তৰ দিশে লিকাবালিলৈ ৮ কিল’মিটাৰ৷ মিহি ৰাস্তাত গাড়ীয়ে সাউতকৈ
অসম-অৰুণাচল ৰাজ্যিক সীমান্ত চুলেগৈ৷ মালিনী থানলৈ সোমাই যোৱা বাটটো সোঁহাতে এৰি আহিছোঁ৷
ৰাস্তাটো পাহাৰৰ ওপৰলৈ উঠি আকৌ তললৈ নামি গৈছে৷ ধেমাজি অধিৱেশনলৈ আহোঁতে তদানীন্তন
সভাপতি ৰং বং তেৰাং চাৰৰ সৈতে সদলবলে গৈছিলোঁ অৰুণাচল প্ৰদেশৰ ভিতৰতে প্ৰধান তথা বিখ্যাত,
দুখন ৰাজ্যৰ সীমামূৰীয়া সেই প্ৰত্নতাত্ত্বিক গুৰুত্বপূৰ্ণ অঞ্চলটো চাবলৈ৷ অৰুণাচলৰ পাহাৰ এতিয়া মুখৰ আগত৷
মা-মালিনী থানক উত্তৰ-পূব ভাৰতৰ দ্বিতীয় বৃহৎ শক্তিপীঠ
বুলি গণ্য কৰা হয়৷ মানুহৰ মুখ বাগৰি অহা পৌৰাণিক কাহিনীৰ মতে শিৱ আৰু পাৰ্বতীয়ে ইয়াতে
তপস্যা কৰি আছিল৷ তেনেকুৱাতে বিদৰ্ভৰ ৰজা ভীষ্মকৰ কন্যা ৰুক্মিণীৰ বিয়া ঠিক হ’ল চেদিৰাজ শিশুপালৰ সৈতে৷ ইফালে
ৰুক্মিণীয়ে ভাল পাইছিল শ্ৰীকৃষ্ণক৷ পতিৰূপেও কামনা কৰিছিল তেওঁকেই৷ শিশুপালৰ সৈতে বিবাহ
স্থিৰ হোৱাত তাই শ্ৰীকৃষ্ণক প্ৰাৰ্থনা জনালে৷ শ্ৰীকৃষ্ণই দ্বাৰকাৰ পৰা আহি ৰুক্মিণীক
হৰণ কৰি নিলে৷ ৰুক্মিণীক লৈ যাওঁতে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীয়ে শিৱ আৰু পাৰ্বতীৰ আলহী
হৈ সেই স্থানতে জিৰণি লৈছিল৷ তেতিয়া পাৰ্বতীয়ে উদ্যান আৰু অৰণ্যৰ শ্ৰেষ্ঠ পুষ্পৰে মালা
গাঁথি শ্ৰীকৃষ্ণক অভ্যৰ্থনা কৰিলে৷ আতিথেয়তাত মুগ্ধ হৈ শ্ৰীকৃষ্ণই পাৰ্বতীক ‘মালিনী’ বুলি সম্বোধন কৰিছিল৷ সেইবাবেই
ঠাইটুকুৰাৰ নামটো ‘মালিনী থান’ হ’ল৷ মালিনী থান নতুনকৈ দিয়া নাম৷
ইতিপূৰ্বে আৱিষ্কৃত ভগ্নাৱশেষ আৰু প্ৰত্নতাত্ত্বিক
সামগ্ৰীসমূহে প্ৰমাণ কৰামতে প্ৰাচীন কালত উক্ত স্থানত এটা গুৰুত্বপূৰ্ণ মন্দিৰ আছিল৷
সেই মন্দিৰক কেন্দ্ৰ কৰি বহুতো সৰু সৰু মন্দিৰ গঢ় লৈ উঠিছিল৷ মহাযানী শাখাৰ পুৰণি বৌদ্ধ
মন্দিৰৰ ভগ্নাৱশেষ আৰু শিলৰ ভালেমান মূৰ্তি আজিও তাত আছে৷ মালিনী থানত আৱিষ্কাৰ হোৱা দশভুজা
পাৰ্বতী বা দুৰ্গাৰ মূৰ্তিটো ভাৰতৰ অন্যতম অনুপম ভাস্কৰ্য বুলি বিবেচনা কৰা হয়৷ তদুপৰি
সেই মূৰ্তি আৰু মন্দিৰ সজা শিল অৰুণাচল বা অসমৰ আন ক’তো পোৱা নাযায় বুলি কোৱা হয়৷
তেজপুৰৰ দ পৰ্বতীয়া আৰু ডিমাপুৰৰ ধ্বংসাৱশেষৰ সৈতে মালিনী থানৰ আচৰিত ধৰণৰ মিল আছে
বুলিও প্ৰকাশ৷
স্থানীয় অধিবাসী গালং অৰ্থাৎ গাল’সকলে পূৰ্বতে সেই এলেকাটোলৈ নগৈছিল৷
তাত ভূত-প্ৰেত-দেৱতাৰ বাসস্থান থকা বুলি বিশ্বাস কৰিছিল৷ চিকাৰ নকৰিছিল৷ সেইফালে চিকাৰ
কৰিলে চিকাৰী বা চিকাৰীৰ আত্মীয়ৰ ক্ষতি হয় বুলি এটা ধাৰণাই প্ৰচলিত আছিল৷ ভুলক্রমে
কোনোবাই চিকাৰ কৰিলে জনজাতীয় ৰীতি-নীতিৰে পূজা-সেৱা আগ বঢ়াইছিল৷ এতেকে অঞ্চলটো আছিল
সম্পূৰ্ণৰূপে মনুষ্যবৰ্জিত৷ শদিয়াত থকা তদানীন্তন ৰাজনৈতিক বিষয়া ডব্লিউ. এইচ. কেলভাৰ্টে
১৯৩৬-১৯৩৯ চনৰ সময়ছোৱাত হাতীৰ পিঠিত উঠি সেই ঠাই পৰিভ্ৰমণ কৰিছিল৷ ১৯৫০ চনৰ বৰভূঁইকঁপে
বিস্তৰ ক্ষতি সাধন কৰিছিল মালিনী থানৰ৷ ভূমিকম্পৰ পাছত ব’ৰ্ডাৰ ৰ’ড্ছ টাস্ক ফ’ৰ্চ (বি.আৰ.টি.এফ.)ৰ দ্বাৰা চিলাপথাৰ-আল’ পথ নিৰ্মাণ কৰাৰ সময়ত মাটি কাটোঁতে
ভালেমান মূৰ্তি উদ্ধাৰ হৈছিল৷ ১৯৬৮ চনত নেফাৰ হিষ্টৰীকেল ছেক্চন অফ্ ৰিচাৰ্ছ বিভাগে
অঞ্চলটোৰ জৰীপ কৰে৷ ১৯৭০-৭১ চনত অৰুণাচল প্ৰদেশৰ ঐতিহাসিক গৱেষণা বিভাগে প্ৰথম খনন
কাৰ্য চলায়৷ তেতিয়াই মালিনী থানৰ প্ৰাচীন মন্দিৰৰ অৱশেষসমূহ পোৱা গৈছিল৷ সেই সময়তে
মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছিল দেৱ-দেৱীৰ শতাধিক মূৰ্তি৷ পুৰাতাত্ত্বিক গৱেষকৰ বিজ্ঞানসন্মত
অধ্যয়ন, পৰীক্ষণৰ জৰিয়তে সেইসমূহ ত্ৰয়োদশ-চতুৰ্দশ শতিকাৰ বুলি চিহ্নিত হৈছে৷
শিলেৰে সজা সুদীৰ্ঘ খট্খটিৰে তেতিয়া আমি থানখনলৈ
উঠি গৈছিলোঁ৷ পাহাৰৰ ওপৰৰ পৰা দৃষ্টি প্ৰসাৰিত কৰি দূৰেৰে বৈ থকা ব্ৰহ্মপুত্ৰখন দেখা
পাইছিলোঁ৷ অতীতত নদীখন মালিনী থানৰ একেবাৰে কাষেৰে প্ৰৱাহিত হৈছিল বুলি কোৱা হয়৷ সেইখিনিতে
ঘগৰা আৰু গাই নদী ব্ৰহ্মপুত্ৰত পৰিছে৷ ভাৰতৰ মূল ভূভাগৰ পৰা অহা মানুহে উক্ত অঞ্চলতে
হেনো পোনপ্ৰথমে বসতি আৰম্ভ কৰিছিল৷
লিকাবালিৰ পৰা ১২ কিল’মিটাৰ আঁতৰত, আল’ৰ পৰা চিলাপথাৰলৈ অহাৰ বাটত আকাশীগংগা
নামে অন্য এক পীঠস্থান অৱস্থিত৷ তাত থকা ওখ পৰ্বতৰ পৰা নামি অহা জলপ্ৰপাতৰ ফট্ফটীয়া
ধাৰটোক গংগাজল বোলা হয়৷ কুণ্ডত জমা হোৱা পানীখিনিকো পৱিত্ৰ জ্ঞান কৰা হয়৷ হিন্দুধৰ্মী
ভক্তসকলে সেই তীৰ্থত পূতস্নান সমাপন কৰে৷ পৌৰাণিক কিম্বদন্তী অনুযায়ী বিশ্বাস প্ৰচলিত
আছে যে অষ্টম শতিকাৰ কালিকা পুৰাণত বৰ্ণিত সতী পাৰ্বতীৰ বিষ্ণুৰ দ্বাৰা ছেদিত দেহৰ
মূৰৰ অংশটো আকাশীগংগাৰ আশে-পাশে পৰিছিল৷ সেই স্থানৰ পৰা বিহংগম দৃষ্টিত ব্ৰহ্মপুত্ৰ
নদ দেখা পোৱা যায়৷
ৰাস্তাৰ পৰা দেখা নাপাওঁ বুলি জানিও মা-মালিনী
থানৰ দিশলৈ একধ্যানে চাই চাই গৈ আছোঁ৷ থানখনক কেন্দ্ৰ কৰিয়ে ১৯৬৮ চনৰ পৰা প্ৰতি বছৰে
ব’হাগ বিহুৰ সময়তে পাঁচদিনীয়াকৈ
উদ্যাপন কৰি অহা হৈছে মালিনী মহোৎসৱ৷ পাহাৰ-ভৈয়ামৰ চহা লোকসকলৰ একত্ৰিকৰণত মালিনী
মন্দিৰৰ সমীপৰ সমতল ভূমিখণ্ডত প্ৰাকৃতিক পৰিৱেশত আয়োজিত ঐতিহাসিক মালিনী মেলাৰ খবৰ
আমি বাতৰি কাকত যোগে বছৰি পাই আহিছোঁ৷ পৰ্বত-ভৈয়ামৰ অগণন ভক্ত আৰু দৰ্শনাৰ্থীৰ উপৰি
দেশী-বিদেশী পৰ্যটক তথা গৱেষক পণ্ডিত-সজ্জনৰ আগমনত উক্ত উৎসৱ মহামিলনৰ পৱিত্ৰ তীৰ্থসম
হৈ পৰে, ৰঙীন হৈ পৰে মালিনী মন্দিৰৰ চৌদিশ৷ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, থলুৱা খাদ্য
মেলা, বস্ত্ৰ আৰু কুটীৰ শিল্পৰ বিপণি আদিয়ে উপস্থিত ৰাইজক বাৰুকৈয়ে আকষৰ্ণ কৰে৷
আৰু এখোপ আগ বাঢ়ি মূল পথটোৰ সোঁফালে অৰুণাচল প্ৰদেশৰ
মাটিত পতা নুমলীগড় ৰিফাইনেৰী লিমিটেড (এন.আৰ.এল.)ৰ ফুৱেল ৰিফিলিং ষ্টেচন পালোঁ৷ গাড়ী দুখন অগা-পিছাকৈ সোমাই গ’ল৷ এখনত ডিজেল আৰু আনখনত পেট্ৰ’ল লোৱা হ’ল, টেংকিত ধৰেমানে৷ ‘১১১২৮৩’৷ অড’মিটাৰ চাই আমাৰ গাড়ীখনৰ ৰিডিং টুকি থ’বলৈ সকীয়ালে দীপকদাই৷ তেনেতে
প্ৰদীপদাই ক’লে, ‘আৰু লিখা, দুয়োখন গাড়ীত তেল ভৰোৱাৰ
বাবদ মুঠতে ৩,৬০০ টকা৷’ ইন্ধন ল’বলৈ ৰোৱাৰ সুযোগতে নামি গৈ ইফালে-সিফালে
কেমেৰা টোঁৱাই ফটো কেইখনমান তুলিবলৈ হ’লে মই নেৰিলোঁ৷ তেতিয়াই মন কৰিলোঁ, দুচকুৰে দেখি থকা পৰ্যন্ত
সন্মুখৰ পথটো তেনেই ধূলিময়৷ হ’লেও সেইফালেৰেই নিজস্ব গতিৰে আমি পৰ্বতৰ অভ্যন্তৰলৈ সোমাই যাব লাগিব৷
আগতে কোনোবাই কোৱা বাক্য এষাৰ চাঁত কৰে মনলৈ আহিল… ‘The condition of the road may be very bad in some
stretches. But who says that the journey to the heaven would be a smooth one!’
No comments:
Post a Comment