Friday, 13 October 2017

দিন এক ৷৷ খণ্ড ২

প্ৰকৃতিৰ অনন্য সাজেৰে সালংকৃতা প্ৰথম সূৰ্য প্ৰসৱিনী প্ৰদেশ অৰুণাচল৷ গৌৰৱোজ্জ্বল ইতিহাস তথা ঐতিহ্য, ৰং-বিৰঙী উৎসৱ-পাৰ্বণ, হস্তকলাৰে মেটমৰা অৰুণাচলী জীৱন৷ বৈচিত্ৰ্যময় সংস্কৃতিৰ ঐতিহাসিক সংহতি আছে আমাৰ চুবুৰীয়া এই প্ৰদেশত৷ দৃষ্টিনন্দন পৰ্বত আৰু উপত্যকা, শৰীৰৰ উপকাৰী জল আৰু বায়ুৰে বিশেষভাৱে চহকী আৰু প্ৰভাৱী এই ৰাজ্য৷ ৰহস্যময় ভূভাগ তথা নিষিদ্ধ অভ্যন্তৰ ইয়াত এতিয়াও বৰ্তমান, য'ত লুকাই আছে অযুত সম্ভাৱনা৷ তাৰ মাজৰ পৰাই আজিও আৱিষ্কাৰ হয় আগতে কোনেও নেদেখা মাছ, কল, ফুল, ভেকুলী আদি৷ ইয়াতেই পুৰাণত বৰ্ণিত প্ৰভু পৰ্বত৷ মুনিবৰ পৰশুৰামে ইয়াতেই নিজৰ পাপ মোচন কৰিছিল, ব্যাসদেৱে ধ্যান কৰিছিল, ৰজা ভীষ্মকে ৰাজ্য প্ৰতিষ্ঠা কৰিছিল, শ্ৰীকৃষ্ণই ৰুক্মিণীক বিবাহ কৰাইছিল৷ দেখা নাই, কিতাপ-কাকতত পাইছোঁ৷ সদ্যহতে যিবোৰ উপলব্ধ হৈ আছে, সেয়া চাবলৈ দৌৰ মাৰোঁ জীৱন-বেলি অতীত নৌ হওঁতেই৷

ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰেৰে ট্ৰেনখন আগ বাঢ়িছে৷ ব্ৰহ্মপুত্ৰ, অসম, অৰুণাচল আৰু তিব্বতৰ মাজত নিৰৱচ্ছিন্ন যোগসূত্ৰ আছে৷ আমাৰ কাষৰীয়া অঞ্চল তিব্বতৰ তুষাৰধৱল পৰ্বতত উৎপত্তি হোৱা ব্ৰহ্মপুত্ৰ নদ চাংপো অৰুণাচল প্ৰদেশৰ মাজেৰে চিয়াং, দিহাং হৈ অসমভূমিলৈ নামি আহিছে৷ অসমৰ দৰে অৰুণাচলৰো এই নৈৰ সৈতে আত্মিক সম্পৰ্ক আছে৷ যৌগিক সাংস্কৃতিক দিশত অৰুণাচল প্ৰদেশ আৰু অসমবাসীৰ বহুখিনি সাদৃশ্য আছে, বিশেষকৈ ব্ৰহ্মপুত্ৰখনক লৈ৷ লাহে লাহে নেদেখা হৈ আহিল মহাবাহু৷ আমি কংক্রিটৰ অৰণ্যত সোমাই পৰিলোঁ৷ ওচৰ চাপি আহিল মহানগৰ, জন-অৰণ্য৷

কথাৰ লাচত গমেই নাপালোঁ৷ সঠিক সময়তে নাগালেণ্ড এক্সপ্ৰেচ গুৱাহাটী ৰেল ষ্টেচনৰ প্লেটফৰ্ম নং ১ত সোমাল আৰু নামিবৰে হল আমাৰ৷ পল্টন বজাৰৰ দিশেৰে বাহিৰ ওলাই অহাৰ পাছত কেঁকো-জেকোকৈ নিয়া টোপোলা তিনিটা অটৰিক্সা এখনত তুলি অৰূপদা গুচি গল খ্ৰিষ্টান বস্তিলৈ, দ্বিতীয় খেপৰ কাৰণে বিয়লি একত্ৰিত হোৱাৰ প্ৰতিশ্ৰুতিৰে৷ ৰে'লৰ পৰা নমাৰ পাছত সহায়কাৰী প'ৰ্টাৰ, চলতি ভাষাত কুলি হিচাপে তাৰে এটা ময়ে কঢ়িয়াই দিব লগা হ'ল৷ হাত জোকাৰি তেওঁ গ'লগৈ৷ বাকী আমি দুয়ে উঠিলোঁ চিটি বাছ এখনত, ছয় মাইলৰ দিশে৷ শিৱ মন্দিৰ পথত প্ৰদীপদাৰ ভনীয়েক এজনী থাকে৷ উদ্দেশ্য, তাইৰ ঘৰতে সময়খিনি পাৰ কৰিম৷ সোৱণশিৰিৰ পাৰে পাৰে যোৱাবাৰ তাক্‌চিঙলৈ ওলাওঁতেও আমি দুয়ো তাতেই উঠিছিলোঁগৈ৷

প্ৰদীপদাৰ ভনীয়েক মালাই ভাত-পানী ৰান্ধি গৰমে-গৰমে খুৱালে৷ ভাগিন-ভাগিনীয়েক ক্রমে স্বৰ্ণাভ আৰু স্বৰ্ণময়ীৰ সৈতে পঢ়া-শুনা, খেলা-ধূলা আদিকে সামৰি অনেক কথা-বতৰা চলিল৷ আবেলি চাহ আৰু এগালমান মিঠায়ো খোৱা হল৷ বিয়লি তেওঁলোকৰ মাৰুতি ডিজায়াৰ গাড়ীৰে কামাখ্যা ৰেলৱে আস্থানলৈ ওলালোঁ৷ স্বৰ্ণাভো আহিল আমাৰ সৈতে৷ ট্ৰেন এৰাৰ সময় সন্ধিয়া ৬.১০ যদিও হাতত সময় পৰ্যাপ্তভাৱে ৰাখি বিদায় লৈছোঁ, যাতে মহানগৰীৰ চিৰাচৰিত যানজঁটত কোনোপধ্যে আবদ্ধ হৈ নপৰোঁ৷ কাৰণ কৰবাত কেনেবাকৈ ফচিব লাগিলে সকলো জল্পনা-কল্পনা ধূলিসাৎ হব৷ সেইটো হ'বলৈ দিব নোৱাৰি৷ হেন জানি ক'ৰবালৈ ওলাওঁতে start early, go safely, reach timely অৱধাৰণাটো সাৰোগত কৰাই বুধিয়কৰ কাম৷

ফোন কৰি জানিলোঁ, খ্ৰিষ্টান বস্তিৰ পদপথত অৰূপদা থিয় হৈ আছে৷ থাওকতে আমি সেইখিনি পালোঁগৈ৷ দিশা এপাৰ্টমেণ্টৰ গেটত তেওঁৰ বস্তু-বাহানিবোৰ গাড়ীত উঠাওঁতে দেখোঁ যে, টোপোলাৰ সংখ্যাটো কমা নাই! ডিফুৰ পৰা যেনেদৰে আনিছিল ঠিক তেনেকৈয়ে লৈ ওলাইছে৷ অপ্ৰয়োজনীয় বস্তুখিনি গুৱাহাটীত থৈ যোৱাৰ কথা আছিল৷ কিন্তু কতা? সোপাকে লৈ আহিছে দেখোন! পুৱাৰ দুশ্চিন্তাটো তৎমুহূৰ্ততে আকৌ কাৰ্যকৰী হৈ পৰিল মোৰ মগজুত৷ পাহাৰ নহয়, আমি পৰ্বত বগাবলৈ গৈ আছোঁ৷ ধেমালি কৰিবলৈ নহয়৷ তেনেস্থলত কেনেকৈ কঢ়িয়াব ইমানবোৰ অপৰিকল্পিত বোজা? সোধাত কলে, লৈ আহিলোঁ, যি হয় হব বলা৷ পৰ্টাৰ থাকিব নহয়৷ বেফিকিৰ আৰু খাৰাংখাচ জবাব৷ সময়ত নিজেই গম পাব বুলি মনতে ভাবি চুপ হৈ ৰোৱাৰ বাদে গত্যন্তৰ নাথাকিল৷ কাষতে বহা প্ৰদীপদাৰ চকুলৈ চালোঁ৷ একেই প্ৰতিক্ৰিয়া৷ খং উঠি আহিছে৷ কলে, তই নাজান নেকি, ক'লৈ গৈ আছোঁ আমি? বগাব নোৱাৰিলে কিন্তু বাটতে এৰি যাম তোক৷ কোনো কাৰণতে আমাক ডিষ্টাৰ্ব নকৰিবি ভাই৷ এতিয়াই চাফ চাফ কৈ দিলোঁ৷প্ৰদীপদাৰ বাক্যত ফুটি উঠিল, ট্ৰেকিঙৰ প্ৰতি স্পৃহাটো তেওঁৰ কিমান সবল৷ মই একো নামাতি খিৰিকীৰ আইনাৰে বাহিৰলৈ চাই চাই গৈ থাকিলোঁ৷



No comments:

Post a Comment