Wednesday, 18 October 2017

দিন দুই ৷৷ খণ্ড 

ৰাস্তাৰ বাঁৱে দুৰ্গম অথচ ধুনীয়া অৰণ্যৰ শোভা৷ মোৰ চিট্‌টোও বাঁওহাতে, দীপকদাৰ পাছফালে৷ অৰুণাচল প্ৰদেশ চৰকাৰে সংৰক্ষণ কৰা এই অৰণ্যখনৰ নাম কানে অভয়াৰণ্য৷ ৰাজ্যখনৰ ভিতৰত আটাইতকৈ কম ক্ষেত্ৰকালিৰ অভয়াৰণ্য এইখন৷ আয়তন ৫৫ বৰ্গ কিলমিটাৰ মাত্ৰ৷ ইয়াৰ অৱস্থিতি অসমৰ সীমাৰ তেনেই কাষতে৷ সংৰক্ষিত বনাঞ্চল এলেকাটো লতামাকৰি বাঘ, ভালুক, সুগৰী পহু, কেটেলা পহু, নেউল, জহামাল আদিৰ বিচৰণভূমি৷ গেজেপনি মৰা হাবিত দেখা পোৱা বৃহৎ কায়াৰ কলগছ আৰু ঢেঁকীয়াজাতীয় উদ্ভিদবোৰৰ বাবে ক্রান্তীয় অঞ্চলটোক Jurassic Park of modern era (সাম্প্ৰতিক কালৰ জুৰাছিক পাৰ্ক) বুলি জনৈক বিদেশী পৰ্যটকে নিজৰ ট্ৰেভেলগত উল্লেখ কৰাটো মই পঢ়িবলৈ পাইছিলোঁ, আমাৰ যাত্ৰালৈ প্ৰস্তুতি চলাই থাকোঁতেই৷ উল্লেখ্য যে ২খন ৰাষ্ট্ৰীয় উদ্যানৰ উপৰি আজিৰ তাৰিখত অৰুণাচল প্ৰদেশত ১০খন বন্যপ্ৰাণী অভয়াৰণ্য বিদ্যমান৷ তাৰে কেইখনমানৰ মই ভূমি স্পৰ্শ কৰি পাইছোঁ৷ এতিয়া এইখন কানে৷ দৰাচলতে অৰুণাচলৰ প্ৰতিটো প্ৰৱেশ পথতেই একোখনকৈ অৰণ্যই আমাক আদৰে বুলিলেও ভুল নহ'ব৷ সেয়ে সোমোৱাৰ লগে লগে ভাল লাগি যায়, প্ৰকৃতিৰ নিৰ্মল সুবাস পাই৷

লিকাবালি মহকুমাটো দুটা ৰাজহ-চক্রত বিভক্ত৷ লিকাবালি আৰু কাংকু৷ লিকাবালিৰ পৰা আললৈ ১৩৬ কিলমিটাৰ৷ দূৰত্ব খুব বেছি নহয় যদিও ৰাস্তা ঠেক আৰু বেয়া৷ তাৰ প্ৰমাণ এতিয়া হাতে হাতে পাইছোঁ৷ গাড়ী চলিছে ঘণ্টাত বৰ বেছি ১৫-২০ কিলমিটাৰ বেগত৷ ঠায়ে ঠায়ে পথ নিৰ্মাণৰ অৰ্থে গছ-গছনি খাস্তাং কৰিছে৷ বহু ওপৰৰ পৰা পাহাৰ খহাই থকা হৈছে৷ প্ৰকৃতিৰ কি এক কৰুণ বিপৰ্যয়! এঠাইত একেলগে কাম কৰি থকা অৱস্থাত পালোঁ ৫খনকৈ এক্সকেভেটৰ৷ অৱধাৰিতভাৱেই সৰু-বৰ সকলো বাহন কিছুবেলিৰ বাবে স্তব্ধ হবলগীয়া হল৷ আইনাখন তললৈ নমাই ময়ো কাম চোৱাত লাগি গলোঁ৷ দেৰি হোৱা দেখি নামিয়ে গ'লোঁ, ভালকৈ চাওঁ বুলি৷ বিশিষ্ট লেখক য়েছে দৰ্‌জে ঠংছিৰ মৌন ওঁঠ মুখৰ হৃদয়ৰ পৃষ্ঠাত চীনা যুদ্ধৰ পাছত অৰুণাচলত ৰাস্তা সজাৰ সজীৱ কাহিনী পঢ়িবলৈ পাইছিলোঁ৷ লিকাবালি-আল পথ নিৰ্মাণৰ সময়ত পাহাৰ খহি অনেক মজদুৰৰ মৃত্যু ঘটিছিল৷ এতিয়া দিন-কাল তেনেই সলনি হল৷ তেতিয়াৰ সৈতে তুলনাই নহয়৷ আজি অত্যাধুনিক প্ৰযুক্তিনিৰ্ভৰ কৌশল আৰু কাৰিকৰী ক্ষমতাসমৃদ্ধ যন্ত্ৰপাতিৰে উন্নত মানৰ বাট-পথ কম সময়ৰ ভিতৰতে, প্ৰাণ হানি নোহোৱাকৈ তৈয়াৰ কৰাটো সম্ভৱপৰ হৈ গল৷ তাৰেই কুচ্‌কাৱাজ চলি আছে আমাৰ সন্মুখৰ পাহাৰখনত৷ অচিৰেই ভাল ৰাস্তা নিৰ্মাণ হব৷ যোগাযোগৰ অসুবিধাবোৰ আঁতৰিব৷ পৰ্যটক সুকলমে আহিব৷ কথাটো এনেকৈ ভাবি বৰ আনন্দ লাগিল যদিও বনাঞ্চলসৰ্বস্ব ৰাজ্যখনৰ অবিশ্বাস্য সম্পদৰাশিৰ ওপৰত মানৱসৃষ্ট হাতোৰাযুক্ত যন্ত্ৰৰ বিধ্বংসী আঁচোৰবোৰ স্বচক্ষে দেখা পাই হৃদয়ৰ কোনোবাখিনি নিবিষোৱাকৈও নাথাকিল৷ যান্ত্ৰিক নিৰ্দয়তাক কেন্দ্ৰ কৰি কোনেও নজনাকৈ মোৰ মন-মগজুত দ্বন্দ্ব এটা চলি থাকিল, অতি সংগোপনে৷ পাহাৰৰ ওপৰত উঠি একে লেথাৰিয়ে মাটি খহাই থকা KOBELCO Heavy Duty Hydraulic Excavatorকেইখনৰ ওপৰত বেয়াকৈ খং উঠি গল৷ হ'লেও উপায় নাই৷ তেনেতে ওপৰৰ পৰা ৰ'ড ক্লিয়েৰৰ চিগনেল পাই গগৈয়ে হৰ্ণ বজাই মাতিব লাগিল৷ উৎসাহেৰে উঠিলোঁহি৷

আমি আহি থকা এই ৰাস্তাটোৰ দেখ-ভাল কৰে বৰ্ডাৰ ৰড্‌ অৰ্গেনাইজেশ্বন, চমুকৈ বি.আৰ.অ. আৰু জেনেৰেল ৰিজাৰ্ভ ইঞ্জিনিয়াৰ ফৰ্চ, চমুকৈ জি.আৰ.ই.এফ.এ৷ প্ৰকল্প এটাৰ আঁচনিৰ উপযুক্ততা, কাৰিকৰী পৰিকল্পনা আৰু ডিজাইন, উচ্চ ক্ষমতাসম্পন্ন প্ৰযুক্তিগত দক্ষতা, নিৰ্মাণ অভিজ্ঞতা তথা পাৰদৰ্শিতা ইত্যাদি যাৱতীয় সকলো দিশ চুই যোৱা কথাবোৰ নিৰ্মোহ আৰু তন্নতন্নকৈ পৰীক্ষা-নিৰীক্ষা কৰিহে মূল কামত অগ্ৰসৰ হোৱা উচিত৷ কিয়নো পৰিৱেশ সুৰক্ষা মানুহৰ বাবে আজি এটা অতি গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে৷ সকলোফালে তাৰেই আলোচনা, চৰ্চা, সজাগতা বৃদ্ধিৰ প্ৰয়াস৷ মানুহক বচোৱাৰ বাবেই বন-বননি আৰু বন্যজন্তু, বায়ু আৰু পানীৰ সুৰক্ষাজনিত পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে এতিয়া৷ নহ'লে বিপদ নিজৰ৷ নিৰ্মাণকাৰী সংস্থাই এনে ধৰণৰ প্ৰকল্পবোৰ ৰূপায়ণ কৰিবলৈ যাওঁতে নিৰ্মাণৰ বাবদ নষ্ট যোৱা মূল্যৱান প্ৰতিজোপা গছৰ বিপৰীতে গাঁও সমিতি বা বেচৰকাৰী সংস্থাৰ সহযোগত অন্ততঃ দুটাকৈ গছপুলি উপযুক্ত স্থানত ৰোপণ কৰিলে কেনে হয়? ভাবি চালোঁ এবাৰ৷ সেইটো এটা কামৰ কাম হ'ব পাৰে নেকি?

পৰ্বতৰ মাজত বহলকৈ কাটি ৰখা এঠাইত বাটৰ দাঁতিতে সোঁহাতে অৱস্থিত এটা সৰু মন্দিৰ৷ সন্মুখ পাওঁতেই ড্ৰাইভাৰৰ ইচ্ছাত গাড়ী দুখন ৰৈ গল৷ সাহা আৰু গগৈ নামি গ'ল৷ বাৰাণ্ডাত ওলমি থকা ঘণ্টাটো বজালে এজনৰ পাছত আনজনে৷ ১৯৯১ চনতে স্থাপন কৰা হৈছিল এই মন্দিৰটো৷ ঘণ্টাধ্বনি কৰ্ণগোচৰ হোৱাত ক্ষন্তেক পাছতে থালী এখন হাতত লৈ পূজাৰীজনৰ আবিৰ্ভাৱ ঘটিল৷ দুয়োখন গাড়ীতে তেওঁ মংগলসূচক চিহ্ন অংকন কৰিলে৷ ড্ৰাইভাৰদ্বয়ে সভক্তিৰে দান-দক্ষিণা আগ বঢ়ালে৷ ধাৰ্মিক তথা ঈশ্বৰপৰায়ণ মানুহ! গাড়ীৰ চকা আকৌ ঘূৰিব লাগিল৷ যিটো ৰাস্তাত যাবলৈ আহিছোঁ কেঁকুৰিয়ে কেঁকুৰিয়ে ঈশ্বৰৰ নাম জপ কৰিব লাগিব বুলি ভালকৈয়ে জনা আছে৷ আৰু সেয়ে চাগৈ পুলিন গগৈ আৰু বসুদেব সাহাই সুযোগ পাওঁতেই বিঘিনিনাশক চিন একোটা দিয়াই ল'লে, নিজ নিজ বাহনত! নামি গৈ সুন্দৰ দৃশ্যটো ৰাস্তাৰ সিপাৰৰ পৰা কেমেৰাত বন্দী কৰি পেলালোঁ, চালকে চিট বে'ল্ট কচি লোৱাৰ পূৰ্বেই৷

বিগত ২০১১ চনতে বাতৰি কাকতত ওলাইছিল অসমৰ উত্তৰ লখিমপুৰ, চিলাপথাৰ আৰু অৰুণাচল প্ৰদেশৰ আলক ৰেলপথেৰে সংযুক্ত কৰাৰ পৰিকল্পনাৰ বিষয়ে৷ শেহতীয়া খবৰ অনুসৰি চিলাপথাৰৰ পৰা আললৈ এটা নতুন ৰেলপথ নিৰ্মাণাৰ্থে চলোৱা জৰীপ কাৰ্য ইতিমধ্যে সমাপ্ত হৈছে৷ যাৱতীয় নথিপত্ৰ ৰেলৱে বৰ্ডত দাখিল কৰাও হৈ গৈছে৷ অৰুণাচলৰ নাহৰলাগুন-ইটানগৰ ইতিমধ্যে ভাৰতীয় ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত হৈছেই৷ আনফালে মুৰ্কংচেলেক-পাচিঘাট-ৰূপাই সংযোগকাৰী ৰেলপথ এটাও হৈ উঠিব বুলি বাতৰিত প্ৰকাশ৷ সি যি কি নহওক, মুখৰ আগত এতিয়া যি দৃশ্য চলি থকা দেখিছোঁ তাৰ পৰা এইটো নিশ্চিত কথা যে ৰেলপথ, মটৰপথ পাবলৈ হলে সভ্যতাৰ নামত এই বিপুল জৈৱ-ভাণ্ডাৰ অলপ নহয়, ভালেমানেই বিসৰ্জন দিব লাগিব৷ বনাঞ্চল, বন্যপ্ৰাণী, জৈৱ-বৈচিত্ৰ্যৰ গুৰুত্ব তথা সংৰক্ষণৰ উপলব্ধিৰে তেনে কাৰ্য যাতে অতিশয় চিন্তিত আৰু সুপৰিকল্পিতভাৱে হয়, কাৰ্যতঃ সেইটোহে ভালদৰে মন কৰিবলগীয়া৷ মূল কথা হল মটৰপথ-ৰেলপথো হওক, অৰণ্য-বৰ্ষাৰণ্যও বাচক৷ সন্তুলন বজাই আগ বঢ়াটো ভৱিষ্যৎ প্ৰজন্মৰ বাবে হিতকাৰক আৰু জৰুৰী৷

ভাৰতবৰ্ষৰ বাবে দক্ষিণ এচিয়াৰ প্ৰৱেশ-দ্বাৰস্বৰূপ এলেকাটো হৈছে উত্তৰ-পূৰ্বাঞ্চল, শেহতীয়াভাৱে অষ্টলক্ষ্মী বুলি যাক অভিহিত কৰা হৈছে৷ আনহাতে এইটো ঠিক যে ভৌগোলিক অৱস্থান অসুচল বাবে দেশৰ আন অঞ্চলৰ দৰে যাতায়াত ব্যৱস্থা ইয়াত সহজসাধ্য হৈ উঠা নাই৷ ২০১৬-১৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত উত্তৰ-পূবৰ উন্নয়নৰ অৰ্থে ধাৰ্য কৰা হৈছিল ৫,৩৪০ কোটি টকা৷ ২০১৭-১৮ বৰ্ষত এই ধনৰাশি বঢ়াই ৫,৫৮৬ কোটি কৰা হৈছে৷ বিয়াগোম অঞ্চলটোৰ বিশেষকৈ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি, আলিপথ, ৰেলপথ, জলপথ, বায়ুপথ, টেলিকম আৰু শক্তিৰ ক্ষেত্ৰকেইখন মজবুত কৰিবৰ বাবে হাতত লোৱা হৈছে কেতবোৰ অভিলাষী প্ৰকল্প৷ ইয়াৰ অন্তৰ্গত কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ ৰেলআলি ব্ৰডগজলৈ পৰিৱৰ্তন, উন্নয়ন আৰু আধুনিকীকৰণৰ শিতানতে ধাৰ্য কৰা হৈছে ১.২১ লাখ কোটি টকা পৰিমাণৰ বিশাল পুঁজি৷ কেন্দ্ৰীয় ৰেল বাজেটত সন্নিৱিষ্ট কৰা হৈছে তিনিচুকীয়াৰ ৰূপাইৰ পৰা পৰশুৰাম কুণ্ড, তেজু, পাচিঘাট চুই মুৰ্কংচেলেকলৈ ৩০০ কিলমিটাৰ দৈৰ্ঘৰ নতুন ব্ৰডগজ ৰেলপথ নিৰ্মাণৰ আঁচনি৷ তদুপৰি আছে বন বিভাগৰ সৈতে সুসমন্বয় সাধনেৰে মিছামাৰীৰ পৰা অসম-অৰুণাচল সীমান্তৰ ভালুকপুং আৰু টেঙা ভেলী হৈ টাৱাঙৰ উদ্দেশ্যে, চিলাপথাৰৰ পৰা বামলৈ আল'ক লক্ষ্য কৰি পোনপটীয়া ৰেলপথ নিৰ্মাণ৷ চৰকাৰীভাৱে প্ৰতিশ্ৰুতি দিয়া হৈছে, উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীকেইখনক ২০২০ চনলৈ ভাৰতীয় ৰেল মানচিত্ৰত সামৰি লোৱা হব৷

উত্তৰ-পূবত ৰেল প্ৰকল্পসমূহৰ কাম-কাজৰ গতি খৰতকীয়া কৰাৰ বাবে গুৰুত্বসহকাৰে এতিয়াহে চিন্তা কৰা আৰম্ভ হৈছে যেন লাগিছে৷ কেন্দ্ৰীয় চৰকাৰে ২০১৪ চনত পূৰ্বৰ লুক্‌ ইষ্ট পলিচীৰ সলনি অঞ্চলটোৰ চিত্ৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা এক্ট ইষ্ট পলিচী বাস্তৱত সফল আৰু যথাযথভাৱে ৰূপায়িত হলে চুবুৰীয়া দেশকেইখনৰ সৈতে ইয়াৰ বাণিজ্যিক সম্পৰ্ক উন্নত হব, পৰ্যটন উদ্যোগেও ঠন ধৰিব৷ তেহেলৈ বৃহৎ এলেকাটোৰ আৰ্থ-সামাজিক চেহেৰাই সলনি হৈ যাব৷ এইটো নিশ্চয় ভাল আৰু উৎসাহজনক কথা৷


No comments:

Post a Comment