দিন এক (২৫.১১.২০১৬, শুক্রবাৰ) ৷৷ খণ্ড ১
বহুদিনীয়া জল্পনা-কল্পনাৰ অন্তত নিৰ্দিষ্ট দিনটো
আহি পালে৷ মেন্-চু-খা অভিমুখী এড্ভেন্চাৰ্ যাত্ৰাটোৰ বাবে পুৱা ডিফু ৰে’লৱে ষ্টেচনৰ ১ নং প্লে’টফৰ্মত ডিফুৰ পৰা যাবলগীয়া আমি
তিনিজন লগালগি হ’লোঁ৷ অৰূপদা (অৰূপ কলিতা), প্ৰদীপদা
(প্ৰদীপ কুমাৰ সিংহ) আৰু মই৷ পাৰস্পৰিক দেখাদেখিৰ সময়তে মোৰ মনৰ ভিতৰত প্ৰশ্ন এটাই
দৌৰা-ঢপৰা আৰম্ভ কৰিলে৷ নিজকে আমি কি বুলি ক’ম? Tourist নে Traveller? Daniel J. Borstinৰ বাক্য কেইটামান
কেইদিনমানৰ আগেয়ে এঠাইত পঢ়িছিলোঁ৷ ‘The traveler was active; he went strenuously in
search of people, of adventure, of experience. The tourist is passive; he
expects interesting things to happen to him. He goes sight-seeing.’ বিশ্লেষণৰ অন্তত নিজকে এই দুয়োটাৰে
সংমিশ্ৰণ যেনহে লাগিল৷
প্ৰদীপদা আৰু মোৰ পিঠিত একোটাকৈ ৰাক্চেক্৷ ভিতৰত
ন্যূনতম প্ৰয়োজনীয় বস্তু-বাহানি৷ পিছে অৰূপদাৰ সৈতে ৰাক্চেকৰ বাদেও দেখোন আৰু দুটাকৈ
বে’গ! জনা কথা যে পদব্ৰজে কৰিবলগীয়া
ভ্ৰমণ অৰ্থাৎ ট্ৰেকিং-হাইকিঙত অপৰিকল্পিত টালি-টোপোলা সদায়েই কুলক্ষণীয়া৷ গতিকে এই
আশংকাটোৱে স্বাভাৱিকভাৱেই যাত্ৰাৰ আৰম্ভণিতে অলপ হ’লেও চিন্তাত নেপেলোৱাকৈ নেৰিলে৷ সি যি কি নহওক,
স্ফূৰ্তিবাজ গৰাকীজনে উত্তৰত যেতিয়া জনালে যে কাপোৰ-কানিৰ বাছ-বিচাৰ কৰাৰ সময় নোপোৱা
হেতুকে তেওঁ তেনেকৈয়ে সোপাকে ভৰাই লৈ আহিছে আৰু গুৱাহাটীত বে’গ কমাই থৈ যাব, তেতিয়াহে মোৰ
মনটো সাময়িকভাৱে শান্ত হ’ল৷ প্ৰদীপদাই হ’লে তেওঁক বকিবলৈ নেৰিলে৷ এফালে
টোপোলাকেইটা আৰু আনফালে অৰূপদাৰ মুখখনলৈ চাই একে সময়তে এইটো প্ৰসংগও মনলৈ নহাকৈ নাথাকিল
যে পাহাৰ বগোৱাৰ এই দুঃসাহসিকতাপূৰ্ণ কাৰ্যসূচীক কেন্দ্ৰ কৰি কেনে এক দুৰ্বাৰ বাসনাই
মানুহজনক ৰোমাঞ্চিত কৰি ৰাখিছে! প্ৰদীপদা আৰু মোৰ অৱশ্যে হিচাপী বয়-বস্তু৷ সমস্যা নাই৷
Guide to Trekking শীৰ্ষক লেখা এটাত এবাৰ পঢ়িবলৈ পাইছিলোঁ যে কেইবাৰমান ট্ৰেকিং কৰিলেই
নিজে নিজে জনা হৈ যায় লগত কি কি নিব লাগে, কি কি নিব নালাগে৷ একেবাৰে সত্য কথা৷
৬ বাজি ৩৭ মিনিটত ১৫৬৭০ নং নামনিমুৱা ডিমাপুৰ-কামাখ্যা
নাগালেণ্ড এক্সপ্ৰেচ ৰে’লৰ ইঞ্জিনটোৱে ধেনুভিৰীয়া প্লে’টফৰ্মখনৰ আনটো মূৰে দেখা দিলে৷
পুৱাৰ দৌৰা-দৌৰি আৰু কাউণ্টাৰত লগা সম্ভাব্য ভিৰৰ পৰা হাত সাৰিবলৈ আগ-সন্ধিয়া অৰূপদায়ে
আমাৰ বাবে তিনিটা টিকট্ কাটি থৈছিল, মোৰ অনুৰোধত৷ কাজেই জেনেৰেল কম্পাৰ্টমেণ্টত ফটাফট্
উঠি আমি আসন অধিকাৰ কৰি ল’লোঁ৷ গাড়ী এৰাৰ লগে লগে দীঘলীয়া যাত্ৰাটোৰ গুৱাহাটী পৰ্যন্ত প্ৰথমটো
খেপ আৰম্ভ হ’ল৷
ঘৰৰ পৰা তেনেকৈ একো খাই অহা হোৱা নাছিল৷ লামডিঙত
প্ৰথমে অৰূপদা নামিল৷ তাৰ পাছত প্ৰদীপদা আৰু মই ঘপাঘপ গৈ প্লে’টফৰ্মতে থকা দক্ষিণ ভাৰতীয় জলপানৰ
বিপণীৰ সন্মুখত থিয় হ’লোঁ৷ ড’চা, ইড্লি, বড়াৰে পেট ভৰাই লোৱাই
বুদ্ধিমানৰ কাম হ’ব৷ ইড্লিত শেষ কামোৰটো মাৰিবলৈ
ধৰিছোঁ, তেনেকুৱাতে দীঘলীয়া হৰ্ন বজাই ৰে’লখনে জংছন এৰিবৰ সংকেত দিলে৷ একে দৌৰে নিজৰ চিট্ পালোঁহি৷
তেনেকৈ শক্তি আহৰণ কৰি লোৱাৰ পাছত উৎসাহজনক বিভিন্ন কথা-বতৰা, ধেমালি-ধুমুলা আৰম্ভ
হৈ গ’ল আমাৰ মাজত৷
অৰুণাচল বুলিলেই লোকচক্ষুৰ আঁৰত লুকাই থকা অনুপম
স্বৰ্গীয় সুষমাৰ অপৰিমেয় সম্ভাৰ যি দেহত অনামী শিহৰণ তোলে৷ পূব হিমালয়ৰ আকাশলংঘী পৰ্বতমালা, সুনীল আকাশ,
চমু দিগন্ত-ৰেখা, শুভ্ৰ ডাৱৰ, সেউজ অৰণ্য, সতেজ উপত্যকা, নীলা-সেউজীয়া নৈ, হুৰ্হুৰ্কৈ
পানী বাগৰি থকা জলপ্ৰপাত, সৰ্পিল বাট-পথ, ওলোমা দলং, প্ৰথম সূৰ্যৰ কিৰণেৰে ৰ লগোৱা দৃশ্যপট,
ইত্যাদি ইত্যাদি৷ প্ৰতি মুহূৰ্ততে বুকুত নজনাক জনাৰ, চকুত নেদেখাক দেখাৰ অনিয়ন্ত্ৰিত
কৌতূহল আৰু উন্মাদনা জাগে৷ সেয়ে কোৱা হয়, অজানাৰ আকৰ্ষণ এক ৰোমাণ্টিক আকৰ্ষণ৷ তেনে
আকৰ্ষণত বন্দী আমি অৰুণাচলপ্ৰেমীবোৰ৷
অতুলনীয় সৌষ্ঠৱেৰে চহকী অৰুণাচল প্ৰদেশৰ অচিন দিগন্ত
অভিমুখী আমাৰ এয়া অন্য এক যাত্ৰা৷ বাছি লৈছোঁ এনে ঠাই য’লৈ সৰহ মানুহ আজিও গৈ পোৱা নাই,
য’ৰ সৰগীয় প্ৰাকৃতিক পৰিৱেশ এতিয়াও
অধিক মানুহৰ দৃষ্টিগোচৰেই হোৱা নাই৷ মোহময়ী অৰুণাচলৰ কুমাৰী প্ৰকৃতি সদায়েই মোৰ প্ৰথম
পছন্দ৷ গতিকে এই ভ্ৰমণ-লালসা মোৰ ক্ষেত্ৰত সোনকালে স্তিমিত হোৱাৰ আশাও ক্ষীণ৷
বিশালব্যাপ্ত দুৰ্গমতাৰ মাজত অৰুণাচলী প্ৰকৃতিয়ে তাৰ আদিম ৰূপ সযতনে সংৰক্ষণ কৰি ৰখাটো
মই নিজ চকুৰে দেখিছোঁ৷ দেখি তবধ মানিছোঁ৷ দায়িত্বপূৰ্ণ পৰ্যটন শিল্পৰ যথাযথ প্ৰকাশ
আৰু বিকাশেৰে এই প্ৰদেশখন প্ৰকৃতি আৰু মানুহ উভয়ৰে বাবে অতি মংগলজনক তথা পৰ্যটনৰ ক্ষেত্ৰখনত
পৃথিৱীৰ ভিতৰতে জাকতজিলিকা হৈ উঠিব পাৰে বুলি বিশ্বাস এটা মোৰ মনত প্ৰতিবাৰেই বদ্ধমূল
হৈ পৰে, যেতিয়াই মই অৰুণাচলৰ চুক-কোণ কিছুমান আপোনমনে মহতিয়াই ফুৰোঁ আৰু নতুন নতুন
অভিজ্ঞতা সঞ্চয় কৰোঁ৷ অৱধাৰিতভাৱেই চলন্ত ৰে’লগাড়ীখনত চলা আমাৰ উৎসাহী আলোচনাৰ সৰহভাগ সময় অধিকাৰ কৰি
থাকিল চুবুৰীয়া অৰুণাচল প্ৰদেশ প্ৰসংগই৷
No comments:
Post a Comment