Tuesday, 3 October 2017

৮.. বিদায় ঝুক' ভেলী, আকৌ আহিম

এইটোৱে ঝুক' ভেলীলৈ ঝাখামাৰে সোমোৱা-ওলোৱা পইণ্ট৷ চৌপাশৰ দৃশ্যৰাজি সুযোগ পাওঁতেই চাই লওঁ বুলি জিৰণী চ'ৰাত নোসোমাই পোনে পোনে আগ বাঢ়িছোঁ৷ পৰ্বতৰ পাদদেশত তিনিআলি এটা৷ আগলৈ শিলগুটি দিয়া ৰাস্তা৷ দীপমইনাই পুৱাতে কৰা বন্দোৱস্ত অনুসৰি ক'হিমাৰ ছুম দুখন আমাৰ বাবে কেতিয়াবাতে ৰৈ আছেহি৷ খনমাৰ পৰা কঢ়িয়াই আনি ভিশ্বেমাৰ ট্ৰেকিং পইণ্ট পৰ্যন্ত এৰি থৈ যোৱা পঞ্চাশোৰ্ধ ড্ৰাইভাৰজনো আহিছে৷ দেখিয়ে চিনি পালোঁ৷ চকুত চকু পৰা মাত্ৰক হাঁহিলে৷ ৰিঙিয়াই সুধিলে, 'ঝুক' ভেলী চুন্দৰ আছে না চাৰ?' নামটো মোৰ নোটবুকত লিখা আছে৷ Kebinyu Angami, ঘপকৈ চাই ল'লোঁ৷ 'বিচ্চিই..ই চুন্দৰ আছে৷ হলেভি ইটো টাইমতে পানী গিৰি থাকিছে৷ নেক্সট ইয়েৰ জুন মহিনাতে আৰু এক বাৰ আহিবলে আছে অ' সাথী৷'

গাড়ীকেইখন ৰৈ থকা ফালে অৰ্থাৎ বাওঁফালে দলং এখন৷ পাৰ হৈ গ'লোঁ৷ অথনি দেখা ঝৰ্ণাটো সবল ৰূপত তলেৰে ধাৱমান হৈছে৷ দলং নৌ পাওঁতেই কাষতে কচুৱনি এডৰা৷ ঘূৰি আহিলোঁ৷ সোঁহাতে গ'লে পোনে পোনে আগলৈ ঝুক ভেলী off-road trailৰ এইটো মূৰ৷ ভিশ্বেমাৰ ফালেদি আমি যাওঁতে দেখা ধৰণৰ নিৰ্দেশসূচক কোনো চাইনবৰ্ড ইয়াত চকুত পৰা নাই৷ আনহাতে ঝাখামা সংযোগী এই পথ পৰ্যন্ত পদযাত্ৰাটোত সেউজে কোনো সময়তে লগ এৰা নাই আমাৰ৷ সেউজীয়া, মাথো সেউজীয়া৷ ঘাঁহ, বাঁহ, অন্যান্য গছ-গছনি৷ আহি আহি পাদদেশত খেতি-বাতি যি অলপ-অচৰপ দেখা পালোঁ তালৈ চাই চাহ গছ, কমলা গছ আদিও ভাল হব যেন অনুমান হৈছে৷

ঘূৰি আহিয়ে ধমাধম কাপোৰ সলোৱাত ধৰিছোঁ৷ জোতা-মোজাৰ অৱস্থা নাই৷ দুইটাকে বেলেগে ঠোঙা এটাত ভৰাইছোঁ৷ হাৱাই চেণ্ডেল পিন্ধি লৈছোঁ, পৰৱৰ্তী যাত্ৰাৰ বাবে৷ মোজাৰ ওপৰত পিন্ধি লোৱা ঠোঙা দুটাই অথনি ঝৰ্ণা পাৰ হওঁতেই হাৰ মানিলে৷ ৰেইন কোট, ঘামি যোৱা ট্ৰেক-চুটৰ সলনি টি-ছাৰ্ট আৰু ছিক্স পকেট ট্ৰেভেল পেণ্ট৷ যি দেখিছোঁ অন্তৰ্বাসসহ এসাজ কাপোৰ, জোতা-মোজা বা চেণ্ডেল আছুতীয়াকৈ ৰাখিবই লাগে এনেকুৱা প্ৰয়োজন পূৰাবলৈ৷ আছিল বুলিহে৷ নহলেযে কি অশান্তিকৰ অৱস্থা হ'লহেঁতেন! ভোক লগাত কোনোবাই দিয়া বিস্কুট কেইটামানকে পাই থিয়ৈ থিয়ৈ চোবালোঁ৷ বটলৰ পানীও শেষ৷ চকলেট্‌ আগতেই খতম৷

বস্তু-বাহানিবোৰ গাড়ীৰ ওপৰত লড কৰা আৰম্ভ হৈছে৷ ৰাক্‌চেকটো খুজি আছে লাদিবলৈ৷ শ্লীপিং বে'গটো ক'ত থাকিল বা! টমাচে আনিছিল৷ এসময়ত ল'ডিং পৰ্ব হৈ গ'ল৷ ৰাইজে নিজৰ নিজৰ ভাগে আসন গ্ৰহণ কৰিলেই৷ এতিয়া বৰষুণ নাই যেনিবা৷ অলপ পাছতে পোহৰ কমি আহিব৷ সেয়েহে খৰখেদা লাগিছে৷ 'হ'লনে নাই, হ'লনে নাই' বুলি কেইবাখনো মুখে গৰজি উঠিছে৷ ধৰিব পাৰিছোঁ, অৰূপদা, সুবীৰ, জয়ন্তদাৰ চিনাকি মাত সেয়া৷ একেবাৰে শেষত পালোঁহি মই, গাড়ীতো একেবাৰে শেষত উঠিম ময়েই৷ যাওঁতে আগত, আহোঁতে পাছত থকাটো নিয়মৰ দৰেই হৈ গৈছে৷

খট্‌খটিৰ ৰাজ্য অতিক্ৰম কৰি নামি নামি স্বপ্নৰ ঝুক' ভেলীখন কোনদিশে এৰি থৈ আহিলোঁ বাৰু? চকু ঘূৰাই চাই চাই ভাবিছোঁ৷ এইফালৰ পৰা উঠিবলৈ হ'লে, আগতে কোনোবাই কোৱাৰ দৰে সঁচাকৈয়ে ৰুমাল পেলাই দিবৰ মন যাব৷ একেদৰে, ঠেক ট্ৰেইলটো বগাওঁতেও কোনোৱে কোৱাৰ দৰে মূলমন্ত্ৰ হ'ব লাগিব Keep left, Go slow, Small steps৷ আমি কুশলে-মংগলে এইডোখৰ পালোঁহি৷ পাদদেশ এৰিবৰ মনেই যোৱা নাই৷ আশে-পাশে হ'মষ্টে' এটা থকা হ'লে! ৰাতিটো ক'হিমাত থাকিবৰ বাবে মাধৱদাই পুৱাৰে পৰাই জোৰ দি আছিল৷ কেপিটেলত কেম্প ফায়াৰ! সেয়ে আন্ধাৰৰ আগতে পাবগৈ লাগে৷ বিপৰীতে, এনে অৱস্থানত তম্বু তৰিলেও বেয়া নাছিল৷


সৌ পাহাৰৰ সিপাৰতে
লুকাই আছে ঝুক ভেলী
এই পথ দুৰ্গম, সহজ নহয়

একা-বেঁকা খলপীয়া... 
হঠাতে কেনেকৈ জানো মনলৈ অাহিল শাৰীকেইটা! স্বতঃস্ফূৰ্তভাৱে সুৰ এটাও ওলাই আহিল৷ পৰ্বতমালাৰ পিনে চাই মনে মনে গাব ধৰিলোঁ৷ 

সকলো ৰে'ডী৷ ড্ৰাইভাৰে হৰ্ণ বজাই ইংগিত দিছে যে যাবৰ বেলি হ'ল৷ 'কি কৰি আছা, নাহা কেলেই? যাব লাগে, দেৰি হৈছে৷' অৰূপদাৰ গগনফলা চিঞৰ৷ সম্বিৎ ফিৰি আহিল৷ হিচাপ কৰিলোঁ৷ ইয়াৰ পৰা ঝাখামালৈ প্ৰায় ৩ কিলমিটাৰ৷ ১০০ কিল'মিটাৰমান যাবলৈ আছে আমাৰ৷ অৰুণদা, সুবীৰ আৰু মই অহাৰ দৰেই, একেলগে, আগৰখন গাড়ীতে বহিছোঁ৷ কেবিন্যুৰ লগত কথা পাতি যাব পাৰিম৷ হৰেনো উঠিছে আমাৰ লগত৷ ঠাই এৰাৰ আগতে এবাৰ উভতি চোৱাটো নিয়ম৷ ঘূৰি চাই সমস্ত এলেকাটোক আৱেগপূৰ্ণ বিদায় জনালোঁ আকৌ অহাৰ ইচ্ছাৰে৷


বিয়লি ঠিক ৪.০০ বজাত ছুম' যাত্ৰা আৰম্ভ হল, ৰাজধানী অভিমুখে৷


No comments:

Post a Comment