দিন তিনি ৷৷ খণ্ড ৩
The Hidden Heaven বোলা মেন্-চু-খালৈ আল’ৰ পৰা আৰম্ভ হ’ল আমাৰ যাত্ৰা৷ তাৰ আগতে অৰূপদাৰ তৎপৰতাত হোটেলৰ হিচাপ-কিতাপ সম্পূৰ্ণ কৰা হৈছে৷ ল’ৰা এটাই হোটেলখনৰ মালিক বুলি চিনাকি কৰাই দিয়া পূৰ্ণবয়ষ্ক লোক এজনে গাড়ীত উঠাৰ আগে আগে কৰমৰ্দনেৰে বিদায় সম্ভাষণ জনালেহি৷ ভৱিষ্যতে আকৌ আহিবলৈ আহ্বানো জনাই থ’লে৷ 'অতিথি দেবো ভব' বুলি আমাৰ সমাজত কথা এষাৰ আছে৷ পৰ্যটন মহলত এনে বাক্যৰ সুপ্ৰয়োগেৰে দুপইচা আহৰণ কৰিব পাৰি৷
চালকদ্বয় ক্ৰমে গগৈ আৰু সাহাই পুৱাতে গাড়ী দুখন ধুই-ধাই লোৱাৰ উপৰি নিজেও গা-পা ধুই, খাই-বৈ, টপতৈয়াৰ হৈ ওলাইছে৷ বয়-বস্তুবোৰ দুয়োখন গাড়ীতে খাপ খুৱাই ল’ড কৰা হৈ গ'ল৷ লক্ষ্যস্থল অভিমুখে এয়া আৰু এটা খেপ৷ মেন্-চু-খা ইয়াৰ পৰা ১৮৪ কিল’মিটাৰ উত্তৰ-পশ্চিমে৷ ভ্ৰমণকাৰী সবাৰে চকুৱে-মুখে বিৰিঙিছে নব্য অনুসন্ধিৎসাৰ আলোক৷ দীপকদা, অৰূপদা, প্ৰদীপদা আৰু মই, পূৰ্বৰ দৰেই বলেৰ’ত নিজৰ নিজৰ আসনত উপৱিষ্ট৷ কাটাউচ, ৰাজীৱ আৰু জয়ন্তদা কে.ইউ.ভি.ত৷ অঘোষিত চিট ৰিজাৰ্ভেচনহে যেন!
ইঞ্জিন ষ্টাৰ্ট দিওঁতেই মনত পৰি গ'ল অৰুণদালৈ৷ কিবিথু, হাৱাই, মায়’ডিয়া ভ্ৰমি আহি ‘অসমীয়া প্ৰতিদিন’ৰ দেওবৰীয়া সম্ভাৰৰ পাতত ওলোৱা ভ্ৰমণলেখাত সদম্ভে ঘোষণা কৰি থৈছিল, আমাৰ পৰৱৰ্তী লক্ষ্য মেন্-চু-খা বুলি৷ কাৰ্যতঃ সেয়া এই মুহূৰ্তত অসাৰ বুলি পৰিগণিত হ’ল! কি কৰিম? কপালত নাই টীম মাৰ্ক' পল'ৰ সংগীসৱৰ৷ অনুভৱ হৈছে যে সঁচাকৈয়ে, সৌভাগ্যই লগ দিব লাগিব, মেন্-চু-খা যাবলৈ, পাবলৈ, চাবলৈ৷ ৰহস্যময় ঠাই, ৰহস্যঘন প্ৰকৃতি৷ Hidden Heaven বুলি এনেয়ে নকয়৷ সৰহ মানুহ আজিও গৈ পোৱা নাই সেইটো বাটে৷ থকা-খোৱাৰ অনিৰ্দিষ্ট বন্দৱস্ত সত্ত্বেও আমি ওলাইছোঁ, আজি পুৱা ৭.৪০ত৷ বিয়লিলৈ অৱস্থা কি হয়, নাজানো৷ খনমা, ঝুক' ভেলী ছামাৰ হিল ট্ৰেকিং-কেম্পিঙৰ ব্যৱস্থাপক দীপমইনা দুৱৰাৰ ভাষাৰে ক'বলৈ হ'লে, এয়াই এড্ভেন্চাৰ্!

পি. আই. ক’লনী এৰি কিছু আগলৈ পোৱা তেল ডিপ’ এটাত দুয়োখন বাহনৰে টেংকি ইন্ধনেৰে মেটমৰা কৰি পেলোৱা হ’ল৷ নোটবুক-কলমৰ যুগলবন্দীয়েও আদবাটতে
পুনৰবাৰ সাৰ পাই উঠিল৷ অৰুণাচলৰ পাহাৰত য’তে-ত’তে অইল ৰিফিলিং ষ্টেচন পোৱা নাযায়৷ ৰাস্তাত গাড়ীৰ চকা ফুটিলেও মেৰামতি
কৰাৰ জেগা সতকাই পাবলৈ নাই৷ গতিকে পৰ্যাপ্ত পৰিমাণে তেল-মবিল, স্পেয়াৰ টায়াৰ-টিউব আদিকে ধৰি
প্ৰয়োজনীয় সা-সৰঞ্জাম লগত থাকিবই লাগে৷ চালকজনেও কেৱল এক্সেলাৰেটৰ আৰু ব্ৰেকৰ হেঁচা কম-বেছি কৰি থাকিব জানিলেই নহ’ব৷ গাড়ীৰ কাম-কাজো পাৰিব লাগে৷
নতুবা ধ্যানস্থ ঋষিৰ দৰে মধ্যৰাস্তাত ঈশ্বৰৰ নাম তপ-জপ
কৰি থকাৰ বাদে গত্যন্তৰ নোলাবও পাৰে৷
পাহাৰৰ ঢালত নীৰৱে সৌন্দৰ্য বিলাই থকা সুমথিৰা
গছ, চাহ বাগিছা, টকৌ গছ, পৰম্পৰাগত চাংঘৰ আদিয়ে ভ্ৰমণকাৰী দলটোক আগলৈ আদৰণি জনালে৷ চুটি কেঁকুৰিযুক্ত
সৰ্পিল পথেৰে গৈ আছোঁ আমি, য়মগৰ পাৰে পাৰে৷ দলং এখনৰ সমীপতে কালি চিলাপথাৰৰ পৰা
অহা বাটটো পালোঁ৷ সোঁহাতে হেঁপাহৰ মেন্-চু-খা ৰ'ড৷ গগৈয়ে মনোযোগেৰে ষ্টিয়াৰিং হুইল পকাই ৰাস্তাটোলৈ নি থাকোঁতেই মোৰো মনে
নাচিবলৈ ধৰিলে৷ তাতে আকৌ উত্তেজনা দুগুণে বঢ়াই তুলিছে স্পীকাৰত বাজি থকা 'जिंदगी प्यार का गीत है, इसे हर दिल को गाना पड़ेगा' গানটোৱে৷
বুকুত সৰু-বৰ অনেক নদীদ্বীপৰ সমাহাৰেৰে নৈখন দেখাত বিৰাট ধুনীয়া৷ যেনিয়েই চাওঁ তেনিয়েই সংখ্যাত আবদ্ধ কৰিব নোৱাৰাকৈ পিক্নিক্ স্পট৷ ভুলক্রমে এবাৰ আমাৰ চালকে ৰাস্তাটো তলফালে বুলি ভাবি নদীগৰ্ভত থকা শিলৰ ক্কোৱেৰিলৈকে পোনাই দিলে৷ সেইটো পুৰণি ৰাস্তা আছিল৷ নতুনকৈ কাটি উলিওৱাটো ওপৰেদিহে৷ নিৰ্মীয়মান গতিকে ধৰাই টান৷ বিপৰীত ফালৰ পৰা উঠি অহা ট্ৰাকখনৰ ড্ৰাইভাৰজনেও কিয় জানো, ভুল নিৰ্দেশনা এটাহে দি গ’ল৷ আনন্দতে উৰুলিকৃত হৈ আহিছিলোঁ যদিও বেছি দূৰ নামি নাযাওঁতেই যেনিবা কথাটো ভাবি চোৱাৰ হুঁচ আহিল৷ ৫০ মিটাৰ নহ'ব, গাড়ীখন বেক্ কৰি কৰি আমি সঠিক পথলৈ উঠি আহিলোঁ৷ ৰিটেইনিং ৱাল সজাকে ধৰি এইছোৱাত মাজে মাজে ৰাস্তাৰ কাম-কাজ চলি আছে৷
৯.০০ বাজিবৰ হ’লহি৷ বাটে বাটে মাইল প’ষ্টত উল্লেখ পোৱা ঠাইৰ নামবোৰলৈ একান্তমনে লক্ষ্য ৰাখি কালিৰ দৰেই টোকাবহীত লিখি গৈছোঁ৷ গাড়ীৰ হেন্দোলনি, হাতৰ কঁপনিত আখৰৰ অৱস্থা চাব নোৱাৰা হৈ পৰিছে৷ তথাপি নিজে কিবা এটা বুজিব পৰাকৈ ধৰি ৰাখিছোঁ ৰেকৰ্ডৰ নামত৷ কামটোৱে ৰাস্তা মনত ৰখাত সহায় কৰে৷ কবু, পদি, ৱাক্, কৰ্বু আদি পাৰ হ’লোঁ৷ ‘দাদা, কমলা খাব লাগিছিল!’ কোৱাৰ পাছতে এঠাইত সুবিধা বুজি অৰূপদাই গগৈক হেঁচুকি দিলে৷ গাড়ী ৰখাই কমলা টেঙা কিনি লোৱা হ’ল৷
এনে লাগিছে যে জনপদ কমি আহিছে৷ আমি যেন ক্রমান্বয়ে সোমাই পৰিছোঁ ডাঠ সেউজীয়াৰ মাজত৷ ৯.৩০ বজাত পালোঁহি কায়িং৷ আল'ৰ পৰা ৪৪ কিল'মিটাৰ আগুৱালোঁ তাৰ মানে৷ পাঁচ বছৰ আগৰ তথ্যমতে কায়িং ভিলেজৰ আবাসী ৮৫ ঘৰ আৰু জনসংখ্যা ৪৪৮ আছিল৷ কায়িঙৰ পাছত আহিল থুম্বিন্৷ পৰস্পৰৰ মাজৰ দূৰত্ব ৮-৯ কিল'মিটাৰমান হ'ব৷ পুৰণা হিচাপ অনুসৰি ৪৫ ঘৰ আৰু ৪৭৭ সংখ্যক লোকৰ বসতি আছিল ইয়াত৷
এইখিনিত পথছোৱা মসৃণ৷ চিলাপথাৰ-আল’তকৈ আল’-মেন্-চু-খা ৰাস্তাটো তুলনামূলকভাৱে ভাল দেখিছোঁ৷ এই কথাটো ইয়ালৈ নাহোঁতেই ন্যৰাকৰ মুখত শুনা পাইছিলোঁ৷ এতিয়া সত্যটো স্বচক্ষে দেখি আছোঁ৷ তদুপৰি নৈ এখন কাষে কাষে বৈ থাকিলে গৈ থকাৰ আকৰ্ষণ, ৰোমাঞ্চ, যাত্ৰাৰ তীব্ৰতা এনেয়ে বাঢ়ি যায়৷ দিন-দুনীয়া পাহৰি মুখৰ পৰা আপোনা-আপুনি গান ওলাই আহে৷ পৰিৱেশ অনুপাতে মাজে মাজে নষ্টালজিকো হৈ পৰা যায়৷

No comments:
Post a Comment