দিন দুই ৷৷ খণ্ড ২
সম্বিৎ ফিৰি আহিল যেতিয়া কথা চোবাই থকাৰ মাজতে হঠাৎ ম’বাইলৰ ৰিং ট’নটো বাজিল৷ সমসাময়িকভাৱে কম্পন এটাও অনুভূত হ'ল পকেটৰ ভিতৰত৷ সীমা প্লাজাত এৰি থৈ
অহা সংগীসকল পৰৱৰ্তী যাত্ৰাৰ বাবে সাজু হৈ উঠিছে৷ তেনেস্থলত প্ৰশ্ন উত্থাপিত হৈছে, 'বাকী তিনিসিদ্ধ ক’ত? ক'লৈ আলহী খাব গ'ল ইহঁত?' অকণো পলম নকৰি গৃহস্থক যথাৰীতি মাত-বোল
লগাই ওভতনি পদযাত্ৰা সূচনা কৰাৰ গত্যন্তৰ নাথাকিল৷ মেন্-চু-খাৰ পৰা ঘূৰি আহোঁতে পুনৰ সোমাই ভাত এসাজ
খাই যাবলৈ, পাৰিলে এৰাতি থাকি যাবলৈকো মৰমৰ আৱেদন জুৰিলে চন্দ্ৰ-অমিয়ে৷ হাঁ-না একো নকৈ জোতাযোৰ ভৰিত সুমুৱালোঁ আৰু হাঁহি-মাতি চৌহদৰ বাজ হ'লোঁ৷
আমাৰ সৈতে একেলগে কথা পাতি ওলাই অহা চন্দ্ৰও লগ
এৰিব নোৱাৰি আগুৱাই থাকিল৷ মাজেৰে পাৰ হৈ যোৱা ঘাইপথটোৰ পৰা দোকান-পোহাৰবোৰ নিলগাই ৰখা হেতুকে আহল-বহল আৰু সুন্দৰ লাগিছে৷ হোটেলৰ সন্মুখত বলেৰ’খন ৰৈ আছে৷ ৰঙা গাড়ী অনুপস্থিত৷ ইফালে
ঠাই চোৱাৰ বাসনাত বিয়াকুল মোৰ মন৷ গাড়ী আহি নোপােৱাটোকে সুযোগ হিচাপে লৈ চন্দ্ৰৰ সহযোগিতা আৰু নিৰ্দেশনাত খোজ কাঢ়ি কাঢ়ি আমিকেইজনে টাউনখনৰ অংশবিশেষ পৰিদৰ্শন কৰিলোঁ৷ তাহানিতে দেখা ছবিখনৰ তুলনাত চিনিবই পৰা নাই শেহতীয়া চিলাপথাৰখন৷
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাৰ অন্তৰ্গত
নাতিবৃহৎ অথচ ব্যস্ত ব্যৱসায়ভিত্তিক চহৰ এইখন৷ ধেমাজিৰ পৰা ২২ কিল’মিটাৰ পূবে, সমুদ্ৰ পৃষ্ঠৰ পৰা
১২৯ মিটাৰ উচ্চতাত ইয়াৰ অৱস্থান৷ ৫২ নং ৰাষ্ট্ৰীয় মাৰ্গে ঠাইটুকুৰাৰ সৈতে পথ যোগাযোগ সহজসাধ্য কৰি তুলিছে৷ লিকাবালি গে’টেৰে অৰুণাচল প্ৰদেশৰ বাছাৰ,
আল’ আদিলৈ ইয়াৰ পৰাই পোনপটীয়াকৈ
আহ-যাহ কৰিব পাৰি৷ ইতিহাস, স্থাপত্য-ভাস্কৰ্য তথা প্ৰাকৃতিক দিশৰ পৰা উল্লেখযোগ্য প্ৰত্নতাত্ত্বিক
স্থান মালিনী থান আৰু আকাশীগংগা জলপ্ৰপাত চিলাপথাৰৰ সমীপতে, অসম-অৰুণাচল সীমান্তত৷
আন এফালে অৰ্থাৎ দক্ষিণ দিশে নিৰ্মাণ হৈ আছে বহুপ্ৰত্যাশিত বগীবিল দলং৷ মেন্-চু-খাৰ পৰা ঘূৰি আহোঁতে আমি
ডিফুৰ সদস্য তিনিজনে সেইফালেদি ব্ৰহ্মপুত্ৰ নদ অতিক্ৰমি দক্ষিণ পাৰৰ ডিব্ৰুগড় চহৰ ওলোৱাৰ
কথা এটা ভাবি থৈছোঁ৷ ১১৪ নং জোনাই (অনুসূচিত জনজাতি) বিধান সভা সমষ্টি তথা লখিমপুৰ
লোকসভা সমষ্টিৰ অন্তৰ্গত চিলাপথাৰ এলেকাটো বিভিন্ন ভাষা-ভাষী আৰু ধৰ্মাৱলম্বী মানুহৰ
বসতিস্থল যদিও মিচিং জনগোষ্ঠীৰ লোকেই সৰহ৷ বৰ্তমান অসমৰ মুখ্য মন্ত্ৰীৰ আসনত অধিষ্ঠিত,
ভাৰতীয় জনতা পাৰ্টী দলৰ সাংসদ সৰ্বানন্দ সোণোৱাল এইটো সমষ্টিৰ পৰাই লোকসভালৈ নিৰ্বাচিত
হৈছিল৷ আনহাতে ইয়াৰ স্থানীয় বিধায়ক থলুৱা ৰাজনৈতিক দল গণশক্তিৰ ভুবন পেগু৷
বানবিধ্বস্ত ধেমাজি জিলাৰ পিছ পৰা ঠাই বুলি চিলাপথাৰ
সম্পৰ্কে মানুহৰ মনত আগতে এক ধৰণৰ ধাৰণা বদ্ধমূল হৈ আছিল৷ লাহে লাহে কিন্তু সি অসাৰ, অমূলক হোৱাৰ পথ লৈছে৷
বিশেষকৈ ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মীয়মান চতুৰ্থ দলংখনে ঠাইখনলৈ কঢ়িয়াই আনিছে হাজাৰ সম্ভাৱনা৷ বগীবিল দলংখন সম্পূৰ্ণ হৈ উঠিলে উজনি অসমৰ বৃহৎ নগৰ ডিব্ৰুগড়ৰ সৈতে ৰে’ল আৰু পথ যোগাযোগ একেবাৰে সুচল
হ’ব৷ চিলাপথাৰ হৈ পৰিব উত্তৰ পাৰৰ
এখন ব্যস্ত, প্ৰগতিশীল চহৰ৷ কাৰণ এইটো পাৰে দলং পাৰ হৈয়েই পোৱা এইখনেই হ'ব প্ৰথম চহৰ৷ যোগাযোগ আৰু
যাতায়াতৰ সুব্যৱস্থাই আশে-পাশে থকা মালিনী থান, চিমেন চাপৰি, অইৰামঘাট আদি ঠাইলৈ সৌন্দৰ্যপিয়াসী
পৰ্যটকৰ আগমন ঘটাব৷ অৰুণাচলবাসীৰো আৰাম হ'ব৷ চিলাপথাৰৰ বৈচিত্ৰ্যই মানুহক আকৰ্ষণ নিশ্চয় কৰিব৷ সমৃদ্ধিৰ নতুন
বতাহজাকে এই স্থানক নৱৰূপ দিব বুলি আমি আশাবাদ পোষণ কৰিলোঁ কথা প্ৰসংগত৷
যৎপৰোনাস্তি চহৰখনৰ একাংশ ফুৰি ঘূৰি অহাৰ অলপ পাছতে ৰঙা গাড়ীখনো যথাস্থান
পালেহি৷ চালকৰ নাম বসুদেব সাহা৷ পুৱতি নিশা ৰে’লৱে ষ্টেচনৰ পৰা চলাই অহা কুণ্ডু বোলাজন নহয়, সাহাহে যাব
মেন্-চু-খালৈ৷ তালৈ আগতে যোৱাৰ অভিজ্ঞতা দুয়োখন গাড়ীৰে চালকদ্বয়ৰ আছে৷ তেওঁলোকৰ
সৈতে মত বিনিময় কৰি এইটো গম পালোঁ৷ গতিকে ৰাস্তা চিনা-নিচিনা সম্পৰ্কে আমাৰ ফালৰ পৰা
চিন্তা কৰিবলগীয়া মুঠেই নাই বুলিয়ে পতিয়ন গ’লোঁ৷
বাকী সদস্যসকলৰ টালি-টোপোলাবোৰ সামৰি-সুতৰি ইতিমধ্যে
গাড়ীলৈ আনি থকা হৈছে৷ ময়ো ৰূমলৈ দৌৰ মাৰিলোঁ৷ কোঠাত তেতিয়া কেৱল জয়ন্তদা৷ সুযোগ পাই আগৰে
পৰাই ভাবি থকা প্ৰস্তাৱ এটা উত্থাপন কৰিবলৈ মন গ'ল৷ ‘আমাৰ খা-খৰচৰ বাবে সমূহীয়া পুঁজি এটা এই
মুহূৰ্ততে গঠন কৰি লোৱা উচিত হ'ব নেকি দাদা?’ জয়ন্তদাই হয়ভৰ দিলে৷ ৭জনীয়া তদৰ্থ কমিটিৰ সদস্যবৃন্দৰ মাজত গাইপতি ২,০০০ টকাকৈ সংগ্ৰহৰ
সিদ্ধান্ত হ’ল৷ হিচাপ ৰখাৰ ভাৰটো গৈ থৈ মোৰ ওপৰতে
পৰিল, বিগত ভ্ৰমণবোৰৰ দৰেই৷
No comments:
Post a Comment