Monday, 30 October 2017

দিন তিনি  ৷৷ খণ্ড ৭

চৌদিশৰ আকাশ এতিয়াও পৰিষ্কাৰ হৈ আছে৷ অৱশ্যে এইটো ঠিক যে কম সময়ৰ ভিতৰতে অন্ধকাৰে ছানি ধৰিবহি৷ সন্মুখত নিশা এটা আহি আছে৷ অচিনাকি ঠাই এখনলৈ গৈ আছোঁ৷ পাওঁ পাওঁ হৈছোঁৱে৷ কিন্তু কত থাকিম, খাম ক'ত, এজনেও সঠিক নাজানো৷ ফেচবুকত পোৱা গেবু চোনা নামৰ মানুহ এজনক জয়ন্তদাই ইয়ালৈ অহাৰ দিনদিয়েক আগতে ফোনেৰে এবাৰ যোগাযোগ কৰিছিল৷ সমস্যাটো হ'ল, তাৰ পাছত আৰু এবাৰো পোৱা নাই৷ গতিকে থকা-খোৱা বাদেই আনকি অহাৰ কথাও খাটাংকৈ একো পতা নহলেই৷ এতিয়া বাটে বাটে অনেক চেষ্টা কৰি থকাৰ পাছতো মবাইলটো এবাৰো ৰিং হোৱা নাই৷ আনহাতে দাদাই খবৰটো তেতিয়াই মোক জনোৱাত ২৩ তাৰিখে মই নেৰানেপেৰাকৈ চেষ্টা চলাই এবাৰ মাত্ৰ কিবাকৈ সংযোগ পাইছিলোঁ৷ গেবুৰ পৰিবাৰে কল্‌টো ৰিচিভ্‌ কৰিলে৷ মানুহজন নাই, বস্তিলৈ যোৱা বুলি কলে৷ আচল প্ৰসংগ নুলিয়াই মানুহগৰাকীৰ পৰা মই তেতিয়া উমান ললোঁ, মেন্‌-চু-খাত ঠাণ্ডা কিমান, সেইটোহে৷ হিন্দীতে কলে, ঠাণ্ডা আছে৷ কিন্তু সিমান হোৱা নাই এতিয়াও৷ তথাপি ডাঠ জেকেট, ঊলৰ হাতমোজা, টুপী, মাফ্‌লাৰ, মাস্ক আদি লাগে৷ গেবু চোনা হৈছে মেন্‌-চু-খাত থকা গেবুজ ট্ৰেডিচনেল্‌ লজ্‌ (জি.টি.এল. হ'মষ্টে')ৰ গৰাকী৷

মাজে মাজে বিধ্বস্ত পথ, মাজে মাজে বেইলী ব্ৰীজ৷ চাং ঘৰৰ আধিপত্যৰে যাত্ৰাকালত নাম নজনা কোনোবা গাঁৱো পাইছোঁ৷ মাজেৰে গৈছোঁ, দাঁতিৰে গৈছোঁ৷ লক্ষ্যস্থানলৈ কেই কিলমিটাৰমান বাকী৷ হঠাতে পাহাৰীয়া নৈ এখনে পথৰ দাঁতিতে সোঁহাতে লগ ললেহি৷ পাৰে পাৰে লেথাৰি নিছিগা পাইন গছৰ অৰণ্য৷ তাৰ মাজেৰে কুলু কুলু সুৰধ্বনিৰে নৈখন বাগৰি আহিছে৷ দুপাৰৰ ৰূপৰেখা দেখি উত্তেজনাত যেন ফাটি পৰিম! পূৰ্ব অধ্যয়নৰ কৃপাত সহজেই চিনি পাই গ'লোঁ, য়াৰগ্যাপ্‌ চুৱেই হ'ব লাগিব এইখন৷ চু শব্দই পানী, নদী আদি বুজায়৷ নৈখন উজনি দিশে আলৰ পৰাই আমি দেখি আহি থকা য়মগত পৰিছে, তাত'ৰ ওচৰত; চিয়াঙৰ সেউজবুলীয়া জলস্ৰোতত মিলি যোৱাৰ আগলৈকে আল'ৰ পৰা নামনি অঞ্চলত য়মগ নৈখন চিপুৰ লগ লাগি নাম লৈছে চিয়ম৷ অত্যন্ত দুৰ্গম, উঠা-নমা পথৰ অন্তত এনে এটা পৰিৱেশ হঠাতে উন্মেলিত হোৱাত কিবা এক অনিৰ্বচনীয় প্ৰাপ্তিৰ আনন্দত মনটো হৰ্ষিত হৈ উঠিল৷ চকুৰ আগত নন্দন-কানন ভাহি উঠাৰ দৰে এক অভাবনীয় দৃশ্য৷ সিপাৰতেই যেন ৰম্যপুৰী!

মেন্‌-চু-খাৰ জনপ্ৰিয় নাম হৈছে মেচুকা৷ কালক্রমে মানুহৰ মুখ বাগৰি মেন্‌-চু-খাৰ পৰা এই চল্‌তি শব্দটো হৈছে৷ মেন্‌-চু-খা বা মেচুকা উপত্যকাটো বহল আৰু সুদৃশ্য৷ সমুদ্ৰ পৃষ্ঠৰ পৰা ঠাইখনৰ উচ্চতা ১,৮২৯ মিটাৰ৷ ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ মাহত ইয়াত বৰফ পৰে৷ বৰফে ঢাকি ধৰা মেন্‌-চু-খাৰ আকৰ্ষণীয় স্নেপ কিছুমান মই অন্য ব্যক্তিৰ ফেচবুক্‌ একাউণ্ট আৰু ব্লগত দেখিছোঁ৷ দেখি উদ্বাউল হৈছোঁ৷ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে এই স্থানৰ সুনাম আছে৷ ঐতিহাসিক আৰু ধৰ্মীয় দৃষ্টিভংগীৰেও তাৎপৰ্যপূৰ্ণ ঠাই৷ দুঃসাহসিক ক্রীড়াকলাপ যেনে ৰাফ্‌টিং, এংলিং, ট্ৰেকিং, হাইকিং, কেম্পিং ইত্যাদিৰ বাবেও আদৰ্শ জেগা৷ বহুতে কিন্তু আজিও ঘূণাক্ষৰেও নাজানে৷ ভাৰতবৰ্ষৰ চীন সীমান্তৱৰ্তী অন্তিম পূবৰ গাঁও কাহোৰ পৰা উভতি আহি আমি আশ্ৰয় লোৱা তিনিচুকীয়াৰ গুঁইজানৰ ডিব্ৰু নৈৰ পাৰৰ বনশ্ৰী ৰিজৰ্টত আলোচনা প্ৰসংগত বেনুদাই সেই সময়তে কৰা মন্তব্যটো এইটো মুহূৰ্তত মনলৈ বাৰে বাৰে আহি আছে মই ভাবোঁ পৃথিৱীৰ ভিতৰতে অন্যতম ধুনীয়া ঠাই মেন্‌-চু-খা৷ জীৱনকালত পাৰিলে এবাৰ যাব৷ সেই তেতিয়াৰে পৰাই মনটো কট্‌কটাই আছিল মোৰ৷ অংকটো কৰি আছিলোঁ৷ আৰু এয়া আজি আহি আহি মেন্‌-চু-খাৰ ওচৰ চাপিছোঁ৷ এইটো প্ৰান্তত আন্তৰ্জাতিক সীমান্ত মেক্‌মোহন লাইনৰ কাষৰ শেষৰখন ডাঙৰ গাঁও হৈছে মেন্‌-চু-খা৷ তাকে লৈ মনৰ মাজত এতিয়া সীমাহীন উৎকণ্ঠা৷ সীমান্ত বুলিলেই অদ্ভুত শিহৰণ এটা জাগে৷ শিহৰণকাৰী হয়ো৷ ভাৰতৰ পূব সীমাত থিয় হৈ সিপাৰৰ ৰঙাচীন চোৱাৰ শিহৰণটো কম জানো?

বাঁওহাতলৈ এটা কেঁকুৰি৷ কেঁকুৰিটো ঘূৰি দিয়াৰ লগে লগে চকুৰ আগত দেখা দিলে অন্য এখন পৃথিৱী, যাক লৈ অন্তৰত কোন কাহানিবাৰে পৰাই নিৰৱচ্ছিন্নভাৱে চলি আহিছিল অনেকবোৰ জল্পনা-কল্পনা৷ অৱধাৰিতভাৱেই এই মুহূৰ্তত মানসপটত ভাহিছে ৰত্নাকৰৰ পৰা বাল্মিকী হোৱা বেনুদা (জয়নাল আবেদিন)ৰ মুখমণ্ডল৷ লগতে অৰুণদা, অনিলদা, সঞ্জুহঁতৰ মুখবোৰ৷ টীম মাৰ্ক পলৰ সেই সংগীসকলৰ এজনেও এই যাত্ৰাত সুবিধা কৰিব নোৱাৰিলে৷ কেৱল মইহে আহিছোঁ৷ তাকে লৈ নিজকে ভাগ্যৱান বুলিও ভিতৰি গৰ্ব অকণমান হৈ নুঠা নহয়৷ এই মনোকামনা বা আকাংক্ষা আজি সফলকাম হোৱাত নীৰৱে ঈশ্বৰক ভূৰি-ভূৰি ধন্যবাদ দিলোঁ৷

এতিয়া শেষ নৱেম্বৰ৷ এড্‌ভেন্‌চাৰ্‌ এট মেন্‌-চু-খা ২০১৬ হৈ গৈছে, দিনদিয়েক আগতে৷ আমি ইচ্ছা কৰিয়ে তাৰ পাছত আহিছোঁ৷ হেম-গেমৰ পৰা আঁতৰি শান্ত-সমৃদ্ধ মেন্‌-চু-খাখন চাবলৈ৷ পৰ্বত-শীৰ্ষত বগাকৈ জিলিকি আছে বৰফ৷ নিশ্চিতভাৱে সেয়া লাহে লাহে বৃদ্ধি পাই আহিব৷ ডিচেম্বৰৰ শেষাৰ্ধত বিস্তৃত ৰূপত ছানি ধৰিব সমগ্ৰ অঞ্চলটোকে৷ জলবায়ু পৰিৱৰ্তনৰ বাবে প্ৰাকৃতিক উপাদানসমূহৰ হীন-ডেঢ়ি আৰু বায়ুমণ্ডলত ঘটা প্ৰদূষণৰ কাৰণে উচ্চ স্থানত অৱস্থিত ঠাইবিশেষত বৰফৰ পৰিমাণ আগতকৈ তুলনামূলকভাৱে কমি অহা বুলি শুনা পাইছিলোঁ৷ মেন্‌-চু-খালৈ আহি বৰফ নেদেখিলে আমিও আশ্চৰ্যচকিতই হলোঁহেঁতেন৷ পিছে কৌতূহলী চকু দুটাই ঘপকৈ হিম-শিখৰৰ শুভ্ৰ জিলিঙনি ধৰা পেলালে আৰু দৃষ্টিও তাতে কিছু সময়লৈ নিবদ্ধ হৈ ৰল৷ 

সৌৱা চাওক, বৰফ৷ চলমান বলেৰ'ৰ পৰাই অতি উৎসাহেৰে বাঁওফাললৈ আঙুলিয়াই দেখুৱালোঁ মই৷ বৰফ দেখা পাইহে প্ৰদীপদাৰো উৎকণ্ঠা যেন শাম কাটিল! তাৰ আগলৈকে আমি যিমানেই মেন্‌-চু-খাৰ ওচৰ চাপিছোঁ সিমানেই তেওঁৰ বৰফ চোৱাৰ ইচ্ছাটো তীব্ৰতৰ হৈ আহি আছিল৷ জিভাত আখৈ ফুটাদি দেধাৰ প্ৰশ্ন বৰফ পামনে নাপাম দেখা? ... বৰফ পামনে বাৰু আমি? ইত্যাদি ইত্যাদি৷ মোৰ ফালৰ আইনাখনলৈ হালি ভালকৈ এপলক চালে তেওঁ৷ আটাইৰে ক্ষেত্ৰতে মন কৰিছোঁ অকণমান বেলেগ ধৰণৰ উত্তেজনা৷ লগতে সন্তুষ্টিৰ সহাস্য খলকনি৷ ৱাঃ ৱাঃ, আঃহা, উউউস্‌, অ'... গাড়ীৰ ভিতৰখন মুহূৰ্ততে শব্দময় হৈ পৰিছে৷ সিখন গাড়ীৰ যাত্ৰীসৱৰ প্ৰতিক্ৰিয়া কেনে হৈছে নাজানো৷ আগে আগে গৈ আছে, গহীন গতিত৷

Welcome to Menchukha, The land of temperate horticulture. অৰুণাচল প্ৰদেশ চৰকাৰৰ উদ্যানশস্য বিভাগৰ ফলক এখনে আমাক আদৰিলে৷ প্ৰায় একে সময়তে দেখা পালোঁ, সোঁহাতে পৰ্বতৰ বক্ষত বগাকৈ উজলি আছে MENCHUKHA আখৰকেইটা, যাৰ কথা পুলিন গগৈয়ে অলপ আগতে কৈছিল আৰু ময়ো ইণ্টাৰনেটত চাওঁতে দেখিছিলোঁ৷ এইবাৰ প্ৰদীপদাৰ ফালে হাউলি খিৰিকীৰে দৃশ্যটো হেঁপাহ পলুৱাই উপভোগ কৰিলোঁ অৰূপদা আৰু মই৷ দীপকদায়ো ডিঙি নুঘূৰাই নোৱাৰিলে৷ উত্তেজনাৰ মাত্ৰা বুজি চালকে আগতেই আইনা দুখন নমাই থৈছিল৷ প্ৰাপ্তিৰ এজাউৰি হাঁহিয়ে গাড়ীৰ ভিতৰখন পুনৰবাৰ ৰজন্‌জনাই গল৷ খুব ধুনীয়া ঠাই এখনলৈ আহিছোঁ যেন লাগিল অাৰম্ভণিতেই৷

চৌপাশে পৰ্বতমালাই আগুৰা মেন্‌-চু-খা উপত্যকাটো প্ৰথম দৰ্শনত এখন আহল-বহল কেৰাহীৰ দৰেই লাগিছে৷ ৩৬০ ডিগ্ৰী ব্যাপী শিখৰে আগুৰা এটা প্ৰশস্ত উপত্যকা৷ ঠেক ৰাস্তাটোৰে ধীৰে ধীৰে আমি এই আকৰ্ষণীয় ভূভাগত পদাৰ্পণ কৰিলোঁ৷ মেন্‌-চু-খা সোমাওঁতে ঘড়ীত বিয়লি ৪.৩০ হল৷ মনত পেলাবলৈ যত্ন কৰিলোঁ, পুৱা কেইবজাত আল' এৰিছিলোঁ!


No comments:

Post a Comment