Sunday, 29 October 2017

দিন তিনি  ৷৷ খণ্ড ৪ 

এইটো ৰাস্তাত বাৰিষা স্থানবিশেষে বিস্তৰ ভূমিস্খলন সংঘটিত হয়৷ ঠায়ে ঠায়ে এয়া সহজে অনুমেয়৷ তেনেকুৱা অৱস্থাত স্থানীয় মানুহখিনিয়ে অবৰ্ণনীয় নগুৰ-নাগতিৰ সন্মুখীন হ'ব লাগে৷ এটা খবৰৰ মতে ২০১৪ চনৰ আগষ্ট মাহত পষেকজুৰি পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল৷ আল-মেন্‌-চু-খা ৰডৰ গাপ আৰু তাতত সিবাৰ দুখনকৈ বেইলী ব্ৰীজ পানীৰ ঢলে উটুৱাই লৈ গৈছিল৷ ফলস্বৰূপে খাদ্য সামগ্ৰীৰ আচম্বিত নাটনিয়ে দেখা দিছিল৷ স্তব্ধ হৈ পৰিছিল এফালৰ পৰা আনফালে অহা-যোৱা কৰাটো৷ অৰুণাচলত বাঢ়নী পানীয়ে চলোৱা তেনেকুৱা তাণ্ডৱ অাগতে দেখিছোঁ৷ বাৰিষা উটুৱাই নিয়াত দলংবিহীন হৈ পৰা নৈৰে খৰালি পানী ফালি পাৰ হৈ গৈছোঁ-আহিছোঁ, বহুবাৰ৷ কেইবা ঠাইতো দুয়ো মূৰৰ খুঁটা দুটাৰ অৱশেষ লক্ষ্য কৰিছোঁ৷ পাৰত সামৰি থোৱা বেইলী ব্ৰীজো যাত্ৰাপথত প্ৰত্যক্ষ কৰিছোঁ৷ সি যি কি নহওক, আমি অহা এই সময়টো অৱশ্যে ভাল৷ বৰষুণ নাই৷ কোনো বাধা-অসুবিধা নোপোৱাকৈ একে লেথাৰিয়ে গৈ থাকিব পাৰিছোঁ৷

আৰ্মী কেম্প এটা অতিক্ৰম কৰি আহিলোঁ৷ শাৰী শাৰীকৈ ঘৰবোৰ৷ সেনা কঢ়িওৱা বাহনবিলাক চক্ৰাকাৰে ৰাখিছে৷ সেইটো হেলিপেড যেনেই লাগিল৷ মুকলি ৰাস্তা পাই আমাৰ গাড়ী ঘপহকৈ পাৰ হৈ অহাত খাটাং হ'ব পৰা নগ'ল৷ ঠাইটুকুৰানো কি তাকো নাজানিলোঁ৷

তাৰ পৰা অলপ আগলৈ টকৌপাত আৰু বাঁহেৰে সজা অৰুণাচলী লোকৰ এখিনি চাং ঘৰ৷ প্ৰায় লগালগিকৈ আছে৷ ধুনীয়া লাগিছে দেখি৷ মানুহ-দুনুহহে নেদেখিলোঁ৷ গৃহসজ্জাৰ ধৰণ-কৰণবোৰত স্থান আৰু গোষ্ঠীবিশেষে পাৰ্থক্য দেখা পাওঁ৷ এইখিনিত ৰাস্তাটো ঠেক আৰু সৰ্পিল৷ ভগা-ছিগা নাই যেনিবা৷ আমাৰ আগত গৈ থকা ৰঙা গাড়ীখন এঠাইত ৰৈ থকা দেখা গৈছে৷ সেইখন এখন দোকান৷ ৰাজীৱ আৰু জয়ন্তদাই কমলা কিনিছে৷ কাটাউচে দাঁতিত থিয় হৈ কৰ্দৈসিৰীয়া সুউচ্চ পৰ্বতমালা আৰু তলৰ গভীৰ উপত্যকালৈ চাই চাই তন্ময় ভাবত চিগাৰেটত টান দিছে৷ সুযোগ পাই আমিও নামিলোঁ৷ প্ৰদীপদাই কমলা ল'লে৷ খৰ খোজেৰে কিছু আগুৱাই গৈ চাই পঠিয়ালোঁ তললৈ৷ শিলত পানীয়ে খুন্দিওৱাৰ শব্দ এটা শুনা পোৱা গৈছে৷ ভালকৈ দেখা নাযায়৷ গহ্বৰেদি বৈ গৈছে আল'ৰ পৰাই লগ দি থকা নৈখন৷

তাতলৈ ৩৯ কিলমিটাৰ বাকী৷ Welcome to Menchukha বুলি লিখা তোৰণ এখনে আমাক আদৰিলে৷ এইখিনি পেনে৷ তাত' সংমণ্ডলৰ কণমানি গাঁও এইখন৷ ঘৰ হিচাপে মাত্ৰ ৪ ঘৰ আৱাসী৷ মানুহ ৪৫ জন৷ তাৰ মানে পৰিয়াল ডাঙৰ৷ সেই অনুপাতে চাংবোৰো ডাঙৰ৷ জিলা সদৰৰ পৰা ইয়ালৈ ৯১ কিল'মিটাৰ৷ মেন্‌-চু-খালৈ আৰু ৮৯ কিলমিটাৰ যাব লাগিব৷ অৰ্থাৎ প্ৰায় আধাবাট আহিলোঁ আমি৷ তোৰণৰ ওপৰত দূৰত্ব লিখা আছে৷ ৬৫ কিলমিটাৰত লুংতে৷ ১০৭ কিলমিটাৰত মণিগং৷ এইখিনিৰ পৰাই মেন্‌-চু-খা মহকুমাৰ আৰম্ভণি৷ গগৈয়ে ধাৰাভাষ্য শুনাই গ'ল... 'মেক্‌মোহন লাইনৰ কাষৰীয়া ঠাই মণিগঙলৈ যাওঁতে ১০-১২ ঘণ্টামানেই লাগি যায়৷ ৰাস্তা খুব বেয়া৷ খুপি খুপি চলাব লাগে৷ বলেৰৰ দৰে বাহন নিয়াত সাংঘাতিক অসুবিধা৷ কেতিয়াবা গলেও গ্ৰাউণ্ড ক্লিয়েৰেন্স বেছি থকা গাড়ীহে সেইবাটে নিয়া উচিত দেই৷ বাৰিষাতযে যোৱাৰ সিদ্ধান্তই ল'ব নালাগে৷' 

গগৈৰ কথাকেইষাৰে মোৰ মনটোক কাল্পনিকভাৱে মণিগং পোৱালেগৈয়ে৷ ঘৰত মেপত মেন্‌-চু-খা বিচাৰি ঘূৰ্মুটিয়াই থাকোঁতে মণিগঙো পাইছিলোঁ৷ দেশে স্বাধীনতা লভিবৰ ইমান বছৰ হ'ল, মণিগঙত হেনো আজিও ইলেক্ট্ৰিচিটি নাই, ম'বাইল ফোন নাই, আনকি স্কুল-কলেজো হেনো নাই! বাৰু সেইবোৰ বাদ, তাৰ পৰা সীমান্ত চুবলৈকো কোনো পথ অদ্যাপি হেনো সাজি উঠা নাই৷ ১৯৬২ৰ অক্টোবৰ-নৱেম্বৰৰ চীন-ভাৰত সংঘাতৰ পাছত কেলেণ্ডাৰ আজিৰ তাৰিখ সোমালহি৷ সীমান্ত উন্নয়ন কাৰ্য এতিয়াও গেঁঠেলা মাৰি আছে৷ চীনে নিওঁ নিওঁ কৰি আছে৷ বিপৰীতে, ভূ-প্ৰাকৃতিক গঠন একেই পাৰ্বত্য যদিও আপাৰ চিয়াঙৰ উত্তৰ দিশৰ মেতক, বমি আদিত চীনে উচ্চস্তৰৰ পথ-দলং সাজি সমাপ্ত কৰিলে৷ আমাৰ কাহানিকৈ হ'ব দেশৰ ভাগ্য বিধাতাসকলেহে জানে৷ ভাবি থলোঁ, যাব লাগিব কাহানিবা মণিগঙলৈ৷ চাব লাগিব, বিজ্ঞান-প্ৰযুক্তিয়ে বিশ্বখনক হাতৰ মুঠিত জব্দ কৰি পেলােৱা দিন-কালত সেই ঠাইৰ মানুহবোৰনো কেনেকৈ চলে৷ চীন সম্পৰ্কে কি ভাবে তেওঁলোকে৷ তামা চুং চুং (টি.চি.চি.)তো এই প্ৰশ্নটো কৰিছিলোঁ সেইফালৰ তাগিন মানুহক৷ গতিকে বাৰিষা-চাৰিষা নাজানো৷ কিবাকৈ মুঠতে গৈ পালেই হ'ল৷ মাত্ৰ সংগীকেইজন সাহসী আৰু ট্ৰেকিং-কেম্পিং-এড্‌ভেন্‌চাৰ্‌প্ৰেমী হ'ব লাগিব৷

মনত পৰে, 'বাৰিষা এইফালে নাহিবি' বুলি অৰুণাচলী সহপাঠী ধৰ্মেনে বাৰম্বাৰ জোৰদাৰ সকীয়নী শুনাই থকাৰ পাছতো বাৰিষাতেই উত্তৰ-পূবৰ অন্তিম পূবত ভৰি দিছিলোঁগৈ৷ ক'তা, একো হানি-বিঘিনি নঘটিলচোন! বৰষুণো পালোঁ, ডং-হেলমেট টপতো উঠিলোঁ৷ আৰু আগুৱাই চালোঁগৈ কিবিথু, কাহো৷ সেই বাটে ভাৰতৰ পূব শেষ কৰি আহিলোঁ৷ ধৰ্মেনৰ দীঘল দীঘল এছ.এম.এছ.বোৰৰ কথা ভাবিলে এতিয়া হাঁহি উঠে৷ 'জাননে নাই, বৰষুণৰ চিজন আৰম্ভ হৈ গৈছে৷' 'গম পাৱ জানো, এইফালে কি ৰকম বৰষুণ দিয়ে!' 'কি গাড়ী আনিবি তহঁতে?' 'বৰষুণ দি আছে, প'ষ্টপ'ন কৰ দেই তহঁতৰ ট্ৰিপ', 'বাটত ফচিলে ইমান দূৰ খোজ কাঢ়িব পাৰিবি?' ইত্যাদি ইত্যাদি কিমানযে কথা আৰু প্ৰশ্নৰ জাউৰি! শেষত তাৰ কোৱাৰ্টাৰতে এৰাতিৰ আলহী হ'লোঁগৈ টীম মাৰ্ক' পল'৷ তাৰ ষ্ট'ৰ ৰূমৰে চাউল-দাইলৰ শৰাধ কৰিলোঁ৷ খুপা, হায়ুলিয়াঙত সিদিনা নেৰানেপেৰা বৰষুণ আছিল৷ তথাপি যাত্ৰা যাত্ৰাই৷ তাৰিখ তাৰিখেই৷ পুলিন গগৈয়ে বাৰিষাৰ কথা কোৱাৰ লগে লগে সেই মুহূৰ্তবোৰ এই মুহূৰ্তত মনত পৰিছে৷ মনটো উৎফুল্লিত হৈ উঠিছে৷ এইবোৰেই দূৰতিক্ৰম্য ভ্ৰমণৰ আনন্দ৷ ৰসবোধ আজীৱন থাকি যায়৷ 'Do not go where the path may lead, go instead where there is no path and leave a trail.' বুলি Ralph Waldo Emerson এনেয়ে কৈ থৈছেনে?


এইফালে এতিয়া ৰ'দ৷ আকাশখন নীলা৷ মাখন যেন লগা বগা ডাৱৰৰ থূপ কিছুমান মাজে মাজে ওলমি আছে৷ ১১ বাজি ২০ মিনিট পাৰ হ'ল৷ গাড়ী দুখন গেটৰ তলেৰে মেন্‌-চু-খাৰ ওচৰ চাপি যাব ধৰিলে৷ চোৱা-চিতাৰ অভাৱত ঠাইবিশেষে এইছোৱাত পথৰ অৱস্থা পুতৌজনক হৈ পৰাটো পৰিলক্ষিত হৈছে৷

আৰু কিছু আগুৱাই যাওঁতে আমাৰ সোঁহাতে তলৰ পৰা ওপৰলৈ উঠি যোৱা ট্ৰেক্‌ এটা পৰ্বতৰ ঢালত সেউজীয়াৰ মাজত দৃষ্টিগোচৰ হল৷ দেখা পায়ে 'ব্ৰেক মাৰক, ব্ৰেক মাৰক' বুলি গগৈক ঠাইতে গাড়ীখন ৰখাবলৈ খোঁচ মাৰি দিলোঁ৷ নামি লৈ সকলোৱে ৰৈ ৰৈ চালোঁ মনোযোগ আকৰ্ষণকাৰী দৃশ্যটো৷ পৰ্বতীয়া মানুহে উঠা-নমা কৰিবলৈ জ্যামিত্ৰিক ঠাঁচত কাটি লোৱা লিক্‌টো সেউজীয়াৰ মাজত অতীৱ সুন্দৰ দেখাইছে৷ গুগলত মেন্‌-চু-খাৰ সন্ধান কৰোঁতে ঘৰত লেপ্‌টপ্‌ৰ স্ক্ৰীণত এই দৃশ্যটো মই দেখা পাইছিলোঁ৷ এতিয়া নিজ চকুৰে চাবলৈ পালোঁ৷ মানুহৰ ইচ্ছাশক্তি, কৰ্মশক্তি, মানুহৰ বুদ্ধি আৰু বাহাদুৰি দেখি তাজ্জব মনাৰ সময়৷ আশা আৰু সপোনৰ সেউজী বাটটো একান্তমনে চাই আকৌ গাড়ীত বহিলোঁহি৷ আটাইৰে দেহ-মনত অদমনীয় সেউজী সেউজী ভাব৷


No comments:

Post a Comment