৯.. ঝাখামাৰ পৰা ক'হিমালৈ
শিলগুটি দিয়া ৰাস্তাৰে অগা-পিছাকৈ জংঘলৰ মাজৰ পৰা ওলাই যাব ধৰিলে NL01T9145 আৰু NL01T6327 নম্বৰৰ টাটা ছুম’ দুখন৷ প’ৰ্টাৰহঁত ক’ত? গোটেইকেইটা গাড়ীৰ ওপৰত৷ ইমান কষ্টৰ পাছতো সিহঁতৰ মনবোৰ মুকলি, মুখকেইখনত হাঁহি৷ আমাৰ পথ প্ৰদৰ্শক দীপমইনা দুৱৰা ক'লৈ গ'ল? তেৱোঁ সিহঁতজাকৰ মাজত! লেপেটা কাঢ়ি বহি লৈছে ছুম'খনৰ ওপৰত৷ ভিতৰত চিট আছে যদিও তেনেকৈয়ে যাব৷ মোৰো মন আছিল চেঁচা বতাহৰ খুন্দা গাত লগাই একেলগে গান গাই স্ফূৰ্তি অকণমান কৰিবলৈ৷ অৰুণদাই 'বডীৰ ওপৰত যাব নালাগে দেই' বুলি অভিভাবকত্বৰ যিহে গহীন সুৰ শুনালে, আশাটো মুহূৰ্ততে চেঁচাপানী হ'ল৷ ভাল চান্স এটা হাতৰ পৰা গ'ল৷ নতুবা অতিৰিক্ত অভিজ্ঞতা, এডিছনেল এড্ভেন্চাৰ অকণমানো হ'লহেঁতেন৷ এনে সুযোগ জীৱনত কেতিয়াবাহে আহে, তাকো এবাৰেই আহে৷ মুখৰ আগৰ পৰা এতিয়া দেখদেখকৈ এইটো চান্স গ'ল৷ মনটোৱে উচপিচাই থাকিল ভালেমান সময়লৈ৷

ওলাই আহিয়ে সোঁহাতে জলপ্ৰপাত এটা৷ অকণো নভবাকৈয়ে দৃশ্যটো অকস্মাৎ দেখা পাই গ'লোঁ৷ নতুন শিহৰণ এটাই তৎমুহূৰ্ততে চেতনাত ঘপহকৈ লহৰ তুলিলে৷ জলপ্ৰপাতটোৰ নামটোবা কি! নজনাতে থাকি গ'ল৷ ৰৈ চাব লাগিছিল৷ নাই, গাড়ী নাথামে৷ মূৰ ঘূৰাওঁ মানে অদৃশ্যই হ'ল৷ ১৫-২০ মিনিট আহিলোঁ কি নাই, ৰাষ্ট্ৰীয় ঘাইপথটো দেখা গ'ল৷ বাওঁহাতে ঝুক' ভেলীৰ ছবি থকা চাইনব'ৰ্ড এখন৷ বাওঁহাতে ঘূৰি ক’হিমালৈ৷ সোঁহাতে ভিশ্বেমালৈ৷ আপৱাৰ্ড ট্ৰেকিঙৰ বাবে সেইফালেদিয়েই গৈছিলোঁ আমি৷ ভাবি ভাল লাগিল যে ভিশ্বেমাইদি উঠি ঝাখামাৰে নামি চাৰ্কুলাৰ ট্ৰিপ এটা মৰা হৈ গৈছে, ঘৰতে ভাবি অহা ধৰণেই৷ দুয়োটা ট্ৰেইল দেখিলোঁ, পদচিহ্ন ৰাখিলোঁ, ঘাম বাহিৰ কৰিলোঁ, অভিজ্ঞতা বুটলিলোঁ জীৱনলৈ৷ লগতে হৈ গ’ল নিজৰ শক্তি-সামৰ্থৰ এটা চে'ল্ফ
টে'ষ্ট, অগ্নিপৰীক্ষা!
মসৃণ ৰাস্তা পাই চেঁকুৰিছে দুয়োখন গাড়ী৷ অৱধাৰিতভাৱেই বাটে বাটে কেৱল যাত্ৰাটোৰে পৰ্যালোচনা৷ অন্য ভাষাত, প'ষ্টমৰ্টেম৷ বাধা-বিঘিনি, উত্তেজনা-কৌতূহল, বৰ্ষাৰণ্যৰ ছাঁ-পোহৰৰ খেলা, লেথাৰি নিছিগা বৰষুণ, বাঁহ-অৰণ্য আৰু মৰা গছ, বতাহৰ কোব, মায়াবিনীৰ উন্মাদ হাঁহি, হাড়লৈকে সিৰসিৰণি তোলা জাৰ, খৰস্ৰোতা পাহাৰী ঝৰ্ণা আৰু বোকা-পানী অতিক্ৰমন, জোকে ধৰাৰ ভয়, দৰ্শকৰ আনন্দৰ লগতে আমাৰ আত্মসন্তুষ্টি, লানি নিছিগা খট্খটি ইত্যাদি ইত্যাদি অনেক প্ৰসংগ৷ শ্ৰোতা এজনেই৷ কেবিন্যু আংগামী৷ আমাৰ চালক৷ বাধ্য ছাত্ৰৰ দৰে তেওঁ মাথো শুনি গৈছে৷ ড্ৰাইভিঙৰ মাজে মাজে সশব্দে হাঁহিছে, আশ্চৰ্যও প্ৰকাশ কৰি গৈছে স্বকীয় ভংগীমাৰে৷ তেওঁ এতিয়া নতুন নহয়, পুৰণা চিনাকি৷
এই ট্ৰেকিংটোৱে আমাক বহুতো কিবাকিবি দি গ'ল, শিকাই গ’ল৷ প্ৰকৃতিয়ে উদাৰভাৱে উজাৰি দিয়া সেউজীয়াৰ আৱেষ্টনীত কটাই জীৱনটোক অকণমান হ'লেও সমৃদ্ধ কৰা যেন প্ৰত্যেকৰে অনুভৱ হৈছে৷ সেয়াই মহত্ত্ব ট্ৰেকিং-কেম্পিং-এড্ভেন্চাৰৰ৷ নগৰ-মহানগৰ দৰ্শন, তীৰ্থটনত এই বস্তুটো এক বিন্দুও বিচাৰি নাপাওঁ মই৷ অৰুণদাৰো একেই বুলি কয়৷ প্ৰকৃতি, প্ৰকৃতি, প্ৰকৃতি৷ কেৱল চাবলৈ লাগে কুমাৰী প্ৰকৃতি৷ সেয়েহে বাৰে বাৰে গুচি যাওঁ সেইখন পৃথিৱীৰ অমলিন বুকুলৈ৷ বিলীন হৈ পৰোঁ Mother Natureত৷ পাই যাওঁ জীৱনৰ সৰ্বোচ্চ তথা বিমল আনন্দ, যাক প্ৰকাশিবলৈ ভাষাও দৰাচলতে অক্ষম৷

নেশ্বনেল হাইৱে'ৰে গাড়ীখন দৌৰি আছে৷ ধ্যানমগ্ন ঋষিৰ দৰে অৰুণদা আগচিটত৷ মই জানো, ঘৰ পায়ে তেওঁ ২ বা ৩টা খণ্ডৰ ভ্ৰমণ কাহিনী এটা লিখিব৷ মোক ফটোবোৰ খুজিব৷ 'অসমীয়া প্ৰতিদিন'ৰ দেওবৰীয়া সম্ভাৰলৈ মেইল কৰিব৷ একে লেথাৰিয়ে দুই বা তিনিটা দেওবাৰত সেয়া ওলাব৷ তাকে লৈ আমাৰ মাজত পুনৰবাৰ আনন্দ-মিলন হ'ব৷ খনমাৰ কথা, ঝুক' ভেলীৰ কথা আকৌ ওলাব৷ সেই ছেগতে, সেই উৎসাহতে আকৌ ক'ৰবালৈ যোৱাৰ পৰিকল্পনা চলিব৷ অৰুণদায়ে ক'ব ডেষ্টিনেছন কি হ'ব৷ এনেকৈয়ে হৈ আহিছে বাৰম্বাৰ৷
চিনেমাৰ দৃশ্যবোৰৰ দৰে মোৰ মন-মগজুতো অহৰহ অগা-ডেৱা কৰি আছে ভিশ্বেমা-ঝুক'-ঝাখামাৰ ছবিবোৰ৷ চিন্তা কৰিছোঁ, আন্তঃগাঁথনি সবল নহৈও ঝুক' ভেলীলৈ কম মানুহ আহেনে? একমাত্ৰ কাৰণ, ইয়াৰ তধা লগোৱা ভূ-প্ৰাকৃতিক গঠন আৰু একক তথা অনন্য সৌন্দৰ্য৷ পুষ্প উপত্যকাটোক কেন্দ্ৰ কৰি পৰ্যটন উদ্যোগৰ সম্প্ৰসাৰণ আৰু সজাগতাৰ বাবে প্ৰয়োজনীয় আধাৰখিনি আচলতে খুব ভালকৈ গঢ়ি উঠা উচিত৷ ঝাখামা, ভিশ্বেমা উভয়ৰে পাদদেশত হ'মষ্টে' থাকিলে পৰ্যটকৰ কিমানযে সুবিধা হ'লহেঁতেন! সন্দেহ নাই যে সন্ত্ৰাসজৰ্জৰিত নাগালেণ্ড-মণিপুৰৰ সীমান্ত এলেকাটোলৈ নিশ্চিন্তে অহা-যোৱা কৰিব পাৰি বুলি পতিয়ন যাব পৰা হৈছে এতিয়া৷ সেয়েহে মতাই-মাইকীয়ে ইমান মানুহ আহিছে, গৈছে৷ প্ৰতিজনেই শিহৰিত হৈছে, আপ্লুত হৈছে৷ কষ্ট নথকা নহয়৷ কিন্তু তাৰ পাছত যি আনন্দ সেয়া কোনেও কাকো বুজাব নােৱাৰা ধৰণৰ৷ আমিও সংঘবদ্ধভাৱে দীপমইনা দুৱৰাৰ তত্ত্বাৱধানত ভ্ৰমণ সমাপ্ত কৰি আহিছোঁ৷ সামৰি আনিছোঁ অনেক ভাল লগা স্মৃতি, অনেক অভিজ্ঞতা, সত্য আৰু আশ্চৰ্য৷ কেতবোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ থাকিও গ'ল৷ আমেৰিকান প্ৰকৃতিবিদ এজনে কৈছিল… ‘In every walk with nature one receives far more than he seeks’৷ বাক্যটো তেনেই সঁচা৷

মনৰ ভোক মাৰ গ'ল৷ সত্যসন্ধানীসকলৰ এতিয়া পেটৰ ভোক চৰি আহিছে৷ ক'হিমালৈ ১০ কিল'মিটাৰমান বাকী৷ কিগ্ৱেমাত গাড়ী ৰ'ল৷ সিখন গাড়ীত অহা মাধৱদাক দৌৰ মাৰি ৰাস্তাটো পাৰ হোৱা দেখিলোঁ৷ ঘূৰি যাওঁতে আমালৈ চাই চিঞৰ দুটামান মাৰিলে 'গৰম চিঙাৰা, খাই লোৱা, খাই লোৱা' বুলি৷ হোটেলখনৰফালে আঙুলিও টোঁৱালে৷ দৰজামুখত বহা সুবীৰ আমাৰ গাড়ীখনৰ পৰা ততাতৈয়াকৈ নামিল৷ কিনি আনিলেগৈ৷ চুব নোৱাৰা গৰম৷ ডেৰটাকৈ পৰিল ভাগত৷ এটা খাই বাকী অৰ্ধাংশ অৰুণদাক সমৰ্পণ কৰিলোঁ৷ মসৃণ ৰাজপথেৰে অকাই-পকাই গাড়ী আকৌ চলি থাকিল৷
এঘণ্টাও নালাগিল, কেপিটেল টাউন পালোঁহি৷ মাধৱদাই আজি নিশাটো ক'হিমাত কটোৱা হওক বুলি পুৱা অতিথিশালাতে যি প্ৰস্তাৱ আনিছিল কাৰ্যতঃ সেয়া ফলৱতী নহ'বগৈ৷ ঘৰ পোৱাৰ পক্ষেহে থাকিল সংখ্যাধিক আগ্ৰহী৷ দীপমইনা আৰু হৰেনেও প্ৰথমে ক’হিমাত ৰৈ যাব বুলি ভাবি থৈছিল৷ গাড়ীখন অবিৰতভাৱে চলি থকাত সিদ্ধান্ত সলনি কৰি ডিমাপুৰলৈ ওলাল৷ ডিমাপুৰৰ পৰা ৰে’লেৰে গুৱাহাটী৷ টমাচ আৰু কেভিচ আমাৰ সৈতে ক’হিমা পালেহি৷ ক’হিমা চহৰ সোমাওঁতেই কেভিচ নামি গ’ল৷ ৱাৰ চিমেট্ৰিৰ ওচৰত বস্তু-বাহানিৰে সৈতে নামিল টমাচ৷ বাকী তিনি প'ৰ্টাৰ নিজৰ সুবিধা অনুযায়ী কিগ্ৱেমাৰ পৰা আৰম্ভ কৰি আগতেই বাটে বাটে নামি আহিল৷ টমাচ, কেভিচ, মাৰ্টিন, বেনিম আৰু জেমচক বিদায় দি মনটো কিবা উকা উকা লাগি গ'ল৷ ঝুক' ভেলী বুলিলেই এই ৫জনীয়া ভাৰবাহক দলটোৰ শক্তি, সাহস, মনোবল আৰু সহযোগিতাৰ কথা আজীৱন মনত পৰিব৷ ঝুক'ৰ ট্ৰেকত ভাগ্যত থাকিলে আকৌ কেতিয়াবা হয়তো লগ পাই যাম ইহঁতক৷ তেতিয়া হাত মিলাম, এখন্তেক ৰৈ কথা পাতিম, আংগামী দোৱানতে সুধিম... Kedi puo mhie ga? (কিনিকা আছে? How are you?)

No comments:
Post a Comment