Wednesday, 18 October 2017

দিন দুই ৷৷ খণ্ড 


সন্মুখৰ আসনত বহা দীপকদায়ো একেথিৰে আগলৈ চাই মোৰ দৰেই কিবা গম্ভীৰ ভাবনাত তন্ময় হৈ গৈ আছে৷ কি ভাবিছে নুসুধিলে জনাৰ উপায় নাই৷ চালকৰ পাছফালে অৰ্থাৎ পাছৰ চিটত সোঁহাতৰ পৰা আছোঁ ক্রমে প্ৰদীপদা, অৰূপদা আৰু মই৷ চীন-ভাৰত যুদ্ধৰ আগেয়ে কাটি উলিওৱা লিকাবালি-আল' ৰ'ড বোলা ক্ষয়প্ৰাপ্ত পকী পথটোৰে ঢলং-পলংকৈ আমাৰ যাত্ৰা অব্যাহত আছে৷ হেন্দোলনিৰ সমানেই খুহুতীয়া কথাৰে প্ৰদীপদাই জমাই আহিছে৷ জয়ন্তদা, ৰাজীৱ আৰু কাটাউচ, দলৰ বাকী তিনি সদস্য উঠি যোৱা কে.ইউ.ভি.খন আগে আগে, লাহে লাহে, গাঁত-গোতোং চাই চাই৷ বাটৰ হেঙাৰ নেওচি গাড়ীয়ে এতিয়ালৈকে আমাক সফলতাৰে নি আছে আগলৈ৷ আইনাৰ মাজেৰে মহিন্দ্ৰ কে.ইউ.ভি.লৈ চাই মনতে আকৌ ভাবিছোঁ, এইহেন ৰাস্তাৰে বাৰু সেইখন ঠিকে-ঠাকে মেন্‌-চু-খা পাবগৈনে? নে ক'ৰবাত লাগি নধৰেতো? জয়ন্তদাহঁতে বহাত কষ্ট পোৱা নাইনে? ৰাস্তাৰ দুৰৱস্থা দেখা পাই এনে প্ৰশ্নও মোৰ মনত উত্থাপিত নোহোৱাকৈ থকা নাই যে দূৰণিবটীয়া আৰু বিপদসংকুল ভ্ৰমণ-পথত কিয় ললে বাৰু সেইখন গাড়ী? নিজে উঠি থকা বলেৰখনকলৈ কিন্তু তেনেকুৱা দুশ্চিন্তা অহা নাই৷ তথাপিতো, বাহন বন্দৱস্তৰ সময়ছোৱাত মই জোৰ দিছিলোঁ টাটা ছুম এখন লবলৈহে৷

এইটো ঠিক যে অৰুণাচলৰ পৰ্বতত চফৰ কৰিবলৈ ছুমহে উৎকৃষ্ট বাহন৷ গাড়ীখনৰ ইঞ্জিন শক্তিশালী৷ গ্ৰাউণ্ড ক্লিয়েৰেন্সো বেছি৷ গতিকে বিভিন্ন প্ৰান্তত, আনকি দুৰ্গমতাতো সৰ্বাধিক ব্যৱহৃত আৰু যেনি-তেনি দৃষ্টিগোচৰ হোৱা গাড়ীখন হৈছে টাটা ছুম৷ বাকী দেখাত ধুনীয়া গাড়ীবোৰৰ বিচৰণ এটা সীমালৈকেহে মাত্ৰ৷ পূৰ্বৰ ভ্ৰমণবোৰতে এইটো প্ৰমাণ পাইছোঁ৷ বিলাসী গাড়ীৰ কি বিলৈ হয়, তাকো স্বচক্ষে দেখিছোঁ৷ নিজেই হাত দিব লগা হৈছে উদ্ধাৰ কাৰ্যত৷ এতিয়াও মন কৰি গৈ আছোঁ, কি কি ধৰণৰ গাড়ী আহ-যাহ কৰে এইটো প্ৰান্তত৷ ছুমৰ খৰচ কম, টেনছন কম আৰু আটায়ে একেলগে একেখনতে গৈ থাকিলে যাত্ৰাটো অধিক সৰস, ভ্ৰমণৰ আনন্দটো অধিক সৰহ হলহেঁতেন৷ এতিয়া দুভাগ হৈ গৈ থাকিবলগীয়া হোৱাত পাবলগীয়া সন্তুষ্টিখিনিযেন কম পাই আছোঁ, এনেহে লাগিছে মাজে মাজে৷

চিলাপথাৰৰ পৰা আললৈ এইটো বাটেৰেই নিতৌ টাটা ছুম চলে৷ ভাৰা গাইপতি ৫০০ টকাকৈ লয়৷ পোনে পোনে মেন্‌-চু-খালৈ নচলে৷ আলৰ পৰাহে তালৈ যাব পাৰি৷ আমি প্ৰথমে পোনপটীয়াকৈ মেন্‌-চু-খাগামী ছুমৰ সন্ধানেই কৰিছিলোঁ৷ চন্দ্ৰ মিলিয়েও ফোনেৰেই এই কামটোত যথেষ্ট হাত ধৰিছিল৷ চিলাপথাৰত অনেক বিচাৰ-খোঁচাৰৰ অন্তত চন্দ্ৰৰ পৰাই জনা গ'ল যে আমি বিচৰাৰ দৰে তেনেকুৱা সেৱা নাই৷ পাচিঘাটৰ পৰা হয়তো মিলিব পাৰে৷ পাচিঘাটৰ অৱস্থান আকৌ অনেক পূবলৈ৷ গতিকে চিলাপথাৰ, লিকাবালি গে'ট বাছি লোৱা হ'ল৷ তাৰ পাছত এয়া দুখলপীয়া যাত্ৰা৷

ধূলিভৰা আলিবাটেৰে আমাৰ বাহন দুখন অগা-পিছাকৈ গৈ আছে৷ ঠিক যেন কাৰ ৰেলীহে! খিৰিকীবোৰ সম্পূৰ্ণৰূপে বন্ধ৷ ধূলিৰ পৰা হাত সাৰিবলৈকে সুযোগ বুজি গগৈয়ে বলেৰ'খন আগুৱাই দিলে৷ দুয়োহাতে এতিয়া ধূলি-ধূসৰিত কলগছ, বাঁহগছ, টকৌগছ ইত্যাদি৷ দূৰত খলপ কাটি কৰা খেতি, কমলাৰ বাগিচা আদি৷ মাজে মাজে ৰাস্তা নিৰ্মাণৰ বাবে আৰ্থ কাটিং চলি থকা খণ্ড একোটাও ওলাইছে৷ চিৰু, গাৰু, ভিলক্‌, ইগ, পাডি আদি সৰু সৰু ঠাইবোৰ পাৰ হৈছোঁ৷ মাইল পষ্টত জিলিকি থকা নামবোৰ একাদিক্রমে চাই চাই গৈছোঁ৷ চলমান গাড়ীৰ জোকাৰণিয়ে লিখাত বাধাৰ সৃষ্টি কৰিছে যদিও নামবোৰ মোৰ পকেট নোটবুকত তৎমুহূৰ্ততে যেন-তেন-প্ৰকাৰেণ টুকি গৈছোঁ৷ আখৰৰ দুৰ্গতি দেখি নিজৰে হাঁহি উঠিছে৷ পুনৰায় ভালকৈ লিখাৰ দুৰ্বাৰ চেষ্টা কৰিছোঁ, আকৌ একে গতি৷ কাউৰীঠেঙীয়া শব্দকেইটা নিজে বুজিলেই হ'ল বুলি আত্মসন্তুষ্টি লোৱাৰ বাদে উপায়ো নাই৷ বাটত পোৱা চাংঘৰৰূপী দোকানত কমলা, আনাৰস, কচু আদি সজাই ৰাখিছে৷ গাড়ী ৰখাই কমলা টেঙা কিনিছোঁ আমি৷ তেনেকৈয়ে দুপৰীয়া ১২ বাজি ১০ মিনিটত পালোঁহি বাছাৰ৷

বাছাৰ সম্প্ৰতি ৱেষ্ট চিয়াং জিলাৰ এটা মহকুমা৷ এই মহকুমাটো তিনিটা ৰাজহ-চক্রত বিভক্ত৷ বাছাৰ, গেন্‌চি আৰু দাৰিং৷ বাছাৰ চাৰ্কোলৰ অন্তৰ্গত ২৯খন গাঁও আছে৷ মুঠ জনসংখ্যা ৪,২৮৪৷ বাছাৰ অৰুণাচল প্ৰদেশৰ এটা বিধান সভা সমষ্টিও৷ বাছাৰক মুখ্যালয় হিচাপে লৈ আগন্তুক দিনত লেপাৰাদা নামে নতুন জিলা গঠনৰ প্ৰস্তাৱ আছে৷পাহাৰীয়া ঠাই বাছাৰখন মূলতঃ গাল জনগোষ্ঠী অধ্যুষিত৷ গালসকলৰ সবাতোকৈ ডাঙৰ বসতিপ্ৰধান অঞ্চল এইটো৷ বৃহত্তৰ আদি জনজাতিৰ অন্তৰ্ভুক্ত এই লোকসকলক পূৰ্বতে গালং বোলা হৈছিল৷ গালং নামটো মিন্যং মানুহে দিয়া৷ নিজকে তেওঁলোকে গাল বুলি কয়৷ পৰ্বতৰ তললৈ নামি আহি বিভিন্ন স্থানত গাঁও পাতি বসবাস কৰিবলৈ লওঁতে মিন্যংসকলে এই লোক-সমষ্টিক গেলী-গেলী অৰ্থাৎ দখলদাৰী বুলিছিল৷ গেলী-গেলীৰ পৰাই গাল নামটোৰ উৎপত্তি হৈছে বুলি জনা যায়৷ ৰিবা, ৰিৰাম, ৰিণা আৰু বাছাৰ হৈছে গালসকলৰ স্বগোত্ৰীয় আৰু ভাতৃস্থানীয় একোটা উপাধি৷ দৰাচলতে ৰেহাৰ শব্দৰ উচ্চাৰণ বিভ্ৰাট ঘটি বাছাৰ হৈছে বুলি কোৱা হয়৷

বাছাৰৰ গালসকল ঘাইকৈ দঞি-পল ধৰ্মাৱলম্বী৷ তেওঁলোকৰ প্ৰধান উৎসৱ মপিন৷ এপ্ৰিল মাহত পাঁচদিনীয়াকৈ পৰম্পৰাগতভাৱে এই সমাৰোহ ধুমধামেৰে পালন কৰে৷ শস্য চপোৱাৰ আনন্দ আৰু প্ৰকৃতিৰ দ্বাৰা আশীৰ্বাদধন্য হোৱাটোৱেই গালসকলৰ কৃষিভিত্তিক উৎসৱটিৰ অন্তৰ্নিহিত অৰ্থ৷ যেন আমাৰ বিহুৰ সমধৰ্মী আৰু সমাৰ্থকহে! তদুপৰি গাভৰুসকলে কৰা পৰম্পৰাগত লোকনৃত্য পপিৰো বিহুৰ দৰেই প্ৰাণজুৰোৱা৷ নাহৰলাগুনৰ মপিন গ্ৰাউণ্ড, নামপঙৰ পাংচাও পাচ ৱিণ্টাৰ ফেষ্টিভেলত গাল' সুন্দৰীৰ নৃত্য চাই মোহিত হোৱা দিনবোৰ, মুহূৰ্তবোৰ আজিও পাহৰিব পৰা নাই৷

বাছাৰ অঞ্চলটো পাহাৰে আগুৰা এটা উপত্যকা৷ ইয়াৰ জলবায়ু শীতল৷ কিদি, চি, চিঙেন, হিল্লে, ৰছি আদি পাহাৰীয়া নৈ-নিজৰাসমূহ অঞ্চলটোৰ মাজেৰে প্ৰৱাহিত হৈছে৷ কমলা, আনাৰস, আপেল, কিৱি আদি ফল এই অঞ্চলত উৎপন্ন হয়৷ বাছাৰত মহকুমাধিপতিৰ কাৰ্যালয়, আৱৰ্ত ভৱন আছে৷ ইয়াত উপস্থিত হোৱাৰ পাছত নিউ মাৰ্কেটত থকা কাৰ্‌ছা ৰেস্তোৰাঁৰ সন্মুখত আমাৰ গাড়ী দুখন ৰল৷ আজি শনিবাৰ৷ সেই হেতুকে আপাৰ খণ্ডৰ দোকান-পোহাৰবোৰ বন্ধ৷ লৱাৰৰবোৰহে খোলা৷ গাড়ীৰ পৰা নমাৰ পাছতে চকুৱে ধৰিব পৰালৈকে দোকানৰ জাপবোৰ বন্ধ দেখি প্ৰশ্নটো যথামুহূৰ্ততে মনত খেলালে৷ সি যি কি নহওক, ৰেস্তোৰাঁখন আমি খোলা পালোঁ যেনিবা৷ তালৈ নামি গৈ আটাইৰে বাবে দিনৰ আহাৰৰ অৰ্ডাৰ দিয়া হল৷ ভোক বেয়াকৈ লাগি আহিছিল৷


No comments:

Post a Comment