Friday, 27 October 2017

দিন তিনি  ৷৷ খণ্ড ২

নৈৰ পাৰতে বগাত ৰঙা আখৰেৰে লিখা নটিচবৰ্ড এখন থিয় হৈ আছে৷ গাল দোৱান আৰু ৰোমান লিপিৰ সমন্বয়৷ মুখে মুখে ৰৈ পাঠোদ্ধাৰত লাগি গলোঁ, কিনো জাননী এইখন চাওঁচোন বুলি৷ পঢ়ি বুজি পালোঁ, কাবু এৰিয়া এইটো৷ এইখিনিত নৈখনৰ নাম চিয়ম নহয়, য়মগ৷ ইয়াত মদ্যপান নিষিদ্ধ৷ পিকনিক খাবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা অনুমতিৰ প্ৰয়োজন৷ মাছ মৰা, চিকাৰ কৰা, বন-জংঘল ধ্বংসৰ উপৰি য'তে-ত'তে জাবৰ-জোঁথৰ পেলোৱা নিষেধ৷ আইন অমান্য কৰোঁতাক জৰিমনাৰ উপৰি উচিত আইনী শাস্তি বিহা হব৷ ন'টিচত মাজে মাজে ব্যৱহাৰ কৰা ইংৰাজী শব্দকেইটাত ভেজা দিহে ভাঙনি কৰি উলিওৱা আৰু কথাখিনি বুজাটো  মোৰ পক্ষে সহজ হ'ল৷

নৈৰ গৰাত সজা খট্‌খটিটোৰ একাংশ ফাটি বিধ্বস্ত ৰূপ লৈছে৷ মেৰামতি নাই৷ চৌহদৰ বাহিৰ ওলাই আহোঁতে কণলৰা দুটা কাষ চাপি আহিল৷ অলপ আগলৈকে সিহঁতে পানীত নামি কিবাকিবি কৰি থকা দেখিছিলোঁ৷ এতিয়া তাৰে এটাৰ প্ৰধান আকৰ্ষণ হৈ পৰিল মোৰ ডিঙিত ওলমি থকা কেমেৰাটো৷ ঝুম কৰাৰ লগে লগে লেন্সখন কেনেকৈ ভিতৰৰ পৰা ওলাই আহে, দেখি সি অবাক৷ সপ্ৰতিভ চাৱনি আৰু ভাষা৷ ফটো তোলাৰ আগ্ৰহেৰে নিঃসংকোচে সি কেমেৰাটো এবাৰ মোক খুজিলে, হিন্দীতে৷ উৎসাহেৰে মই তাৰ ডিঙিত ওলমাই দিলোঁ, কি কৰেনো চাওঁচোন বুলি৷ শ্বাটাৰৰ বাটনটোও দেখুৱাই দিলোঁ৷ নিষ্পাপ স্বৰ্গীয় হাঁহিটোৱে কৈ দিলে যে ভাবিব নোৱাৰাকৈ আকস্মিকভাৱে কেমেৰা এটা তেনেকৈ পাই খুব সুখী হৈছে সি৷ নাম সোধাত কলে, মোহন থাপা৷

আলত নেপালী মানুহৰ বসতি কিছু আছে৷ আমি উঠা হোটেল আলতো কৰ্মৰত কেইবাটাও নেপালী লৰা লগ পাইছোঁ৷ মোহনে প্ৰদীপদা আৰু মোলৈ টোঁৱাই শ্বাটাৰত হাত দিলে৷ হেঁপাহ নপলাল৷ আউৰ এক বাৰ হা আংকল বুলি অনুমতি বিচাৰি ৰৈ থাকিল৷ 'হ'ব দে, তোল৷' তাৰ পাছত তাৰ কাণ্ড-কাৰখানা উপভোগ কৰি থাকিলোঁ৷ মই শিকাই দিয়া মতে সি এবাৰ ইফালে চায়, এবাৰ সিফালে চায়, এবাৰ ঝুম বঢ়ায়, এবাৰ কমায়৷ বিৰাট স্ফূৰ্তি৷ দুটা স্নেপ কৰাৰ পাছত সন্তোষেৰে কেমেৰাটো ঘূৰাই দিলে৷ দিয়েই আকৌ মনিটৰত ছবিখন চাবলৈ ব্যাকুল৷ লগৰটোৰ এখন হাত তাৰ কান্ধত৷ চকুৱে-মুখে কৌতূহল৷ অ', তাৰ মানে সিহঁতে এই কথাটো জানে! ভাল তুলিছ দেই৷ প্ৰশংসাবাণী শুনালোঁ তাক৷ হাঁহিলে৷ আত্মসন্তুষ্টিৰ হাঁহি৷ লগত অনা বাল্টি, মগ আদি হাতে হাতে লৈ দুইটা পানী যুঁৱলিলৈ নামি গল৷

নৈৰ বুকুৰ শিলাময় ঠাই এডোখৰত মাক আৰু বায়েকে বাচন-বৰ্তন ধুই আছিল৷ এইফালৰ পৰা কেমেৰা টোঁৱাই মই সিহঁতৰ ফটো তোলাৰ ছেও দিলোঁ৷ দুয়ো হাঁহিলে৷ মোহন আৰু লগৰটো ঘপাঘপ গৈ মাকহঁতৰ দুফালে দুটা থিয় হৈ লৈছে৷ ৰে'ডী বুলি ক'লোঁহে, চিনেমাৰ হিৰ'ৰ পজ দি দিলে৷ হাত জোকাৰি জোকাৰি সিহঁতৰ পৰা বিদায় ল'লোঁ৷ বিপৰীত দিশৰ পৰা সিহঁত আটাইবোৰে হাঁহিৰে সঁহাৰি জনালে৷ মজা লাগিল পুৱাৰ মুহূৰ্তবোৰ৷ অৰূপদাহঁতে আনন্দ হেৰুৱালে, অতিৰিক্ত টোপনিক প্ৰাধান্য দি৷

টুৰিষ্ট লজলৈ অকণমান বাকী থাকোঁতেই থলুৱা সা-সৰঞ্জাম আৰু আৰ্হিত নিৰ্মিত গিৰ্জাঘৰ এটা পাই গৈছিলোঁ৷ পুৱাতে ভক্তসকলে প্ৰেইজ দ্যা লৰ্ড উচ্চাৰণ কৰি শাৰী পাতি চক্রাকাৰে গিৰ্জাটো প্ৰদক্ষিণ কৰি থকাও দেখিছিলোঁ৷ সমূহীয়া আৱাজটোৱে পৰিৱেশটােলৈ আধ্যাত্মিকতাৰ আগমন ঘটাইছে৷ কাৰ্যসূচী এতিয়াও শেষ হোৱা নাই, চলি আছে৷ দেওবৰীয়া মৰ্নিং চাভিচেই হ'ব৷ ২০১১ চনৰ পৰিসংখ্যা অনুযায়ী আল'ৰ জনসংখ্যাৰ সৰ্বাধিক দঞি-পল'৷ ১২.১৫ শতাংশ খ্ৰিষ্টান৷ হিন্দু, মুছলমান, বৌদ্ধ, শিখ আৰু জৈন ধৰ্মাৱলম্বী লোকো আছে ইয়াত৷ মুঠ জনসংখ্যা ২০ হাজাৰোধিক৷ 

আমি উভতি খোজ লৈ আছোঁ৷ অথনি আহোঁতেই পাইছিলোঁ, সৰু ৰাস্তাটোত মস্ত এল্‌চেচিয়ান কুকুৰ এটা, যুৱতী এজনীৰ কাষে কাষে৷ সাৱধানে পাৰ হ'বলগীয়া হৈছিল৷ এতিয়া দেখিলোঁ, ছোৱালীজনী আছেই৷ তাই ফোনত কথা পতাত মছগুল৷ কুকুৰটো নাই৷ কলৈ গল সেইটো? নেদেখি সকাহ পাইছোঁ যদিও মনতে প্ৰশ্ন জাগিল৷ গ'ল যদি ভালেই৷ পিছে কি হব, কিছু আগুৱাই আহি পৰম্পৰাগত ঘৰ এটাৰ স্নেপ লোৱাত ব্যস্ত হৈ থাকোঁতেই দৃষ্টিগোচৰ হল, পথাৰৰ ফালৰ পৰা সি মোৰ ফালেই ঢপলিয়াই আহিব ধৰিছে, সেহাই সেহাই৷ মই কেমেৰাত ব্যস্ত থাকোঁতে প্ৰদীপদা আগ বাঢ়ি গ'ল৷ মই অকলশৰীয়া হ'লোঁ৷ তেওঁতকৈ ভালেখিনি পাছত৷ কুকুৰটো দেখোন মোৰ ফালেই খৰকৈ আহিব লাগিছে! হায়, হায়! কি কৰোঁ এতিয়া? বাগি দি কোবাকুবিকৈ খোজ লৈছোঁ৷ যি হ'ব হ'ব ভাবি কিছু দৌৰিলোঁও৷ কুকুৰটোৱে দেখিলে চাগৈ৷ চেকুৰিবলৈ আৰম্ভ কৰিলে৷ মই তেনে কৰাত আগে আগে গৈ থকা প্ৰদীপদাই ধমকিয়ালে৷ হলেও তেওঁৰ সমান্তৰাল হৈহে অকণমান সাহস পালোঁ৷ ইতিমধ্যে, ভাগ্যক্রমেই বুলিব লাগিব, কুকুৰেও যেনিবা আমাক অনুসৰণ কৰিবলৈ এৰি দিলে৷ পুৱাবেলা নিৰ্বিবাদে ঘূৰি ফুৰাৰ আনন্দকণ লৈ ভ্ৰমণ-সুখত মজি থাকোঁতে কুকুৰটোৱে এনেকৈ ব্যাঘাত জন্মোৱাত টিঙিচ্‌কৈ খং এটা উঠি আহিছিল৷ আপদীয়া প্ৰাণী কৰবাৰ!

ঘূৰি আহোঁতে পকা ৰাস্তাৰ দাঁতিত যাওঁতে দেখা ইন্দ্ৰমালতী ফুল, দলং, জলপ্ৰপাত আদিৰ ফটো তুলিলোঁ৷ পুৰুষ-মহিলা সমন্বিতে বহুত মানুহে মৰ্নিং ৱাক্‌ কৰাটো লক্ষণীয় হৈ উঠিল৷ মানুহৰ বাবে আটাইতকৈ সহজ ব্যায়ামটোৱেই হৈছে খোজ কঢ়া৷ আলৰ বাসিন্দাসকলৰ ক্ষেত্ৰত অভ্যাসটো দেখা পাই মোৰ ভাল লাগিল৷ সৰুফুটীয়া যদিও মানুহবিলাক বেছ তজ্‌বজীয়া৷ মোৰ চিনাকি বেংক বিষয়া য়িগু ন্যৰাকো বৰ ওখ-পাখ নহয় যদিও বলিষ্ঠ চেহেৰাৰ৷ মোৰ দৰে টেটেৰা-মেমেৰা নহয়৷

এতিয়া পাই অহা ৰাস্তাটো আৰু সংযোগী পথবিলাক নিয়মীয়া প্ৰতিপালনৰ অভাৱত ভাগি-ছিগি গৈছে৷ দোকান-পোহাৰসমূহ মূল পথৰ পৰা যথেষ্ট আঁতৰাই ৰখা হৈছে৷ গতিকে চহৰখন মুকলি-হাকলি লাগিছে৷ হোটেলৰ ওপৰৰ পৰা দেখা পাই থকা দৃশ্যবোৰো চকু জুৰ পেলোৱা বিধৰ৷ ওচৰতে থকা আল ষ্টেডিয়ামৰ সেউজীয়া দলিচাখনে মনত বৰ আনন্দ দিলে৷ অনেকজন লোকে তাত খেলা-ধূলা, খোজ কঢ়া, দৌৰা-দৌৰি, ব্যায়াম-কচৰৎ ইত্যাদি কৰি থকা চিৰি বগাই থাকোঁতেই দেখা পালোঁ৷

হোটেল আলত পদাৰ্পণ কৰিয়ে চিধাই ছাদত ৰ'লোঁহি৷ ওপৰৰ পৰা আলৰ দৃশ্য উপভোগ কৰিছোঁ৷ কেমেৰায়ো তাৰ কাম কৰি গ'ল৷ নিজৰ নিজৰ বস্তু-বাহানিবোৰ সামৰি পেলাবৰো সময় আহি গল৷ ৰূমত সোমাই খুবমতে গা ধুলোঁ৷ ইয়াৰ পাছতবা কেইদিন নোধোৱাকৈ থাকিবলগীয়া হয়! দেহাটো পৰিষ্কাৰ আৰু মনটো সতেজ হৈ উঠিল৷ ডাইনিং হলত আমাৰ বাবে ধুনীয়াকৈ সজাই ৰখা হৈছে পুৰী-তৰকাৰি ইত্যাদি৷ ব্ৰেক্‌ফাষ্ট ভালকৈ খাই লোৱাত ইতিমধ্যে আটায়ে মনোনিৱেশ কৰিছে৷ ৰাক্‌চেক্‌ সামৰোঁতে মোৰহে অকণমান পলম হ'ল৷ বাটত কত কি পাম নাজানো৷ কত থাকিম তাৰো খাটাং সিদ্ধান্ত বা যোগাযোগ এতিয়ালৈ একো নাই৷ হেৰাই যোৱাৰ আগজাননী এটা পুৱাতে পাই উৎসাহটো অধিক হৈ পৰিল৷

No comments:

Post a Comment