১০.. ডিমাপুৰৰ পৰা ৰে'লেৰে ঘৰলৈ
(৭০টা ধাৰাবাহিক খণ্ডৰে ইমানতে সামৰণি পৰা এই সুদীৰ্ঘ ভ্ৰমণলেখা মোৰ ব্লগ abdussazid.blogspot.inত একাদিক্ৰমে উপলব্ধ৷)
ক’হিমাত ১০ মিনিটমান ইফাল-সিফাল কৰি কটোৱাৰ পাছত
গাড়ী এৰিলে৷ লক্ষ্যস্থান ডিমাপুৰ ৰে’লৱে ষ্টেচন৷ ৫ বাজি ১৫ কি ২০ মিনিট গৈছে৷ ৰে’ল আছে নিশা ৯.৪৫ত৷ দৌৰা-দৌৰি নাই৷ লাহে-ধীৰে গৈ থাকিলেও পাই যাম৷ কেৱল লেণ্ড
স্লাইড আৰু ট্ৰেফিক জামত নফচিলেই হ’ল৷ এই দুটা কাৰকে নুমলীগড় সংযোগী ৰাষ্ট্ৰীয় মাৰ্গটোৰে অহা-যোৱা কৰা যাত্ৰীক বহু সময়ত কন্দুৱাই
দিয়ে৷ আমি তেনে দুৰ্ভোগ নোভুগিলেই ৰক্ষা৷ অলপ সময়ৰ ভিতৰতে নাগালেণ্ডৰ আকাশলৈ অন্ধকাৰ নামি আহিব৷ তিৰবিৰাই উঠিব কেপিটেল টাউন৷ সেই সৌন্দৰ্য চাবলৈ আমি আৰু ৰৈ নাথাকিম৷
বাটত এবাৰ তেল ডিপ'ত সোমােৱাৰ বাদে ক'তো ৰোৱা নাই৷ যথেষ্ট সময় হাতত
থকা অৱস্থাতে ডিমাপুৰ পাই গ’লোঁ৷ কেবিন্যুৱে আমাক য়াৰ্ডৰ এমূৰে নমাই দিলে৷ টোপোলা-টাপলিবোৰ চমজি লোৱাতো সহায় কৰিলে৷ ‘বেচ্ছি থেংকছ দেই সাথী৷
আক লগ পাব৷’ ভলভলীয়া স্বভাৱৰ আংগামী
চালকজনৰ পৰা বিদায় লৈ ষ্টেচনৰ ভিতৰত পদাৰ্পণ কৰিছোঁ৷ কৰ্তব্যৰত সেনা জোৱানে কেঁৰাকৈ চাইছে৷ জধলা মানুহকেইটা ক'ৰ পৰা ওলালহি বুলিয়ে ভাবিছে চাগৈ৷ উজনিমুৱা কামাখ্যা-ডিমাপুৰ বি.জি.
এক্সপ্ৰেছখন আহিবলৈ এতিয়াও আধা ঘণ্টা সময় বাকী আছেই৷ সেইখনেই ইয়াৰ পৰা ঘূৰি যায়৷ অপেক্ষা
আৰু কিবাকিবি খোৱাৰ সময় এতিয়া৷
প্ৰচণ্ড শব্দ তুলি আগুৱাই অহা ট্ৰে'নখন ১ নং প্লে’টফৰ্মত স্থিৰ হ'লহি৷ অপেক্ষাৰত যাত্ৰীসৱৰ মাজত গুণগুণনি-ভুনভুননি বাঢ়ি যাওঁতেই গম পাইছিলোঁ যে গাড়ী সোমাইছে৷ অৰূপদা, সুবীৰ আৰু মই একেবাৰে শেষৰ ডবাটোত উঠিম, যাতে টালি-টোপোলাসহিত ডিফুত নামোতে সুবিধা হয়৷ তেতিয়া বস্তুবোৰ বেছি দূৰ কঢ়িয়াব নালাগে৷ বুদ্ধিমানৰ কাম! অৰূপদাৰ সহযোগত গুৱাহাটীগামী দীপমইনা আৰু হৰেনৰ বাবে শ্লীপাৰ ক্লাছত চিটৰ ব্যৱস্থা কৰা হৈছে৷ এইবাৰৰ অভিযানটোত গুৰি ধৰা দীপমইনা দুৱৰাক ধন্যবাদ আৰু বিদায় সম্ভাষণ জনালোঁ, ভৱিষ্যতে লগ পোৱাৰ আশাৰে৷ জয়ন্তদা আৰু ৰাজীৱৰো পৰৱৰ্তী গন্তব্য গুৱাহাটী৷ মাধৱদাই দুয়োকে নি আগলৈ থকা শীত-তাপ নিয়ন্ত্ৰিত ডবাত বহুৱাই থৈছে৷ বস্তু-বাহানি সুবীৰক চমজাই অৰুণদাৰ সৈতে গৈ দুয়োকে মাত লগাই আহিলোঁ৷ প্ৰবীণ আৰু চেলেং তাতে আলাপত মগ্ন৷ বেলেগ কথা নাই, ঝুক’ ভেলীৰে প্ৰসংগ৷ খলাবমাবোৰ চকুৰ আঁতৰ হ'ল যদিও মনৰ আঁতৰ বেগেতে যে নহ'ব সেইটো অৱধাৰিত৷ নৱেম্বৰত পৰৱৰ্তী ট্ৰেকিং-কেম্পিং এড্ভেন্চাৰৰ কাৰণে সাজু থাকিবলৈ সোঁৱৰাই দিলে দুৰ্গম যাত্ৰাটোৰ আয়োজনকাৰী জয়ন্তদাই৷ মূৰ দুপিয়াই শলাগি থ'লোঁ৷
দীঘলীয়াকৈ দুবাৰ হৰ্ন বজাই ১৫৬৬৬ নং নামনিমুৱা
ডিমাপুৰ-কামাখ্যা বি.জি. এক্সপ্ৰেছে সঠিক সময় ৯.৪৫ত ডিমাপুৰ এৰি দিলে৷ ১০.৩৫ত ডিফুত
নামিলোঁ৷ আমাক আদৰিবলৈ অনিলদা, পুতুলদা, প্ৰদীপদাহঁত ৰৈ আছিল৷ স্বাভাৱিকতে উৎসুকতাপূৰ্ণ প্ৰশ্নোত্তৰ চলিল এখন্তেকলৈ, থিয়ৈ থিয়ৈ৷ নগা পাহাৰৰ নাপাহৰা
স্নেহ, ঝুক' ভেলীৰ বোকাপানীৰ ছিটিকনি আৰু এবুকু স্মৃতিৰে ভাবগধুৰ হৈ ঘৰ সোমাওঁতে নিশা ১১ বাজি গ'ল৷
পুচ্ছাংশ…
মই ভবামতেই অৰুণদাই এদিন লিখি উলিয়ালে ‘জুক’ভেলীত এনিশা’৷ ফটোবিলাক খুজি পে'ন ড্ৰাইভ এটাৰে লৈ গ'ল৷ ‘অসমীয়া প্ৰতিদিন’ কাকতৰ দেওবৰীয়া সম্ভাৰলৈ মেইল কৰিলে৷ ১৮.১২.২০১৬ আৰু ২৫.১২.২০১৬ তাৰিখে দুটা খণ্ডত ধাৰাবাহিকভাৱে প্ৰকাশ
পালে৷ কবিতাও ৰচিলে এটা৷ এদিন হাতত দি থৈ গ'লহি৷ কবিতাৰ শিৰোনাম... ‘নৈঃশব্দ্যৰ শব্দ ভাঙিবলৈ হঠাৎ এদিন আমিবোৰ...’
ডাৱৰ আৰু আকাশ চুবলৈকেযেন আমিবোৰ
উঠিছোঁ ওপৰলৈ, ক্রমান্বয়ে আৰু
ওপৰলৈ...
কিছু ভাগৰ, কিছু জিৰণি
তেওঁক ক’লোঁ, হাৰ মই কিয় মানিম?
ওৰেটো দিন বৰষুণ পৰিছিল
কিন্কিন্কৈ৷
আৰু এনেকৈয়ে বৰষুণত তিতি
আৰণ্যক অনুভূতি বুকুত লৈ
আমাৰ যাত্ৰা কেৱল সন্মুখলৈ৷
যেন এই পথৰ অন্ত নাই!
হয়, পাহাৰৰ তলৰ সৌ বিস্তীৰ্ণ এলেকা
সেয়াইতো স্বপ্নৰ জুক’ ভেলী৷
হে’ ঈশ্বৰ, তোমাৰ কি অনুপম সৃষ্টি!
কি এক অদ্ভুত নীৰৱতাৰ মাজত
শুই আছে যেন সৌ বিশাল
ডাঠ সেউজীয়াখিনি!
আৰু এনেকৈয়ে ভাঙিলোঁ নেকি
এদিন হঠাতে আমি
নৈঃশব্দ্যৰ আদিমতম সেই শব্দবোৰ...(৭০টা ধাৰাবাহিক খণ্ডৰে ইমানতে সামৰণি পৰা এই সুদীৰ্ঘ ভ্ৰমণলেখা মোৰ ব্লগ abdussazid.blogspot.inত একাদিক্ৰমে উপলব্ধ৷)
No comments:
Post a Comment