দিন দুই ৷৷ খণ্ড ৭
গাল’ বা আদিগাল’ বুলি জনাজাত গালঙকে ধৰি আছিং, ব’ৰি, কাৰ্কো, মিলাং, পাদাম, পাংগী,
ৰামো, তাংগাম, ব’কাৰ, কোম্কাৰ, মিন্যং, পাইলেবু,
পাছি আৰু ছিমং৷ভাৰতীয় নৃতাত্ত্বিক জৰীপ বিভাগৰ গৱেষণা অনুযায়ী এই ১৫টা হৈছে বৃহত্তৰ
আদি জনজাতিৰ উপজাতি৷ বিপৰীতে, ১৯৮১ চনৰ তথ্য অনুসৰি আদি জনজাতিৰ উপজাতিৰ সংখ্যা ৩৫ বুলি জানিছিলোঁ৷ হিচাপৰ ইফাল-সিফাল মন কৰিছোঁ৷ সি যি কি নহওক, আবতানিৰ বংশধৰ
এইসকল অৰুণাচল প্ৰদেশৰ অন্যতম জনজাতি, উপজাতি৷ তিব্বতবৰ্মী শাখাৰ চিনো-তিব্বেতান পৰিয়ালভুক্ত তেওঁলোকৰ দোৱান৷ ‘আদি’ শব্দটোৰ অৰ্থ ‘পাহাৰী মানুহ’৷ পুৰণি দিনত বোলা হৈছিল ‘আবৰ’৷ ‘আবৰ’ মানে যি কেতিয়াও বশ্যতা স্বীকাৰ
নকৰে৷ দুৰ্গম-দুৰ্ভেদ্য পাৰ্বত্যভূমিত প্ৰতিকূল পৰিৱেশত তেওঁলোকৰ বসতি৷ স্বভাৱতে দুৰ্ধৰ্ষ
আৰু অদমনীয় মানুহবোৰ৷ আনৰ বাবে সদায়েই বিৰাট আতংক৷ বৰ্ষাৰণ্যই আগুৰা পৰ্বতভূমিত গোষ্ঠীগতভাৱে
গাঁও পাতি বাস কৰা এই মানুহখিনিৰ বাবে নিজৰ সম্পত্তি, সমাজ, গাঁও নতুবা গোষ্ঠীটোৰ বাবে
প্ৰাণ আহুতি দিয়া কিম্বা প্ৰাণ লোৱাটো এসময়ত ভাতৰ লগত পানী খোৱাৰ সদৃশ আছিল৷ তেনেকুৱা পূৰ্বপুৰুষৰ
ৰক্তবীৰ্যৰ সতি-সন্ততিসকলে বসতি কৰা ঠাইবোৰৰ মাজে মাজেই এইটো যাত্ৰাত গাইড অবিহনেই আমাৰ মুক্ত বিচৰণ
চলি আছে৷ জনবসতি সেৰেঙা৷ কান্ধত দা ওলোমাই লোৱা অৰুণাচলী বুঢ়া-ডেকাক বাটত লগ পাইছোঁ৷ ক’তো কাৰো পৰা কোনো বাধা পোৱা নাই৷ ভ্ৰমি আছোঁ নিজ মনে, আপোন ভালেই জগত ভাল ভাবনাৰে৷
বাছাৰ সোমাওঁতেই পথটোৰ একাষে সেউজীয়া চাইনব’ৰ্ড এখন দৃষ্টিগোচৰ হৈছিল৷ সেয়ে গাড়ীৰ পৰা নামিয়ে বাকী চব কথা বাদ দি, ভোক-পিয়াহকো আওকাণ কৰি উভতি লৰ মাৰিলোঁ৷ বাকীসকলে চাই আছে৷ চাগৈ ভাবিছে, এইজনৰ হঠাতে কি হ’ল বুলি৷ কোনে কি ভাবে তালৈ মোৰ সমূলি কাণ-সাৰ নাই৷ কেমেৰা চালু কৰি ব’ৰ্ডখনৰ স্নেপ এটা লৈহে স্বস্তি৷ পাৰ হওঁতেই বাওঁহাতে দেখি গৈছিলোঁ, ফলকখনত সাগৰ পৃষ্ঠৰ পৰা বাছাৰৰ উচ্চতা উল্লেখ কৰা আছিল৷ মুখৰ আগত পাই এতিয়া পঢ়ি চালোঁ৷ ২২৯ ফুট৷ আৰে, এইটো কেনে কথা? স্পষ্টকৈ মনত আছে, ঘৰত ইণ্টাৰনে’টত খুঁচৰোঁতে পাইছিলোঁ ৫৭৮ মিটাৰ বুলিহে! তথ্যৰ বিসংগতি দেখি আচৰিত লাগিল৷ শুদ্ধ কোনটো? নে সংখ্যা এটা হেৰাই থাকিল?
বাছাৰ সোমাওঁতেই পথটোৰ একাষে সেউজীয়া চাইনব’ৰ্ড এখন দৃষ্টিগোচৰ হৈছিল৷ সেয়ে গাড়ীৰ পৰা নামিয়ে বাকী চব কথা বাদ দি, ভোক-পিয়াহকো আওকাণ কৰি উভতি লৰ মাৰিলোঁ৷ বাকীসকলে চাই আছে৷ চাগৈ ভাবিছে, এইজনৰ হঠাতে কি হ’ল বুলি৷ কোনে কি ভাবে তালৈ মোৰ সমূলি কাণ-সাৰ নাই৷ কেমেৰা চালু কৰি ব’ৰ্ডখনৰ স্নেপ এটা লৈহে স্বস্তি৷ পাৰ হওঁতেই বাওঁহাতে দেখি গৈছিলোঁ, ফলকখনত সাগৰ পৃষ্ঠৰ পৰা বাছাৰৰ উচ্চতা উল্লেখ কৰা আছিল৷ মুখৰ আগত পাই এতিয়া পঢ়ি চালোঁ৷ ২২৯ ফুট৷ আৰে, এইটো কেনে কথা? স্পষ্টকৈ মনত আছে, ঘৰত ইণ্টাৰনে’টত খুঁচৰোঁতে পাইছিলোঁ ৫৭৮ মিটাৰ বুলিহে! তথ্যৰ বিসংগতি দেখি আচৰিত লাগিল৷ শুদ্ধ কোনটো? নে সংখ্যা এটা হেৰাই থাকিল?
শান্তিৰে ভাত-পানী খাই ১.৩০ বজাত আমি বাছাৰ এৰিলোঁ৷ সন্মুখত
অজান বাট৷ উৎকণ্ঠিত সময়৷ নৈ এখন পাৰ হৈ আগুৱাই গৈ আছোঁ৷ খেতি পথাৰ পাইছোঁ৷ আগৰ দৰেই
দূৰ ব্যৱধানত অৱস্থিত সৰু সৰু জনপদ ওলাইছে৷ পৰ্বতৰ বক্ষত ছবিযেন লগা বাঁহ-টকৌপাতেৰে সজা থলুৱা লোকৰ ঘৰবোৰ অতিক্ৰম কৰিছোঁ৷ কেমেৰা টোঁৱাই শ্বাটাৰ টিপি গৈছোঁ সুযোগ বুজি বুজি৷ এইসমূহ দেখি
এইটো বুজিবলৈ অকণো টান লগা নাই যে ঘোঁকট পৰ্বতীয়া স্থানত জীৱন-জীৱিকা ভৈয়ামৰ দৰে সহজ মুঠেই নহয়৷
অতিৰিক্ত কষ্ট কৰিব লাগে ইয়াত, পৈত্ৰিক প্ৰাণটো বচাই ৰাখিবলৈ৷ সেয়ে কিছুমান মানুহ সময়ৰ গতিত সমতলমুখী হৈ অসম সীমান্ত পাইছেগৈ৷ সীমা সমস্যা উদ্ভৱ হ'ব ধৰিছে, যিবোৰ এসময়ত নাছিল৷
দূৰত্ব অধিক নহ’লেও বাট-পথৰ অৱস্থা ভাল নহয় বাবে অৰুণাচলৰ ভালেমান
স্থানলৈ যাওঁতে সময় হিচাপতকৈ বহুত বেছি লাগে৷ আচৰিত হ’বলগীয়া কথা নহয় যে ৫০ কিল’মিটাৰ যাওঁতে ৩ ঘণ্টাৰো অধিক লাগি যাব পাৰে৷ বাটত গাড়ী বেয়া হ'লেতো হ'লেই আৰু! তেনে দুৰ্কপাল আমাৰ নহওক৷ খলাবমাৰ পৰিমাণ বৃদ্ধি হ'লেই চিন্তা লাগে ৰঙা গাড়ীখনলৈ৷ আগ চিটত বহা দীপকদায়ো ৰিয়েৰ ভিউ মিৰ'ৰখনলৈ ঘনাই চায়, সেইখন আহি আছেনে নাই? ময়ো মন কৰোঁ আৰু ডিঙি ঘূৰাই চাওঁ৷
বাছাৰৰ পৰা লাহে লাহে ৭ কিল'মিটাৰ আগুৱাই আমি বাম পালোঁহি৷ নিকট ভৱিষ্যতে উত্তৰ লখিমপুৰৰ পৰা চিলাপথাৰ চুই ইয়ালৈকে আল’ অভিমুখী ৰে’ল চলিব৷ উক্ত ঠাইখনতেই এতিয়া ওলাইছোঁহি৷ লিকাবালিৰ পৰা বামলৈ ৮০ কিল’মিটাৰ৷ তাৰ মানে পুৱাৰে পৰা ইমান পৰে ৯০ কিল'মিটাৰমানহে অতিক্ৰম অহা হ'ল৷ ৬২ৰ চীন-ভাৰত যুঁজৰ পাছত বামৰ পৰা ডাপ’ৰিজ’লৈ পথ নিৰ্মাণ কৰা হৈছিল৷ পথ-দৈৰ্ঘ আছিল ২০০ কিল’মিটাৰ৷ যাওঁতে কেইঘণ্টা লাগিছিল অনুমান কৰা টান৷ ২০১১ চনৰ লোকগণনা অনুযায়ী পুৰণি বামৰ জনসংখ্যা ৭৬২, নতুন বামৰ ২৩৭৷ গাঁও দুখনত ক্ৰমে ১৫৩ আৰু ২৮টা পৰিয়ালে বাস কৰে৷
বাছাৰৰ পৰা লাহে লাহে ৭ কিল'মিটাৰ আগুৱাই আমি বাম পালোঁহি৷ নিকট ভৱিষ্যতে উত্তৰ লখিমপুৰৰ পৰা চিলাপথাৰ চুই ইয়ালৈকে আল’ অভিমুখী ৰে’ল চলিব৷ উক্ত ঠাইখনতেই এতিয়া ওলাইছোঁহি৷
বামত ৰাস্তাটো দুভাগ হ'ল৷ ৱাই জংছনত বাঁওহাতে
ডাপ’ৰিজ’লৈ ফাটি গৈছে৷ সেইফালে ৩০ কিল’মিটাৰ আগত তিৰ্বিন৷ সোঁহাতে আল’লৈ৷ যোৱা বছৰৰ নৱেম্বৰ মাহত তাক্চিঙলৈ
যাওঁতে ডাপ’ৰ পৰা ৭ কিল'মিটাৰ অগ্ৰসৰ হোৱাৰ পাছতে সোঁহাতে এই ৰাস্তাটোৰ আৰম্ভণিছোৱা
দেখিছিলোঁ৷ পোন বাটেৰে আমি তেতিয়া গুচি গৈছিলোঁ তালিহা, দয়ম, চিয়ুম, নাচ্ছো, লিমেকিং, কেতেনালালৈ৷ আমা ম্ৰা, টানি ম্ৰাৰ চাঙত নিশাৰ আলহী৷ ডাপ'ৰিজ' শব্দটোৱে মানসপটত উজলাই তুলিলে টাগিন দম্পতীহালৰ উপৰি সেই যাত্ৰাত পথ প্ৰদৰ্শক হিচাপে লগত যোৱা নিকেল নাল'ৰ মুখখনো৷ তদুপৰি ঘূৰি আহি লগ পোৱা নিকেলৰ পৰিবাৰ জ'মাৰ লাজকুৰীয়া হাঁহিটো৷ নিকেল টাগিন, জ'মা গাল'৷ বসতি ডাপ'ৰিজ'ত৷ গংগা মাৰ্কেটত কণমানি ব্যৱসায়িক প্ৰতিষ্ঠান ডি. ডি. এন. কম্পিউটাৰ চেণ্টাৰ৷ এতিয়া গম পালোঁ, সোৱণশিৰি নদীৰ দলঙৰ ওপৰেৰে আল’ অভিমুখী সেই ৰাস্তাটোৱেই মাৰে, তিৰ্বিন হৈ ইয়াত ওলাইছেহি৷ ইয়াৰ পৰা আল’লৈ ৪৫ কিল’মিটাৰ৷ ডাপ’ৰ পৰা আল’লৈ ১৬০৷ অৰ্থাৎ ইয়াৰ পৰা ডাপ’ৰ দূৰত্ব হ'ব ১১৫ কিল’মিটাৰ৷ গগৈয়ে গাড়ীখন আল’ৰ দিশে কাটি লৈ গ'ল৷ ডাপ'লৈ গুচি যোৱা ৰাস্তাটোৰ ফালে আৱেগেৰে এবাৰ চাই পঠিয়ালোঁ৷ তাৰ পাছতে আল'মুৱা হৈ হিচাপ এটা কৰিলোঁ আল' পাবলৈ সময় কিমান লাগিব পাৰে৷
No comments:
Post a Comment