৭.. পাহাৰতলি পালোঁহি
বাটৰ সৌন্দৰ্য উপভোগ কৰি একে লেথাৰিয়ে নামি আছোঁ৷ মন কৰিছোঁ যে Nyibvüৰ ৰে’ষ্ট হাউচটো এৰি অহাৰ পাছৰে পৰা ডাঙৰ বাঁহগছৰ ঘনত্ব বাঢ়ি
আহিছে৷ বৰষুণত বৈ অহা পানীয়ে লিক্টো বাৰে বাৰে ঢাকি ধৰিছে৷ ট্ৰেইলটো আগতকৈ পোন আৰু সৰল দেখা
গৈছে৷ বেঁকা হৈ থকা গছ এডালৰ তলেৰে হাউলি পাৰ হ'লো৷ পৰ্বতৰ এঢলীয়াত ওলাইছে বন্ধাকবিৰ
খেতি! দেখি আচৰিতেই হ'লোঁ৷ মানুহৰ বসতি হ'লে কেনিও দেখা নাই পোৱা৷ মাটি মোকলাবলৈ কাটি পেলোৱা গছ কিছুমান বাগৰি পৰি আছে৷ খেতিৰ বাবে বনাঞ্চল ধ্বংস৷ অদূৰত সেউজীয়া পাহাৰৰ ঢালবোৰ চকুত পৰিছে৷৷ সেইবোৰত ডাঙৰ গছ-গছনি অনুপস্থিত৷ তাৰ মানে ধাৰণা কৰিব পাৰি যে ঝুম খেতি কৰা হয়৷ ঝুম হৈছে পাহাৰীয়া জনগােষ্ঠীৰ মাজত অদ্যাপি প্ৰচলিত আদিম কৃষি প্ৰথা৷ পৰিসংখ্যাই কয়, পৃথিৱীৰ প্ৰায় ২৩০-৫০০ মিলিয়ন জনসাধাৰণে এতিয়াও ঝুম খেতি কৰে! গৱেষকৰ বিশ্লেষণত এইটোও প্ৰমাণিত হৈছে যে ক্ষুদ্ৰ খেতিয়কে সামান্য শস্যৰ বাবে ব্যাপক বননি নষ্ট কৰে এই খেতিৰ নামত৷ নেপালৰ ওখ পাহাৰ, চীনদেশ আদিত লভা সফলতাৰ আৰ্হিত পাহাৰৰ গাত খাপ কাটি কৰা পদ্ধতিৰে স্থায়ী খেতিমাটি সৃষ্টি কৰি ল'ব পাৰে৷ খনমাত দেখি আহিলোঁ তেনেকুৱা খলপীয়া খেতিপথাৰ৷ এইফালে আকৌ ঝুমতলী৷ কচু আৰু গোমধানৰ গছ কিছুমানো পাইছোঁ মাজে-মধ্যে৷
আৰু অকণমান যাওঁতে আঁতৰত অকলশৰীয়া ঘৰ এটা চকুত পৰিল৷ গছ-বিৰিখ নথকা উকা পাহাৰবোৰ এতিয়া জংঘলময় আৰু অতিপাত সেউজীয়া হৈ আছে৷ পৰ্বতৰ স্বাভাৱিক ৰূপৰ পৰিৱৰ্তনটো ঝুম খেতিৰ বাবেই হৈছে৷ কাৰবি আংলং আৰু ডিমা হাচাওত দূৰৰ পৰাই দেখা টকলা পাহাৰবোৰৰ দৰে ৰূপটো কিন্তু একে যেন নালাগিল৷ ঘৰটোৰ এইপাৰে খাজ কাটি কাটি কৰা এডৰা কচু৷ পাছফালে বনৰীয়া কলগছ এগালমান৷ পাহাৰৰ গাত ট্ৰেক এটাও মন কৰিছোঁ৷ জংঘলৰ মাজে মাজে গৈ আছোঁ আমি৷ বাটটো আকৌ নামিছে৷ ষ্টেপ কিছুমান ওলাল৷ শিলৰ সংখ্যা কমা যেন লাগিছে৷ গছৰ ডালেৰে মাটি আবদ্ধ কৰি খটখটি সাজি দিয়া হৈছে উঠা-নমাৰ সুবিধাৰ্থে৷ জংঘলে দুয়ো ফালৰ পৰা হেঁচি তৈয়াৰ কৰা প্ৰাকৃতিক সুৰংগ, হেলনীয়া হৈ কোনোমতে ৰৈ থকা ডাঙৰ গছৰ ফাঁকেৰে পদযাত্ৰা চলি আছে৷ মানুহে খেতি কৰা দেখি শিল নাইকিয়া হ'ল বুলি ভাবিছিলোঁ, কিন্তু ক'তা, আকৌ ওলাইছে শিলৰ ষ্টেপ৷ বাঁওহাতে সেউজীয়াৰঙী কিন্তু ডাঙৰ গছবিহীন পাহাৰ৷ আকৌ নামি গ'ল ট্ৰেকটো৷ সোঁহাতে আকৌ এডৰা বন্ধাকবিৰ খেতি৷ তাৰ লগতে মাকৈ৷ মাটিবোৰ ধৰি ৰাখিবলৈ গছৰ ডাল পাৰি খুঁটি পুতি থোৱা হৈছে৷ আৰু এক নগা টেক্নিক৷ এইখিনিৰ পৰা প্ৰথমবাৰৰ বাবে আকাশৰ নীল বৰণটো দেখা পাইছোঁ৷ দীপমইনাৰ পৰা গম ল'লোঁ, ঘড়ীত ৩.৩০ হ'বৰ হ'ল৷

আৰু ৫ মিনিটমান৷ নামিবলগীয়া অৱস্থান এটাত উপস্থিত হৈ ৰৈ দিলোঁ৷ তললৈ দেখা গৈছে টিনপাতৰ তিনিটাকৈ ঘৰ৷ তাৰে এটা এচলীয়া৷ ৰঙচুৱা ইটাৰ দেৱাল আছে৷ তাৰ আগলৈ গছৰ ফাঁকেৰে দেখা দিওঁ-নিদিওঁকৈ ওলাই
আছে হালধীয়াৰঙী বাহন এখনৰ পিছফালৰ এচমকা৷ আমাক নিবলৈ অহা টাটা ছুম'ই হ’ব নেকি সেয়া! দীপমইনা, ৰাজীৱ আৰু মই, তিনিও জুমি জুমি চালোঁ অলপপৰ৷ কেমেৰাৰে ঝুম কৰিও চালোঁ৷ হয়, সেইখন ছুম'৷ কেউজনৰে মুখত হাঁহি বিৰিঙিল৷ তাৰ মানে
এই মূৰ পাইছোঁহি৷ বেছি দূৰ নাই৷ ৫-১০ মিনিটতে পাই যাম৷ চকলেটৰ অৱশিষ্ট টুকুৰাটো জিভাত লৈ সন্মুখৰ ষ্টেপকেইটা উলাহতে দুপিয়াই দুপিয়াই নমা আৰম্ভ কৰি দিলোঁ৷
অন্তিম ষ্টেপকেইটা অতিক্ৰম কৰাৰ লগে লগে ট্ৰেকটো বহল
বাট এটাত বিলীন হৈ পৰিল৷ বাওঁহাতে ঝৰ্ণা এটা৷ অথনি পাৰ হোৱাটোৱেই হ’ব৷ এতিয়া এইখিনিত ওলাইছেহি৷ বাওঁহাতেই ওচৰতে দুচলীয়া কাঠৰ ঘৰ
দুটা, একেলগে৷ নীলা পলিথিন এখনেৰেও ঢাকি থৈছে একাংশ৷ বাহিৰত কাপোৰ কিছুমান মেলা আছে৷ মানুহ-দুনুহ নাই৷ সোঁহাতেও এটা ঘৰ৷
টিনপাতত মামৰ৷ ৰেহ-ৰূপ দেখি কোনোবা শ্ৰমিকৰ কেম্প হ’ব যেনহে লাগিছে এইকেইটা৷ ওপৰৰ পৰা
দেখা এচলীয়া ইটাৰ ঘৰটো পায়খানা-প্ৰস্ৰাৱগাৰ৷ নেশ্বনেল হাইৱে' এৰি ঝাখামাৰ পৰা সোমালে এইখিনিলৈকে গাড়ী
আহিব পাৰে৷ ইয়াৰ পৰা আগলৈ ৰাস্তা নাই৷ জংঘলৰ মাজে মাজে এড্ভেন্চাৰ ট্ৰেইলৰ আৰম্ভণি৷ এইখিনি পৰ্যন্ত ষ্টেপৰ সংখ্যা প্ৰায় ৬,৩৫৫ বুলি আগতে এঠাইত পাইছিলোঁ৷ পেড'মিটাৰ নথকাত কিমান খোজ পেলালোঁ, নিজৰ অংকটোহে অজ্ঞাতে থাকি গ'ল৷ মনতে জোখ-মাখ এটা কৰি পাইছো যে ঝুক' শীৰ্ষৰ পৰা বৰ্ষাৰণ্যৰ মাজেৰে ট্ৰেকাৰ্ছক একেৰাহে নমাই অনা খটখটিখিনি কমেও ৫ কিল'মিটাৰমানেই হ'ব চাগৈ৷ তাৰ পাছতে পট পৰিৱৰ্তন৷ এতিয়া পৃথক দৃশ্যপট৷
শেষ বিন্দু ওচৰ চাপি আহিছে৷ দীপমইনা আৰু ৰাজীৱ মোক
এৰি আগ বাঢ়িল৷ সোঁফালে ঘূৰি নামি যোৱা ৰাস্তাটোলৈ লক্ষ্য কৰোঁতে দেখা পালোঁ, পোনে পােনে ১৫০ মিটাৰমান আগত ৰে’ষ্ট শ্বে’ড এখন আছে, বাওঁহাতে৷ ডাউনৱাৰ্ড ট্ৰেকিঙৰ সেয়াই শেষ বিন্দু৷ ৰাজীৱ
গৈ আছে৷ দীপমইনা পালেগৈ৷ তাৰ মানে ওভতনি যাত্ৰাত লক্ষ্যস্থানত পদাৰ্পণ কৰা পদযাত্ৰী ময়ে অন্তিমজন
হ’ম৷
কৃত্ৰিম জলবিশ্বৰ মোহত আবদ্ধ মানুহ নহওঁ৷ দ্বিতীয়তে, ঝৰ্ণাৰ শব্দত আছে বুজাব নোৱাৰা বিধৰ আকৰ্ষণ৷ গতিকে জিৰণি চ'ৰাটোলৈ পোনে পোনে নগৈ বিপৰীতফালে অৰ্থাৎ বাঁৱে বৈ থকা ঝৰ্ণাটোৰ লগতে সিফালৰ প্ৰাকৃতিক পৰিৱেশ চাওঁ বুলি খোজ দিছোঁ৷ প্ৰায় ৪৫
ডিগ্ৰী কৌণিকভাৱে নামি অহা ধৱল সোঁতটো দুফাল হৈছে৷ মাজত মস্ত শিল দুটাৰ সৈতে দ’মাই ৰখা শিল এগালমান৷ সিফালৰ ধাৰাটোৰ
সিপাৰেও আছে কিছু৷ নিৰ্দিষ্ট জোখমতে কাটি সমান কৰি ৰখা হৈছে৷ তাৰ মানে সন্দেহ নাই যে শিল ভঙা শ্ৰমিকৰ বাসস্থানেই
হ’ব ইয়াত দেখা পোৱা ঘৰকেইটা৷ কোনো মানুহ কিম্বা মেশ্বিন হ'লে নজৰত নপৰিল৷
দৃষ্টিনন্দনভাৱে সেউজীয়া পৰ্বতে দুফালৰ পৰা অাহি ইংৰাজী V আকাৰ লোৱা চৌপাশৰ মাজত দুচলীয়া টিনপাতৰ চালিখনৰ তলতে সমৱেত হৈছে গাইড, প'ৰ্টাৰকে ধৰি দলৰ সমুদায়
সদস্য৷ তাৰ সিফালে দুখন হালধীয়াৰঙী গাড়ী অৱস্থানৰত৷ সেই দুখন টাটা ছুম’৷ এখন বগা চেণ্ট্ৰ’ও আছে৷ খাটাং যে সেইখন আমাৰ নহয়, বেলেগ কাৰোবাৰ হ’ব৷ জীৱনলৈ স্মৰণীয় হৈ ৰ'বলগীয়া ঝুক' ভেলী ট্ৰেইল সামৰি সংগীসকলে ইতিপূৰ্বে কাপোৰ-কানি সলাই আনকি টালি-টোপোলাও
বান্ধিলে৷ তাৰ মানে তেওঁলোক কেতিয়াবাই আহি পাইছে৷ লেহেম খোজত ৰৈ ৰৈ আহোঁতে আমি তিনিৰহে অত্যধিক পলম হ’ল৷ 'এতিয়া সময় ৩ বাজি ৪৫ মিনিট৷ আমি ইয়াত ৰৈ থকা এঘণ্টাৰো ওপৰ হ’ল৷ কিয় ইমান দেৰি হ’ল তোমালোকৰ?' বুলি কেইবাজনেও একে সময়তে মোক জেৰা কৰিব ধৰিলে৷
No comments:
Post a Comment