আগকথা
What is this life, if, full
of care
We have no time to stand
and stare?
~William
Davis
দিনাংক ১৭.৪.২০১৫৷ স্থান বনশ্ৰী ইক’-টুৰিজিম ৰিজ’ৰ্ট, গুঁইজান, তিনিচুকীয়া৷ আমাৰ
চাৰিজনীয়া ভ্ৰমণকাৰী মাৰ্ক’ পল’ দলটোৰ সন্মুখত চাহৰ কাপ মুখৰ
আগত লৈ বহি আছে জয়নাল আবেদিন৷ বেনুদা বুলিয়ে সৰ্বত্ৰ পৰিচিত এই মানুহজন৷ এজন প্ৰাক্তন
চিকাৰী, পিছলৈ দুৰন্ত প্ৰকৃতিপ্ৰেমী৷ ‘মই ৰত্নাকৰৰ পৰা হোৱা বাল্মিকীহে’ বুলি বাক্যালাপ আৰম্ভ কৰি বেনুদাই
আমি তেওঁক সোধা প্ৰশ্নসমূহৰ সমিধান দিয়াৰ লগতে আমাৰ ১০ দিনীয়া চীন-ভাৰত সীমান্ত ভ্ৰমণটোৰো বুজ লৈছিল৷
কথা পাতি আচৰিতেই হ’লোঁ যে অৰুণাচল সম্বন্ধে মানুহজনে
ইমান জানে! চুবুৰীয়া প্ৰদেশখনৰ বিভিন্ন স্থানলৈ তেওঁ গৈছে৷ টুৰিষ্ট স্পটবিলাকৰ ভৌগোলিক
অৱস্থান, পথ যোগাযোগ, মানুহ আৰু প্ৰকৃতি সম্বন্ধীয় তথ্য তেওঁৰ নখ-দৰ্পণত৷ কথাই কথাই
মেচুকা (মেন্-চু-খা)ৰ সম্বন্ধে ওলাল৷ তেওঁ কৈ উঠিল, ‘মইতো ভাবো পৃথিৱীৰ ভিতৰতে অন্যতম
ধুনীয়া ঠাই মেচুকা৷ এইটো মই চেলেঞ্জ কৰিয়ে কওঁ৷’ তাৰ পাছত অলপমান বিৱৰণ দিলে… ‘তালৈ ৱে’ষ্ট চিয়াং জিলাৰ সদৰ ঠাই আল’ৰ পৰা যাব লাগে৷ লিকাবালি গে’টেৰে অৰুণাচল প্ৰদেশত সোমাই আল’লৈ, আল’ৰ পৰা মেচুকা৷ চিলাপথাৰৰ পৰা
গাড়ীৰে দুদিনৰ যাত্ৰা৷ আহোঁতে ল’ৱাৰ সোৱণশিৰি জিলাৰ জিৰ’ হৈ কিমিন গে’টেৰে ওলাই আহিব পাৰি৷ এটা চাৰ্কুলাৰ টুৰিষ্ট চাৰ্কিট হৈ
যায়৷’
ডিবৰুৰ পাৰত বেনুদাৰ মুখেৰে বৰ্ণিত কথাবোৰে আমাক
মুহূৰ্ততে উত্তেজিত কৰি তুলিলে৷ অৰুণদা আৰু মোৰ মাজত এই ঠাইক লৈ আগৰে পৰাই অলপ-অচৰপ
তথ্যৰ আদান-প্ৰদান চলিছিল৷ মই তৎক্ষণাৎ অৰুণদাৰ চকুলৈ চালোঁ৷ দাদাই বুজি পালে৷ তেওঁৰ
মুখৰ পৰা নিঃসৰিত হ’ল স্বভাৱসিদ্ধ বাক্যষাৰি… ‘ফেব্ৰুৱাৰীত যাম দিয়ক, ভাল লাগিব৷
ঘৰ গৈ পায়ে আপুনি ৰিচাৰ্ছ আৰম্ভ কৰি দিয়ক৷’ পুৱা ৯.২৫ বাজিছিল৷ পৰৱৰ্তী ভ্ৰমণ-লক্ষ্য হিচাপে মেচুকাৰ
স্বপ্ন বুকুত বান্ধি বনশ্ৰীৰ চোতালৰ পৰা আমি বিদায় মাগিলোঁ৷ তাৰ পাছৰ পৰাই অহৰহ সুযোগৰ
সন্ধানত আছিলোঁ সেই ঠাইখনলৈ যোৱাৰ, নিজ চকুৰে তাৰ সৌন্দৰ্য চোৱাৰ৷ উক্ত ভ্ৰমণ সম্পৰ্কে ‘অসমীয়া প্ৰতিদিন’ৰ দেওবৰীয়া সম্ভাৰত প্ৰকাশিত-লেখাৰ অন্তিম শাৰীত অৰুণদাই ঘোষণাই কৰি দিলে, পৰৱৰ্তী ভ্ৰমণথলী মেন্-চু-খা বুলি!
জীৱনৰ বিশালতাক চুই চোৱাৰ বৰ্ণিল অনুৰাগেই ভ্ৰমণ৷
ভ্ৰমণ মোৰ অন্যতম প্ৰিয় হ’ব্বী৷ সময়, সুবিধা আৰু সুযোগ
পালেই ইয়াৰ পাছত লাগি যাওঁ৷ ভ্ৰমণৰ জৰিয়তে বুটলিবলৈ পাওঁ এনে কিছুমান সুখানুভূতি যি
আত্মাক পোনে পোনে আলোড়িত কৰে৷
মেন্-চু-খালৈ ওলাওঁতে প্ৰস্তুতিৰ পৰা সমাপ্তিলৈ
সমগ্ৰ যাত্ৰাটোত কি দেখিলোঁ, কি বুজিলোঁ, কি ভাবিলোঁ, কি পালোঁ তাৰেই বিস্তাৰিত আৰু
সচিত্ৰ কাহিনী উপস্থাপন কৰিবলৈ ওলাইছোঁ৷ ভৱিষ্যতে ক’ৰবাত, কেতিয়াবা, কাৰোবাৰ কিবা কামত আহিব পাৰে বুলি
ভাবিয়ে কথাবোৰ মনত সজীৱ হৈ থাকোঁতেই এতিয়াই বৰ্ণমালাত আবদ্ধ কৰি ৰখাৰ প্ৰয়াস এটা
চলাইছোঁ৷ ক’বলৈ গ’লে এয়া দুঃসাহসেই এক প্ৰকাৰৰ৷
সংলগ্ন কৰা মানচিত্ৰখনত অৱস্থিতি আৰু ভ্ৰমণ-পথ দেখুৱা হৈছে৷ নীলাটো যোৱা বাট, ক'লাটো ঘূৰি অহা বাট৷ ডিফু, গুৱাহাটী, চিলাপথাৰ, আল', মেন্-চু-খা, পাচিঘাট, বগীবিল, ডিব্ৰুগড় স্পৰ্শ কৰি অট'ৰিক্সা, ৰে'লগাড়ী, চিটিবাছ, মটৰগাড়ী, পদচালনা, নৌকাযাত্ৰাৰে সামৰা এটা ৰোমাঞ্চভৰা চাৰ্কুলাৰ টুৰিষ্ট চাৰ্কিট৷
No comments:
Post a Comment