Wednesday, 18 October 2017

দিন দুই ৷৷ খণ্ড 


এইপিনে সৰহভাগ অঞ্চলেই জনপ্ৰাণীশূন্য, আৰণ্যকভাৱে গহীন তথা নিৰ্জন-নিস্তব্ধ৷ সিখন গাড়ীৰ চালক বসুদেব সাহাৰ পৰামৰ্শমতে এঠাইত পোৱা তিনিআলি এটাত আললৈ সোঁহাতে যোৱা পোনপটীয়া বাটটো এৰি দিয়া হল৷ নিজৰ অভিজ্ঞতাৰে সাহাই ক'লে, 'ৰাস্তাটোৰ অৱস্থা বহুত বেছি শোচনীয়৷ সেইফালেদি নোযোৱাই ভাল৷ গতিকে দূৰত্ব অকণমান ওপৰঞ্চি হবগৈ যদিও বাওঁফালৰটোৰে ঘূৰি যাওঁ৷' এইটো মেন্‌-চু-খালৈ গৈছে৷ আগত মেন্‌-চু-খা-আল' ৰ'ডত মিলিছেগৈ৷ মনে মনে ভালেই পালোঁ যে যিহেতু এতিয়া সেইফাললৈকে পোনাইছে, আল'ত নোসোমাই পোনে পােনে মেন্‌-চু-খালৈ যোৱাত জোৰ দিব পাৰিম৷ মোৰ ইচ্ছা, আজিয়েই মেন্‌-চু-খা পাব লাগে৷ তেওঁৰ চিন্তা নতুন গাড়ীখনলৈ৷ সেই বাটেৰে অগ্ৰসৰ হ'লে নিৰ্ঘাত ক'ৰবাত লাগি ধৰিব বুলি জানে৷ ৰঙা গাড়ী আগ বাঢ়িল৷ আমি পিছে পিছে৷ ৰাস্তাৰ শ্ৰী-চেহেৰাক লৈ চলা ক্ষন্তেকীয়া গম্ভীৰ চৰ্চাৰ ধামখুমীয়াত ঠাইটুকুৰাৰ নামটো নজনাতে থাকি গ'ল৷

আল' আৰু মেন্‌-চু-খাৰ পৰা অহা পথ দুটাৰ মিলনস্থলী নাপাওঁতেই মালবাহী ট্ৰাক দুখন পাৰ হৈ আহিছোঁ৷ ওপৰলৈ উঠি কিছুদূৰ অহাৰ পাছত আমাৰ গাড়ী দুখন ৰ'ল৷ সকলোৱে নামিলোঁ৷ এনেকৈ নীৰৱতা উপভোগ কৰি স্ফূৰ্তি লাগে৷ হাত-ভৰি পোনোৱা যায়, ৰাস্তাৰ সোঁমাজত কচৰতো কৰা যায়, সুযোগতে সৰুপানী চুই ল'বও পাৰি৷ ট্ৰাক দুখন আহি পোৱাৰ আগতেই চালকে ইঞ্জিন ষ্টাৰ্ট দি দিলে৷ এই দুখনৰ বাদে কোনো ফালৰে পৰা অন্য একো বাহনৰে দেখাদেখি, মুখামুখি অতপৰে নাই হোৱা৷ গভীৰ অৰণ্যৰ মাজেৰে যোৱা এনেকুৱা ৰাস্তাবোৰত যান-বাহনৰ চলাচল সদায়ে সীমিত৷ আমাৰ বাবে এতিয়া ইখন গাড়ীয়েই সিখনৰ সহচৰ৷ বোধ হয় এইটো যুক্তিতে এখন ছুম নলৈ দুখন বাহনৰ ব্যৱস্থা কৰিছিল দীপকদাই৷ কথাটো বেয়া হোৱা নাই বুলি এতিয়াহে ভাবি পালোঁ৷ দীপকদাই সুচিন্তিতভাৱেই কামটো কৰিছিল বুলিও পতিয়ন গ'লোঁ৷

ন্যৰাক্‌, নিক্‌তে, হুম্‌লি, ইগঝাত, পিব্‌কি, কাবু আদি পাৰ হৈ আহিছোঁ৷ ন্যৰাকত পথৰ দাঁতিতে দেখা গ'ল এখন গভৰ্নমেণ্ট আপাৰ প্ৰাইমেৰী স্কুল৷ স্থাপিত ১৯৬৬ চন৷ বয়সটো হিচাপ কৰি অভিভূত নহৈ নোৱাৰিলোঁ৷ মোৰ সমবয়সীয়াইচোন এইখনসোণালী জয়ন্তী গৰকিছে ভিতৰুৱা স্থানৰ প্ৰাথমিক বিদ্যালয় এখনে৷ কিমান ভাল খবৰ! একে সময়তে মানসপটত উজলি উঠিল অৰুণাচল প্ৰদেশৰ প্ৰথম শিক্ষা বিষয়া ইন্দিৰা মিৰিৰ মুখখনো৷ ৰাজ্যখনৰ দুৰ্গম ঘোঁকটত জ্ঞান বিস্তাৰৰ যজ্ঞত আত্মাহুতি দিয়া এইগৰাকী বিদূষী শিক্ষাবিদৰ ইচ্ছাশক্তি আৰু কৰ্মশক্তি সঁচাকৈয়ে আছিল প্ৰশংসাই ঢুকি পাব নোৱাৰা বিধৰ৷ শদিয়াত বাহৰ পাতি সেই কালতে খোজ কাঢ়ি কাঢ়িয়ে নেফাৰ বুকুত শিক্ষাৰ পোহৰ বিলোৱাৰ মহৎ উদ্দেশ্য লৈ কিমানযে বিদ্যালয় পাতি থৈ গ'ল! সোৱণশিৰিৰ পাৰে পাৰে কৰা পূৰ্বৰ ভ্ৰমণটোলৈ ওলাওঁতে মহান নাৰীগৰাকীৰ বিষয়ে কিছু পঢ়িবলগীয়া হৈছিল৷

শিক্ষানুষ্ঠানখনৰ পকী স্বৰ্ণ জয়ন্তী তোৰণত 'ন্যৰাক' শব্দটো দেখাৰ মুহূৰ্ততে মোৰ মনত পৰিল য়িগু ন্যৰাকলৈ৷ আল নিবাসী এই ভদ্ৰলোকজন বৰ্তমান ষ্টেট্‌ বেংক অফ্‌ ইণ্ডিয়াৰ ডিফু শাখাত কৰ্মৰত৷ আগতে মেন্‌-চু-খাত আছিল৷ আমাৰ যাত্ৰাটোৰ প্ৰস্তুতিৰ সময়তে অৰূপদা আৰু মই এদিন কাৰ্যালয়ৰ কক্ষত ব্যস্ততাৰ মাজতে তেওঁৰ লগত চিনাকি হৈছিলোঁগৈ৷ আকৌ এদিন ধৰমনলাত তেওঁ থকা ভাড়াঘৰত সাক্ষাৎ কৰি প্ৰয়োজনীয় কথা কিছুমান জানি লৈছিলোঁগৈ৷ সেয়া এতিয়া সহায়ক হৈছে৷ দীঘলীয়া ছুটী লৈ ন্যৰাকো কেইদিনমানৰ পূৰ্বে ডিফুৰ পৰা ঘৰলৈ অহা কথা আছিল৷ নিজৰ এড্‌ভেন্‌চাৰ টীমটোৰ কামাণ্ডাৰ হৈ ৰয়েল এনফিল্ড বাইক ৰাইডিঙত যোৱাৰ কথা আছিল, টাৱাঙলৈ৷ দীৰ্ঘদূৰত্বৰ বাইকিং তেওঁৰ হ'ব্বী৷ এই মতলবটো দীপকদাৰো আছে৷ দিল্লীৰ পৰা লেহ-লাডাখ, খাৰদুংলা গিৰিপথলৈ কৰা ৰাইডিঙৰ কাহিনী গভীৰ অৰণ্যৰ মাজত, সোৱণশিৰিৰ দাঁতিত পতা তম্বুত বহি আগৰ ভ্ৰমণকালতে শুনি থৈছোঁ৷ তেনে নিচাসক্তই মেন্‌-চু-খালৈও মটৰ বাইক লৈ আহ-যাহ কৰাৰ খবৰ পাওঁ, উৎসাহ আৰু হেঁপাহৰ প্ৰৱলতাক নেওচিব নোৱাৰি৷ মোৰ বাইক নাই, চলাবও নাজানো৷ তথাপিতো ফুল বাইকিং গীয়েৰত ৰয়েল এনফিল্ড থান্দাৰবাৰ্ড ৩৫০, হাৰ্লি-ডেভিদচন ষ্ট্ৰিট ৭৫০ কিম্বা বাজাজ এভেনজাৰ ক্ৰুইজ ২২০ একোখন লৈ এড্‌ভেন্‌চাৰ কৰি ফুৰা শক্তিশালী দেহ-মনৰ মানুহবোৰৰ এই কাৰবাৰটো হ'লে ভালো লাগে, হিংসাও লাগে৷

এতিয়া কমলা টেঙাৰ বতৰ৷ বাটে বাটে পকা কমলাৰ পোহাৰ৷ আমিও তাৰে সোৱাদ লোৱাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছোঁ৷ পথৰ দাঁতিত সুমথিৰা বিক্রী কৰি থকা দেখিলে গাড়ী নৰখাই নোৱাৰি৷ পুলিন গগৈক অকণমান ব্ৰেক মাৰিবলৈ কৈ কেইটামান ফল কিনি খোৱাৰ অচিলাতে প্ৰকৃতিৰ নিৰ্ভেজাল সৌন্দৰ্যৰো সাক্ষী হৈ পৰিছোঁ৷ কোনোবা ঠাইৰ সুমথিৰাবোৰ খাওঁতে খুব মিঠা লাগিছে৷ কোনোবা ঠাইৰবোৰ আকৌ টেঙা! মাটিৰ গুণাগুণৰ বাবে এনে তাৰতম্য হয় বুলি প্ৰদীপদাই সাৱলীল ব্যাখ্যা দাঙি ধৰিছে৷ তেওঁ কাৰবি আংলং জিলাৰ কৃষি বিভাগৰ ভূমি পৰীক্ষণ শাখাৰ পুৰণি তথা অভিজ্ঞ কৰ্মচাৰী৷ গতিকে অন্তৰ্নিহিত বৈজ্ঞানিক তত্ত্ববোৰ নখ দৰ্পণত৷ বিজ্ঞানসন্মত পদ্ধতিৰে কৰা সুস্বাদু কমলাৰ খেতি ইয়াৰ মানুহখিনিৰ বাবে স্বাৱলম্বিতা তথা আৰ্থিক উন্নয়নৰ এটা সুন্দৰ পন্থা নিশ্চয় হব পাৰে৷ তাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি টনকিয়াল হোৱাৰ লগতে আৰ্থিক দিশতো সচ্ছলতা লাভ কৰিব পাৰে৷ অৰুণাচলৰ ভালেমান ঠাইত কমলা খেতি হয়৷ লমালমে ওলমি ৰোৱা শাৰী শাৰী গছবোৰ চালে চকুৰোৱা৷ বতৰৰ এই দৃশ্য নেদেখিলে কল্পনা কৰা টান৷ কমলাক লৈ পৰ্যটন বিভাগৰ সবল পৃষ্ঠপোষকতাত ১৫-১৮ ডিচেম্বৰলৈ চিয়াঙৰ সিপাৰৰ দামবুকৰ আক'ক' গাঁৱত মুকলি আকাশৰ তলত ফল, সংগীত আৰু এড্‌ভেন্‌চাৰৰ সমাহাৰ Orange Festival of Adventure and Music পাতে৷ সুমিষ্ট স্বাদৰ মঙহাল কমলাৰ বাবে পূব প্ৰান্তৰ লোহিত জিলাৰ ৱাক্ৰ' নামৰ ঠাইখনক নামেই দিয়া হৈছে Orange Capital of Arunachal৷ ৱাক্ৰ'ত বিস্তৰ এলেকাজুৰি থিয় হৈ থকা আৰু গছভৰি লাগি থকা সুমথিৰা গছবোৰৰ মাজেৰেই পৰশুৰাম কুণ্ড অভিমুখী ৰাস্তাটো৷ ক'ব পাৰি, কমলাবুলীয়া ৰোমাঞ্চকৰ যাত্ৰা! স্বাভাৱিকতেই এইফালে তাৰ তুলনাত গছ কম পৰিমাণে পৰিলক্ষিত হৈছে৷ নেদেখাত থাকিবও পাৰে৷

অকাই-পকাই উঠি-নামি গৈ আছোঁ আমি৷ আগলৈ দলং এখনৰ কাষতে আকৌ তিনিআলি এটা পালোঁ৷ পোনে পোনে তাত হৈ মেন্‌-চু-খালৈ যায়৷ বুজিলোঁ, আলৰ পৰা মেন্‌-চু-খালৈ ওলাই অহা ৰাস্তা এইটোৱেই হব৷ এতিয়া আমি যদি চিধাচিধি যাওঁগৈ তেনেহলে এসময়ত মেন্‌-চু-খা পামগৈ৷ কিন্তু পাওঁতে পাওঁতে নিশা কিমান হ'ব ঠিকনা নাই৷ চুপেচাপে ভাবি আহিছিলোঁ যে সকলো ঠিক থাকিলে চিলাপথাৰৰ পৰা পোনে পোনে মেন্‌-চু-খালৈ যাম, মিছাতে আলত থকা-মেলা কিয়নো কৰোঁ? লাগিলে ঘূৰি আহোঁতে আল'ত সোমাম৷ আল'ৰ পৰা যাম পাচিঘাট৷ পিছে এতিয়া পৰিস্থিতি কাৰ্যতঃ হৃদয়ংগম কৰি, লগতে সময়ৰ অংকটো গম পাই সেই ভাবনা ততালিকে বিসৰ্জন দিবলৈ বাধ্য হলোঁ৷ যি বুজিলোঁ, আলত মুঠতে এৰাতি খপিবই লাগিব৷ পাৰ হৈ অহা আহুকলীয়া ৰাস্তাটোৰ বাবেই এই দশা৷ উপায় নাই৷ সোঁহাতে ঘূৰি দলংখন অতিক্রমি গাড়ী নিৰ্বিবাদে আলমুৱাকৈ উভতি চলিব ধৰিলে৷ মনটো তথাপিতো উৰি উৰি গৈ থাকিল মেন্‌-চু-খালৈ৷ কেতিয়া পাম, কেতিয়া পামগৈ মেন্‌-চু-খা? এনেকুৱা লাগি থাকিল৷ এটা দিন এতিয়া ৰ'ব লাগিব! এটা দিন যেন এটা বছৰ! মোহময়ী মেন্‌-চু-খাৰ ৰাস্তাটো গম পালোঁ, গাড়ী কিন্তু চলিছে ওলোটা দিশে! যেন মেন্‌-চু-খাৰ পৰা আহিহে আছোঁ!

আললৈ কমেও আৰু ১০ কিলমিটাৰ বাকী৷ আমাৰ বাঁওহাতে গছ-গছনিৰ মাজেদি য়মগ নদীখনে দেখা দিছে৷ দৃষ্টিনন্দন দৃশ্যাৱলীয়ে অলপ আগলৈকে ক্ৰিয়া কৰি থকা উচপিচনিবোৰ মাৰ নিয়াবলৈ সক্ষম হ'ল যেনিবা৷ চিয়াঙৰ উপনৈ এইখন৷ চিয়ম নদীৰ অগ্ৰাংশকে য়মগ বুলি কোৱা হয়৷ য়ম্‌ আৰু নামৰ সুঁতি দুটা লগ লাগি য়মগ হৈছে৷ মণিগং চাৰ্কোলৰ পৰ্বতমালাৰ পৰা ওলাই আহি নৈখন তাত, পায়ুম, কায়িং আৰু দাৰাক চাৰ্কোলৰ মাজেদি বৈ চিয়াঙত পৰিছে৷ আল্'লৈ আগুৱাই থাকোঁতেও পথ বহলাবৰ নিমিত্তে বাটত আৰ্থ কাটিং চলি থকা পালোঁ৷ ঠায়ে ঠায়ে নৱনিৰ্মিত বহল মসৃণ পথ৷ ধুনীয়া নৈৰ পাৰেৰে ধুনীয়া ৰাস্তাৰে নিৰ্দিষ্ট গতিত অকাই-পকাই গৈ থকাৰ মজাই বেলেগ৷ সাহা আৰু গগৈয়ে আমাক এই ৰোমাঞ্চক যাত্ৰাখণ্ডৰ যোগান ধৰিছে৷ চহৰ সোমোৱাৰ আগে আগে আৰ.চি.চি. দলং এখন ওলাল৷ তলেৰে বৈ থকাখন চিপু নৈ৷ চিপু আৰু য়মগৰ সংগমস্থলৰ পৰাই য়মগ নৈখনৰ পিছৰ অংশক চিয়ম বোলা হয়৷ অথনি আমি এৰি দিয়া, চিপুৰ পাৰে পাৰে আললৈ অহা পোনপটীয়া ৰাস্তাটো ওপৰফালৰ পৰা নামি আহি দলঙৰ সমীপতে সোঁহাতে লগ লাগিল৷ সোমাই গৈ থাকিলোঁ আল' টাউনলৈ৷


No comments:

Post a Comment