Monday, 30 October 2017

দিন তিনি  ৷৷ খণ্ড ৫

বিলে, দুপু, ৰৱ, জেনে এৰি য়াপিক্‌ পালোঁ৷ তাত সংমণ্ডলৰ একেবাৰে পূবত অৱস্থিত গাঁও য়াপিক্‌৷ কাষতে বায়ৰ পৰ্বত৷ য়াপিকৰ পৰা মেন্‌চুখা উপত্যকা নোপোৱা পৰ্যন্ত আলৰ পৰাই লগ দি অহা নৈখন অতল গহ্বৰেদি বৈ থাকে, মাজে মাজে দেখা দিয়ে বুলি প্ৰস্তুতি কালতে গম পাইছিলোঁ৷ তাৰ মানে আমাৰ অৱস্থান এতিয়া যথেষ্ট উচ্চতাত৷ পৰ্বতৰ ওপৰে ওপৰে সৰ্পিল পথে পথে য়াপিক্‌ এৰি পালোঁহি হিৰ্‌গ৷ কেঁকুৰি এটা ঘূৰিছোঁ মাত্ৰ, বাওঁহাতে দূৰৰ পৰাই দৃশ্যমান হল হৰহৰাই পৰি থকা সুউচ্চ জলৰাশি৷ জলপ্ৰপাতটোৰ ঠিক সন্মুখতে দীঘল আৰ.চি.চি. ব্ৰীজ এখনো আছে৷ পানী তাৰ তলেৰে গৈছে৷ নৈত পৰিছেগৈ৷ দলং নাপাওঁতেই অন্য এক কেঁকুৰি৷ কেঁকুৰিটো নৌপাওঁতেই হোটেল এখন৷ লগতে অান দোকান দুই-এখন৷ হোটেলখনৰ ঠিক সন্মুখতে থামিল আমাৰ গাড়ী দুখন৷ Welcome to Hiba Line Hotel, Siko Dido (Waterfall), Yapo/Hirgo, P.O. Tato, P.S. Mechukha, Dist. West Siang (A.P.), TL No. MK/TL/16/2016/84 dtd. 29.7.16৷ চাইনব'ৰ্ডত লিখা কথাখিনি একে উশাহে পঢ়ি পেলালোঁ৷

আকাশত ৰদে জল্‌মলাইছে৷ ৰিব্‌ৰিব্‌ বতাহ বলি আছে৷ কাণ দুখনত বৰকৈ ঠাণ্ডা অনুভৱ কৰিছোঁ৷ আমি সোমাই আছোঁ ওখ আৰু জোঙা পৰ্বতৰ অন্তৰ্ভাগত৷ অৰূপদাক সুধিলোঁ, 'সময় কিমান হ?' 'দুপৰীয়া ১২.৩০ বাজে৷' গাড়ীৰ পৰা মাটিত ভৰি দিয়ে সকলোটি চিধাই ধাৱমান হল জলপ্ৰপাত চাবলৈ৷ মই পোনে পোনে আগুৱাই নগৈ এৰি থৈ অহা দিশটোলৈহে ঘূৰি খোজ ললোঁ৷ ইয়াতো এটা কেঁকুৰি৷ এইফালেও চাবলগীয়া দৃশ্য কিছু আছে৷ পিছুৱাই গৈ থাকি দৃষ্টিনন্দন পৰ্বতমালা আৰু পৰ্বততলীৰ ফটো তুলিলোঁ৷ ইয়াৰ পৰা নৈখনৰ নীল বৰণীয়া পানীৰ ধাৰটো দূৰৈত দেখি আছোঁ৷ ওপৰৰ পৰা চাই ভাল লাগিছে৷ দাঁতিতে থকা শিল এটাৰ ওপৰত বহি অকলশৰে দৃষ্টিসুখ পলুৱাই লোৱাৰ পাছতহে কাষৰ পৰা জলপ্ৰপাতটো চাওঁগৈ বুলি ৰাস্তাটোৰে আগলৈ নামি আহিব ল'লোঁ ধীৰ খোজেৰে৷ সঠিকভাৱে কোৱাটো টান যদিও এইখিনিৰ পৰাই অনুমান কৰিছোঁ, জলপ্ৰপাতটোৰ উচ্চতা ১৫০ মিটাৰমান হব চাগৈ৷ নামটো চিক-দিদ৷ দাঁতিত থিয় কৰি ৰখা শিলাস্তম্ভত লিখা আছে৷ হোটেলৰ বেৰত ওলমাই ৰখা চাইনব'ৰ্ডতো আছিল৷ শিলটোৰ তলফালে চিত্ৰসহ লিখি ৰখা Kumaon Rezang-la শব্দকেইটা দেখিয়ে লাডাখৰ চুশ্বুল উপত্যকাৰ দক্ষিণ-পূবত অৱস্থিত ৰিজাং গিৰিপথ, ১৯৬২ৰ ভাৰত-চীন যুদ্ধ আৰু সেনা জোৱানৰ সাহসিকতাৰ কাহিনী মনলৈ আহি গ'ল৷ একে সময়তে স্মৃতিয়ে উৰা মেলিলে অৰুণাচলৰ পূব প্ৰান্তৰ ৱালং, নামতি ভেলী আদি সমৰথলীবোৰলৈ৷ লোহিতৰ পাৰৰ ৱালঙত ভাৰতীয় সেনাবাহিনীৰ যুদ্ধ স্মাৰকত থিয় হৈ নীলা নৈখনলৈ চাই চাই অভিভূত হোৱা মুহূৰ্তবোৰ চিনেমাৰ ৰীলৰ দৰে ধাৰাবাহিকভাৱে মনলৈ আহি থাকিল স্তম্ভটোৰ পৰা দৃষ্টি অাঁতৰ নকৰালৈকে৷

মেন্‌-চু-খাৰ ফালে যাবলৈ অহা মিলিটেৰী গাড়ী কিছুমান পকী দলংখনৰ ওপৰতে শাৰী পাতি ৰৈছে৷ মবাইল ফোনত সংযুক্ত কেমেৰাৰে জোৱানসকলে খুব ফটো তুলিছে৷ কিছুমানে ছেল্‌ফী লৈছে৷ সৈন্যদলৰ মাজে মাজেই খোজ পেলাই দলং পাৰ হ'লোঁ আৰু লুংলুঙীয়া বাটেৰে নামি গ'লোঁ জলপ্ৰপাতৰ শীতল জল স্পৰ্শ কৰি চাওঁ বুলি৷ শিলত ঠেকা খাই উফৰি অহা পানীৰ কণিকা কিছুমান অতৰ্কিতে গায়ে-মুখে পৰিলহি৷ চেঁচা পৰশটোৱে শৰীৰত ঠাণ্ডা দুগুণে অনুভৱ কৰালে৷ এয়া বেলেগ ধৰণৰ সুখবোধ৷ প্ৰকৃতিপ্ৰদত্ত এনে সুখস্পৰ্শ পাবলৈ অনৱৰতে ব্যাকুল হৈ থাকোঁ৷ মেন্‌-চু-খালৈ ইয়াৰ পৰা দুঘণ্টাৰ বাট যাবলৈ বাকী আছে৷ তাত ঠাণ্ডা কেনেকুৱা হব পাৰে, এনেয়ে এবাৰ অনুমান কৰি চালোঁ৷ ৰাক্‌চেকত টুপী, হাত মোজা আছে বাৰু৷ চিন্তা নাই, দৰকাৰ হ'লে পিন্ধি ল'ম৷

প্ৰায় ৪ বছৰ ধৰি প্ৰকাশ ছেত্ৰীয়ে চিক-দিদ জলপ্ৰপাতৰ কাষৰীয়া এই সুখময়, সৌন্দৰ্যময়, নিৰিবিলি জেগাত ভাতৰ হোটেলখন চলাই আছে৷ পৰিয়ালো ৰাখিছে৷ আমাৰ প্ৰত্যেকৰে পেটে কলমলাই আহিছে৷ গতিকে হিবা হোটেলতে দুপৰীয়াৰ সাজৰ বাবে কথা পতা হল৷ সিফালৰ পৰা 'হৈ যাব' বোলাত আমাৰ মনবোৰ ভাল লাগিল৷ অকণো ৰৈ নাথাকি অৰূপদা নিজেও লাগি গল, ৰান্ধনীৰ সমানে সমানে৷ ৰন্ধা-বঢ়া কাৰ্য তেওঁ ভাল পায় আৰু সিদ্ধহস্তও৷ প্ৰদীপদা আৰু কাটাউচে তদাৰক কৰি গ'ল৷ মই জুইৰ গুৰিত বহি শীতে আক্ৰমণ কৰা শৰীৰটো তপতোৱাৰ লগতে খাদ্য প্ৰস্তুতিৰ আলেখ-লেখবোৰ চাই থাকিলোঁ৷ মাজে মাজে ছেত্ৰী, ছেত্ৰীৰ পৰিবাৰ আৰু লৰা-ছোৱালীহালৰ সৈতে বাক্যালাপ চলাই থাকিলোঁ, ভগা ভগা নেপালী ভাষাৰে৷ ঠাইটুকুৰাৰো বুজ ললোঁ৷ আমাৰ উপস্থিতিত পাকঘৰটোৰ ভিতৰখনত উখল-মাখল লাগি গৈছে৷ নিজৰ নিজৰ ভাগে স্বামী-স্ত্ৰীহাল কামত ব্যস্ত হৈ পৰিল৷ নহৰু দুফোটামান গুচাই ময়ো সহায় কৰি দিলোঁ৷

চৌকাৰ জুইকুৰা দপ্‌দপাই জ্বলি উঠিছে৷ গাটো গৰম হলত মুকলি আকাশৰ তললৈ ওলাই আহিবৰ মন গ'ল৷ কাষৰ দোকানখন আদি জনগোষ্ঠীয় মহিলা এগৰাকীৰ৷ তেওঁৰ সৈতে কথা-বাৰ্তা হলোঁ৷ সৰু সৰু লৰা-ছোৱালীকেইটামানে কাষতে খেলি আছে৷ সিহঁতৰ সৈতেও কিছু সময় কটালোঁ আৰু ফটো তুলিলোঁ৷ হোটেলখনৰ বাহিৰত সজা বাঁহৰ চাং এখনত পাহাৰীয়া কচু, ৰঙালাউ, পিঠিত বস্তু কঢ়িওৱা জনগোষ্ঠীয় বাস্কেট আদি বিক্রীৰ বাবে থৈ দিয়া হৈছে৷ অলপ সময় সেইবোৰ লিৰিকি-বিদাৰি চালোঁগৈ৷ সেইবোৰ দেখি দলৰ কোনো কোনোৱে ঘূৰি যাওঁতে ইয়াৰ পৰা কচু, ৰঙালাউ কিনি নিয়াৰ ইচ্ছা ব্যক্ত কৰিলে৷ আগ্ৰহ দেখি ভালেই লাগিল৷ সময়ত কাৰ মনে কি চিন্তে সেয়াহে অনিৰ্ধাৰিত৷

পৰিসংখ্যাৰ ফালৰ পৰা অৰুণাচল প্ৰদেশৰ ৮০ শতাংশ অঞ্চলেই ঘন অৰণ্যৰে পৰিৱেষ্টিত৷ আমাকো এতিয়া চতুৰ্দিশৰ পৰা আগুৰি পেলাইছে অনুপম সৌন্দৰ্যপূৰ্ণ সেউজীয়া পাহাৰ-পৰ্বতে৷ পানীৰ অবিচ্ছিন্ন কল্‌কলনিৰ শব্দই ঠাইডোখৰ প্ৰতি মুহূৰ্ততে মুখৰ কৰি ৰাখিছে৷ বিপদসংকুল হোৱা সত্ত্বেও কেঁকুৰিৰ আঁৰত লুকাই পৰা যাত্ৰাপথটো মোহনীয়৷ ইফালে-সিফালে পিট্‌পিটাই ফুৰিছোঁ, তেনেতে ৰন্ধনশালাৰ পৰা প্ৰদীপদাৰ চিঞৰ ভাহি আহিল... 'ভাত খাব পৰা হৈছে, আহি যোৱা৷' ভিতৰ সোমাই চাওঁ যে মাংসৰ কেৰাহী তেতিয়াও জুইৰ ওপৰতে৷ বক্‌-বক্‌কৈ উতলি আছে৷ তাৰ মানে বুজা গল, নিৰামিষাহাৰীক প্ৰথমে সুবিধাটো দিয়া হৈছে৷ মধ্যস্থতাকাৰী প্ৰদীপদা৷ মোৰ লগতে তেৱোঁ নিৰামিষভোজী৷ টেবুল এখন অধিকাৰ কৰি প্ৰদীপদা আৰু মই আগে-ভাগে বহি গলোঁ৷ গৰম গৰম ভাত, দাইল, স্কোৱাচ সিদ্ধ আৰু আলু ভাজি আহিল৷ পৰম তৃপ্তিৰে খাই আছোঁ৷ গিলাচ, থাল হাতত লৈ কাটাউচ টেবুলৰ ফালে চাপি আহিল৷ তেওঁ নিৰামিষাহাৰী নহয়৷ ধোঁৱা উৰি থকা আমাৰ খাদ্য-সম্ভাৰলৈ মনোযোগেৰে চাই থাকিল অলপপৰ৷ মোৰ ভাগৰ স্কোৱাচ এটুকুৰা খালে৷ তাৰ পাছতে কি হ'ল জানো, সজোৰে ঘোষণা কৰি দিলে যে তেওঁ নিৰামিষহে খাব আজি!

কিয় নাজানো, অৰুণাচলৰ নৈ, পৰ্বত আৰু অৰণ্যৰ সংমিশ্ৰিত ৰূপটোৱে বাৰে বাৰে বিমুগ্ধ কৰে মোক৷ ভাত-পানী খাই চিক-দিদৰ সন্মোহনী অংগসজ্জা পুনৰবাৰ পৰিদৰ্শন কৰিবলৈ ওলালোঁ, অকলে অকলে৷ এইটো বাটে এইটোৱেই সবাতোকৈ ওখ-ডাঙৰ জলপ্ৰপাত৷ কৰ পৰানো নিৰৱচ্ছিন্নভাৱে ওপৰৰ পৰা ওলাই আহি আছে ইমানকৈ পানী? কোনোবা বগাইছেনে বাৰু তালৈকে? সিফালে কি আছে? এতিয়া পানী কম আছে৷ বাৰিষা নিশ্চয় বৰ ভয়লগা হৈ পৰিব৷ পানীৰ ছিটিকনি দলং পাবহি৷ এইবোৰকে লৈ মনৰ ভিতৰত ভাব আৰু ভাষাৰ অনেক টনা-আঁজোৰা চলিব লাগিল, চেঁচা বতাহজাক দেহত লৈ৷

প্ৰাপ্ত এক খবৰৰ মতে, অৰুণাচল চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু পানী যোগান বিভাগটোৱে আগন্তুক ২০২০ চনত সকলোৰে বাবে সুৰক্ষিত খোৱাপানী যোগানৰ প্ৰতিশ্ৰুতি ইতিমধ্যে ঘোষণা কৰিছে৷ সেই অনুসৰি ২০১৯ চনত অৰুণাচলক অপেন ডিফেক্‌চন্‌ ফ্ৰী ৰাজ্য আৰু ২০২১ চনত সকলোৰে বাবে বিশুদ্ধ খোৱাপানী উপলব্ধ কৰাৰ অভিলাষী লক্ষ্য বান্ধি লোৱা হৈছে৷ পানীৰ উৎসসমূহ বৰ্তাই ৰখাৰ উদ্দেশ্যে সেউজ বন্যভূমি সংৰক্ষণৰ হকে কাম কৰিবলৈ পৰ্যাৱৰণ আৰু বন বিভাগকো আহ্বান জনোৱা হৈছে৷ নিশ্চয়কৈ এটা ভাল আৰু জনহিতকৰ লক্ষ্য এয়া৷ এনেস্থলত মিনাৰেল ৱাটাৰৰ আগ্ৰাসন কমিব বুলি ভাবিব পাৰি নিশ্চয়৷ ইয়াত এইটো কথাত সুখী হ'লোঁ যে হিবা লাইন হোটেলত বটলৰ কাৰবাৰ নাই৷ জলপ্ৰপাতৰ পানী খাবলৈ পালোঁ৷

চকুৰ সন্মুখত প্ৰাকৃতিকভাৱে বিশাল হাৰত ধাৰাবাহিক এৰিয়েশ্বন চলি থকা চিক-দিদ৷ এনেবোৰ পানীকে বটলত ভৰাই বিক্রী কৰিয়েচোন ধনী হৈ যাব পাৰি! ডিঙি বেঁকা কৰি সেইফালে চাই চাই কিছু সময় কটালোঁ মনতে ভাবি ভাবি৷ তেনেকুৱা সময়তে সংগীসকল হোটেলখনৰ পৰা এজন এজনকৈ বাহিৰ ওলাই আহিল৷ ভাব সামৰি ময়ো মনে মনে গাড়ীত বহিলোঁহি৷


No comments:

Post a Comment