Monday, 30 October 2017

দিন তিনি  ৷৷ খণ্ড ১০

সন্ধিয়াৰ পাছতে এবাৰ বাহিৰখন চোৱাৰ প্ৰৱণতা জাগি উঠিল৷ অৰূপদা, প্ৰদীপদা আৰু মই ওলাই গলোঁ৷ নতুন ঠাই যদিও কোনো চিন্তা বা সমীহ কৰিবলগীয়া একো নাই৷ গেবুক সোধাত আৰাম্‌চে যা সক্‌তা হ্যায় বুলি উদ্‌গণি দিলে৷ খোজেৰে গৈ আমি মেন্‌-চু-খাৰ দোকান-বজাৰ চালোঁ৷ জোতা, জেকেট, চুৱেটাৰ আদি কৰি গৰম কাপোৰেৰে দোকানবোৰ ঠাহ খাই আছে৷ ক্রেতা তেনেকৈ নাই৷ ইয়াত উপলব্ধ হস্তশিল্পজাত সামগ্ৰীৰ ভিতৰত বাঁহ-বেতেৰে থলুৱাভাৱে নিৰ্মিত বাস্কেট, টুপী, চকী, মেজ, মুঢ়া, ৰেক্‌, ট্ৰে আদি; কাঠত কাটি উলিওৱা মানৱ আকৃতি, পুতলা, জন্তু আদি; তিব্বেতান থাংকা পেইণ্টিং, তিব্বেতান শ্বল উল্লেখযোগ্য৷

চহৰৰ মাজ-মজিয়াত থকা ভাৰতীয় ষ্টেট্‌ বেংকৰ বিল্ডিংটো চাৰিমহলীয়া৷ কাষতে, ৰাস্তাৰ সিটো পাৰে অথনি দেখি যোৱা ডাঙৰ স্তুপটো৷ পোনে পোনে অদূৰত ভাৰতীয় বায়ুসেনাৰ Advanced Landing Ground (ALG)ৰ বাউণ্ডেৰী দেৱাল৷ দেৱালখন জি.এল.টি.ৰ ৫০ মিটাৰমান আঁতৰেদি গৈছে৷ ঘপকৈ আকৌ মনত পৰিল, এছ.বি.আই.ৰ ডিফু শাখাত কৰ্মৰত বিষয়া য়িগু ন্যৰাকলৈ৷ তেওঁ ইয়াত কিছু বছৰ কাম কৰি যোৱা বুলিছিল৷ ঠাইখন ভাল, কেৱল এমূৰীয়া আৰু বাট বহু দূৰ বুলি কৈছিল৷ এদিন একেলগে বহি তেওঁৰ পৰা প্ৰয়োজনীয় খবৰবোৰ টুকি লৈছিলোঁ৷ আৰু আজি, এতিয়া, এয়া, সেই ঠাইখনতে আমাৰ মুক্ত বিচৰণ চলিছে৷ কথাটো ভাবিয়ে আনন্দ লাগিছে৷ ইয়াকে চাগৈ সৌভাগ্য বোলে!

গান্ধী মাৰ্কেট ইতিমধ্যে বন্ধ হব ধৰিছেই৷ ভোক লগাত কিবা এটা খাওঁ বুলি হোটেল বিচাৰি চলাথ কৰিছোঁ৷ এখনো পোৱা নাই৷ শাৰী শাৰী দোকানবোৰৰে এখনত সোমাই দিলোঁ৷ বেকাৰী বুলি জনাজাত এইখন দোকান৷ লখিমপুৰৰ পৰা বিয়া হৈ অহা বাঙালী মহিলা এগৰাকীয়ে চলায়৷ পৰিচয় হোৱাৰ উপৰি কেউজনেই ইয়াত উপলব্ধ চাহ-বিস্কুট খালোঁ৷ অসমীয়া সলসলীয়াকৈ কব পৰা দোকানীগৰাকীয়ে চুফাৰিৰ হাঁচতি খুলিছে৷ দেখা পাই পাণেৰে সৈতে ময়ো এটুকুৰা খুজি খালোঁ৷ এইকেইদিন পাণ-তামোল খোৱা হোৱা নাই৷ পাণ, চুফাৰি কৰ পৰা আনে আপোনালোকে?’ উত্তৰত তেওঁ কলে, তলৰ পৰাই আনো৷’ তল মানে চিলাপথাৰ বুজাইছে৷ চিলাপথাৰৰ পৰা ইয়ালৈ দূৰত্ব অনেক৷ আল'ৰ বাহিৰে বাহিৰে লিকাবালি, বাছাৰ, বাম, ন্যৰাক, ৱাক হৈ মেন্‌-চু-খালৈ ৩১৫ কিল'মিটাৰৰ কম নহ'ব৷ মনতে হিচাপ কৰি চালোঁ৷ মালবাহী গাড়ী আহি পাওঁতে কেইবাদিনো লাগি যায়৷ দোকানৰ বয়-বস্তুবোৰ তেনেকৈয়ে আহে চিলাপথাৰৰ উপৰি আল, পাচিঘাটৰ পৰাও৷ আগতে অত্যাৱশ্যকীয় সা-সামগ্ৰী, বিশেষকৈ খাদ্যদ্ৰব্য এয়াৰ ড্ৰপিং হৈছিল৷ প্ৰয়োজন পৰিলে আজিও হয়, বিশেষকৈ লেণ্ড স্লাইডৰ সময়ত৷ এতিয়া এ.এল.জি. হৈ উঠিল৷ গতিকে অসুবিধা কমিছে চাগৈ৷

এই দুদিনে সঞ্চয় কৰা অভিজ্ঞতাৰ ভিত্তিতে মনৰ ভিতৰত মানচিত্ৰ আঁকি চিন্তা কৰিছোঁ চিলাপথাৰ কত, আলত, পাচিঘাট ক'ত, আৰু ক'ত মেন্‌-চু-খা! পথ যোগাযোগ, যাতায়াত ব্যৱস্থা কেনেকুৱা সেয়া আমি দেখা পাই আহিছোঁ৷ ৰাজ্যৰ ৰাজধানী ইটানগৰৰ পৰা ইয়ালৈ দূৰত্ব ৪৭০ কিলমিটাৰমানেই হৈ যাব৷ আল-মেন্‌-চু-খাৰ মাজত নিতৌ টাটা ছুম চলে৷ ৮ ঘণ্টীয়া যাত্ৰাটো পুৱা ৫.৩০ বজাতে আৰম্ভ হয়৷ ধলপুৱাতে উঠি সেইখন ধৰিব নোৱাৰিলে দিনটোলৈ আৰু একো নাই৷ ভাড়া গাইপতি ৪৫০ টকা৷ আমি চাহ খোৱা বেকাৰীৰ কাষতেই টিকট কাউণ্টাৰ এটা প্ৰত্যক্ষ কৰিলোঁ৷ কাইলৈৰ কাৰণে বুকিং শেষ হোৱা বুলিও গম পালোঁ চলি থকা কথাবোৰৰ পৰাই৷ মূৰামূৰি সময়ত চিট্‌ পোৱা নাযায়৷ একে অভিজ্ঞতা কেতেনালা, লিমেকিঙৰ পৰা ডাপ'ৰিজ'লৈ অহা ছুম'ৰ ক্ষেত্ৰতো আগতে পাই থৈছোঁ৷ নিজা গাড়ী থাকিলে জঞ্জাল নাই৷ নহ'লে ভিতৰুৱা ঠাইবোৰৰ পৰা ওলাই আহিবৰ বাবে মানুহে খাপ পাতিব লগা হয়৷ কাউণ্টাৰে চিট্‌ নাই বা বুকিং ফুল্‌ বুলিলে বিকল্প নাথাকে৷ বহি থাকক আৰু তেনেকৈয়ে এটা দিন বৰবাদ! আমাৰ বেলিকা এই লৈ টেনচন বুলিবলৈ অকণাে নাই যেনিবা৷ লগত পুলিন গগৈৰ বলেৰ'খন আৰু বসুদেব সাহাৰ কে.ইউ.ভি. ৰাখি থোৱা হৈছে, আমাক যেনি-তেনি কঢ়িয়াই নিবলৈ৷

আপাৰ চিয়াং জিলাৰ সদৰ ঠাই ইংকিয়ঙৰ পৰা ফুৰিবলৈ অহা, Trans-Arunachal Highway Projectৰ কৰ্মচাৰীৰ দল এটায়ো আমি থকা চৌহদতে থিতাপি লৈছেহি৷ আমাতকৈ কিছু সময় পূৰ্বে তেওঁলোক উপস্থিত হৈছে৷ চিক-দিদৰ হিবা লাইন হোটেলত আমি ভাতৰ অপেক্ষাত ৰৈ থাকোঁতে দলটো উঠি অহা স্কৰপিঅ' আৰু বলেৰ' গাড়ী দুখন দেখিছিলোঁ৷ প্ৰস্তাৱিত হাইৱেটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পাছত ভৱিষ্যতৰ পৰিব্ৰাজকে মেন্‌-চু-খাৰ পৰা আল হৈ চীন সীমান্তৱৰ্তী আপাৰ চিয়াং জিলাৰ টুটিং বা আপাৰ সোৱণশিৰি জিলাৰ সদৰ ডাপৰিজ একেদিনাই পাবগৈ পাৰিব বুলি আশা কৰা হৈছে৷ আন্তঃৰাষ্ট্ৰীয় সীমা মেক্‌মোহন লাইনৰ কাষে কাষে ৰাজ্যৰ পূব প্ৰান্তৰ চাংলাং জিলাৰ বিজয় নগৰৰ পৰা পশ্চিম প্ৰান্তৰ টাৱাং জিলাৰ মাগ-থিংবুলৈ নিৰ্মাণ হবলগীয়া Arunachal Pradesh Frontier Highway আৰু প্ৰস্তাৱিত East-West Industrial Corridor Highwayই পৰস্পৰ ছেদ কৰিব আৰু মেন্‌-চু-খাৰ মাজেৰে পাৰ হৈ যাব৷ ২,৪০০ কিলমিটাৰ পথদৈৰ্ঘ আৰু ৪০,০০০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ এইটো ভাৰতবৰ্ষৰ ইতিহাসতে সৰ্ববৃহৎ একক আন্তঃগাঁথনিযুক্ত প্ৰকল্পৰূপে চিহ্নিত হৈছে৷ ভৱিষ্যতৰ দিনত ভৈৰৱকুণ্ড, ৰুক্‌চিনৰ দৰে ঠাইবোৰ হৈ উঠিব ঔদ্যোগিক পদপথ৷

ইফালে এই দলটোতকৈও ভালেমান সময়ৰ আগতে অসমৰ নামৰূপৰ পৰা আহি ওলাইছে দুজন ডেকা৷ দুয়ো বাইক ৰাইডাৰ৷ এজন অসমীয়া, তেওঁ দীৰ্ঘদেহী৷ আনজন দক্ষিণ ভাৰতীয়, তেওঁ লাহী আৰু চাপৰ৷ এজনৰ ৰয়েল এন্‌ফিল্ড, আনজনৰ বাজাজ্‌ পাল্‌ছাৰ৷ বাইকাৰ্ছসকলৰ বাবে মেন্‌-চু-খাৰ ৰাস্তা নিশ্চয়কৈ উপভোগ্য৷ সেয়ে এওঁলোকো আহিছে৷ বছৰটোৰ বিভিন্ন সময়ত, বিশেষকৈ নৱেম্বৰৰ পৰা মাৰ্চ মাহ পৰ্যন্ত এনেকৈয়ে বিভিন্ন উদ্দেশ্যৰে ইয়ালৈ টুৰিষ্ট আহিয়েই থাকে৷ বিদেশীও আহে৷ আমি যেনিবা দেশীৰ শাৰীত পৰিছোঁ আৰু পৰিসংখ্যাটো বঢ়াইছোঁ৷

আধুনিকতাৰ পৰশ পোৱা ৰঙা ৰুফিং, ৰঙা বেৰেৰে জিলিকি থকা ধুনীয়া ঘৰটোত ভৰি দি সোঁৱে পোনেই পোৱা কোঠাটোৱে আমাৰ, মানে সদ্যহতে দীপকদা আৰু মোৰ দখলত৷ কোঠাবোৰৰ ভিতৰভাগৰ ব্যৱস্থাৱলী সুন্দৰ৷ বাথৰুম-লেট্ৰিন পৰিষ্কাৰ৷ মজিয়া আৰু বেৰত টাইল্‌চ লগোৱা আছে৷ ইংলিচ ছীষ্টেমৰ কমোড্‌ আৰু ৰানিং ৱাটাৰ৷ গীজাৰো আছে৷ দুজনীয়া আহল-বহল বিছনা৷ গাৰু, গিলিপ, কম্বল, বিচনা চাদৰ, পৰ্দা আদিও ইমান চাফা! আমাৰ কোঠাতকৈ জয়ন্তদাহঁত বা প্ৰদীপদাহঁত থকা কোঠাটোহঁত বেছি ভাল৷ ডাঙৰ আৰু ধুনীয়া৷ ৰূম হিটাৰৰ উপৰি ডাঠ কাৰ্পেটো পৰা আছে তাত৷

ফুৰি-চাকি আহি কোঠালিত সোমায়ে ঘৰলৈ ফোন এটা কৰোঁ বুলি ভালেমান পৰলৈ যুদ্ধ এখন চলাবলগীয়া হল৷ ইয়াত বি.এছ.এন.এল.ৰ নেটৱৰ্ক পোৱা যায় যদিও অসুবিধা আছে৷ যুঁজি যুঁজি পৰিবাৰৰ মাতষাৰ যেনিবা শুনা পালোঁ এসময়ত৷ অনেক চেষ্টাৰ মূৰকত মোৰ ম'বাইলটোৰেই ৰূমমেট্‌ দীপকদাৰ গুৱাহাটীস্থিত পত্নী আৰু জীৰ সৈতেও যোগাযোগ কিবাকৈ সম্ভৱ হল৷ নিজৰটোৰে নোৱাৰিলে৷ প্ৰদীপদায়ো টিকাব নোৱাৰিলে৷ উচ্‌পিচাই থাকিল ঘৰলৈ সংযোগ স্থাপন নোহোৱাত৷ ম'বাইলৰ গৱেষণা সোনকালেই অন্ত পেলাই চুইচ অফ্‌ কৰি থৈ দিলোঁ ৰাক্‌চেকৰ ভিতৰত৷ 'ফোন লৈ খেলি থাকিবলৈ ইয়ালৈ অহা নাই৷ সোমাই থাক৷' নিজকে নিজে ক'লোঁ৷

যাত্ৰাকালত পিন্ধি অহা কাপোৰযোৰ সলাই, হাত-মুখ ধুই বিছনাত দীঘল দি পৰিছোঁ, কিছু সময় কম্বলৰ উম লওঁ বুলি৷ সমান্তৰালভাৱে, আজি পুৱাৰে পৰা বিয়লিলৈকে অতিক্রম কৰা আল-মেন্‌-চু-খা বাটছোৱাৰো মনে মনে পৰ্যালোচনা এটা কৰি আছোঁ৷ চিনেমাৰ ৰীলৰ দৰে মানসপটত আহি-গৈ আছে যাত্ৰাপথৰ সুন্দৰ সুন্দৰ লেণ্ডস্কেপবোৰ৷ লগতে যেনি-তেনি এৰি থৈ অহা অৰুণাচলৰ অতুলনীয় প্ৰাকৃতিক বৈভৱ৷ কেমেৰাটো চাৰ্জ দিয়াৰ কথা মনত পৰাৰ লগে লগে উম এৰি উঠি আহিব লগা হ'ল৷ লগে লগে অনুভৱ হোৱা চেঁচা ভাবটোৱে জনাই দিলে যে ঠাণ্ডা কিছু আছে ইয়াত৷ বাহিৰৰ পৰা গেবুৱে জয়ন্তদাক ডাঙৰ ডাঙৰকৈ কৈ থকা শুনিলোঁ শৰ্মাজী, আপোনালোকৰ কাৰণে পাকঘৰত জুইৰ ব্যৱস্থা কৰিছোঁ৷ সকলোৱে তালৈকে আহিব৷ পৰিয়ালৰ সৈতে চা-চিনাকি হব৷ কথা পাতিম৷ মজা লাগিব৷' ৰঙিয়াল মানুহ গেবু চোনা৷ প্ৰথম চিনাকিতে সহজ হৈ পৰিছে আমাৰ৷

হাত-ভৰি পোনাই কিছু সতেজ হৈ লোৱাৰ পাছতে দপ্‌দপাই খট্‌খটি বগাই গেবুৰ পাকঘৰত প্ৰৱেশ কৰিবলৈ উদ্যত হ'লোঁ৷ জোতাযোৰ খুলি কাঠৰ দৰজাখন ঠেলি দিয়ে মই অবাক৷ ভিতৰত আন এক মুখৰিত পৃথিৱী! চেন্নাইৰ পৰা কিনি আনি সংস্থাপন কৰা বিশেষ ধৰণৰ চৌকা এটাক ঘেৰাও কৰি বাকীসকল ইতিমধ্যে বহিছেই৷ আহল-বহল পাকঘৰটো৷ চোফা, ডাইনিং টেবুল, কাপ-বৰ্ড, ধোৱা-পখলা ঠাই, টেলিভিচন ছেট আদি যথাস্থানে সুসজ্জিত৷ কাষতে এটা পৃথক আধুনিক ৰন্ধনশালা৷ তাত গেছ ষ্টভত ৰন্ধা হয়৷ ইয়ালৈ চিলিণ্ডাৰ আল'ৰ পৰা আহে৷ সিফালৰ কোঠাবোৰত পৰিয়ালটোৰ সদস্যসকল থাকে৷ বেচ দীঘলীয়া আকৃতিৰ ঘৰটো৷

চিনাকি পৰ্ব আৰম্ভ হল৷ গেবু, গেবুৰ পত্নী নানা, ৰূপা নামৰ অথনি চাহ দিয়া ছোৱালীজনী, বাহিৰত জুই ধৰি দিয়া চাংগে নামৰ লৰাটো৷ এই চাৰি সদস্যৰেই Gayboo's Traditional Lodge (GTL Homestay)৷ ৰূপা হৈছে নানাৰ ভনীয়েক৷ স্থানীয় হায়াৰ ছেকেণ্ডাৰী স্কুলত দ্বাদশ শ্ৰেণীত পঢ়ি আছে তাই৷ চাংগে গেবুৰ ভতিজাক৷ সি ক্লাছ এইটত পঢ়ে৷ ইহঁত দুয়োটাই হমষ্টেটো চলোৱাত যথেষ্ট পৰিমাণে সহায় কৰে গেবু আৰু নানাক৷ আটাইকেইটা মানুহেই বেছ কৰ্মদক্ষ, খুব তৎপৰ আৰু সপ্ৰতিভ৷ আলোচনাত গম পালোঁ, আমি থকা হমষ্টেটো আৰম্ভ কৰা হৈছিল সৌ-সিদিনাখন মাত্ৰ, ২০১৪ চনত৷ কম দিনৰ ভিতৰতে বিশ্বৰ বিভিন্ন কোণৰ বিভিন্নজন পৰ্যটক ইয়াত আলহী হৈছেহি৷ তাৰ মানে এইটো বুজিলোঁ যে মেন্‌-চু-খাৰ কথা ভাৰতৰ বাহিৰৰ মানুহেও নজনা নহয়৷ কিন্তু আমাৰ মানুহেই নাজানেচোন! অৰুণাচলৰ ৰাজ্যপাল পি. বি. আচাৰ্যই Indians know more about US, than the NE বুলি এবাৰ এটা মন্তব্য কৰিছিল৷ সুচিন্তিতভাৱেই কৰিছে তেখেতে৷ আমাৰ মানুহে আমেৰিকাৰ কথা জানে, অথচ নিজৰ ৰাজ্যখনৰ চাৰিচুকেই নাজানে! অৰুণাচল প্ৰদেশতো এতিয়াও The least visited part of India৷ আৰু মেন্‌-চু-খা? The untouched paradise on earth!

অই্ন কাৰো কথা নাজানো, আমি হ'লে paradise on earth ওলালোঁহি৷ কাইলৈ পুৱাই খোজ কাঢ়ি Local sight seeingত ওলাম৷ তাৰ পাছত গাড়ী লৈ ওলাম সীমান্তলৈ৷ মেন্‌-চু-খা উপত্যকাৰ শ্বাসৰুদ্ধকৰ সৰগীয় ৰূপ চাম, নিজৰ চকুৰে৷ তাকে কেন্দ্ৰ কৰি অনামী উত্তেজনাত মনটোৱে জঁপিয়াই আছে৷ জুইকুৰাই উত্তাপময় কৰি তোলা কোঠাটোৰ পৰ্যটনময় পৰিৱেশৰ এই মুহূৰ্তত কথা-বতৰাৰ বিষয় কেৱল সত্য-শিৱ-সুন্দৰ৷ বেমাৰ-আজাৰ, দুশ্চিন্তা, চাপ, অশান্তি... এইবোৰৰ প্ৰৱেশ নিষেধ৷


No comments:

Post a Comment