মেন্-চু-খা ... ট্ৰেকিং-কেম্পিং-এড্ভেন্চাৰ
‘তুমি তোমাৰ সাহসৰ পৰীক্ষা প্ৰায়েই ল’বা, কিন্তু মৃত্যুৰ বাবে নহয়,
জীয়াই থাকিবৰ বাবেহে৷’
ইটালীয়ান নাট্যকাৰ
তথা কবি কাউণ্ট ভিট্টৰিয় আলফিয়েৰীৰ এই কথাষাৰ প্ৰায়ে মোৰ মনলৈ আহে৷ এনে বাক্যই এড্ভেন্চাৰ-তৃষ্ণাটোক
দুগুণে উদ্বুদ্ধ কৰে!
জুলাই ২০১৬ৰ মাজভাগত নগা পাহাৰৰ খনমা আৰু ঝুক’ ভেলীৰ ছামাৰ হিল ট্ৰেকিং এক্সপিডিচন
সুকলমে সমাপন কৰাৰ পাছত নৱেম্বৰ-ডিচেম্বৰত পুনৰবাৰ হেৰাই যোৱাৰ সুযোগ পালোঁ মোৰ
অতিকৈ প্ৰিয় অৰুণাচলৰ পৰ্বতত৷ এটা বেক্-টু-বে্ক ট্ৰেকিং-কেম্পিং এড্ভেন্চাৰ৷ ডেষ্টিনেচন
মেন্-চু-খা (চলতি নাম মেচুকা)৷
প্ৰস্তুতিৰ পৰা সমাপ্তি পৰ্যন্ত সমস্ত সামৰি পৰৱৰ্তী
দিনত ‘অকব’ৰ দেৱালত ধাৰাবাহিকভাৱে খণ্ড
খণ্ডকৈ উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ দুৰ্গম যাত্ৰাৰ অন্য এক কাহিনী৷ ভ্ৰমি ভাল
পোৱা, ভ্ৰমণ-লেখা লেখি আৰু পঢ়ি ভাল পোৱাসকলৰ হাতত অৰ্পণ কৰিব খুজিছোঁ ‘মেন্-চু-খা ... ট্ৰেকিং-কেম্পিং-এড্ভেন্চাৰ’৷ লেখনিত কিবা ভুল-ভ্ৰান্তি দৃষ্টিগোচৰ হ’লে নিৰ্দ্বিধাই উনুকিয়াই দিবলৈ এইখিনিতে সদৌটিৰ প্ৰতি সনিৰ্বন্ধ অনুৰোধ ৰাখিলোঁ৷
সংলগ্নকৃত ফটোগ্ৰাফখন আমাৰ গাইড, প’ৰ্টাৰ, সহযোগী বন্ধু গেবু চোনাই
তোলা৷ পাহাৰতলিত ডাৱৰৰ মাজে মাজে সেয়াই বহুপ্ৰত্যাশিত গন্তব্যথলী মেন্-চু-খা৷
পৰ্বতলানিয়ে চুই আছে চীন দেশ৷ সৰগীয় সৰু চহৰখন, ভাৰত-চীন ব’ৰ্ডাৰ প'ষ্ট বাদেই, আকাশী অৱস্থান,
য’ৰ পৰা এই দৃশ্যটো ধৰি ৰখা হৈছে
সেই পৰ্যন্ত লৈ যাম আপোনাক৷ বাটে বাটে কৈ যাম অনেক কথা, প্ৰচাৰৰ পৰা এতিয়াও যিবোৰ শতযোজন নিলগত, য’লৈ সৰহ মানুহ আজিও যোৱা নাই৷
আশা কৰোঁ লগে লগে থাকিব৷ ধন্যবাদ৷
Apunar lekhabur pohi khub val lage. Moiu bohut dinor pora taloi jam buli vabi asu kintu log nai babe juwa huwa nai. Atia apunar sokurei Mesuka khon sam
ReplyDeleteThis comment has been removed by the author.
Deleteআগকথাকে ধৰি এই ভিন্নসুৰী ভ্ৰমণ-লেখাৰ ৮২টা খণ্ড abdussazid.blogspot.inত একাদিক্ৰমে উপলব্ধ কৰা হৈছে৷ এইখিনি পঢ়াৰ পাছত যথাস্থানলৈ এবাৰ যাবই যাব৷ কিবা ভুল-ভ্ৰান্তি, বিসংগতি চকুত পৰিলে উনুকিয়াই দিলে বাধিত হ'ম৷ আগ্ৰহৰ বাবে অশেষ ধন্যবাদ৷
ReplyDelete