Tuesday, 3 October 2017

৬.. নামিয়েই আছােঁ একে লেথাৰিয়ে

শেলুৱৈসমৃদ্ধ বন-বিৰিখবোৰ কমি আহিল৷ ট্ৰেকটোলৈ আগ বাঢ়ি অহা সেউজীয়া গছপাতবোৰে বাটটো এতিয়া ঠেক কৰি পেলাইছে৷ মহতিয়াই আহিবলগীয়া হৈছে কেইবাঠাইতো৷ সেইবোৰ কাটি চাফা কৰিবৰ হল৷ দক্ষিণ আংগামী যুৱ সংগঠনে মাজে মাজে কৰে৷ ঝুক' ভেলীও পৰিষ্কাৰ কৰেগৈ৷ সন্মুখত ঠায়ে ঠায়ে পানীৰ দম৷ পেলপেলীয়া বোকাও আছে৷ পৰ্বতৰ সিটো ঢালত অগণন হাৰত দেখিছিলোঁ চাপৰ আৰু ঘন বাঁহ৷ এতিয়া ওখ জাতৰ বাঁহগছ কিছুমান এইখিনিত লিক্‌টোৰ দাঁতিত পাইছোঁ৷ আহি আহি হঠাতে অকণমান সমতলো পোৱা যেন লাগিছে৷ খোজ পেলাই স্বাভাৱিকতে আৰাম লাগিছে৷ লুংলুঙীয়া ৰাস্তাটোৰ দুপাৰে এতিয়া অথনিৰ শেলুৱৈ ধৰাবিলাকৰ দৰে গছ-গছনি এজোপাও নাই৷ অৰণ্যৰ ৰূপটোলৈ পৰিৱৰ্তন আহিল৷

ট্ৰেকটো আকৌ নামিব ধৰিলে৷ তলত ঝৰ্ণা এটা৷ কিছু সময়ৰ পূৰ্বে জিৰণিথলীত পোৱাটোৱেই হ'ব৷ কাৰণ সেইটো সোঁহাতে আছিল৷ এইটোও সোঁহাতে৷ তলৰ ঠাইটুকুৰা তেনেই শব্দময় হৈ আছে৷ অনেক আগৰে পৰা ৰিণিকি ৰিণিকি কাণত বাজি থকা হৰ্‌হৰণিৰ উৎস এইটোৱেই আছিল তাৰ মানে৷ খটখটি এলানিৰে নামি গৈ খৰস্ৰোতা ঢলটো পাৰ হব লাগিব৷ সিপাৰে আকৌ ওপৰলৈ উঠিব লাগিব৷ দীপমইনা আগ বাঢ়ি কেতিয়াবাই তলত ৰৈ আছে৷ সোঁতত চকু থৈ একান্তমনে গতি-বিধি লক্ষ্য কৰিছে৷ ছাতিটোৰে খুঁচি খুঁচি পৰীক্ষা কৰিছে৷ কি ভাবিছে জানো! পানীৰ হিচাপ-কিতাপ চলিছে যেন লাগিছে মোৰ৷ মই এইফালে ওপৰত৷ তেওঁকে চাই আছোঁ৷ চকলেটৰ টুকুৰা ভাঙি জিভাত দিছোঁ আৰু স্নেপ লৈছোঁ৷

ৰাজীৱ নামিল৷ অভিজ্ঞ গাইডজনে ধৰি ধৰি পাৰ কৰাই নিলে৷ গাইড আকৌ ঘূৰি আহিল৷ এইবাৰ মোৰ পাল৷ পানী বুলিলে ভয় কিম্বা সন্দেহ এটা থাকেই মোৰ৷ সাঁতুৰিব নজনা মানুহ৷ গতিকে দুগুণে সাৱধান হৈ পৰোঁ৷ ভৰি দিছোঁহে, কলাফুলৰ আধালৈকে ডুব গল৷ পাথৰৰ মাজৰ গাঁত এইটো৷ সোঁতে কোবাবলৈ আৰম্ভ কৰি দিলে৷ পুৱা গেষ্ট হাউচৰ পৰা পদযাত্ৰা আৰম্ভ কৰাৰ পাছত কেইচেকেণ্ডমানৰ আগলৈকে জোতা আৰু পেণ্টত যিমানবোৰ বোকা জমিছিল পৰ্বতীয়া স্ৰোতস্বিনীয়ে পাই মুহূৰ্ততে সমস্ত ধুই নিকা কৰি দিলে৷ দীপমইনাৰ হাতত টানকৈ ধৰি কিছু সময় সোঁমাজতে ৰৈ সোঁ-বাওঁ, আগ-পাছ চালোঁ৷ 'আঃ কি মজা হে'!' 'আপুনি ফটো তোলক, মই ধৰি আছোঁ আপোনাক৷ ভয় নাই৷' গাইডজনে সাহস বঢ়াই থাকিল৷ সাহসী আৰু শক্তিশালী নহ'লে এনেবোৰ স্থানলৈ যি দেখিছোঁ, নহাই ভাল৷

ঝৰ্ণাটোৱে এইডোখৰত দুটাকৈ জলপ্ৰপাতৰ আকৃতি লৈছে৷ সিফালৰ পৰা থিয়কৈ নামি আহি ১০ মিটাৰমান আগত পৰিছে৷ তাৰ পৰা সমানকৈ বৈ আহিছে৷ আকৌ নামি গৈছে তললৈ৷ হাবিৰ মাজত ক'ত লুকাইছেগৈ দেখা নাযায়৷ দুয়োফালৰ পৰা সৃষ্টি হোৱা গোঁ-গোঁৱনিৰ বাবে লাহেকৈ কলে কাৰো কথা-বতৰা নুশুনি৷ 'আৰামছে, চিন্তা নাই, আহি থাকক৷ বঢ়িয়া লাগিছে৷' আমিও চিঞৰিবলগীয়া হৈছে৷ বুজাত অসুবিধা হোৱা নাই যে বৰষুণে জলধাৰৰ পৰিমাণ বৃদ্ধি কৰিছে৷ প্ৰবল বৃষ্টিপাত হবলৈ হলে পানী একঁকাল পাবগৈ৷ তেতিয়া পাৰ হোৱাটো যিকোনোজনৰ কাৰণেই মস্কিল হৈ পৰিবচোন! অৱস্থাটো কল্পনা কৰি চালোঁ৷

বৰ দীঘল আৰু লাহী গছৰ ডাল এটা পানীৰ ওপৰতে পেলাই থোৱা আছে৷ বোধ হয় পাৰ হবলৈ সহায়ক হিচাপে তাকে ব্যৱহাৰ কৰা হয়৷ এজনে সাহস আৰু কষ্টেৰে সিপাৰলৈ গৈ দাঙি ধৰিলে পাছফালে আহি থকাবোৰে সেইডালত ধৰি পাৰ হব পাৰে৷ এয়াও এক আংগামী টেক্‌নিক্‌! সোঁতে কোবাই আছে যদিও ডালটো আঁতৰাই নিব পৰা নাই৷ আমি পিছে সহায় ল'বলগীয়া নহ'ল৷ দীপমইনা আছেই৷ তেওঁৰ অভিজ্ঞতা প্ৰচুৰ৷ গতিকে সুকলমে এইপাৰ পালোঁহি৷ গাইডৰ কথা ৰাখি তাৰ মাজতে ফটো তোলা কামটোও কৰি এৰিলোঁ৷ ট্ৰেকিঙৰ ট্ৰেইনিঙত খৰস্ৰোতা শিলাময় পাহাৰীয়া নৈ পাৰ হ'বলৈ শিকোৱা হয়৷ দীপমইনাৰ বাদে আমাৰ দলৰ কাৰ তেনেকুৱা প্ৰশিক্ষণ আছে ক'ব নোৱাৰোঁ, মোৰ হ'লে নাই৷ হ'লেও আটায়ে পাৰ হোৱাটো সম্ভৱ হ'ল৷ একেবাৰে শেষত মই৷

এইটো পাৰৰ খটখটিৰে ওপৰলৈ উঠি অহাত দুচলীয়া টিনপাতৰ ঘৰ এটা ওলাল৷ ইয়াৰ পৰা আকাশখন ভালকৈ দেখা গৈছে৷ ডাৱৰে আৱৰি আছে৷ টিনপাতৰ বেৰা দিয়া ঘৰটো জংঘলে বেৰি ধৰিছে৷ জেম্‌চ আৰু বেনিমকো পালোঁ তাতে৷ জিৰণি লৈ বহি থাকি কিবা আলাপ কৰি আছে৷ আমাক দেখি হাঁহিলে৷ অলপ পাছতে আমাখান যাব বুলি দুয়ো প্ৰস্থান কৰিলে৷ আমি ৰৈ দিছোঁ৷ খৰখেদা নাই৷ পৰিৱেশ উপভোগ কৰাত লাগিছোঁ৷ লুংলুঙীয়া ৰাস্তাটোৰ কাষতে থিয়কৈ প্ৰতিষ্ঠা কৰা স্মাৰক শিল এটা আছে৷ তাতে কাটি থোৱা হৈছে ৰেষ্ট হাউচ শব্দ দুটা৷ বুজাত অসুবিধা নহল যে এইটো এটা জিৰণিঘৰ৷ অলপ আগেয়ে অতিক্ৰম কৰি অহা ঝৰ্ণাটোত পানী বাঢ়িলে এইটো দিশৰ পৰা উঠা ট্ৰেকাৰ্ছে জিৰাবৰ বাবেই এনেকুৱা স্থলত ঘৰটো সজা হল নেকি বাৰু? অজানিতে প্ৰশ্নটো মনলৈ আহি গ'ল৷ নহ'লে এইডোখৰতনো কি কাম আছে?

শিলটোৰ গাত বগা আখৰেৰে লেখা কথা কিছুমানো থাকোঁতে আছিল৷ ৰং গুচি গ'লত এতিয়া ধৰিব নোৱাৰা হল৷ যিকণ পাঠোদ্ধাৰ কৰিলোঁ, তাৰ পৰা ইমানেই বুজা গ'ল যে এই জিৰণিগৃহটো নাগালেণ্ড চৰকাৰৰ টুৰিজিম ডিপাৰ্টমেণ্টে ২০১৫ চনত নিৰ্মাণ কৰিছিল৷ ঠাইটুকুৰাৰ নাম Nyibvü৷ শব্দটো উচ্চাৰণ কৰিবলৈ লৈ বৰ লটিঘটিখন খাইছোঁü বৰ্ণটো উচ্চাৰণ কৰা সহজসাধ্য নহয়৷ অন্ততঃ মোৰ খাৰ খোৱা জিভাই আগতে কেতিয়াও পৰা নাই৷ এইটো u (ইউ) নহয়৷ আকৌ, আৰম্ভণিতে থকা Nটো কেতিয়াবা উহ্য হৈও থাকে৷ Nshenthang (ইছেনথাং) নামৰ নগা বন্ধুজনে শিকাই শিকাই হাৰি গ'ল৷ তেনেস্থলত ঠাইটুকুৰাৰ নামটো কি বুলি পঢ়োঁ? মাতিবলৈ লৈ জিভাখনে বাৰে বাৰে উজুটিয়াইছে৷ সুধিবলৈও কোনো নাই৷ জেমচহঁত গুচি গল৷

টিনৰ বেৰত ওলমি আছে নটিচ বৰ্ড এখন৷ সেইখনৰো অৱস্থা কাহিল৷ সেমেকা জলবায়ু আৰু বতৰৰ ধামখুমীয়াত টিনপাতে মামৰৰ বৰণ লৈছে৷ জাননী ফলকখনেও তেনেই ধূসৰ ৰূপ ললে৷ কি লিখা আছে পঢ়িবই নোৱাৰি৷ দীঘলীয়া ঘৰটোৰ ভিতৰলৈ দৃষ্টি দিলোঁ৷ পোনেই পোৱাডোখৰ মুকলি৷ ৰন্ধা-বঢ়া কৰিব পাৰি৷ সিফাললৈ কোঠা এটা৷ ভিতৰত কাঠৰ তক্তাপোচ আছে৷ দৰজা এখনো আছে৷ নিশা কটাব পৰা যায়৷ সোমাই চোৱাৰ ইচ্ছা আছিল যদিও বিধ্বস্ত ৰূপটো দেখি মনটো কোঁচ খালে৷ কি সোমাই থাকিব পাৰে ঠিকনা নাই৷ ফলকৰূপী শিলটোৰ কাষতে ৰাক্‌চেক নমাই তিনিও বহিলোঁ৷ ৩.০০ বাজিবৰে হল৷ বৰ লাহে লাহে অহা হৈছে৷ অতপৰে সংগীসকল কোনোবা ধুবুৰী পালেগৈ কিজানি!


No comments:

Post a Comment