দিন চাৰি (২৮.১১.২০১৬, সোমবাৰ) ৷৷ খণ্ড ১
সোনকালে সাৰ পাই মনটোক দমাই ৰখাটো মস্কিলেই হৈ পৰিল৷ নিজকে নিজে ক’লোঁ… Wake up, wake up, Men-chu-kha is calling৷ দৰজাখন খুলি ওলাই আহি একান্তমনে বাহিৰখন নিৰীক্ষণ কৰিব ধৰিছোঁ৷ শুই উঠাই নাই চাগৈ কোনো৷ মেন্-চু-খাৰ মেঘাচ্ছন্ন আকাশ৷ কুঁৱলীয়ে ঢকা চৌপাশ৷ শৰীৰ কঁপোৱা ঠাণ্ডা৷ চৌহদৰ গে’টখনত তলা এটা ওলমি আছে৷ যি হয় হ’ব বুলি কাপোৰ এগালমান পিন্ধি বাহিৰলৈ গুচি যোৱাৰ ইচ্ছা এটা তৎমুহূৰ্ততে জাগি উঠিল যদিও কুঁৱলী ভেদি চকুত পৰা মস্ত তলাটোৱে ১০২তে স্থানু হৈ থাকিবলৈ বাধ্য কৰালে৷ আকৌ বিছনাত পৰি কম্বলৰ উম লৈ থাকিলোঁহি৷ মনটোৱে পিছে বিদ্ৰোহ কৰিয়ে থাকিল৷ টোপনি আৰু নাহে৷ মূৰৰ শিতানৰ খিৰিকীখনৰ আইনাৰ মাজেৰে ঘনে ঘনে চাই থাকিলোঁ, বাহিৰৰ পাৰিপাৰ্শ্বিক অৱস্থা৷ ঠিক ৬.০০ বজাতহে গে’টৰ তলাটো খোল খালে৷ চাংগে’ই খুলিলেগৈ৷

প্ৰাতঃকৰ্মৰ পাছত পোনেই পাকঘৰলৈ৷ নানাই কৰি দিয়া ৰঙা চাহ একাপ একাপ খাই অৰূপদা,
প্ৰদীপদা, দীপকদা আৰু মই মুকলি আকাশৰ তললৈ ওলাই আহিলোঁ৷ শীতকাল আগুৱাই যোৱাৰ লগে লগে চোতালখন তুষাৰপাতে আৱৰি ধৰিব৷ অৱস্থাটো মই ফটোত দেখিছোঁ৷ পৰ্বতৰ ওপৰত বগা বগা সৌবোৰ বৰফ৷ লাহে লাহে সেইবোৰ উপত্যকাটোলৈ নামি আহিব৷ ছানি ধৰিব মেন্-চু-খাক৷ গেবুৰ হ’মষ্টে’ৰ ঠিক মুখামুখিকৈ পৰ্বতৰ ওপৰত
বৌদ্ধ মন্দিৰ এটা কালি আমি অহাৰে পৰাই দেখা পাই আছোঁ৷ চাবলৈ যাবলৈ মনটোত কিমানযে খূদুৱনি তেতিয়াৰ পৰাই! কুঁৱলীৰ তৰপৰ সৈতে মেন্-চু-খাৰ অতীবসুন্দৰ দৃশ্যাৱলী ওখৰ পৰা ভালকৈ প্ৰত্যক্ষ কৰিব পৰা যাব বুলি ভাবিছোঁ৷ ফটোগ্ৰাফীৰ বাবেও আশা কৰোঁ এটা উৎকৃষ্ট স্থান হ’ব৷ চাহৰ কাপ জমা দিয়েই পলকতে থিৰ হ’ল যে চহৰৰ নিকটৱৰ্তী Aka Naya Gompa অৰ্থাৎ নতুন বিহাৰটোৰেই দিনটোৰ কাৰ্যসূচী সুভাৰম্ভ কৰা যাওক৷ আমাৰ প্ৰথম উদ্দেশ্য হ’ব খোজ কাঢ়ি তালৈ উঠি যোৱা আৰু
ওপৰৰ পৰা তলৰ দৃশ্য প্ৰাণভৰি উপভোগ কৰা৷ উপত্যকাৰ আচল সৌন্দৰ্য পৰ্বতৰ পৰাহে বুজিব পৰা যায়৷ সকলোৱে জনা এটা সহজ সত্য৷
ওলাই আহিয়েই অকণমান আগত সৰু ল’ৰা এটাৰ সৈতে মুখামুখি হ'ল আমাৰ৷ সুধিলোঁ… ‘উধৰ যানেকা ৰাস্তা কিধৰ হ্যায়
ৰে’?’ অৰুণাচলী হিন্দীৰ বিশেষত্ব স্বৰূপে এই ৰে'টো কথা কওঁতে ময়ো ব্যৱহাৰ কৰোঁ৷ প্ৰশ্নৰ লগতে আঙুলিয়ালোঁও ওপৰলৈ৷ সিও এফালে
আঙুলিয়াই দিলে৷ শিলগুটি দিয়া ঠেক ৰাস্তা এটা৷ সেইমুৱা হৈ যাব ধৰিলোঁ আমি ৪জন৷ এইটো শ্বৰ্টকাট্৷
শুকাবৰ নিমিত্তে কাঠ কিছুমান বাটৰ দাঁতিতে বিশেষ সাজোনত জাপি জাপি থোৱা হৈছে৷ কেইবাটাও দ'ম দেখিলোঁ৷ ইয়াত যিমান
ঘৰ দেখা পাইছোঁ সকলোবোৰ কাঠেৰেই নিৰ্মিত৷ পাইন কাঠেই হ'ব সৰহভাগ৷ ঘৰবোৰৰ ওপৰত টিনপাত লগোৱা হয়৷ প্ৰতিটো বাসস্থানেই মাটিৰ
পৰা কেইফুটমান ওপৰত থাকে৷ চাং ঘৰৰ আৰ্হিত সজা ঘৰবিলাকৰ খুঁটাসমূহ সিমানখিনি পৰ্যন্ত পকী৷ তাৰ পাছৰে পৰা কাঠৰ আধিক্য৷ ওপৰৰ আচ্ছাদন বাদ দি মজিয়া, বেৰ, দুৱাৰ-খিৰিকী সকলোতে৷ ইফালে-সিফালে পাইন গছবোৰ দেখি আছোঁ৷
অচিনাকি মানুহৰ ঘৰৰ কাষেৰে নিৰ্বিবাদে গৈ গৈ গোম্পালৈ
যোৱা পকী পথটোত ওলালোঁ৷ ধক্ধকীয়া বগা ৰঙৰ অনেক স্তুপ সাজি থোৱা আছে ৰাস্তাটোৰ দাঁতিয়ে
দাঁতিয়ে৷ অসংখ্য ৰঙীন আৰু শুভ্ৰ কাপোৰ ৰছীত যেনি-তেনি ওলমি থকা পাইছোঁ৷ কোৱা হয় যে
যেতিয়াই কোনোবা বৌদ্ধধৰ্মীৰ মৃত্যু হয়, তেওঁৰ আত্মাৰ শান্তিৰ বাবে চহৰৰ পৰা দূৰত অৱস্থিত
কোনোবা পৱিত্ৰ স্থানত ১ৰ পৰা ৮খন বগা পতাকা এনেদৰে উৰুওৱা হয়৷ এই পতাকাবোৰ কেতিয়াও
খোলা বা সামৰা নহয়৷ সেইবোৰ আপোনা-আপুনি ধীৰে ধীৰে জহি-খহি প্ৰাকৃতিকভাৱে নষ্ট হৈ এদিন অদৃশ্য হৈ যায়৷
নতুন কাৰ্য একোটাৰ আৰম্ভণিতেও এনেকৈ পতাকা উৰুওৱাৰ দস্তুৰ আছে৷ তেনে ক্ষেত্ৰত ব্যৱহাৰ
কৰা পতাকাবোৰ ৰংহীন নহৈ ৰঙীন হয়৷ দেখা পাই থকা, বতাহত দুলি থকা কাপোৰবোৰে পৰিৱেশটো কিবা যেন উৎসৱমুখৰ বিধৰ কৰি তুলিছে, ইয়ালৈ আহি এনে অনুভৱ হৈছে৷
এই গোম্পাটোৰ নাম Samden Choeling Gompa৷ তিব্বেতান আৰ্হিৰ বৌদ্ধ মন্দিৰ এইটো৷ ২০০৩ চনৰ ১৫ ডিচেম্বৰ তাৰিখে চতুৰ্দশ দালাই লামাই ইয়াত পদাৰ্পণ কৰিছিল৷ একে নামৰ গোম্পা দাৰ্জিলিঙৰ ঘুমতো পোৱা মনত পৰে৷ 'সময় কিমান হ'ল?' মুকলি চোতালখনত ভৰি দিয়েই সময়ৰ বুজ ল'লোঁ৷ অৰূপদাই জনালে, '২০ মিনিট লাগিল জি.টি.এল.ৰ পৰা এইখিনিলৈকে বগাবলৈ৷' ইয়ালৈ আহিব পাৰি মনটো কিবা ৰঞ্জিত ৰঞ্জিত লাগি গৈছে৷ নতুন মঠটোৰ প্ৰাংগণত প্ৰৱেশ কৰোঁতেই আমি সিদ্ধান্ত লৈ পেলালোঁ যে চহৰৰ পৰা ৮-৯ কিল'মিটাৰমান নিলগত অৱস্থিত পুৰণি বৌদ্ধ বিহাৰটোও আজিয়েই দৰ্শন কৰিমগৈ, যিটো ১৪-১৫ শতিকাত নিৰ্মিত আৰু অৰুণাচল প্ৰদেশৰ বিখ্যাত টাৱাং মনাছটাৰীৰ সমসাময়িক বুলি কোৱা হয়৷ অন্যথা এই কাম আধৰুৱা হ'ব৷ য়াৰগ্যাপ চু পাৰ হৈ যাব লাগিব তালৈ৷ এ.এল.জি.তকৈ ১৫০ মিটাৰ ওপৰত তাৰ অৱস্থান৷ নিশ্চয় ভাল লাগিব গৈ৷
No comments:
Post a Comment