দিন চাৰি ৷৷ খণ্ড ১৭
খাদ্য গ্ৰহণৰ অন্তত বেঞ্চতে কিছুপৰ বহিছোঁ৷ বিভিন্ন কথা ওলাইছে৷ বল্জিন্দৰ সিঙে হঠাতে প্ৰস্তাৱ দিলে... 'গুৰু নানকজীৰ তপোস্থান চাব, ব'লক৷' এখন ভৰি আগৰে পৰা দাং খায়ে আছিল৷ গতিকে সন্মত নোহোৱাৰ প্ৰশ্নই নাই৷ তালৈ যাবলৈ হ'লে ৰাস্তাটোৰ সিপাৰে কিছু ওপৰলৈ উঠি যাব লাগিব৷ ইতিহাস বিজড়িত তেনে এটুকুৰা ভিতৰুৱা ঠাইলৈ যোৱাৰ প্ৰস্তাৱটো আকস্মিকভাৱে, তাকো পালকজনৰ মুখৰ পৰাই পাই নিজকে ভাগ্যৱান বুলি ভাবিবলৈ বাধ্য হ'লোঁ৷ একে আষাৰে মান্তি হৈ গ’লোঁ আমি৷ আমাক ক্ষন্তেক ৰ’বলৈ ইংগিত দি সিংজী ভিতৰলৈ সোমাই গ’ল৷ প্ৰকাণ্ড কৃপাণ এখন হাতত লৈ পলকতে সাজি-কাচি ওলাই আহিল৷ ভৰিত আঁঠুলৈকে পৰা গামবুট, গাত গৰম চাদৰ৷ মূৰত নীলা পাগুৰিটো আছেই৷ ইয়াত পোৱা অবিস্মৰণীয় তথা অতি সুখকৰ আতিথ্যৰ বাবে কেয়াৰ টেকাৰজনৰ লগতে উপস্থিত সৈনিকসকলক আন্তৰিক ধন্যবাদ জনাই, সকলোৰে সৈতে হাত মিলাই গুৰুদ্বাৰ চাহিব প্ৰাংগণৰ পৰা বিদায় মাগিলোঁ সদলবলে৷ লক্ষ্য নাতিদূৰৰ তপোস্থান, য'ত আজিৰ পৰা প্ৰায় ৫০০ বছৰৰ পূৰ্বে গুৰু নানক ধ্যানত বহিছিল৷
পৰ্বতৰ মাজেৰে পাক এটা লৈ আগুৱাই অহা পাহাৰীয়া নৈখন মিউজিয়ামৰ পাছফালেৰে সৰু-বৰ শিল কিছুমানৰ ফাঁকেৰে খল্খলাই গুচি গৈছে৷ দৃষ্টিআকৰ্ষক আৰু মনোলোভা পৰিৱেশ৷ একেৰাহে ভাহি অহা পানীৰ শব্দটোৱে মোক টানি আছে৷ ডিঙি মেলি চাওঁতে নৈৰ ওপৰত হেঙিং ব্ৰীজ এখনো দেখা পাই গ'লোঁ৷ পানীৰ বৰণ ঈষৎ সেউজীয়া৷ ওলোমা দলং দেখি আৰু ৰ'ব নোৱাৰা হ'লোঁ৷ কাষলৈ যাবলৈ ইমানকৈ মন গৈছে যদিও লোৰ সৰু গে'ট এখনে সেইফালে আগ বঢ়াত বাধা দিলে৷ লুংলুঙীয়া বাট এটা আছে আগলৈ৷ চৰ্দাৰজীৰ অনুমতি লোৱা যাওক৷ 'সিংজী, উচ্ তৰফ যা সক্তা হুঁ ক্যা?' সোধাত ক'লে, 'হাঁনজী, কিঁউ নেহী? লেকিন চম্ভালকে যানা, ব্ৰীজ খাৰাব হ্যেয়৷' পঞ্জাবী সুৰত কোৱা বাক্যটো বৰ মিঠা লাগিল৷
আৰু পায় কোনে? গে'ট খুলি শুদা ভৰিৰেই লিকটোৰে জপং জপংকৈ পোনাই দিলোঁ সেইদিশে৷ লগত বাকী এজনো অহা নাই৷ অৰূপদা অকণমান আগুৱাইছিল যদিও কিবা শংকাত ৰৈ গ'ল৷ ওখোৰা-মোখোৰা আৰু সৰু সৰু শিলেৰে ভৰা ট্ৰেকটোত খালী ভৰি পেলাব পৰা নাই তেওঁ৷ মোৰ ইফালে ওলমা সাঁকোখনৰ ওচৰ চাপিবলৈ পায়েই মনৰ ভিতৰত তোলপাৰ লাগি গৈছে৷ এইখনত এবাৰ হ'লেও উঠিবই লাগিব৷ কালৈকো বাট নাচাই সন্তৰ্পণে আগ বাঢ়িলোঁ৷ চৰ্দাৰজীয়ে কোৱাটো সঁচা৷ দলংখনৰ অৱস্থা ভাল নহয়৷ এছোৱাত হাউলি বেঁকা হৈ আছে৷ সাৱধান নহ’লে বিপদ অৱশ্যম্ভাৱী৷ তলত দাঁত নিকটাই থকা শিল আৰু খৰস্ৰোতা নৈৰ পানী৷ হ'লেও সোৱণশিৰিতকৈ অধিক ভয়ংকৰ মুঠেই নহয়৷ সোৱণশিৰিৰ ৰূপ সাংঘাতিক, শব্দ মৰ্মভেদী৷ পুৰণি অভিজ্ঞতাৰ সাহসতে এতিয়া এইখন ইপাৰ-সিপাৰ হৈ এৰিলোঁ৷ ঘূৰি আহোঁতে এঠাইত ভৰি পিছলিছিলেই৷ চাই থকাৰ পৰাই অৰূপদাই হেই হেইকৈ চিঞৰ মাৰিলে দুটামান৷ একো নহ'ল যেনিবা৷ হেঁপাহ পূৰণ আৰু অতিৰিক্ত আনন্দ অকণমান যোগ হ'ল৷
আৰু পায় কোনে? গে'ট খুলি শুদা ভৰিৰেই লিকটোৰে জপং জপংকৈ পোনাই দিলোঁ সেইদিশে৷ লগত বাকী এজনো অহা নাই৷ অৰূপদা অকণমান আগুৱাইছিল যদিও কিবা শংকাত ৰৈ গ'ল৷ ওখোৰা-মোখোৰা আৰু সৰু সৰু শিলেৰে ভৰা ট্ৰেকটোত খালী ভৰি পেলাব পৰা নাই তেওঁ৷ মোৰ ইফালে ওলমা সাঁকোখনৰ ওচৰ চাপিবলৈ পায়েই মনৰ ভিতৰত তোলপাৰ লাগি গৈছে৷ এইখনত এবাৰ হ'লেও উঠিবই লাগিব৷ কালৈকো বাট নাচাই সন্তৰ্পণে আগ বাঢ়িলোঁ৷ চৰ্দাৰজীয়ে কোৱাটো সঁচা৷ দলংখনৰ অৱস্থা ভাল নহয়৷ এছোৱাত হাউলি বেঁকা হৈ আছে৷ সাৱধান নহ’লে বিপদ অৱশ্যম্ভাৱী৷ তলত দাঁত নিকটাই থকা শিল আৰু খৰস্ৰোতা নৈৰ পানী৷ হ'লেও সোৱণশিৰিতকৈ অধিক ভয়ংকৰ মুঠেই নহয়৷ সোৱণশিৰিৰ ৰূপ সাংঘাতিক, শব্দ মৰ্মভেদী৷ পুৰণি অভিজ্ঞতাৰ সাহসতে এতিয়া এইখন
নিৰ্ভেজাল আনন্দ কিছুমান এনেকৈয়ে এই যাত্ৰাত লোৱাৰ সৌভাগ্য হৈছে যদিও ভোকত পেটে বৰকৈ কল্মলাইছে৷ ৰাস্তাৰ দাঁতিত লিখিত ঘোষণা অনুযায়ী আমালৈ খাদ্য-পানীয়ৰ ব্যৱস্থা হ’বনে নহ’ব ইয়াত? লান্সৰ সময় ইতিমধ্যে পাৰেই হ'লচোন! ভাবি আছোঁ, অৰূপদাৰ লগত বিষয়টো চুপে-চাপে আলোচনাও কৰিছোঁ৷ চৰ্দাৰজীৰ মুখৰ পৰা তেনেকুৱাতে আমালৈ খানা খাই যোৱাৰ অনুৰোধ আহিল৷ কেৱল অকণমান ৰ’ব লাগিব৷ ভাত-দাইল ৰান্ধি থকা হৈছে৷ আগৰখিনি শেষ হ'ল৷ অতিকৈ আশ্বস্ত হ’লোঁ কথাষাৰ শুনি৷ আতিথ্যৰ মনোভাব দেখি আচৰিতো হ'লো৷ ইয়াতকৈ সুখৰ খবৰ এই মুহূৰ্তত আৰু হয়তো একোৱেই নাই৷ ভাল খবৰটোৱে অনা সন্তুষ্টিৰ উপৰি উক্ত স্থানত নকৈ উপস্থিত হোৱা কেইজনমান সৈনিকৰ সৈতে কথা পাতি, দৃশ্যাৱলী চাই থাকোঁতে সময়বোৰ কেনেকৈনো অতিবাহিত হ’ল গমকে নাপালোঁ৷
প্ৰেচাৰ কুকাৰৰ দীঘলীয়া শব্দই লৈ আহিল খাদ্য সাজু হোৱাৰ বাতৰি৷ গুৰুদ্বাৰতকৈ সামান্য ওপৰত সেনাবাহিনীৰ কলপাতৰঙী ঘৰ দুটা৷ লিখা আছে GURU KA LANGER৷ লংঘৰৰ সন্মুখত, পৰিষ্কাৰ পকী মজিয়া৷ অলপ পাছতে মজিয়াত দীঘলীয়া ৰঙা কাৰ্পেট পাৰি দিলে৷ সানুনয়ে মাতি নি আমাক আথে-বেথে বহুৱালে৷ জোতা-মোজা দূৰতে খুলি শাৰী পাতি বহিলোঁ৷ মূৰত মাৰি ল’বলৈ আগৰ দৰে গেৰুৱা কাপোৰো প্ৰতিজনকে পুনৰবাৰ একোখনকৈ চৰ্দাৰজীয়ে দি গ'ল৷ এইবাৰো মোৰ টুপীটোৰেই কাম সমাধা হ’ল৷ ইউনিফৰ্ম পৰিহিত সৈনিক সদস্যই চিক্চিকীয়া থাল আৰু গিলাচ প্ৰতিজনৰে আগে আগে দি গ'ল৷ তাৰ পাছতে ভাত, দাইল, ভাজি, আচাৰ, দৈ সুন্দৰভাৱে বিতৰণ কৰিলে৷ নিৰামিষ আহাৰ পৰিৱেশনৰ শেষ পৰ্যায়ত অথনি গুৰুদ্বাৰত দিয়া ছুজিৰ হালোৱাও দিলে অলপ অলপ৷ অতি হেঁপাহেৰে অকণো নেৰাকৈ খালোঁ প্ৰত্যেকজনে৷
ঈশ্বৰৰ কৃপাত দুপৰীয়াৰ আহাৰ এমুঠি পালোঁ৷ নহা হ'লেযে আজি কি হ'লহেঁতেন! ভোকটো এতিয়াহে শাম কাটিলে৷ একে সময়তে ৰাজীৱৰ মুখখনো মনলৈ নহাকৈ নাথাকিল৷ বাৰে বাৰে লগ ধৰা সত্ত্বেও তেওঁ আমাৰ সৈতে আহিবলৈ মান্তি নোহোৱাত আকস্মিক আতিথ্যখিনি হেৰুৱালে৷ অমৃতসম ছুজিৰ হালোৱাও নাপালে৷ ভোকে-ভাগৰে গাড়ীত টোপনি মাৰি আছে চাগৈ৷ আৰু আমি পেট ভৰাই সেনা জোৱানৰ হাতৰ আহাৰ খাই নতুন উদ্যমেৰে সুখত মতলীয়া হৈছোঁ, হাঁহিছোঁ-মাতিছোঁ৷
খাই উঠি প্ৰত্যেকে নিজৰ নিজৰ থাল, চামুচ আৰু গিলাচ ধুই-ধাই যথাস্থানত সজাই থ’লোঁগৈ৷ ভাল লাগিল সমস্ত ব্যৱস্থাৱলী৷ পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু সুশৃংখলিত৷ খেলিমেলি অকণো নাই৷ সেনাৰ এই কাৰবাৰটো মোৰ ভাল লাগে৷ খাদ্য গ্ৰহণৰ পাছত চলা কথা প্ৰসংগত এই স্থানত থকাৰো ব্যৱস্থা আছে বুলি আমাক জনালে৷ থকা-খোৱা সকলো বিনামূলীয়া৷ কোঠা, বিছনা ইত্যাদি আছে বুলিও জানিবলৈ দিলে৷ মেন্-চু-খালৈ অহাৰ আগতে এই তথ্যটো অৱশ্যে আমাৰ হাতত নাছিল৷ নহ’লে অনন্য অভিজ্ঞতাৰ উপৰি সুখৰ এৰাতি ইয়াত বিনামূল্যে কটাব পৰা গ’লহেঁতেন৷ আনহাতে সেনাবাহিনীৰ তৰফৰ পৰা ইমান সহায়-সুবিধা আৰু নিৰাপত্তা আগ বঢ়োৱাৰ পাছতো ইয়ালৈ মানুহ সিমানকৈ নাহে বুলি আক্ষেপ কৰিলে কেয়াৰটেকাৰজনে৷ কেনেকৈ আহিব? বাট জানো সহজ? মনে মনে চিন্তা কৰিলোঁ মই৷ পিছৰবাৰ আহিলে আমি পোনে পোনে ইয়ালৈকে আহিম বুলি তেওঁক কথা দিলোঁ৷
ঈশ্বৰৰ কৃপাত দুপৰীয়াৰ আহাৰ এমুঠি পালোঁ৷ নহা হ'লেযে আজি কি হ'লহেঁতেন! ভোকটো এতিয়াহে শাম কাটিলে৷ একে সময়তে ৰাজীৱৰ মুখখনো মনলৈ নহাকৈ নাথাকিল৷ বাৰে বাৰে লগ ধৰা সত্ত্বেও তেওঁ আমাৰ সৈতে আহিবলৈ মান্তি নোহোৱাত আকস্মিক আতিথ্যখিনি হেৰুৱালে৷ অমৃতসম ছুজিৰ হালোৱাও নাপালে৷ ভোকে-ভাগৰে গাড়ীত টোপনি মাৰি আছে চাগৈ৷ আৰু আমি পেট ভৰাই সেনা জোৱানৰ হাতৰ আহাৰ খাই নতুন উদ্যমেৰে সুখত মতলীয়া হৈছোঁ, হাঁহিছোঁ-মাতিছোঁ৷
খাই উঠি প্ৰত্যেকে নিজৰ নিজৰ থাল, চামুচ আৰু গিলাচ ধুই-ধাই যথাস্থানত সজাই থ’লোঁগৈ৷ ভাল লাগিল সমস্ত ব্যৱস্থাৱলী৷ পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু সুশৃংখলিত৷ খেলিমেলি অকণো নাই৷ সেনাৰ এই কাৰবাৰটো মোৰ ভাল লাগে৷ খাদ্য গ্ৰহণৰ পাছত চলা কথা প্ৰসংগত এই স্থানত থকাৰো ব্যৱস্থা আছে বুলি আমাক জনালে৷ থকা-খোৱা সকলো বিনামূলীয়া৷ কোঠা, বিছনা ইত্যাদি আছে বুলিও জানিবলৈ দিলে৷ মেন্-চু-খালৈ অহাৰ আগতে এই তথ্যটো অৱশ্যে আমাৰ হাতত নাছিল৷ নহ’লে অনন্য অভিজ্ঞতাৰ উপৰি সুখৰ এৰাতি ইয়াত বিনামূল্যে কটাব পৰা গ’লহেঁতেন৷ আনহাতে সেনাবাহিনীৰ তৰফৰ পৰা ইমান সহায়-সুবিধা আৰু নিৰাপত্তা আগ বঢ়োৱাৰ পাছতো ইয়ালৈ মানুহ সিমানকৈ নাহে বুলি আক্ষেপ কৰিলে কেয়াৰটেকাৰজনে৷ কেনেকৈ আহিব? বাট জানো সহজ? মনে মনে চিন্তা কৰিলোঁ মই৷ পিছৰবাৰ আহিলে আমি পোনে পোনে ইয়ালৈকে আহিম বুলি তেওঁক কথা দিলোঁ৷
খাদ্য গ্ৰহণৰ অন্তত বেঞ্চতে কিছুপৰ বহিছোঁ৷ বিভিন্ন কথা ওলাইছে৷ বল্জিন্দৰ সিঙে হঠাতে প্ৰস্তাৱ দিলে... 'গুৰু নানকজীৰ তপোস্থান চাব, ব'লক৷' এখন ভৰি আগৰে পৰা দাং খায়ে আছিল৷ গতিকে সন্মত নোহোৱাৰ প্ৰশ্নই নাই৷ তালৈ যাবলৈ হ'লে ৰাস্তাটোৰ সিপাৰে কিছু ওপৰলৈ উঠি যাব লাগিব৷ ইতিহাস বিজড়িত তেনে এটুকুৰা ভিতৰুৱা ঠাইলৈ যোৱাৰ প্ৰস্তাৱটো আকস্মিকভাৱে, তাকো পালকজনৰ মুখৰ পৰাই পাই নিজকে ভাগ্যৱান বুলি ভাবিবলৈ বাধ্য হ'লোঁ৷ একে আষাৰে মান্তি হৈ গ’লোঁ আমি৷ আমাক ক্ষন্তেক ৰ’বলৈ ইংগিত দি সিংজী ভিতৰলৈ সোমাই গ’ল৷ প্ৰকাণ্ড কৃপাণ এখন হাতত লৈ পলকতে সাজি-কাচি ওলাই আহিল৷ ভৰিত আঁঠুলৈকে পৰা গামবুট, গাত গৰম চাদৰ৷ মূৰত নীলা পাগুৰিটো আছেই৷ ইয়াত পোৱা অবিস্মৰণীয় তথা অতি সুখকৰ আতিথ্যৰ বাবে কেয়াৰ টেকাৰজনৰ লগতে উপস্থিত সৈনিকসকলক আন্তৰিক ধন্যবাদ জনাই, সকলোৰে সৈতে হাত মিলাই গুৰুদ্বাৰ চাহিব প্ৰাংগণৰ পৰা বিদায় মাগিলোঁ সদলবলে৷ লক্ষ্য নাতিদূৰৰ তপোস্থান, য'ত আজিৰ পৰা প্ৰায় ৫০০ বছৰৰ পূৰ্বে গুৰু নানক ধ্যানত বহিছিল৷
No comments:
Post a Comment