Wednesday, 8 November 2017

দিন চাৰি  ৷৷ খণ্ড ৯


এলেকা এটাৰ ভৌগোলিক স্থিতি আৰু ইতিহাস সম্বন্ধে সম্যক জ্ঞান নিজৰ আয়ত্তত থকাটো এজন গাইডৰ বাবে অত্যন্ত জৰুৰী৷ কথা-বতৰা আৰু চাল-চলনত আমাৰ পথ-প্ৰদৰ্শকজনৰ সেইখিনি থকাৰে উমান পাইছোঁ৷ ৰাস্তাই ৰাস্তাই তৰহ তৰহৰ তথ্য তেওঁ সদৰি কৰি গল৷ দীঘলীয়া কাহিনীও শুনাই গ'ল৷ হাঁহি-মাতি আমাৰ সৈতে বেছ মিলি পৰিছে দেম্‌ডাপ দাৰ্‌চুম৷ 

পাইন অৰণ্যৰ মাজেৰে ভৱিষ্যতৰ পথটোৰে কিছু দূৰ খোজ কাঢ়ি আহি থকাৰ পাছত দেম্‌ডাপৰ নিৰ্দেশত শ্বৰ্টকাট্‌ এটাইদি বাওঁহাতে নামি দিলোঁ৷ গাড়ীখন এৰি থৈ অহা, নৈৰ সিপাৰৰ স্থানডোখৰেই পোনপটীয়া লক্ষ্য৷ ৰাস্তা চিনি-জানি নাপাওঁ যদিও প্ৰদীপদা আৰু মই আগৰণুৱাৰ ভাও দিছোঁ৷ সাহসেৰে আগুৱাই গৈ আছোঁ লুংলুঙীয়া বাটটোৱেদি৷ খোজেপতি অনন্ত উৎসাহৰ পয়োভৰ৷ আৰু আগ বাঢ়োঁতে বোকা-পানী খচকিবলগীয়াও হ'ল কিছু৷ নাম নজনা বনৰীয়া ফুলবোৰৰ মাজে মাজেই লিকটো৷ অৱস্থানটোৱে জুলাইত ভ্ৰমি অহা ঝুক' ভেলীলৈ মনত পেলাই দিছে৷

ট্ৰেকচুটৰ নিম্নাংশত বোকাৰ ছিটিকনি৷ পথৰুৱা বোকাৰ পৰা বাচিবলৈ গছৰ ডাল কিছুমান কাটি কাটি পেলাই থোৱা আছে৷ উপৰিভাগ পিছল৷ সাৱধানে ভৰি দিছোঁ৷ কেনেবাকৈ পৰি কঁকাল ভাগিব লাগিলে হ'লেই আৰু! নাৰ্চিংহ'মতো নায়েই, চৰকাৰী চিকিৎসালয়ো চকুত পৰা নাই মেন্‌-চু-খাত৷ সমূহীয়া স্বাস্থ্য কেন্দ্ৰজাতীয় কিবাহে থাকিব চাগৈ৷ আমাৰ নগৰ-মহানগৰৰ তুলনাত ইয়াৰ মানুহবোৰৰ কোনোৱেই বেমাৰী নহয় যেন লাগিছে৷ নিৰ্মল বতাহ আৰু বিশুদ্ধ পানীয়েই জীৱৰ আচল দৰৱ বুলি মই বিশ্বাস কৰোঁ৷ এই দুটা প্ৰচুৰভাৱে আছে ইয়াত৷ খাদ্য বা আহাৰেই আমাৰ ঔষধ হোৱা উচিত, ঔষধ কাৰো আহাৰ হ'ব নালাগে৷ জ্ঞানীলোকে কোৱা কথা৷ ইয়াত এইটোৰো প্ৰতিফলন দেখিছোঁ৷ বেমাৰে আসৈ নোপোৱা, বেমাৰক প্ৰশ্ৰয় নিদিয়া মানসিকতাত সুখী হৈছোঁ৷ বিশাল এক প্ৰাকৃতিক চিকিৎসালয় এইখন য'ত মেন্‌-চু-খা নামটোৰ তাৎপৰ্য নিহিত আছে৷ ডাক্তৰ আৰু দৰৱৰ লগত মোৰো সম্পৰ্ক নাই৷ ঘৰৰ পৰা ইমান দূৰলৈ আহিছোঁ, অথচ লগত এটা দৰৱো নাই অনা৷ প্ৰাকৃতিক চিকিৎসালয়ত নিৰাপদে ভ্ৰমি আছোঁ৷ প্ৰচুৰ আনন্দ-ভাবনাই আৱৰি ৰাখিছে সকলো সময়তে৷

ৰঙচুৱা পানীৰ নলা এটা অতিক্ৰম কৰাৰ পাছতে নিজান ঘাঁহনি এডৰা চকুৰ সন্মুখলৈ আহিল৷ তাৰ মাজতো দেখা গ'ল বৌদ্ধ স্তুপ এটা৷ অথনিৰটোৰ দৰেই চৌপাশে নিৰ্জনতা বিৰাজমান৷ একেই বগা বৰণৰ স্তুপটো, দেখাতো ধুনীয়া৷ বাওঁহাতে সামান্য আগলৈ ঘৰ এটা ওলাই আছে৷ চৌহদত কেইবাখনো বৌদ্ধ পতাকা৷ নৈপৰীয়া বতাহত হালিছে-জালিছে৷ চেঁচা বতাহজাকৰ আক্ৰমণৰ পৰা বাচিবলৈ টুপীটো তললৈ টানি কাণ দুখন ভালকৈ ঢাকি ল'লোঁ৷

সোঁহাতে নাতিদূৰত দ্বিতীয়খন ওলমা দলঙৰ ওখ খুঁটাবোৰৰ অংশবিশেষে দৃষ্টিত ধৰা দিছে৷ নামনিলৈ নমাৰ আগতে শীৰ্ষৰ পৰাই দেখা পাই আছিলোঁ দলংখন৷ অনুমান ঠিকেই আছিল যে সেইখনেৰেই আমি অলপ পাছত পাৰ হ'ব লাগিব য়াৰগ্যাপ চু৷ হেঙিং ব্ৰীজ বুলিলেই বেলেগ ধৰণৰ আনন্দ, উন্মাদনা, শিহৰণ এটা মোৰ মনলৈ অহাটো অৱশ্যম্ভাৱী৷ এইবাৰো তাৰ অন্যথা নহল৷ সেইদিশে আগ বাঢ়ি গৈ থাকোঁতে বিহলঙনি এগালমান ওলাল৷ আচৰিতেই লাগিল বিহলঙনিৰ বিশালতা দেখা পাই৷ তামৰঙী বিহলঙনিডৰা কঁকাল পৰ্যন্ত ওখ৷ খোজ পেলাওঁতে গাত কোবাই গৈছে৷ তাৰ মাজে মাজে লিক্‌ চাই চাই এখোজ-দুখোজকৈ আমি আগুৱাইছোঁ৷ কিবা লুকাই থাকিলেও ধৰা নাযায়৷ সাৱধানে গৈ থাকি দলঙৰ নিকটৱৰ্তী মূৰটোত উপস্থিত হ'লোঁ৷

দলঙৰ গুৰিত থিয় দি আটাইৰে নিৰীক্ষণ চলিছে৷ বেছ পুৰণি দলং এইখন৷ চাৰিডালকৈ লোৰ ৰছীৰ ওপৰত তক্তা পৰা আছে৷ ঠায়ে ঠায়ে পচিছেও৷ লোৰ ৰছীত খামুচি খুপি খুপি পুনৰবাৰ পাৰ হ'ম য়াৰগ্যাপ্‌ চু৷ ভৰি নিদিওঁতেই জাগি উঠিছে অনাবিল আনন্দ৷ আৰামছে আগুৱাই নৈৰ সোঁমাজত ৰলোঁ৷ ফটো কেইখনমান তুলিলোঁ৷ দৰাচলতে মনৰ কেমেৰাৰে যিমানবোৰ ধৰি ৰাখিছোঁ তাৰ তুলনাত এইবোৰ নগণ্য হ'ব৷ তথাপি ক্লিক কৰিছোঁ, আনক দেখুৱাবলৈকে৷ ফটফটীয়া পানীৰে নৈখনৰ শিলভৰা তলিখন দেখা গৈ আছে৷ পাৰ হৈ কাষৰ পৰিষ্কাৰ ঘাঁহনিত এখন্তেক বহিবৰ মন গ'ল৷ দৃশ্য উপভোগৰ লগতে বনৰীয়া ফুলৰ আৰণ্যক ঘ্ৰাণ ললোঁ৷ দেহা-মন শাঁত পেলোৱাৰ অন্তত এসময়ত আটায়ে পকী পথত ভৰি দিলোঁহি৷ যাওঁতে গৈছিলোঁ এটা বাটেদি, ঘূৰি আহিলোঁ অন্য এটাৰে৷ প্ৰায় ৩ ঘণ্টীয়া চাৰ্কুলাৰ ট্ৰেকিং-হাইকিং হৈ গ'ল পুৰণি গোম্পা দৰ্শনৰ সুযোগতে৷ পৰ্বতৰ পাদদেশত দুখন সাঁকোৰে দুবাৰ পাৰ হ'বলৈ পালোঁ সৌন্দৰ্যময়ী য়াৰগ্যাপ চুখন৷ এইখিনিৰ পৰা অাগলৈ উপত্যকাটো ক্ৰমাৎ ঠেক হৈ পৰাটো লক্ষ্য কৰিছোঁ৷

মেন্‌-চু-খাৰ কাষৰীয়া নৈসৰ্গিক দৃশ্যপট চৌদিশে লৈ আমি ঘাঁহনিত বহি জীৱনৰ নিৰ্ভেজাল আনন্দ উপভোগ কৰি থাকোঁতেই গাড়ীচালক পুলিন গগৈ আমাক এৰি গুচি গ'ল৷ উদ্দেশ্য বলেৰ'খন এইফালে যিমান পাৰি আগুৱাই অনা৷ তিনিআলি এটাত ৰাস্তাৰ দাঁতিত তেওঁ দলটোৰ বাবে গাড়ীসহ অপেক্ষাৰত হৈ থাকিল৷ পকা ৰাস্তাটোৰ সিপাৰে প্ৰকল্প এটাৰ অন্তৰ্গত নিৰ্মীয়মান ঘৰ কিছুমান৷ কাম চলি আছে৷ চাংঘৰৰ আৰ্হিত শাৰী শাৰীকৈ সজ্জিত আৰ.চি.চি. ঘৰকেইটা আৰু ল'কেচনটো ভাল লাগিল৷ পিছফালে বৰফাবৃত্ত পৰ্বতৰ লানি, সন্মুখত নৈ, কাষত পাইন বনাঞ্চল৷ সামান্য কোণীয়াকৈ সোঁহাতে পৰ্বতৰ ওপৰত গোম্পা, ৪০০ বছৰ পুৰণি! আন্তৰ্জাতিক সীমান্তৱৰ্তী এইখিনি ঠাইত থাকিবলৈ খুব মজা হ'ব৷ অলপ দূৰ খোজ কাঢ়ি আমি আহি পোৱাৰ পাছত গাড়ীত নিজ নিজ আসন অধিকাৰ কৰাৰ প্ৰচেষ্টা চলিল৷ হাতত ৰৈ যোৱা অৱশিষ্ট কমলা টেঙাটোকে ভাগ-বতৰা কৰি তৃষ্ণা নিবাৰণৰ চেষ্টা কৰা হল৷ সম্পূৰ্ণ এঘণ্টা লাগিল পুৰণি গোম্পাৰ পৰা এইখিনি পোৱালৈকে৷


No comments:

Post a Comment