Tuesday, 28 November 2017

দিন চাৰি  ৷৷ খণ্ড ২১

জি.টি.এল.ৰ পাকঘৰৰ চৌকাটোক কেন্দ্ৰ কৰি আজিও চলিছে সন্ধিয়াৰ সুমধুৰ আড্ডা৷ গেবু আৰু নানাও একেলগে বহিছে৷ নিজা দৃষ্টিভংগী, ভাবনা, অনুভূতিপ্ৰকাশক কথা-বতৰাবোৰে পৰিৱেশটো গমগমীয়া কৰি তুলিছে৷ পাৰ হৈ যোৱা দিনটোত কোন কেনি গ্'ল, ক'ত কি দেখিলে, কিহে কাক মোহিত কৰিলে তাৰে পৰ্যালোচনা, প'ষ্টমৰ্টেম৷ নামৰূপৰ যুৱকদ্বয়ৰ সৈতে Zarko Vodinelio নামৰ ৬০ ঊৰ্ধ্বৰ ক্ৰ'ৱেচিয়ানজন ইয়াৰ পৰা প্ৰায় পোনে পােনে পাছফালে পৰ্বতৰ ওপৰত জিলিকি থকা, MENCHUKHA আখৰকেইটাৰ গুৰি পালেগৈ৷ শিখৰত উঠি চালে তেওঁলোকে য়াৰ্‌গ্যাপ চুৰ অৱবাহিকা৷ আমিও চালোঁ, তাতোকৈ অধিক উচ্চতালৈ উঠি, তাতোকৈ বেছি দূৰত্বৰ পৰা৷ দিগন্তত উজলি আছিল তেতিয়া বৰফৰ দীঘলীয়া লানি৷ প্ৰশস্ত উপত্যকাটোৰ দৃশ্যৰাজিয়ে আটাইৰে মনত গভীৰ দাগ কাটিলে, জীৱনৰ অনাগত সময়ছোৱাৰ বাবে৷

মই নানাৰ কাষত বহিলোঁ৷ তাই চাহ খাই আছে৷ চাহেই হৈছে মানৱ জাতিৰ আটাইতকৈ ডাঙৰ পানীয় খাদ্য৷ আচৰিত হলোঁ, আন কাকো নুসুধি বা নাযাচি মোলৈ চাই লাহেকৈ মাত দিলে... 'আপ চ্যায় পীয়েগা না দাদা?' খাম বুলি উত্তৰ দিবলৈ নাপালোঁৱেই, তাই কৈ উঠিল... 'আপোনাক মেম্বা চাহ খুৱাম দেই৷' তাৰ পাছত একাপ নহয়, দুকাপকৈ খুৱালে মেম্বা টি৷ মেম্বা লোকসকলৰ এক ধৰণৰ থলুৱা সংস্কৰণ এয়া৷ চাহপাত, মাখন আৰু নিমখ মিহলোৱা বিশেষ স্বাদৰ চাহবিধত চুমুক দি গ'লোঁ৷ মনত পৰিল ৱালঙত প্ৰাতঃভ্ৰমণলৈ ওলাই যাওঁতে সঞ্জু আৰু মই খাবলৈ পোৱা মেয়ৰ টিলৈ৷ বৰণত অমিল হ'লেও সোৱাদটোচোন নানাহঁতৰে মিলে! তাতো মিহলাইছিল মাখন আৰু সামান্য পৰিমাণৰ নিমখ৷ বৰণটো আছিল ঈষৎ সেউজীয়া৷

গৃহিণীগৰাকীয়ে মাজে মাজে উঠি গৈ ইটো-সিটো কাম কৰিলে৷ ৰূপা, চাংগেহঁতক কিবাকিবি দিহা-পৰামৰ্শ আৰু নিৰ্দেশো দি থাকিল৷ জুইৰ উত্তাপ শৰীৰত লৈ আমি বিভিন্ন বিষয়ৰ কথা-বতৰাত নিমগ্ন হলোঁ৷ সমজুৱাৰ গিৰ্জনি মৰা হাঁহিয়ে মাজে মাজে মেন্‌-চু-খাৰ গহীনতাক চূৰমাৰ কৰি গ'ল৷

'য়ে দেখিয়ে, গ্ৰীণ মেন্‌-চু-খা৷' নানাই তাইৰ ম'বাইল ফোনত মোক দেখুৱাব ধৰিলে মেন্‌-চু-খাৰ সেউজ-সুন্দৰ ফটোগ্ৰাফ কিছুমান৷ মানুহৰ মুখত শুনো, ভূস্বৰ্গ আখ্যায়িত কাশ্মীৰৰ ৰূপ হেনো দুটা৷ গ্ৰীণ কাশ্মীৰ আৰু হুৱাইট কাশ্মীৰ৷ ইয়ালৈ আহি এইমাত্ৰ নানাৰ পৰা জানিলোঁ আৰু দেখিলোঁও যে মেন্‌-চু-খাৰ দুটা ক'ত, চাৰিটা বেলেগ বেলেগ ৰূপ আছে! গ্ৰীষ্মত সেউজীয়া৷ এতিয়া ছাইবৰণীয়া৷ ইয়াৰ পাছত হ'ব ক'লা৷ তুষাৰপাতৰ সময়ত হৈ পৰিব বগা৷ শুভ্ৰ হিম-শিখৰেৰে চৌদিশ আবৃত্ত বিশেষ সাজ-সজ্জা দেখি বহুতেই মেন্‌-চু-খাক হিন্দুস্তানৰ চুইজাৰলেণ্ড বুলি অভিহিত কৰিব বিচাৰে৷ অৰুণাচলৰ গৌৰৱ এই মেন্‌-চু-খা৷ বিবিধতাৰে ভৰপূৰ৷ অনেক কথাই এতিয়াও অজানা হৈয়ে আছে৷ 'যি দেখিছোঁ, মেন্‌-চু-খা চাবলৈ তাৰ মানে চাৰিবাৰ আহিব লাগিব আপোনাৰ ঘৰলৈ?' নানালৈ চাই এনেকৈ কোৱাত তাই হাঁহি মাৰি 'হাঁ' বুলি ক'লে৷ শব্দটোত লুকাই থকা গৌৰৱখিনি মই সহজেই হৃদয়ংগম কৰিব পাৰিলোঁ৷ নিজৰ ঠাইখনক লৈ, স্থানীয় মানুহখিনিক লৈ ফুটনি মাৰিব পৰাকৈ ভাগ্যৱান ইহঁত৷ অতিথি শুশ্ৰূষাত নাম্বাৰ ৱান৷

কুমাৰী সৌন্দৰ্যৰ আঁকৰ অৰুণাচল প্ৰদেশৰ অনুপম প্ৰাকৃতিক শোভাৰ মনোলোভা তথ্যবোৰ এতিয়া মাথো ৰাজ্যখন বা উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিবেৰতে সীমাবদ্ধ হৈ থকা নাই৷ ভাৰতৰ লগতে বিদেশতো সুকীয়া দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে অপৰ্যাপ্ত প্ৰচাৰ আৰু বিশেষকৈ যাতায়াতৰ অভাৱ-অসুবিধা কিম্বা পুতৌজনক অৱস্থাৰ বাবেই বহুখিনি সম্পদ আজিও লোকচক্ষুৰ পৰা আঁতৰতে ৰৈছে৷ মৌলিক সুবিধাৰে পৰিপুষ্ট সুসংহত পৰ্যটন শিল্পই ৰাজ্যখনৰ থলুৱা ৰাইজৰ উপকাৰ সাধিব বুলি আমি আশা আৰু কামনা কৰিব পাৰোঁ৷ আনহাতে পৰ্যটনৰ প্ৰসাৰৰ নামত বাহিৰৰ ৰঘুমলা আহি যেন কেউফালে ছানি নধৰে সেইটোও সদা-লক্ষণীয় হোৱা উচিত৷ পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতাৰ সুৰক্ষা ভৱিষ্যৎ প্ৰজন্মৰ বাবে অতি দৰকাৰী কথা৷

অনেক চিন্তন-মননেৰে আপ্লুত হৈ আনন্দৰ মাজেৰে ভাত-পানী খালোঁ৷ তাৰ পাছতে নিজৰ কোঠাত সোমালোঁহি৷ ৰূমমেত দীপকদা ইতিমধ্যে কাটি হ'লেই! কাইলৈ পুৱাৰে পৰা পৰ্বত চফৰ কৰিব লাগিব একেলেথাৰিয়ে দুদিন ধৰি৷ শৰীৰত সঞ্চিত ৰাখিব লাগিব অদমনীয় শক্তি৷ চিন্তা কৰি দেখিলোঁ যে ৰাক্‌চেকটোৰ পৰা অপ্ৰয়োজনীয় বয়-বস্তুখিনি পৃথক কৰি লোৱাটো মোৰ বাবে এটা বুদ্ধিমানৰ কাম হ'ব৷ প্ৰয়োজনৰ ওপৰঞ্চি ওজন কঢ়িওৱাৰ কোনো দৰকাৰ নাই৷ আংগামী মোনাটোত সুমুৱাই অতিৰিক্তখিনি ইয়াতে এৰি থৈ যাম৷ ঘূৰি আহি আকৌ ভৰাই ল'লেই হ'ল৷

ঘড়ীৰ কাঁটা আগুৱাই আছে৷ ১১ বাজোঁ বাজোঁ৷ সিফালৰ পৰা গেবুৱে কাৰোবাক সিহঁতৰ দোৱানতে চিঞৰিছে৷ গহীন ৰাতি উচ্চস্বৰত ভাহি অহা বাক্যকেইটাৰ মাজৰে 'জেনেৰেটৰ' আৰু 'অফ্‌', এই শব্দ দুটা মই বুজি পালোঁ৷ অনুমান কৰিলোঁ যে গেবুৱে জেনছেটটো বন্ধ কৰিব এতিয়া৷ তাকে ঘৰৰ বাকীবোৰক জনাইছে৷ ব্যস্ততাপূৰ্ণ দিন এটাৰ অন্তত, নতুন পুৱা এটাৰ অপেক্ষাৰে খৰধৰকৈ টোপোলা সামৰি ময়ো দীপকদাৰ কাষতে বাগৰ দি দিলোঁ৷ দীপকদা তেতিয়ালৈ বেলেগ জগতত৷ নাকে ঘেঁ ঘেঁ কৰি আছে, খবৰেই নাই!



No comments:

Post a Comment