দিন চাৰি ৷৷ খণ্ড ১৬
গুৰু নানক সম্পৰ্কে বিভিন্ন কথা পঢ়িবলৈ পোৱা যায়৷ এবাৰ এঠাইত পাইছিলোঁ যে তিব্বতৰ এটা শিলৰ ওপৰত নানকৰ খোজৰ চিন আছে৷ নানকদেৱ যেতিয়া তিব্বতলৈ গৈছিল তেখেতৰ থালৰ পৰা চাউল কেইটামান ছিটিকি মাটিত পৰিছিল৷ চাউল য’ত পৰিছিল সেই সেই স্থানত ধানগছ গজি উঠিল আৰু ধান খেতি হ’ব ধৰিলে৷ অলৌকিক কাণ্ড!
সদ্যহতে ভোকে কল্মলাই আছে যদিও মিউজিয়ামত সজাই ৰখা ফটোবোৰ বৰ আগ্ৰহেৰে চাই গৈছোঁ৷ ফলকবোৰতো অনুসন্ধিৎসাৰে চকু ফুৰাই গৈছোঁ৷ এখন ফলকত নানক লামাৰ আৱিষ্কাৰ সম্পৰ্কে পঢ়িবলৈ পালোঁ৷
ৱে’ষ্ট চিয়াং জিলাৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত মেন্-চু-খাৰ ছেগাং ভিলেজৰ আৰ্মী আউট প’ষ্টত ১৯৮৫-৮৭ চনত কৰ্নেল (অৱসৰপ্ৰাপ্ত) দলবিন্দৰ সিং গ্ৰেৱালে মেজৰ হিচাপে কৰ্তব্য সম্পাদন কৰিছিল৷ এদিন মাজনিশা৷ দৰজাত কোনোবাই একেৰাহে খুব জোৰেৰে ঢকিওৱাৰ শব্দ শুনি সাৰ পাই গ’ল তেওঁ৷ কোন হ’ব পাৰে? এক মুহূৰ্ত চিন্তা কৰিলে৷ তাৰ পাছত সাহসেৰে দৰজাখন খুলি দিলে৷ দেখে যে তেওঁৰ সন্মুখত সেয়া আন কোনো নহয়, গাঁওখনৰ গাঁওবুঢ়াজন৷ কিংকৰ্তব্যবিমূঢ় গাঁওবুঢ়াই মেজৰক জনালে যে তেওঁৰ ল’ৰাটোৰ পেটত প্ৰচণ্ড বিষৰ তাড়না হৈছে৷ মৰোঁ মৰোঁ অৱস্থা৷ এতিয়াই চিকিৎসা আগ বঢ়াব লাগে৷ ডাক্তৰক মতাৰ আগতে মেজৰে নিজেই ল’ৰাটোক চাবলৈ ইচ্ছা প্ৰকাশ কৰিলে৷ ডাক্তৰজন কিছু আঁতৰত থাকে৷ লুংলুঙীয়া ৰাস্তাছোৱা বিপদসংকুলো৷ গতিকে তেওঁ নিজেই গাঁওবুঢ়াৰ সৈতে গাঁৱলৈ যাব বিচাৰিলে৷
গাঁওবুঢ়াই মেজৰক তেওঁৰ ঘৰলৈ নিলে৷ দুভাগত বিভক্ত কাঠৰ জুপুৰি এটা৷ সন্মুখৰ অংশত ৰন্ধা-বঢ়া কৰা হয়৷ কাষৰখিনিত মানুহ থাকে৷ তাতে তেওঁ বিষত কেঁকাই থকা অৱস্থাত ল’ৰা এটা দেখিলেগৈ৷ মেজৰ গ্ৰেৱালে যাওঁতে লগত বিষ উপশমকাৰী দৰৱ আৰু ডাইজিন্ টেবলেট্ কেইটামান লৈ গৈছিল৷ অসুস্থ ল’ৰাটোক তেওঁ ঔষধখিনি দিলে৷
সেই মুহূৰ্তত কাষতে থিয় হৈ আছিল এজন লামা৷ তেওঁ ল’ৰাটোলৈ চাই ঔষধখিনি নাখাবলৈ সকীয়ালে৷ লামাই তেনেকৈ কোৱাত মেজৰ আচৰিত হ’ল৷ অন্ধবিশ্বাসত নিমজ্জিত এলেকাটোৰ মানুহবোৰৰ জীৱন-যাত্ৰাৰ প্ৰতিটো খোজতে লামাসকলে পূৰ্বৰে পৰাই বিশেষ ভূমিকা লৈ আহিছে৷ মেজৰ বিপাঙত পৰিল৷ কৰিবলগীয়াও একো নাথাকিল৷

অলপ পাছতে লামাই অপদেৱতাৰ প্ৰভাৱ নাশ কৰিবলৈ এটা প্ৰাৰ্থনা আৰম্ভ কৰিলে৷ প্ৰথমে তেওঁ চাউল আৰু মাখনেৰে মূৰ্তি এটা সাজি উলিয়ালে৷ সন্মুখত ধূপ কেইডালমান জ্বলালে৷ তাৰ পাছত ঘণ্টা বজাই বজাই ‘নানক, নানক’ বুলি শব্দ কৰি আৰাধনা-মন্ত্ৰ পাঠত ৰত হ’ল৷ প্ৰাৰ্থনা শেষ কৰি অসুস্থ ল’ৰাটো শুই থকা বিছনাখনৰ ফালে ধূপৰ ধোঁৱা বোৱাই দিলে আৰু ‘ওঁ মণি পদ্মে হুম’ উচ্চাৰণ কৰিলে৷ তাৰ পাছত ল’ৰাটোক মেজৰে দিয়া ঔষধখিনি খাবলৈ ক’লে৷
লামাই নিৰ্মাণ কৰি লোৱা মূৰ্তিটোক লৈ মেজৰ গ্ৰেৱালৰ মনত অপাৰ কৌতূহল উদ্ৰেক হ’ল৷ লামাজনক তেওঁ সুধিলে... 'এয়া কাৰ মূৰ্তি তৈয়াৰ কৰা হৈছে?' লামাই উত্তৰ দিলে... 'নানক লামাৰ৷' মেজৰ আচৰিত হ’ল৷ তেওঁৰ গৃহভূমি পঞ্জাৱৰ পৰা প্ৰায় ২,০০০ কিল’মিটাৰ আঁতৰৰ এই ঘোঁকট এলেকা৷ এনে ঠাইত তেওঁলোকৰ আৰাধ্য গুৰু নানকদেৱক জনাটো কেনেকৈ সম্ভৱ? মেজৰে লামাজনক এই বিষয়ে আকৌ প্ৰশ্ন কৰিলে৷ লামাই উত্তৰত ক’লে… ‘আমি নানক লামাক আৰাধনা কৰোঁ৷ তেখেতক আমাৰ এজন গুৰু, ৰিন্প’চে বুলি জ্ঞান কৰোঁ৷ আমি তেখেতক অমৃতসৰৰ নানক লামা বুলিও কওঁ৷ দাৰ্গেলিং হিল্ত থকা আমাৰ গোম্পাত তেখেতৰ মূৰ্তিক পূজা কৰা হয়৷’
নিজৰ ৮গৰাকী গুৰুৰ ভিতৰত লামাসকলে ‘নানক লামা’ গুৰু নানকক সবাতোকৈ ডাঙৰ বুলি মানি আহিছে৷ মেন্-চু-খা উপত্যকাৰ সমীপস্থ পেমাচুবুৰ গুহা এটাত গুৰু নানকদেৱে ধ্যান কৰিছিল ৷ তাত থকা লামাসকলৰ সৰ্বোচ্চ গুৰুজনক সদুপদেশ দিছিল৷ সঠিক পথ নিৰ্দেশনাও দিছিল৷ সেয়াই তপোস্থান৷ বেছি দূৰত নহয়, ওচৰতে আছে৷ ফলকৰ এই কথাখিনি গম পাই চাবলৈ যাবলৈ মনটো লক্লকাই উঠিছে৷
ইফালে ছেগাং ভিলেজৰ গঞাৰ সহযোগিতাত ৫৪২ ফিল্ড বেটেৰীৰ মেজৰ ডি. এছ. গ্ৰেৱালে তাত গুৰুদ্বাৰ এটা সাজি দিছিল৷ ৫ মাউণ্টেইন ব্ৰিগেডৰ ফিল্ড কোম্পানীৰ ইঞ্জিনিয়াৰসকলে তালৈ পথ উলিয়াই দিছিল৷ পিছলৈ ১১ শিখ লাইট্ ইন্ফেণ্টৰি, ১৬ বিহাৰ ৰেজিমেণ্টকে ধৰি ৫ মাউণ্টেইন ব্ৰিগেড আৰু তাৰ সৈতে সম্পৰ্কযুক্ত বেটেলিয়ান, পদাতিক বাহিনীসমূহে গুৰুদ্বাৰটোৰ উন্নয়নমূলক আৰু প্ৰতিপালনজনিত কামবোৰ সমাপন কৰি যায়৷ শিখ বেটেলিয়ানে গুৰুদ্বাৰটোৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধে আৰু এক আকৰ্ষণীয় কাৰিকৰী নিৰ্মাণলৈ পৰিৱৰ্তন কৰে৷ ২ মাউণ্টেইন ডিভিজনে কেণ্টনমেণ্টৰ লগতে গুৰুদ্বাৰ পৰ্যন্ত পকী ৰাস্তা নিৰ্মাণ কৰে৷ ছেগাঙলৈ যোৱা ৰাস্তাটো অথনি থাৰগেলিং হিল্ টপৰ পৰা নমাৰ পাছতে এৰি থৈ আহিছোঁ৷
কোনেও ভাবিব নোৱাৰা এনে কিছু স্থানেৰে প্ৰসিদ্ধ বৃহত্তৰ মেন্-চু-খাক অৰুণাচল চৰকাৰে এতিয়া বিশ্বৰ পৰ্যটন মানচিত্ৰত প্ৰক্ষেপ কৰাত আন্তৰিকতাৰে ব্ৰতী হৈ আছে৷ দেশী-বিদেশী পৰ্যটকৰ সমাৰোহেৰে শেহতীয়াভাৱে অনুষ্ঠিত কৰি অহা হৈছে ৰাজ্যৰ ভিতৰতে ব্যাপক আৰু সমৃদ্ধতম পৰ্যটন মহোৎসৱ৷ চতুৰ্থ সংখ্যক আয়োজন এইটো মাহৰে ৭ৰ পৰা ৯লৈ সফলতাৰে হৈ গৈছে য়াৰ্গ্যাপ চুৰ পাৰে পাৰে৷ সঠিকভাৱেই কোৱা হৈছে... 'The beauty of Menchukha is second to none, and it must be promoted.'

No comments:
Post a Comment