Thursday, 23 November 2017

দিন চাৰি  ৷৷ খণ্ড ১৯

নদীৰ বুকুলৈ নামিবৰ বাবে কোনোবাই সাজি থোৱা কাঠৰ জখলাডালৰ লগতে প্ৰকাণ্ড পাথৰ দুটাৰ মাজৰ নাতিবৃহৎ ফাঁকটো, যাক সুৰংগ পথ বুলিব পাৰি, যিফালেৰে খুপি খুপি আগুৱাই দেম্‌ডাপৰ পাছে পাছে মৰণত শৰণ দি এইমাত্ৰ এইখিনিত ৰ'লোঁহি, তালৈ এপলক ঘূৰি নোচোৱাকৈ থাকিব নোৱাৰিলোঁ৷ বৰ থিয়কৈ সাজিছে জখলাডাল৷ সাৱধানে ভৰি নিদিলে বিপদ ঘটাৰ আশংকা সৰহ৷ আমি দুজনৰ বাদে এই সময়ত ইয়াত আৰু কোনো নাই৷ নৈখন সশব্দে ধাৱমান হৈছে নামনি অভিমুখে৷ পুৰণি গেদীয় শিলৰ তৰপত ভৰি দি পোনছাটেই দৃষ্টিগোচৰ হ'ল, নাতিদূৰৈত দুটা গাঁত! তাৰে এটা পানীৰে উপচি আছে৷ আনটোত পানী তাকৰ৷ অনুমান কৰিলোঁ, প্ৰতিটো গাঁতৰে ব্যাসাৰ্ধ ৫ কি ৬ ইঞ্চিমান হ'ব৷ গভীৰতা কিমান জনাৰ উপায় নাই৷

দেম্‌ডাপে মোক গাঁত দুটাৰ কাষলৈ নিলে৷ প্ৰথমটোলৈ আঙুলিয়াই কলে পানীভৰ্তি এই গাঁতটোত হাত ভৰাই চাওকচোন, ভিতৰত শিলগুটি কিছুমান আছেনে? ৱিণ্ডচিটাৰটোৰে সৈতে কিলাকুটিলৈকে সোঁহাতৰ আস্তিন কোঁচাই পেলালোঁ৷ কিমান বা দ! ভয় ভয়ো লাগিল, কিবা অপকাৰী কীট বা কেঁকোৰা আদি সোমাই থাকিব পাৰে বুলি৷ তথাপিও মৰসাহস কৰি দিলোঁ সুমুৱাই, যি হ'ব হ'ব ভাবি৷ অত্যন্ত চেঁচা লাগি গ'ল৷ মেন্‌-চু-খাৰ বৰফ গলা পানী৷ এই পানীৰ নিশ্চয় বিশেষ গুণাগুণ থাকিব৷ তলিত শিলগুটি কিছুমান থকাটো মিছা নহয়৷ খেপিয়াওঁতে গম পালোঁ আৰু দেম্‌ডাপৰ ফালে চাই উত্তৰ দিলোঁ হয় আছে৷ তেওঁ এইবাৰ কলে ঠিক আছে৷ এতিয়া সেইফালে অকণো নোচোৱাকৈ এটা মাত্ৰ শিলগুটি গাঁতৰ পৰা তুলি আনক৷ আৰু শুনক৷ আপুনি বুটলি অনা শিলগুটিটো যদি বগা হয়, তেনেহলে বুজিম যে আপোনাৰ মনটো পৰিষ্কাৰ, মানে চাফা৷ আনহাতে যদি কলা শিলগুটি উঠায়, তেন্তে ...৷

এটা পুৰণিকলীয়া, পৰম্পৰাগত বিশ্বাস৷ আমাৰ সমাজতো এনেকুৱা কিছুমান কথা-কাণ্ড আজিকোপতিও প্ৰচলিত নথকা নহয়৷ বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ কৰিলে সিবোৰৰ সাৰশূন্যতা একো নাই৷ মই নিজেও এইবোৰৰ পৰা শতযোজন নিলগত থকা বিধৰ্মী মানুহ৷ তথাপি ভাবিলোঁ, বাৰু গাইডে কৈছে যেতিয়া, হেঁপাহেৰে তেওঁ মোক এইখিনি পোৱালেহি যেতিয়া, কি হয় দেখা যাওকচোন বাৰু৷ তেওঁৰ মনটোৱেই সুখী হওক৷

দেম্‌ডাপৰ বাক্যটো শেষ হল কি নহল, অনুমানতে শিলগুটি এটা তলিৰ পৰা বুটলি আনিলোঁ আৰু মুঠি মাৰি ৰ'লোঁ৷ দেহা সিৰসিৰাই যোৱা ঠাণ্ডা পানীবোৰ টোপটোপকৈ সৰিব ধৰিছে৷ এতিয়া দেখুৱাওক৷ হাতখন মুঠি মাৰি থকা দেখি তেওঁ মোক নিৰ্দেশ দিলে৷ মুঠিটো লাহেকৈ খুলি দিলোঁ৷ চাওঁযে শিলটো বগা বৰণৰ! তাকে দেখি গাইডজনে মনত অদ্ভুত প্ৰসন্নতা অনুভৱ কৰা যেন মোৰ অনুমান হল, তেওঁৰ চকুৱে-মুখে ফুটি উঠা আভাসত৷ অচিনাকি-চিনাকি দুয়োৰে মাজৰ দূৰত্বটোও যেন আগতকৈ কমি আহিল, বিশ্বাস বাঢ়ি আহিল! 
মোৰ প্ৰতি দেম্‌ডাপৰ বেলেগ ধৰণৰ আন্তৰিক টান এটা উদ্ভৱ হ'ব ধৰিলে ইয়াৰ পাছৰে পৰা৷ কথাটো মই মন কৰি গ'লোঁ৷ অন্যান্য সংগীকেইজনে এইবোৰ একো গম নাপালে৷ কাকো কোৱাও নহ'ল৷

পঢ়িবলৈ পোৱামতে বজ্ৰযানী বৌদ্ধসকলে পাথৰৰ মাজত গোলাকাৰ কুণ্ড কিছুমান প্ৰস্তুত কৰিছিল৷ সেই কুণ্ডবোৰ পানীৰে পৰিপূৰ্ণ কৰি ৰখা হৈছিল৷ এনেবোৰ পৰম্পৰা ইয়াত দেখা পাই মনত এই ভাব হল যে তিব্বতৰ মহাযানী বৌদ্ধ সাধকসকল এসময়ত ইয়াত আছিলহি কিজানি৷ এই লৈ বিস্তৰ গৱেষণাৰ থল এতিয়াও নথকা নহয়৷ মেন্‌-চু-খালৈ আহি বৌদ্ধ আৰু শিখ ধৰ্মৰ মন কৰিবলগীয়া নিকট অৱস্থিতি তথা সংমিশ্ৰণ কিছুমান দেখি স্বাভাৱিকতে অতিশয় বিস্ময়-বিমুগ্ধ হৈ পৰিছোঁ৷ ভবাতকৈ অনেকগুণে সমৃদ্ধ মেন্‌-চু-খা অঞ্চলটো৷ কেৱল পৰ্বত, বৰফ, য়াৰগ্যাপ চুৰে সীমাবদ্ধ উপত্যকাই নহয়৷ ইয়াৰ পৰ্বতৰ গহ্বৰত কঠিন শিলৰ বুকুতো আছে জীৱনৰ স্পন্দন আৰু আশাবাদ৷ লুকাই আছে য়াৰগ্যাপ চুৰ পাৰৰ মানুহৰ সভ্যতাৰ চিৰশাশ্বত কাহিনী৷

সামগ্ৰিকভাৱে ইয়াত দেখিছোঁ চৌপাশে শান্ত, শীতল, গম্ভীৰ আৰু অন্তৰ্ভেদী নিমগ্ন ৰূপ৷ এনে ঠাইত পদাৰ্পণ কৰিলে মানুহৰ মন সৰস-সজীৱ নোহোৱাৰ কথাই নাই৷ বুজি পালোঁ যে এই নৈখনেই মূল পথৰ বেইলী ব্ৰীজৰ তলেৰে বৈ গুৰুদ্বাৰ চাহিবৰ পাছফালেৰে গৈছে৷ ওলমা সাঁকোখনৰ কাষতে মিলন ঘটিছে সিফালৰ পৰা অহা নৈখনৰ সৈতে, যাৰ পাৰত মিউজিয়ামটো আছে৷ বৰ্ষাৰণ্যৰ ফাঁকেৰে সামান্যভাৱে দেখা পোৱা আকাশখনলৈ চাই অনুমান কৰিছোঁ বিয়লিৰ সূৰ্যটোৰ অৱস্থান৷ বোঁৱতী পানীৰ অবিৰাম শব্দই জয়াল পৰিৱেশটো অধিক গহীন কৰি আনিছে৷ বিশাল অৰণ্য এখনৰ মাজত বিয়লিবেলা সোমাই আছোঁ দূৰণিৰ পৰা যোৱা আমি কেইজনমান সাধাৰণ পৰ্যটক৷

প্ৰমাণকাৰী বগা শিলগুটিটো পুনৰ গাঁতটোত পেলাই দিলোঁ৷ শিলে শিলে ইফালে-সিফালে খোজ পেলাই দৃশ্য চোৱাৰ অন্তত বেলেগ এটা বাটেৰে দীঘলীয়া কাঠৰ জখলা বগাই দেম্‌ডাপ আৰু মই নদীপৃষ্ঠৰ পৰা অলপ পাছতে উঠি আহিলোঁ৷ ওপৰ পাই চৌপাশ একেৰাহে নিৰীক্ষণ কৰিব ধৰিছোঁ৷ গুহাটোৰ পাছফালে পকী ষ্টেপকেইটামান ওপৰলৈ উঠি গৈছে৷ কেনি গৈছে নাজানো৷ লুংলুঙীয়া বাট এটাও পোনে পোনে আগলৈ গৈছে৷ ৰঙা, নীলা, সেউজীয়া, হালধীয়া, বগা কাপোৰ ইফালে-সিফালে ঢেৰ ওলমি আছে৷ সেইবোৰৰ তলে তলে পিটপিটাই ফুৰাৰ ইচ্ছা নোযোৱা নহয়৷ ৰঙা চকু দেখুৱাবলৈ আৰম্ভ কৰা সময়েহে অনুমতি নিদিলে৷

বল্‌জিন্দৰ সিঙে পুথি পাঠ কৰিব৷ ক'লে আমাক৷ এইটো তেওঁৰ নৈমিত্তিক দায়িত্ব আৰু কৰ্তব্য৷ সম্ভ্ৰম তথা বিনয়েৰে তেওঁ ইয়াকো জানিবলৈ দিলে যে এই কাৰ্য অাৰম্ভ কৰাৰ লগে লগে আমাৰ সৈতে তেওঁৰ কথা-বাৰ্তা, চলাচল বন্ধ হৈ পৰিব৷ সেয়েহে আগতীয়াকৈ বিদায় মাতষাৰ লগালে৷ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই পালকজনক তাতে এৰি থৈ তপোস্থানৰ পৰা আমিকেইজন গাড়ীখনলৈ উভতিলোঁ৷ বেলি ইতিমধ্যে লহিয়ালেই৷ শীতৰ পৰিমাণো বাঢ়ি আহিছে৷ পাহাৰখনৰ দেহাত কাটি নিৰ্মাণ কৰা ট্ৰেকটোৰে নামি আহি থাকোঁতে ভাবিলোঁ, বলজিন্দৰ সিং এতিয়া তপোস্থানত অকলে৷ এইহেন জয়াল পৰিৱেশটোত অকলে থাকিবলৈ মানুহটো কম সাহসী হ'ব লাগিবনে? 

৫ মিনিটৰ পাছতে পকা ৰাস্তা পাই গ'লোঁ৷ নিজৰ আসনত বহিবলৈ লৈ দেখোঁ যে ৰাজীৱ আৰু দীপকদা আগৰে পৰাই গাড়ীৰ ভিতৰত মজুত৷ তাৰ মানে এজনো নানামিল৷ চালকৰ আসনত বহা অৰূপদাই ধীৰে-সুস্থিৰে চকা আগুৱাই নি থাকিল৷ য়াৰলুং প'ষ্ট, গুৰুদ্বাৰ, তপোস্থান, পুৰণা গোম্পা... সত্য দৰ্শনৰ শাশ্বত ৰূপকথাবোৰ মোৰ মনলৈ ঘূৰি ঘূৰি আহি থাকিল টাৰ্নিংবোৰ ঘূৰি থকাৰ সমানে সমানে৷ মেন্‌-চু-খাৰ বিৰল সান্নিধ্যই জীৱন সাৰ্থক কৰা যেন অনুভৱ হ'ল৷


No comments:

Post a Comment