Thursday, 30 November 2017

দিন পাঁচ (২৯.১১.২০১৬, মঙলবাৰ) ৷৷ খণ্ড ১

পুৱা সোনকালতে উঠি কুহুমীয়া পানীৰে গা-পা ধুই সাজু হৈছোঁ৷ দৰকাৰ নপৰিব বুলি ভবা বস্তুবোৰ আৰু এৰি থৈ যাবলগীয়া কাপোৰ-কানিখিনি আমাৰ কোঠাতে মোনাত ভৰাই থলোঁ৷ ৰাজীৱ ট্ৰেকিঙত নাযায়৷ সোধাত কলে যে খোজ কঢ়াত তেওঁৰ সমস্যা আছে৷ সমস্যাতকৈ অনিচ্ছা যেনহে লাগিল, কাৰণ সেই পথ দুৰ্গম, সহজ নহয়৷ কালি Gompa Samden Choelingলৈ বগাওঁতেই খুব কষ্ট পোৱা যেন মই মন কৰিছিলোঁ৷ এতিয়া ট্ৰেকিং-হাইকিঙৰ বদলি সাহাৰ গাড়ীৰে স্থানীয় গাঁও এখনলৈ যাব, দেম্‌ডাপৰ সৈতে৷

মেন্‌-চু-খাৰ ভিতৰুৱা কোনোবা এখন গাঁও দৰ্শন কৰাৰ গোপন ইচ্ছা এটা মোৰো তীব্ৰভাৱেই আছিল৷ মই বিশ্বাস কৰোঁ যে গাঁও ভ্ৰমিলেহে অকৃত্ৰিমভাৱে গম পোৱা যায় স্থানীয় পৰিৱেশ, জীৱনশৈলী, খাদ্যাভ্যাস, কৃষ্টি-সংস্কৃতি, অতীত-বৰ্তমান-ভৱিষ্যৎ ইত্যাদি ইত্যাদি৷ পিছে অৰণ্যগমন আৰু জংঘলবাস যিহেতু নিশ্চিতভাৱে অধিক ৰোমাঞ্চকৰ হবই হ'ব, সেয়ে এইটোতহে গুৰুত্ব দিয়া হল আৰু ট্ৰেকিং-কেম্পিঙলৈ ওলালোঁ৷ কোনোবাইযে কৈছিল, The forest call each and everyone of us. Only a certain few hears the call, কথাষাৰেও সপক্ষে সমৰ্থন যোগালে৷ মেন্‌-চু-খাৰ ফৰেষ্টৰ আহ্বান! এনে সুযোগ কাৰ জীৱনলৈ আহে কিমান? চান্সটো নেৰাই ভাল বুলিয়ে মনটোৱে সোঁৱৰাই থাকিল বাৰে বাৰে৷

পুৱাৰে পৰাই বেলেগ ধৰণৰ খদম্‌দম চলিছে চৌহদটোত৷ গেবু, নানা, চাংগে, ৰূপাক অতিপাত কৰ্মব্যস্ত দেখা গৈছে৷ পাচলি কুটাই খচাখচ পাচলি কুটিছে, ৰুটি বেলাই ঘপাঘপ ৰুটি বেলিছে, চাহ বকাই চাহ বাকিছে৷ ৮ বজাত হমষ্টেৰ মুক্তাংগনত কুঁৱলীৰ আৱেষ্টনীত সকলোৰে বাবে ব্ৰেক্‌ফাষ্ট সজাই দিয়া হল৷ ইয়াত এইটোৱে ৰীতি৷ চাহ, মেগী নুডল্‌ছ, ফ্ৰাইড্‌ ৰাইচ্‌, ৰুটি-তৰকাৰি, টেংগা আদি কেইবাবিধো খাদ্য যাচিছে৷ চোতালখনত উদূলি-মুদূলি পৰিৱেশ৷ যেন এভাৰেষ্টাৰসকলহে ওলাইছে হিমালয়লৈ বুলি! ময়দাৰে তৈয়াৰী টেংগা নামৰ তিব্বতী খাদ্যটো জীৱনত এই প্ৰথমবাৰ খাবলৈ পালোঁ মই৷ পুৱা সোনকালে শয্যা ত্যাগ কৰাৰ পাছত পাকঘৰত জুইৰ গুৰিত বহি ৰূপা আৰু নানাক লক্ষ্য কৰি আছিলোঁ, কেনেকৈনো সিহঁতে এইটো বস্তু প্ৰস্তুত কৰে চাওঁচোন বুলি৷ মৰ্নিং স্পেচিয়েল৷’ মোৰ উৎসুকতা দেখা পাই তেতিয়াই জনাইছিল নানাই৷ নিৰামিষাহাৰীৰ বাবে তৈয়াৰ কৰা হৈছে বোলাত কৌতূহলৰ মাত্ৰাটো আৰু অলপ চৰি গৈছিল৷ জল্পনা-কল্পনাৰ ওৰ পেলাই এতিয়া খালোঁ৷ খাই ভালেই লাগিলচোন৷

পুৱাৰ আহাৰ গ্ৰহণ কাৰ্য এসময়ত সকলোৰে সুকলমে সমাপ্ত হল৷ ৮.৩০ বজাত গেবুজ ট্ৰেডিচনেল্‌ লজৰ পৰা আমি ওলাম বুলি আগতেই সময় নিৰ্দিষ্ট কৰা আছে৷ মোৰ পিঠিত ৰাক্‌চেক্‌৷ ডিঙিত কেমেৰাটো৷ ৰূমটো বন্ধ কৰি নানাহঁতক মাত লগালোঁ৷ সংগীসৱ ইতিমধ্যে অদৃশ্য হলেই৷ খৰখেদাকৈ আহি আহি অন্তিমত গৈ থকা জয়ন্তদা আৰু গেবুক লগ ধৰি পেলালোঁ৷ আগে আগে অৰূপদা আৰু শিৱদেব৷ আমাৰ গাড়ী দুখনে আমি যাব লগা দিশত বয়-বস্তুৰে সৈতে দলটোক কিছুদূৰ আগ বঢ়োৱাৰ কথা আছিল৷ এই ৫জনক বাদ দি অন্যসকল ইতিমধ্যে সেই ব্যৱস্থাৰেই ট্ৰেকিং স্পটলৈ ৰাওনা হল৷ আমিহে কিয় জানো, ৰৈ গ'লোঁ! সি যি কি নহওক, সদস্যসকলৰ উৎসাহ দেখিহে তবধ মানিলোঁ৷ ভালো লাগিল মনে মনে৷

দক্ষিণলৈ যোৱা পকা ৰাস্তা এটাৰে পদব্ৰজে একেৰাহে ওপৰলৈ উঠি গৈ আছোঁ আমিকেইজন৷ জি.টি.এল.ৰ পৰা বহুদূৰ পালোঁহি৷ জোঙা আৰু উকা পৰ্বতবোৰ ক্ৰমাৎ ওচৰ চাপি আহি আছে৷ উশাহ-নিশাহো ঘন হৈ আহিছে৷ জয়ন্তদাক ক'লোঁ... 'নিবলৈ গাড়ী আহিবই যেতিয়া আমি এনেকৈ গৈ থকাটো উচিত হোৱা নাই দাদা?' কথাটো চিন্তা কৰি গোটেইকেইজনেই এঠাইত ৰৈ দিলোঁ৷ বাট চাই থাকিলোঁ আনবোৰক থৈ গাড়ী দুখন ঘূৰি অহালৈ৷

দালি পুৱা৷ পুৱাবেলাৰ মেন্‌-চু-খাখনৰ সৌন্দৰ্যই দুৰ্গম যাত্ৰাটোৰ আৰম্ভণিতে মনটো ভাল লগাই দিছে৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰী কিছুমানৰ আহ-যাহ চলিছে৷ বাটে বাটে সিহঁতবোৰৰ লগত শিশুসুলভ চুপতি কৰি গৈছোঁ৷ কণল'ৰা এটাক পালোঁ, নাকৰ সোঁফালৰ ফুটাটোৰে শেঙুন এসোঁতা ওঁঠৰ ওপৰেৰে নামি আহি মুখখনত তাৰ এই সোমাওঁ, এই সোমাওঁ৷ বুদ্ধি কৰি তাক ৰখাই সেইটো অৱস্থাতে স্নেপ এটা লৈ থলোঁ৷ পাছত বিভিন্নজনৰ কাৰণে হাঁহিৰ খোৰাক হ'ব এই ছবিখন৷ লেক অফ্‌ ন ৰিটাৰ্ণলৈ যাওঁতে নংকি বস্তিত একে অৱস্থাত থকা শিশু এটাৰ ফটো তুলিছিলোঁ৷ মাজে মাজে এতিয়াও চাওঁ আৰু ৰস লওঁ৷ মনতে ভাবোঁ, এতিয়া আনৰ স্নেপ ল'লে কিডাল হ'ব, সৰুকালত আমাৰ গতিও এনেকুৱাই আছিল৷ অজলা, নিষ্পাপ এই দেৱশিশুবোৰৰ মাজত নিজকে বিচাৰি পোৱা যায়৷

ভাৰতৰ পূব প্ৰান্তৰ সূৰ্য উঠা দেশ অৰুণাচল প্ৰদেশ ট্ৰেকিঙৰ বাবে বিশেষভাৱে জনাজাত, আকৰ্ষণীয় আৰু আগ বঢ়া ৰাজ্য৷ মেন্‌-চু-খা, টাৱাং, বমডিলা, আল, ডাপৰিজ, পাচিঘাট আৰু শ্বাক্কু এইক্ষেত্ৰত উল্লেখনীয়৷ মেন্‌-চু-খাত কৰা ট্ৰেকিং অভিযানেৰেই পৰ্বতাৰোহণৰ পাতনি মেলিছিল বুলি অসমৰ দ্বিতীয়জন এভাৰেষ্ট আৰোহী মনীষ কুমাৰ ডেকাই এভাৰেষ্টত বিশ মিনিট কিতাপৰ 'দুআষাৰ'ত প্ৰথম বাক্যটোতে উল্লেখ কৰি থৈছে৷ দীৰ্ঘদিনীয়া সপোনৰ পম খেদি আমিও আহি পাইছোঁ সেই মেন্‌-চু-খা৷ 

ইয়াত কেইবাটাও ট্ৰেক আছে৷ সহজ, মধ্যমীয়া আৰু কঠিন তিনিও ধৰণৰ ট্ৰেকেই উপলব্ধ মেন্‌-চু-খাৰ আশে-পাশে৷ সেইবিলাকৰ ভিতৰত গেবুৱে আগতীয়াকৈ আমাক জনোৱামতে মেন্‌-চু-খা-য়াৰ্‌লুং ইণ্টাৰনেছনেল বৰ্ডাৰলৈ ২৫ কিলমিটাৰ দূৰত্বৰ ট্ৰেকিং কৰিব পাৰি৷ অৰুণাচলৰ ভিতৰতে অতি সুন্দৰ জলাশয় Pasang Sonam Tso চীন সীমান্তত অৱস্থিত৷ মধ্যমীয়া সেই ট্ৰেকিঙৰ বাবে ২ নিশা, ৩ দিন লাগে৷ তাৰ ওচৰতে ২ ঘণ্টা পদচালনাৰ অন্তত পেন্‌চাং নামে অন্য এটা লেকো আছে৷ Tso মানে সৰোবৰ৷ আনহাতে Laৰ অৰ্থ গিৰিপথ৷ Damjeenla হৈছে উচ্চতালৈ কৰা এটা কঠিন পদপথ৷ সেইটো অতিক্রম কৰিবৰ বাবে ৪ দিন, ৩ নিশাৰ প্ৰয়োজন৷ ৫-৬ দিনীয়া উক্ত ট্ৰেকিং-কেম্পিং কষ্টকৰ যদিও যথাস্থানত উপনীত হোৱাৰ পাছত পৰ্বতৰ বুকুত বনৰীয়া ফুলৰ বৰ্ণময় বাগিচা আৰু ঔষধি গছ-গছনি দেখা পোৱা যায়৷ তাৰ তুলনাত বুম্‌জিপাংগা ব্ৰীজেৰে দেৰ্‌জিলিং হিল্‌টপলৈ কৰা Menchukhala ট্ৰেকিং সহজ যাত্ৰা৷ দেশ-বিদেশৰ পৰা মেন্‌-চু-খালৈ অহা বিভিন্নজন ভ্ৰমণকাৰীয়ে এদিনীয়া সেই পদচালনাটোক ভাৰতবৰ্ষৰ ভিতৰতে এটা উৎকৃষ্ট ট্ৰেকিং ডেষ্টিনেচন বুলি অভিহিত কৰিছে৷ জি.টি.এল.ত বাহৰ পাতি থকা বিদেশীজন কালি সেইবাটেই গৈছিল৷ সেইটো পথত বাট বুলিলে ওপৰৰ পৰা মেন্‌-চু-খা টাউনখন সম্পূৰ্ণভাৱে দেখাৰ উপৰি নৈ, গাঁও, পৰ্বত শিখৰ, ঘাঁহনিত ঘোঁৰা চৰি থকা ইত্যাদি দৃশ্য চাবলৈ পোৱা যায়৷ তদুপৰি ফটো তোলাৰ কাৰণেও মনোগ্ৰাহী লকেচন কিছুমান আছে৷ Shingyongla ৩ দিন, ২ নিশাৰ পদচালনা৷ Tokakla ট্ৰেকিং ধুনীয়া আৰু কোনো সমস্যা নোহোৱাকৈ যাব পৰা এটা পদপথ৷ ২ নিশা, ৩ দিনজোৰা সেই পদযাত্ৰাৰ অন্তত ডাপৰিজৰ ৰায় ভিলেজ্‌ দেখা পোৱা যায়৷ আমি এদিনীয়াকৈ যিমান দূৰ পাৰোঁ ট্ৰেকিং কৰি গভীৰ অৰণ্যত এৰাতি কটোৱাৰ ইচ্ছা প্ৰকাশ কৰাত Shingyongla ট্ৰেক্‌টোকে বাছি লোৱা হল৷ মেন্‌-চু-খাত আলহী হোৱা গেবুজ ট্ৰেডিচনেল্‌ লজৰ পৰা মুখামুখিকৈ দেখি থকা পৰ্বতমালাৰ অভ্যন্তৰত সামান্য কৌণিকভাৱে উক্ত ট্ৰেকৰ অৱস্থিতি৷


No comments:

Post a Comment