দিন চাৰি ৷৷ খণ্ড ১৪
ভগ্নপ্ৰায় বাটেদি এনেকৈয়ে ৭জনীয়া দলটো হালি-জালি নামি আহি থাকোঁতেই গুৰুদ্বাৰৰ গে’টখনে সন্মুখত ধৰা দিলে৷ ২ বাজি ৩৫ মিনিট গৈছে৷ পথৰ সোঁ দাঁতিত গাড়ীখন ৰখোৱা হ’ল৷ নামিলোঁ আটায়ে৷ বাঁওহাতে প্ৰৱেশস্থলত নানকৰ ছবিৰে সৈতে গুৰু-পৰবৰ সুদৃশ্য বেনাৰ এখন৷ নানকৰ জন্মজয়ন্তী ইয়াত ধুমধামেৰে পালন কৰা হয়৷ গুৰুদ্বাৰলৈ গুট্খা, চাধা, চিগাৰেট আৰু মদ নিয়া নিষেধ৷ কাষতে থিয় হৈ থকা অন্য ফলক এখনে সাৱধান-বাণীষাৰ শুনাই আছে৷ তেনেবোৰ ঝামেলা আমাৰ অৱশ্যে নাই৷ গতিকে উৎসুকতাপূৰ্বক উদ্দেশ্য আগত ৰাখি মই ক’লোঁ… ‘ব’লক সোমাই যাওঁ, ভাগ্যত কি মিলে দেখা যাওক৷’
বাৰম্বাৰ লগ ধৰিলোঁ যদিও ৰাজীৱ মান্তি নহ’ল৷ 'মই গাড়ীতে শুই-বহি থাকিম, আপোনালোক যাওকচোন' বুলি আমাক যাবলৈ ক’লে৷ খুব ভাগৰ লাগিছে তেওঁৰ৷ ভোকেও লেবেজান কৰি আনিছে নিশ্চয়৷ অথনি পুৰণি গোম্পা Samden Yanchaলৈ উঠোঁতে যথেষ্ট কষ্ট হৈছে ৰাজীৱৰ৷ ৰৈ ৰৈ একেবাৰে শেষত, আমাতকৈ বহুবেলিৰ পাছতহে শিখৰ ওলাইছিলগৈ৷ এতিয়াও সন্দেহ হৈছে তেওঁৰ, আকৌ কিমানবা উঠা-নমা কৰিব লাগিব! ৰাজীৱ নিজৰ সিদ্ধান্তত অটল হৈ ৰ'ল৷ উপায় নাই৷ মন নগ'লেও তেওঁক তাতে এৰি থৈ বাকীসৱে খোজ ল’লোঁ৷ গাড়ীৰ পৰা নামি যাতে অকলে কেনিও নাযায় তাৰ বাবে সকীয়াই দিলে দীপকদাই৷
সোমাওঁতেই Happy Gurupurab বুলি লিখা শব্দযুগলৰ ওপৰত গুৰু নানকৰ অৰ্থৱহ ছবিখন বেনাৰত দেখাৰ লগে লগে এঠাইত পঢ়া তাৎপৰ্যপূৰ্ণ কাহিনী এটা মোৰ মনত পৰিল৷ এবাৰ নানকে ব্যৱসায়ী বন্ধু এজনৰ স্বাৰ্থকেন্দ্ৰিক কামৰ প্ৰতি অত্যধিক আসক্তি দেখা পাই তেওঁক ক’লে… ‘আমাৰ দুয়োৰে বয়স হৈ আহিছে৷ তুমি এই বেজীটো ৰাখি থোৱাচোন৷ পৰলোকত মোৰ দৰকাৰ হ’ব৷ মৃত্যুৰ পাছত মোক ঘূৰাই দিবা৷’ বন্ধুৱে বহুপৰ চিন্তা কৰিলে৷ কাৰণ নানক এজন সিদ্ধ-পুৰুষ৷ তেওঁৰ কথাৰ যথাৰ্থতা আছে৷ মনে মনে আকৌ ভয়ো খালে, সঁচাকৈয়ে তেওঁলোক দুয়োৰে মৃত্যুৰ দিন চমু চাপিছে নেকি! তাৰ পাছত সেপ ঢুকি কোনোমতে ক’লে… ‘ক্ষমা কৰিবা৷ মই এইটো ৰাখিব নোৱাৰোঁ৷’ নানকে সুধিলে… ‘কিয়?’ বন্ধুৱে উত্তৰ দিলে… ‘তুমিতো জানাই, মৃত্যুত আমি দেখোন একোৱেই নিব নোৱাৰোঁ৷’ নানকে তেতিয়া বন্ধুৰ চকুলৈ চাই ক’লে… ‘আৰে, যদি তুমি জানাই যে পৰলোকত বেজী এটাও নিব নোৱাৰি, তেন্তে ইমান সম্পত্তিনো তোমাক কেলেই? তাতোকৈ আৰ্ত লোকক সহায় নকৰা কিয়?’
জীৱনযে শূন্য-জমাৰ খেল, বাহ্যিক সাফল্যযে জীৱনৰ প্ৰকৃত সম্পত্তি নহয়, নানকে তাকেই বন্ধুজনক সুন্দৰকৈ বুজাই দিলে৷ বুজাই দিলে যে জ্ঞান আৰু উপলব্ধিৰ পৰা অহা আন্তৰিক সাফল্যহে মানুহৰ আচল সম্পত্তি, জীৱনৰ সূচক৷ এনেবোৰ মহানুভৱ শিকনিৰ বাবেই গুৰু নানকজী কেৱল শিখসকলৰে নহয়, সমস্ত জগতৰে গুৰু আছিল বুলি কোৱা হয়৷
প্ৰৱল অনুসন্ধিৎসা বুকুত বান্ধি চিৰিৰে আমি নামি গ’লোঁ৷ তাৰ পাছৰখিনি ঘাঁহনিৰ মাজেৰে টিনৰ প্লেট্ পাৰি সৃষ্টি কৰা উৰণীয়া ফুটপাথেৰে৷ গে’টখন খোলাই আছিল৷ আগ বাঢ়ি গৈ থাকোঁতেই দেখা গ’ল ভাৰতীয় সেনাবাহিনীৰ লোকৰ উপস্থিতি৷ তললৈ পৰিষ্কাৰ চৌহদ এটা৷ ইফালে-সিফালে ৰঙচুৱা ফুল কিছুমান ফুলি জক্মকাই আছে৷ পাহাৰীয়া নৈ দুখনৰ সংগমস্থলত ঠাইটুকুৰা৷ শিলাময় নৈ দুখন দুফালে সশব্দে বৈ আছে৷ এখন পেমাচিবু, আনখন য়াৰগ্যাপ চু৷ সন্মুখত পোৱা ধেনুভিৰীয়া খট্খটিটোৰে নামি গৈ আছোঁ৷ বাঁওহাতে জোতাঘৰ এটা৷ নিয়মমাফিক জোতা-মোজা খুলি নিৰ্দিষ্ট জেগাত শৃংখলাবদ্ধভাৱে থোৱা হ’ল৷ চোতালখন ঠায়ে ঠায়ে পকী৷ সোঁফালে এটা আৰাম-গৃহ৷ বহিবৰ বাবে চকী-টেবুলেৰে সুন্দৰ ব্যৱস্থাপনা৷ এছ. জছবিন্দৰ সিং আটৱালৰ সোঁৱৰণত ২০১৬ চনত প্ৰসাধনথলীও সাজি দিয়া হৈছে৷ আজি পুৱাৰে পৰাই আমি অ'লৈ-ত'লৈ ঘূৰি ফুৰিছোঁ৷ এজন এজনকৈ বেছিনত হাত-মুখ ধুই পৰিষ্কাৰ আৰু সতেজ হৈ ল’লোঁ৷ তাৰ পাছত সন্মুখতে টাইলচেৰে ধুনীয়াকৈ সাজি থোৱা স্থানত দুভৰিও তিয়ালোঁ৷ পানীৰ স্পৰ্শটোৱে সতেজতা কেইবাগুণে বঢ়ালে৷ তাৰ পাছত ৰঙা কাৰ্পেটেৰে অনুসন্ধিৎসু মনেৰে খোজ দিলোঁ গুৰুদ্বাৰ চাহিবত প্ৰৱেশৰ বাবে৷
চলন্ত গাড়ীৰ ভিতৰত আমাৰ কথা-বতৰা তুংগত উঠিছে৷ আজিৰ তাৰিখত যুদ্ধ-বিগ্ৰহেৰে চীন দেশে অৰুণাচলৰ মেন্-চু-খা, মণিগং, কিবিথু, টাৱাং দখল কৰিব পাৰিবনে নোৱাৰে সেইটো খাটাংকৈ কোৱা নাযায়৷ 'কাগজত যিয়ে হৈ নাথাকক প্ৰেক্টিকেলি ভাৰত আৰু চীনৰ মাজত পূৰ্বৰ দৰে যুদ্ধ কেতিয়াও নহয়' বুলি ৰাজীৱে তাকচিং যাত্ৰাকালতে শুনাই থোৱা বিশ্লেষণ মোৰ মনত আছে৷ সাংবাদিকতাৰ সৈতে জড়িত ৰাজীৱ বিস্তৰ অধ্যয়নেৰে সমৃদ্ধ আৰু কিতাপ লেখা মানুহ৷ আগচিটত থকা দীপকদাই আকৌ চীনখন ইতিপূৰ্বে নিজেই ভ্ৰমি থৈছে৷ সিফালৰ খিৰিকীৰ কাষত বহি যোৱা প্ৰদীপদাই মাজে-মধ্যে গম্ভীৰ মন্তব্য দি গৈছে৷ চালকৰ আসনৰ পৰা অৰূপদায়ো আগলৈ-কাষলৈ সাৱধানী দৃষ্টি বুলাই সুযোগ বুজি নিজৰ ক'বলগীয়া কৈছে৷ এওঁলোকৰ সক্ৰিয় আৰু তথ্যভিত্তিক অংশ গ্ৰহণত আড্ডা পকি উঠিছে৷ কাণ থিয় কৰি শ্ৰোতাৰ স্থানত আছোঁ মই৷ পিছফালে দেম্ডাপ আৰু পুলিন, নিজৰ ভাবত নিমগ্ন৷
ভাৰতবৰ্ষৰ পূজা, দেৱালী, ফাকুৱা আদিকে ধৰি উৎসৱ-অনুষ্ঠানৰ সৈতে জড়িত সামগ্ৰীৰ বিশালাকাৰ বজাৰখন চীনে ইতিমধ্যে বাৰুকৈয়ে দখল কৰি ল’লেই! চীনা বস্তু বৰ্জনৰ শ্ল’গান সময়ে সময়ে আমি দি আহিছোঁ৷ ঘৰুৱা তালিকাখনলৈ চালেও দৈনন্দিনৰ এটা নহয় এটা সামগ্ৰীৰ দেহৰ কোনোবা নহয় কোনোবা অংগ-প্ৰত্যংগত ‘মেড্ ইন্ চাইনা’ মোহৰটো লাগি থাকেইচোন! সেই সামগ্ৰী নহ'লেই নচলে আমাৰ৷ মে'ক ইন ইণ্ডিয়াৰ জোকাৰণিয়ে তল পেলাব পৰা নাই সিবোৰৰ আগ্ৰাসন কিম্বা গ্ৰহণযোগ্যতা৷ ততোধিক কি, সৰ্বদিশতে অত্যাধুনিক প্ৰযুক্তিক আগস্থান দি অতিসম্প্ৰতি চীন দেশত শ্ৰমৰ গৰাকী হ’বলৈ ওলাইছে সঠিক ডিজাইন আৰু নিখুঁত প্ৰগ্ৰেমিংযুক্ত কাৰ্যদক্ষ ৰ’বট৷ ইমানেই আগ বাঢ়ি গ'ল চীন দেশ! এইফালে সীমা সমস্যা, অভ্যন্তৰীণ কন্দল, জাত-পাততে এতিয়াও ডুবি আছোঁ আমি! গণ্ডাই গণ্ডাই ইঞ্জিনিয়াৰ আছে, বিষয়া আছে, নেতা আছে, ৰাস্তাটোকেই দেখােন নহয়হে নহয়৷ তীৰ্যক বক্তব্যৰে ক্ষোভ উজাৰিলে দুজনমানে৷
ভাৰতবৰ্ষৰ পূজা, দেৱালী, ফাকুৱা আদিকে ধৰি উৎসৱ-অনুষ্ঠানৰ সৈতে জড়িত সামগ্ৰীৰ বিশালাকাৰ বজাৰখন চীনে ইতিমধ্যে বাৰুকৈয়ে দখল কৰি ল’লেই! চীনা বস্তু বৰ্জনৰ শ্ল’গান সময়ে সময়ে আমি দি আহিছোঁ৷ ঘৰুৱা তালিকাখনলৈ চালেও দৈনন্দিনৰ এটা নহয় এটা সামগ্ৰীৰ দেহৰ কোনোবা নহয় কোনোবা অংগ-প্ৰত্যংগত ‘মেড্ ইন্ চাইনা’ মোহৰটো লাগি থাকেইচোন! সেই সামগ্ৰী নহ'লেই নচলে আমাৰ৷ মে'ক ইন ইণ্ডিয়াৰ জোকাৰণিয়ে তল পেলাব পৰা নাই সিবোৰৰ আগ্ৰাসন কিম্বা গ্ৰহণযোগ্যতা৷ ততোধিক কি, সৰ্বদিশতে অত্যাধুনিক প্ৰযুক্তিক আগস্থান দি অতিসম্প্ৰতি চীন দেশত শ্ৰমৰ গৰাকী হ’বলৈ ওলাইছে সঠিক ডিজাইন আৰু নিখুঁত প্ৰগ্ৰেমিংযুক্ত কাৰ্যদক্ষ ৰ’বট৷ ইমানেই আগ বাঢ়ি গ'ল চীন দেশ! এইফালে সীমা সমস্যা, অভ্যন্তৰীণ কন্দল, জাত-পাততে এতিয়াও ডুবি আছোঁ আমি! গণ্ডাই গণ্ডাই ইঞ্জিনিয়াৰ আছে, বিষয়া আছে, নেতা আছে, ৰাস্তাটোকেই দেখােন নহয়হে নহয়৷ তীৰ্যক বক্তব্যৰে ক্ষোভ উজাৰিলে দুজনমানে৷
ভগ্নপ্ৰায় বাটেদি এনেকৈয়ে ৭জনীয়া দলটো হালি-জালি নামি আহি থাকোঁতেই গুৰুদ্বাৰৰ গে’টখনে সন্মুখত ধৰা দিলে৷ ২ বাজি ৩৫ মিনিট গৈছে৷ পথৰ সোঁ দাঁতিত গাড়ীখন ৰখোৱা হ’ল৷ নামিলোঁ আটায়ে৷ বাঁওহাতে প্ৰৱেশস্থলত নানকৰ ছবিৰে সৈতে গুৰু-পৰবৰ সুদৃশ্য বেনাৰ এখন৷ নানকৰ জন্মজয়ন্তী ইয়াত ধুমধামেৰে পালন কৰা হয়৷ গুৰুদ্বাৰলৈ গুট্খা, চাধা, চিগাৰেট আৰু মদ নিয়া নিষেধ৷ কাষতে থিয় হৈ থকা অন্য ফলক এখনে সাৱধান-বাণীষাৰ শুনাই আছে৷ তেনেবোৰ ঝামেলা আমাৰ অৱশ্যে নাই৷ গতিকে উৎসুকতাপূৰ্বক উদ্দেশ্য আগত ৰাখি মই ক’লোঁ… ‘ব’লক সোমাই যাওঁ, ভাগ্যত কি মিলে দেখা যাওক৷’
বাৰম্বাৰ লগ ধৰিলোঁ যদিও ৰাজীৱ মান্তি নহ’ল৷ 'মই গাড়ীতে শুই-বহি থাকিম, আপোনালোক যাওকচোন' বুলি আমাক যাবলৈ ক’লে৷ খুব ভাগৰ লাগিছে তেওঁৰ৷ ভোকেও লেবেজান কৰি আনিছে নিশ্চয়৷ অথনি পুৰণি গোম্পা Samden Yanchaলৈ উঠোঁতে যথেষ্ট কষ্ট হৈছে ৰাজীৱৰ৷ ৰৈ ৰৈ একেবাৰে শেষত, আমাতকৈ বহুবেলিৰ পাছতহে শিখৰ ওলাইছিলগৈ৷ এতিয়াও সন্দেহ হৈছে তেওঁৰ, আকৌ কিমানবা উঠা-নমা কৰিব লাগিব! ৰাজীৱ নিজৰ সিদ্ধান্তত অটল হৈ ৰ'ল৷ উপায় নাই৷ মন নগ'লেও তেওঁক তাতে এৰি থৈ বাকীসৱে খোজ ল’লোঁ৷ গাড়ীৰ পৰা নামি যাতে অকলে কেনিও নাযায় তাৰ বাবে সকীয়াই দিলে দীপকদাই৷
সোমাওঁতেই Happy Gurupurab বুলি লিখা শব্দযুগলৰ ওপৰত গুৰু নানকৰ অৰ্থৱহ ছবিখন বেনাৰত দেখাৰ লগে লগে এঠাইত পঢ়া তাৎপৰ্যপূৰ্ণ কাহিনী এটা মোৰ মনত পৰিল৷ এবাৰ নানকে ব্যৱসায়ী বন্ধু এজনৰ স্বাৰ্থকেন্দ্ৰিক কামৰ প্ৰতি অত্যধিক আসক্তি দেখা পাই তেওঁক ক’লে… ‘আমাৰ দুয়োৰে বয়স হৈ আহিছে৷ তুমি এই বেজীটো ৰাখি থোৱাচোন৷ পৰলোকত মোৰ দৰকাৰ হ’ব৷ মৃত্যুৰ পাছত মোক ঘূৰাই দিবা৷’ বন্ধুৱে বহুপৰ চিন্তা কৰিলে৷ কাৰণ নানক এজন সিদ্ধ-পুৰুষ৷ তেওঁৰ কথাৰ যথাৰ্থতা আছে৷ মনে মনে আকৌ ভয়ো খালে, সঁচাকৈয়ে তেওঁলোক দুয়োৰে মৃত্যুৰ দিন চমু চাপিছে নেকি! তাৰ পাছত সেপ ঢুকি কোনোমতে ক’লে… ‘ক্ষমা কৰিবা৷ মই এইটো ৰাখিব নোৱাৰোঁ৷’ নানকে সুধিলে… ‘কিয়?’ বন্ধুৱে উত্তৰ দিলে… ‘তুমিতো জানাই, মৃত্যুত আমি দেখোন একোৱেই নিব নোৱাৰোঁ৷’ নানকে তেতিয়া বন্ধুৰ চকুলৈ চাই ক’লে… ‘আৰে, যদি তুমি জানাই যে পৰলোকত বেজী এটাও নিব নোৱাৰি, তেন্তে ইমান সম্পত্তিনো তোমাক কেলেই? তাতোকৈ আৰ্ত লোকক সহায় নকৰা কিয়?’
জীৱনযে শূন্য-জমাৰ খেল, বাহ্যিক সাফল্যযে জীৱনৰ প্ৰকৃত সম্পত্তি নহয়, নানকে তাকেই বন্ধুজনক সুন্দৰকৈ বুজাই দিলে৷ বুজাই দিলে যে জ্ঞান আৰু উপলব্ধিৰ পৰা অহা আন্তৰিক সাফল্যহে মানুহৰ আচল সম্পত্তি, জীৱনৰ সূচক৷ এনেবোৰ মহানুভৱ শিকনিৰ বাবেই গুৰু নানকজী কেৱল শিখসকলৰে নহয়, সমস্ত জগতৰে গুৰু আছিল বুলি কোৱা হয়৷
প্ৰৱল অনুসন্ধিৎসা বুকুত বান্ধি চিৰিৰে আমি নামি গ’লোঁ৷ তাৰ পাছৰখিনি ঘাঁহনিৰ মাজেৰে টিনৰ প্লেট্ পাৰি সৃষ্টি কৰা উৰণীয়া ফুটপাথেৰে৷ গে’টখন খোলাই আছিল৷ আগ বাঢ়ি গৈ থাকোঁতেই দেখা গ’ল ভাৰতীয় সেনাবাহিনীৰ লোকৰ উপস্থিতি৷ তললৈ পৰিষ্কাৰ চৌহদ এটা৷ ইফালে-সিফালে ৰঙচুৱা ফুল কিছুমান ফুলি জক্মকাই আছে৷ পাহাৰীয়া নৈ দুখনৰ সংগমস্থলত ঠাইটুকুৰা৷ শিলাময় নৈ দুখন দুফালে সশব্দে বৈ আছে৷ এখন পেমাচিবু, আনখন য়াৰগ্যাপ চু৷ সন্মুখত পোৱা ধেনুভিৰীয়া খট্খটিটোৰে নামি গৈ আছোঁ৷ বাঁওহাতে জোতাঘৰ এটা৷ নিয়মমাফিক জোতা-মোজা খুলি নিৰ্দিষ্ট জেগাত শৃংখলাবদ্ধভাৱে থোৱা হ’ল৷ চোতালখন ঠায়ে ঠায়ে পকী৷ সোঁফালে এটা আৰাম-গৃহ৷ বহিবৰ বাবে চকী-টেবুলেৰে সুন্দৰ ব্যৱস্থাপনা৷ এছ. জছবিন্দৰ সিং আটৱালৰ সোঁৱৰণত ২০১৬ চনত প্ৰসাধনথলীও সাজি দিয়া হৈছে৷ আজি পুৱাৰে পৰাই আমি অ'লৈ-ত'লৈ ঘূৰি ফুৰিছোঁ৷ এজন এজনকৈ বেছিনত হাত-মুখ ধুই পৰিষ্কাৰ আৰু সতেজ হৈ ল’লোঁ৷ তাৰ পাছত সন্মুখতে টাইলচেৰে ধুনীয়াকৈ সাজি থোৱা স্থানত দুভৰিও তিয়ালোঁ৷ পানীৰ স্পৰ্শটোৱে সতেজতা কেইবাগুণে বঢ়ালে৷ তাৰ পাছত ৰঙা কাৰ্পেটেৰে অনুসন্ধিৎসু মনেৰে খোজ দিলোঁ গুৰুদ্বাৰ চাহিবত প্ৰৱেশৰ বাবে৷
১৯৮৭ চনৰ ১২ ফেব্ৰুৱাৰীত মেজৰ হিচাপে কৰ্মৰত দলবিন্দৰ
সিং গ্ৰেৱাল আৰু ২৩৭ ইঞ্জিনিয়াৰ ৰেজিমেণ্টৰ দ্বাৰা এই গুৰুদ্বাৰটোৰ আধাৰশিলা প্ৰতিষ্ঠা
কৰা হৈছিল৷ উক্ত বছৰৰে মাৰ্চ মাহত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয়৷ ২৩৭ ইঞ্জিনিয়াৰ ৰেজিমেণ্ট
(৪৬২ আৰু ৪২০ কোম্পানী), ১১৭ ইঞ্জিনিয়াৰ ৰেজিমেণ্ট (৫৯৬ আৰু ৪৪৮ কোম্পানী), ১১ শিখ
লাইট্ ইন্ফেণ্টৰি (ডি., চি. আৰু এ’. কোম্পানী)য়ে পূৰ্বতে ইয়াত সেৱা আগ বঢ়াই গৈছে৷ ২০১০ চনৰ
আগষ্ট মাহত শিখ লাইট্ ইন্ফেণ্টৰিৰ প্ৰথম বেটেলিয়ানৰ কামাণ্ডিং অফিছাৰ কৰ্নেল কিৰিট
নায়াৰ, চুবেদাৰ মেজৰ হীৰা সিং প্ৰমুখ্যে সৈনিকসকলে গুৰুদ্বাৰথলীৰ দৃষ্টিনন্দন উন্নয়ন সাধে৷
No comments:
Post a Comment