Wednesday, 8 November 2017

দিন চাৰি  ৷৷ খণ্ড ৫


দুপাৰৰ সমতল উপত্যকা অঞ্চল অতিক্রম কৰাৰ পাছত পৰ্বতৰ শৰীৰত ট্ৰেক এটা দেখা পাইছোঁ৷ বগা কাপোৰ কিছুমানো লগে লগে আছে, ৰছীত ওলমি৷ ট্ৰেক্‌টো ক্রমে ওখলৈ উঠি গৈছে৷ পিছৰছোৱা নেদেখি৷ সেইটোৱেই আমি অনুসৰণ কৰিবলগীয়া বাট৷ হেঙিং ব্ৰীজৰ পৰা বৌদ্ধ মন্দিৰটোলৈ ৭ কিলমিটাৰমান হব বুলি দেমডাপে ক'লে৷ অনুমান কৰিলোঁ, গাড়ী এৰাৰ পাছত প্ৰায় আধা ঘণ্টা খোজ পেলোৱাৰ মূৰকত আমি গোম্পাটো থকা এই পৰ্বতখনৰ পাদদেশত উপস্থিত হৈছোঁহি৷

অলপ আগতে ৰঙা, নীলা, বগা, সেউজীয়া, হালধীয়া আদি বিভিন্নৰঙী অসংখ্য কাপোৰৰ টুকুৰাৰে উপচি থকা স্তুপ এটা পাই আহিছোঁ৷ ১৬ বৰ্গফুট জোখৰ দেৱাল আৰু কাঁটা তাঁৰৰ বেৰেৰে ঘেৰি থোৱা হৈছে স্তুপটো৷ মানুহ-দুনুহ নাই৷ পাৰ হৈয়ে জনপ্ৰাণীহীন আৰু তলাবন্ধ কাঠৰ ঘৰ এটা পালোঁ৷ টিনপাতত মামৰে খাইছে৷ খিৰিকীকেইখন খোলা, আইনা এখনো নাই৷ এই স্থানত এনেকুৱা এটা ঘৰ সজাৰ কি মানে থাকিব পাৰে? নাজানিলোঁ৷ নিৰ্জনতাত হ'মষ্টে' চলিলহেঁতেন কিজানি৷ ভাবি ভাবি লাহে লাহে আগুৱাব ধৰিছোঁ৷ বাটটো ভেটি ক'লা বৰণৰ মেঠোন এজনী পোৱালিসহ চৰি আছে৷ মাকজনীয়ে মূৰ দাঙি চালে আমালৈ৷ দৃষ্টিত অচিনাকি ভাব৷ হৈ-চৈ কৰাত একাষৰীয়া হ'ল৷

লুংলুঙীয়া বাটটোৰে উঠি যোৱাত আৰম্ভণিতে ওলাল পকী ষ্টেপ কেইটামান৷ দেখাতে কয় যে এইবোৰ কেতিয়াবাতে নিৰ্মাণ কৰা হৈছিল৷ একেৰাহে বগাই বগাই উশাহ ঘন হৈ পৰিছে৷ ৰৈ দি তললৈ চাইছোঁ৷ উলম্ব আৰোহণৰ মাজে মাজে সুবিধা বুজি জিৰাইছোঁ আৰু দৃশ্য উপভোগ কৰিছোঁ৷ মোৰ আগত থকা অৰূপদাৰ সৈতে অপেক্ষা কৰিছোঁ সংগীসকল অাহি পোৱালৈ৷ অপূৰ্ব, অনিৰ্বচনীয় নৈসৰ্গিক শোভাই হৃদয় জুৰ পেলাইছে৷ দূৰত দেখা দি থকা এয়াৰক্রাফ্‌ট লেণ্ডিং ষ্ট্ৰীপ, তলত এৰি থৈ অহা নৈ আৰু ওলোমা দলং, পাইন গছ আৰু কাঁইটীয়া জোপোহাৰ সমাৰোহ, অৱবাহিকাত অথনি পাই অহা টিনপাত দিয়া কাঠৰ ঘৰবোৰে মন মুহিছে৷ নাতিদূৰৰ বৃক্ষহীন আৰু বৃক্ষপূৰ্ণ পৰ্বতমালাৰ সংমিশ্ৰণে পুনৰবাৰ ভবাই তুলিছে৷ আকাশৰ পৰাহে যেন চাই আছোঁ তললৈ! সোণবৰণীয়া উপত্যকাটোত এখন ৰূপালী কাপোৰ পাৰি থোৱাৰ দৰে লাগিছে নৈখন৷ ঠিক যেন অকোৱা-পকোৱা গামোচা এখন, বালিত মেলি থোৱা আছে’ গীতত গীতিকাৰে উল্লেখ কৰা বৰ্ণনাৰে সঁচাৰূপ!

আঃ মেন্‌-চু-খা...! যথোপযুক্ত শব্দ-বাক্যৰে ব্যাখ্যা কৰিব নোৱাৰা সৌন্দৰ্য-সঁফুৰা বিচাৰি পোৱাৰ সফলতাত প্ৰতিজনেই উত্ৰাৱল হৈ পৰিলোঁ৷ কিৰীলি পাৰিছোঁ, উকিয়াইছোঁ, খুবমতে৷ 'ইস্‌ ইমান ওখ! নাযাওঁ দেই' বুলি তলতে পৰি-নমস্কাৰ জনাই ইয়ালৈ নহাকৈ উভতি গুচি যোৱা হলে কিযে হেৰুৱালোঁহেঁতেন! ৰবাৰ্ট লুই ষ্টিভেন্‌চনৰ উক্তি এটা মনলৈ আহি গ'ল৷ Find out where joy resides and give it a voice far beyond singing. For to miss the joy is to miss all.’ ভ্ৰমণৰ এনেকুৱা আনন্দপূৰ্ণ মুহূৰ্তবোৰত পুৰণা সংগীকেইজনলৈ মোৰ সদায়ে মনত পৰে আৰু খুব বেজাৰ লাগে, এইকাৰণেই যে তেওঁলোক আজি কাষত নাই৷ এতিয়াও একেটা অনুভূতিয়ে সজোৰে খুন্দিয়ালেহি৷ অৰুণদাইতো পেপাৰত খোলাখুলিকৈ ঘোষণাই কৰি দিছিল, 'আমাৰ পৰৱৰ্তী লক্ষ্যস্থান মেন্‌-চু-খা' বুলি৷ এইখনেই সেই মেন্‌-চু-খা৷ আটাইকেইজনৰ মাজত এই লক্ষ্য কেৱল মইহে ভেদ কৰিব পাৰিলোঁ৷ ভবাৰ লগে লগে আত্মসন্তুষ্টিৰ সমানে সমানে বেজাৰৰ মাত্ৰাটোও আপোনা-আপুনি বাঢ়িব ধৰিলে৷ দুৰ্ভাবনা গুচাবলৈ গা-মূৰ জোকাৰি অন্যফালে দৃষ্টিপাত কৰাৰ বাদে গত্যন্তৰ নাথাকিল৷


বৌদ্ধ মন্ত্ৰ লিখা অসংখ্য পতাকা আৰু ৰঙীন কাপোৰ কিছুমান বতাহত নিজমনে দুলি আছে৷ আমিও আপোনমনে বিচৰণ কৰি আছোঁ৷ উচ্চতাত মৃদু বতাহে কোবাইছে আৰু আগতকৈ অধিক শীতলতা সঞ্চাৰ কৰিছে৷ বুলড'জাৰে কাটি ৰখা ৰাস্তা এটা ওলাল৷ এইটোৱে দেমডাপে অথনি কোৱা, ছেগাং গাঁৱৰ ফালৰ পৰা উঠি অহা নিৰ্মীয়মান ৰাস্তা৷ সম্পূৰ্ণ কেতিয়া হ'বগৈ নাজানো৷ ৰাস্তাটো হৈ গ'লে গাড়ী ইয়ালৈকে উঠি আহিব৷ তেতিয়া আৰু আমাৰ দৰে কোনেও কষ্ট কৰি পাহাৰ বগাব নালাগিব৷ পৰ্বতাৰোহণৰ নিৰ্ভেজাল আনন্দ অৱশ্যে নিশ্চিতভাৱে হেৰুৱাব লাগিব৷ তেনে হোৱাটো মনে সমৰ্থন নকৰেচোন৷ 'ৰাস্তাটো এনেকৈয়ে থাকক নেকি দাদা!' এইবুলি কৈ অৰূপদালৈ কেঁৰাকৈ চালোঁ৷

প্ৰস্তাৱিত এই পথ নামৰ ওখোৰা-মোখোৰাডোখৰৰ সিপাৰে কাঠৰ জখলা এডাল পাতি থোৱা আছে৷ ওপৰত উঠি যোৱাৰ বাবে শ্বৰ্টকাট! সেইডাল বগাই শান্তি আৰু অহিংসাৰ প্ৰতীকস্বৰূপ বুদ্ধ ধ্বজাবোৰৰ তলেৰে গোম্পালৈ বুলি এখোজ-দুখোজকৈ শাৰী পাতি অগ্ৰসৰ হলোঁ প্ৰদীপদা, অৰূপদা আৰু মই৷ ৰাজীৱ আৰু দীপকদা এতিয়াও ওলোৱাহিয়ে নাই৷ লাহে লাহে উঠি আছে দুয়ো৷ কষ্ট হৈছে চাগৈ৷ পুলিন তেওঁলোকতকৈ কেইফুটমান আগত আছে৷ পুলিনৰ আগত দেমডাপ৷ আমি চোতাল গৰকিবলৈ উদ্যত হৈছোঁ৷

বৌদ্ধ মন্দিৰত সোমালে এক ধৰণৰ প্ৰশান্তি অনুভূত হয় মোৰ মন গহনত৷ ইয়ালৈ আহিও সেই অনুভূতি হল৷ কষ্ট কৰি তলৰ পৰা ওপৰলৈ ভালেমান উচ্চতা বগাই আহিছোঁ৷ তৎসত্ত্বেও এলেকাটোত পদাৰ্পণ কৰাৰ লগে লগে ভাগৰ কেনিবা পলাই ফাট মাৰিলে৷ শান্ত-সমাহিত পৰ্বতশিখৰ পাই নিজৰ শাৰীৰিক-মানসিক সক্ষমতাকণ আজিৰ তাৰিখলৈকে ঠিকেই থকা বুলিয়ে নিশ্চিতি লভিলোঁ৷ কাইলৈহে পিছে আচল পৰীক্ষা চলিব৷ কাৰণ পদচালনা হ'ব দুৰ্গমতা অভিমুখে৷ ট্ৰেকটোনো কেনি আছে, এই মুহূৰ্তত একো গম পোৱা নাই৷ সেউজীয়াৰ পৰিশীলিত ৰূপ দৰ্শনাৰ্থে অতিমাত্ৰাই ব্যাকুল হৈ আছোঁ৷

শিখৰথলী সামান্য সমতল৷ জনমানৱশূন্য, নিৰিবিলি৷ মালভূমিসদৃশ এই স্থানতে প্ৰতিষ্ঠা কৰা হৈছে গোম্পাটো, যাৰ নাম Gompa Samden Yancha৷ অৰুণাচলৰ বিখ্যাত টাৱাং মনাছটাৰীৰ সমসাময়িক অৰ্থাৎ ৪০০ বছৰৰো অধিক পুৰণি এই বিহাৰ৷ ওপৰ পায়ে কোনফালে কি আছে চৰজমিন দৃষ্টিপাতৰ লগতে ঘূৰি-পকি ফুৰিলোঁ৷ মেন্‌-চু-খাৰ ফালে মুখ কৰিয়েই থৰ হৈ যোৱাৰ পাল৷ অপূৰ্ব দৃশ্য! এনেতে থিয় গৰাৰ তলৰ পৰা ধীৰ খোজেৰে দীপকদাৰ আবিৰ্ভাৱ ঘটিল৷ ৰাজীৱ এতিয়াও দৃশ্যপটত নাই৷ এপাকত ফোঁপাই-জোপাই অনেক পলমকৈ ওলালহি যেনিবা৷


No comments:

Post a Comment