দিন চাৰি ৷৷ খণ্ড ১২
সেনাৰ সৈতে হাত মিলাই বিদায় লোৱাৰ পাছত গাড়ী চলিব ধৰিলে নামনি অভিমুখে৷ অতি গুৰুত্বপূৰ্ণ সীমা সুৰক্ষা কাৰ্যৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এইফালৰ ৰাস্তাবোৰ৷ পিছে যিহে অৱস্থা! কেতিয়াকৈনো জানো মসৃণ আৰু সুচল হৈ উঠিব! ঠাইবিশেষে শিল কাটি পথ উলিওৱা হৈছে৷ হ'লেও তীব্ৰবেগী সোৱণশিৰিখনৰ পাৰে পাৰে তাকচিংগামী পথটোৰ তুলনাত, লোহিতৰ পাৰে পাৰে শিলাময় পৰ্বতৰ দাঁতিৰে কাহোলৈ আগ বঢ়া ৰাস্তাটোৰ তুলনাত এইটো দিশে পথ নিৰ্মাণৰ প্ৰত্যাহ্বান ইয়াত নৈ নাথাকিলেও কম নহয় যেনেই লাগিল৷ ঘন জংঘলৰ মাজত এঠাইত এটা কালভাৰ্ট সাজি থকা হৈছে৷ এঠাইত আকৌ ৰাস্তাৰ ওপৰেদিয়ে নিৰ্বিঘ্নে নামি গৈছে জুৰি৷ সীমান্তৰ অদমনীয় উত্তেজনা আৰু হেঁপাহত অথনি তেনেই মন কৰা নহ'ল৷ এইফালৰ পৰ্বতসমূহৰ পৰা নামি অহা প্ৰতিটো জান-জুৰিৰে লক্ষ্য য়াৰগ্যাপ চু৷ অৰুণাচলৰ পাহাৰৰ পৰা নামনিলৈ নমা সমস্ত জলৰাশি অসমভূমিত ব্ৰহ্মপুত্ৰৰে বৈ বংগোপসাগৰত বিলীন হৈছে৷
পানীৰ চহকী উৎসৰে অতি সমৃদ্ধ হেতুকে তিব্বতক ‘এচিয়াৰ জলস্তম্ভ’ বুলি কোৱা হয়৷ প্ৰকৃতিয়ে ইয়াত অদ্ভুত ধৰণে পানী সঞ্চয় কৰি ৰাখে৷ জাৰকালি পৰ্বতৰ দেহত বৰফৰ ৰূপত সংগ্ৰহ কৰি থয়৷ জহকালত সেই বৰফ গলাই নৈ-নিজৰাৰে জলধাৰা বোৱাই দিয়ে৷ ২০১৫ চনত তিব্বতে ৪,০০,০০০ টনতকৈও অধিক প্ৰাকৃতিকভাৱে বিশুদ্ধ জল-সম্পদ উৎপন্ন কৰিছিল৷ তাৰে সুযোগ লৈ চীন দেশে প্ৰথমবাৰৰ বাবে তিব্বতৰ পৰা দেশৰ বিভিন্ন অংশলৈ পেয়জল সৰৱৰাহ কাৰ্য আৰম্ভ কৰিছে৷ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ ৰাজধানী লাছাৰ পৰা পূব প্ৰান্তৰ ঝিজিয়াং প্ৰদেশৰ নিংবু মহানগৰীলৈ বটলত ভৰোৱা পানী ৰে’লযোগে কঢ়িয়াই নিয়া হৈছে৷ আক্ষৰিকভাৱে মেন্-চু-খাৰ অৰ্থ ঔষধি গুণ থকা বৰফৰ পানী থকা অঞ্চল যদিও ইয়াত ইয়াৰ পানী কোনেও কেনিও তেনেকৈ পৰিৱহণ কৰি থকা ইমানখিনি ভ্ৰমিও আমি এতিয়ালৈ দেখা নাইপোৱা৷ সাধাৰণভাৱেই অনৰ্গল বৈ গৈ আছে য়াৰগ্যাপ চুৰ পানী৷ তাৰ মানে আমাৰ জল-সম্পদে প্ৰকৃত স্থান পাবলৈ অৰ্থাৎ ধন-সম্পদলৈ ৰূপান্তৰিত হ’বলৈ আজিও বহুত বাকী!
পুৱাতে গেবুৱে কৈছিল, অৰুণাচলৰ ভিতৰতে সুন্দৰ জলাশয়টো আছে এইফালৰ চীন সীমান্তত৷ ফটোও দেখুৱাইছিল৷ নামটো কৈছিল Pasang Sonam Tso৷ Tso মানে সৰোবৰ৷ গিৰিপথক La বুলি কোৱা হয়৷ গেবুৱে জনোৱা মতে সীমান্তত পেন্চাং নামে অন্য এটা লে'কো আছে৷ কঠিন পদপথেৰে হাবি ভাঙি খোজ কাঢ়ি কেইবাদিনো গৈ থকাৰ মূৰকত পোৱা যায় সুন্দৰৰো সুন্দৰ সেই স্পটবিলাক য'লৈ আঙুলিৰ মূৰত লেখিব পৰা সংখ্যক মানুহহে গৈ পাইছে৷ প্ৰকৃতিৰ বুকুত লুকাই থকা উক্ত অৱস্থানকেইটালৈ আমাক নিবলৈ মানুহটোৰ ভীষণ আগ্ৰহ৷ মেন্-চু-খাৰ অভ্যন্তৰত লুকাই থকা এইবোৰ বিচাৰি উলিয়াই দুঃসাহসী পৰ্যটকক দেখুওৱাত ওস্তাদ, দুৰ্দান্ত Explorer আৰু Adventurer প্ৰকৃতিৰ লোক গেবু চোনা, যাৰ ঘৰত আমি বাহৰ পাতিছোঁ৷ আজি সন্ধিয়াৰ টীম মিটিঙত নিৰ্দিষ্ট হ'ব কাইলৈ পুৱা কোন দিশে খোজ চলিব৷ আগতে ঘৰ গৈ পাই লওঁ৷ সদ্যহতে খাদ্যৰ চিন্তা৷
আমাৰ দৰে ক্ষমতাহীন, নগণ্য, সাধাৰণ মানুহবোৰৰ বাবে যিহেতু এই পথ সদ্যহতে নিষিদ্ধ বুলি গম পালোঁৱেই, সেয়ে সীমান্তৰ উত্তেজনা হৃদয়ত শাম নাকাটিলেও সৰ্বসন্মতিক্ৰমে গাড়ীখন ইয়াতেই ঘূৰাই ল’বলৈ উদ্যত হ’ল অৰূপদা৷ পুৱাৰে পৰা বাট বুলি বুলি য়াৰ্লুং প'ষ্টত লক্ষ্মণৰেখা চুই পালোঁ৷ চিলাপথাৰৰ পৰাই কদমত উঠি আহি থকা অশ্বমেধৰ ঘোঁৰাসদৃশ শুভ্ৰৰঙী বলেৰ'ৰ অগ্ৰগতিও ইমানতে ৰোধ হ'ল৷
১৯৬২ চনত চীন-ভাৰতৰ যুদ্ধৰ সময়ত চাইনীজ পি.এল.এ.ই বিভিন্ন পথেৰে সৈন্যদল পঠাইছিল৷ তাৰ ভিতৰত মেন্-চু-খা গিৰিপথো আছিল অন্যতম৷ সীমান্তত বাহৰ পাতি নিৰ্দেশৰ অপেক্ষাত ৰৈছিল চীনা জোৱানসকল৷ আনফালে সীমা-কাষৰীয়া অঞ্চলসমূহত ভাৰতবৰ্ষৰ প্ৰশাসন যন্ত্ৰ আছিল অত্যন্ত দুৰ্বল৷ ফলস্বৰূপে চীনে এই এলেকাসমূহত ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবলৈ পূৰ্ণ সুবিধা লাভ কৰিলে৷ মেক্মোহন ৰেখাৰ পৰা চিয়াং ফ্ৰণ্টিয়াৰ ডিভিজনৰ মেন্-চু-খাৰ ফালে প্ৰায় ১০০ কিল’মিটাৰ ভিতৰলৈ প্ৰায় বিনাবাধাই সোমাই আহি চীনা সৈন্যই নেফাৰ প্ৰতিৰক্ষা শক্তি নিষ্ক্ৰিয় কৰি পেলালে৷ ভাৰতীয় সৈন্যবাহিনীৰ দুটা বেটেলিয়ানক সেই সময়ত মেন্-চু-খাতে ঘেৰি ধৰি বেয়াকৈ বিধ্বস্ত কৰি পেলোৱা হৈছিল৷ পৰ্বতবোৰ বৰফে আৱৰি থকাত সৈনিকসকল ঘূৰি যাব নোৱাৰিলে৷ যুদ্ধবিধ্বস্ত মেন্-চু-খা মহকুমাত ভাৰতীয় সৈন্যই য’তে-ত’তে পেলাই যোৱা ৩০৩ ৰাইফল, কাৰ্বাইন, এল.এম.জি., হাতবোমা আদি অস্ত্ৰ-শস্ত্ৰবোৰ পিছত চীনা জোৱানৰ দ্বাৰা সংগ্ৰহ কৰি লোৱা হৈছিল৷ চীনে একপক্ষীয়ভাৱে যুদ্ধবিৰতি ঘোষণা কৰাৰ সময়ত ৩,৪৮৮ কিল'মিটাৰজোৰা লাইন অফ্ এক্চুৱেল কণ্ট্ৰ'ল (এল.এ.চি.)ৰ দুয়ো পাৰে ২০ কিল’মিটাৰ পৰ্যন্ত অঞ্চল নিউট্ৰেল জ’ন হিচাপে ঘোষণা কৰিছিল৷ অৰুণাচলত লক্ষ্য কৰা অজস্ৰ ভাৰতীয় সেনা-জোৱানৰ বলিদানক লৈ বিশ্ববিশ্ৰুত শিল্পী ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰা, কণ্ঠদান কৰা যুগজয়ী গীতটো আচম্বিতে মনলৈ আহিল৷ য়াৰ্লুং প'ষ্টৰ কাষৰে-পাজৰে জংঘললৈ চালেই সহজে দৃষ্টিত পৰা ভিন্নৰঙী পাতৰ অচিন গছবোৰলৈ চাই চাই আপোনমনে গুণ্গুণাই উঠিলোঁ ‘কত জোৱানৰ মৃত্যু হ’ল...’৷
ৰাস্তা সমাপ্ত৷ এতিয়া ওভতনি যাত্ৰা কৰিব লাগে জি.টি.এল. অভিমুখে৷ 'চ্যায় পীকে যাইএ৷' সীমান্ত চকীত আমাক চাহ খাই যাবলৈ সেনা জোৱানে সানুনয়ে অনুৰোধ জনালে৷ ইফালে ভোক লাগি আছে আটাইৰে৷ নিগনি দৌৰিছে পেটত৷ চাহৰ সলনি গৰম পানীকে খুজিলে ৰাজীৱে৷ পূব হিমালয়ৰ পাদদেশত অৱস্থিত পৰ্বতৰ গহ্বৰত সোমাই ঠাণ্ডায়ো শৰীৰত খোঁচা-বিন্ধা কৰি আছে৷ অফিছাৰৰ নিৰ্দেশত আথে-বেথে পানীৰ যোগান ধৰিলে এজন জোৱানে৷ 'এতিয়া আৰু দেৰি কৰাৰ সকাম নাই৷ প্ৰত্যাৱৰ্তনৰ চিন্তা কৰা হওক, যাতে বাটত পাই অহা গুৰুদ্বাৰটোত সোমাবগৈ পাৰোঁ৷ অন্যথা পলম হৈ যাব৷ অসময় হ’লে তাত হয়তো মিলিবলগীয়া ভাতসাঁজো নিমিলিব৷ লঘোণে-ভোকেই গুচি যাব আজিৰ দিনটো! চেষ্টা এটা কৰি চোৱাত আপত্তি কিহৰ?' আঁকোৰ-গোঁজালি নেৰিলোঁ মই৷

১৯৫৯ চনৰ এপ্ৰিল মাহত ১০,০০০ অনুগামী লৈ তিব্বতৰ ধৰ্মীয় শাসক দালাই লামা চীনৰ ভয়ত ভাৰতলৈ পলাই আহিছিল৷ সেই সময়তে ভালেমান তিব্বতীয় ভগনীয়া য়াৰ্লুঙৰ নিকটৱৰ্তী ল’লা গিৰিপথেদি আহি মেন্-চু-খাত প্ৰৱেশ কৰিছিল৷ তাৰে সৰহসংখ্যক লোকক আকাশীযানেৰে পঠাই দিয়া হৈছিল তেজুলৈ৷ ১৫০ জনমান মেন্-চু-খাত ৰৈ গৈছিল৷ তাৰে কিছুমানক ৬২ৰ যুদ্ধৰ সময়ত চীনা সৈন্যই তিব্বতলৈ ঘূৰাই লৈ গৈছিল৷ সেই তিব্বতীয় ভগনীয়াবোৰ আহোঁতে বস্তু-বাহানি বোজাই কৰি বহুতো ঘোঁৰা লৈ আহিছিল৷ ঘোঁৰা চলিব পৰা ৰাস্তা-পদূলি নোহোৱা বাবে মেন্-চু-খাত জন্তুবোৰ ব্যৱহৃত নোহোৱাত বনৰীয়া জন্তুৰ দৰে য’তে-ত’তে চৰি-মেলি জীয়াই থাকিল৷ মেন্-চু-খাত কালি আমি ঘূৰি-ফুৰোঁতে যেনি-তেনি অনেকবোৰ ঘোঁৰা আমাৰ দৃষ্টিগোচৰ হৈছিল৷ মনতে প্ৰশ্ন এটাও জাগি আছিল যে ইমান ঘোঁৰা ক’ৰ পৰা, কেনেকৈ আহিল ইয়ালৈ? উত্তৰটো আজি পাই গ'লোঁ৷ অতীজৰ ঘোঁৰাবোৰৰে বংশজ আমি দেখা ঘোঁৰাবোৰ৷ পৰ্যটকক ঘোঁৰাত তুলি ইয়াত Pony Trekking আৰম্ভ কৰি দিব পৰা যায়চোন৷ কালি গেবু চোনাৰ লগত আমাৰ কথা প্ৰসংগত এই বিষয়টোৱে ঠাই নোপোৱাকৈ নাছিল৷ চিন্তা কৰি আছোঁ বুলি ক'লে তেওঁ৷
পানীৰ চহকী উৎসৰে অতি সমৃদ্ধ হেতুকে তিব্বতক ‘এচিয়াৰ জলস্তম্ভ’ বুলি কোৱা হয়৷ প্ৰকৃতিয়ে ইয়াত অদ্ভুত ধৰণে পানী সঞ্চয় কৰি ৰাখে৷ জাৰকালি পৰ্বতৰ দেহত বৰফৰ ৰূপত সংগ্ৰহ কৰি থয়৷ জহকালত সেই বৰফ গলাই নৈ-নিজৰাৰে জলধাৰা বোৱাই দিয়ে৷ ২০১৫ চনত তিব্বতে ৪,০০,০০০ টনতকৈও অধিক প্ৰাকৃতিকভাৱে বিশুদ্ধ জল-সম্পদ উৎপন্ন কৰিছিল৷ তাৰে সুযোগ লৈ চীন দেশে প্ৰথমবাৰৰ বাবে তিব্বতৰ পৰা দেশৰ বিভিন্ন অংশলৈ পেয়জল সৰৱৰাহ কাৰ্য আৰম্ভ কৰিছে৷ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ ৰাজধানী লাছাৰ পৰা পূব প্ৰান্তৰ ঝিজিয়াং প্ৰদেশৰ নিংবু মহানগৰীলৈ বটলত ভৰোৱা পানী ৰে’লযোগে কঢ়িয়াই নিয়া হৈছে৷ আক্ষৰিকভাৱে মেন্-চু-খাৰ অৰ্থ ঔষধি গুণ থকা বৰফৰ পানী থকা অঞ্চল যদিও ইয়াত ইয়াৰ পানী কোনেও কেনিও তেনেকৈ পৰিৱহণ কৰি থকা ইমানখিনি ভ্ৰমিও আমি এতিয়ালৈ দেখা নাইপোৱা৷ সাধাৰণভাৱেই অনৰ্গল বৈ গৈ আছে য়াৰগ্যাপ চুৰ পানী৷ তাৰ মানে আমাৰ জল-সম্পদে প্ৰকৃত স্থান পাবলৈ অৰ্থাৎ ধন-সম্পদলৈ ৰূপান্তৰিত হ’বলৈ আজিও বহুত বাকী!
পুৱাতে গেবুৱে কৈছিল, অৰুণাচলৰ ভিতৰতে সুন্দৰ জলাশয়টো আছে এইফালৰ চীন সীমান্তত৷ ফটোও দেখুৱাইছিল৷ নামটো কৈছিল Pasang Sonam Tso৷ Tso মানে সৰোবৰ৷ গিৰিপথক La বুলি কোৱা হয়৷ গেবুৱে জনোৱা মতে সীমান্তত পেন্চাং নামে অন্য এটা লে'কো আছে৷ কঠিন পদপথেৰে হাবি ভাঙি খোজ কাঢ়ি কেইবাদিনো গৈ থকাৰ মূৰকত পোৱা যায় সুন্দৰৰো সুন্দৰ সেই স্পটবিলাক য'লৈ আঙুলিৰ মূৰত লেখিব পৰা সংখ্যক মানুহহে গৈ পাইছে৷ প্ৰকৃতিৰ বুকুত লুকাই থকা উক্ত অৱস্থানকেইটালৈ আমাক নিবলৈ মানুহটোৰ ভীষণ আগ্ৰহ৷ মেন্-চু-খাৰ অভ্যন্তৰত লুকাই থকা এইবোৰ বিচাৰি উলিয়াই দুঃসাহসী পৰ্যটকক দেখুওৱাত ওস্তাদ, দুৰ্দান্ত Explorer আৰু Adventurer প্ৰকৃতিৰ লোক গেবু চোনা, যাৰ ঘৰত আমি বাহৰ পাতিছোঁ৷ আজি সন্ধিয়াৰ টীম মিটিঙত নিৰ্দিষ্ট হ'ব কাইলৈ পুৱা কোন দিশে খোজ চলিব৷ আগতে ঘৰ গৈ পাই লওঁ৷ সদ্যহতে খাদ্যৰ চিন্তা৷
No comments:
Post a Comment